ফটাঢোল

ড্ৰাই-ফ্ৰাই! – জ্যোতিৰূপম দত্ত

: হেৰা! শুনাচোন! এইফালে আহা৷ অলপ ‘ড্ৰাই-ফ্ৰাই’ৰ সোৱাদ লৈ যোৱাহি! মাতটো শুনিয়েই পিলাই চমকি গ’ল৷ ৰত্ন খুড়া! খুড়াই বাৰাণ্ডাত বহি বাটেৰে যোৱা মানুহৰ আলেখলেখ চাই আছিল৷ খুড়াৰ চকুত পৰিলে আৰু ৰক্ষা নাই৷ কমেও দুঘণ্টালৈ এৰি নিদিয়ে৷ তাৰমানে আজি মই বেয়াকৈ ফচিলো৷ : মানে খুড়া, এফালে যাবলৈ ওলাইছিলো৷ – মিছাকৈয়ে আপ্ৰাণ চেষ্টা কৰিলো৷ : হেৰা, মই জানো আহা তোমাৰ কথা৷ এইফালে আহা৷ গেটখন বন্ধ কৰি আহা৷ বিনাবাক্যব্যয়ে খুড়াৰ চৌহদৰ ভিতৰত সোমালো৷ খুড়াই অলপ আগতে কোৱা শব্দ দুটা কাণত বাজি থাকিল –

Read more

তাই তাক আজিকালি নমতা হ’ল – অভিজিত কলিতা

ঘটনাটোৱে সৰু চহৰখন একেবাৰে জোঁকাৰি পেলালে। আজি কিছুদিনৰ আগলৈকে এনে চহৰবোৰত এনে ঘটনা হ’ব পাৰে বুলি কোনেও অনুমানেই কৰিব পৰা নাছিল, কোনেও শুনাও নাছিল। জনজাতীয় লোক অধ্যুষিত চহৰখনত মহিলাসকল এনেয়ো আগৰণুৱা, মহিলাক আনকি বেয়া দৃষ্টিৰে চোৱাও এই চহৰখনৰ সংস্কৃতিৰ বাহিৰৰ বস্তু। কথাটো চহৰখনৰ মানুহবোৰৰ চকুতে জলজল পটপটকৈ দেখা পোৱা গৈছিল। সেইখন চহৰতে ছোৱালীজনীক কেইবাজনো লোকে মিলি ওৰে ৰাতি ধৰ্ষণ কৰিলে, আৰু পুৱা প্ৰায় মৃত অৱস্থাত তাইক পাহাৰখনৰ মাজত পেলাই থৈ গ’ল। পিছে তাই আছিল খাটিখোৱা মানুহৰ ছোৱালী, শৰীৰৰপৰা একেৰাহে হোৰাহোৰে

Read more

কৌতুক – জ্ঞান বৰদলৈ

(বিবাহিত পুৰুষৰ হিতাৰ্থে) আপুনি যিহেতু বিবাহিত, আপুনি যিকোনো সময়তে বিপদত পৰিব পাৰে। কিন্তু কেতিয়াও, মৰি গ’লেও আপোনাৰ পত্নীৰপৰা টকা-পইচা ধাৰ নকৰিব। মই নিজে দেৰ বছৰৰ আগতে ১০ হাজাৰ টকা ধাৰে লৈছিলোঁ। এতিয়ালৈকে দুবাৰ ধাৰ মাৰিলো। তথাপিও বোলে তিনি হাজাৰ বাকী আছেই। সেইখনহে কেনেকুৱা নেওঁতা, কোন পঢ়াশালিত পঢ়িবলৈ পাই আজিলৈকে বুজিব নোৱাৰিলো। ☆★☆★☆

Read more

অসমীয়া ব্যংগ সাহিত্যৰ বিষয়ে অলপ কথা – মনোহৰ দত্ত

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ব্যংগ সাহিত্যলৈ যি অৰিহণা আগবঢ়াই গ’ল, সেয়া আজিও সজীৱ হৈ আছে। তথাপি ‘অসমীয়া ব্যংগ সাহিত্য’ৰ দিশটো সবল নহয় বা বৰ্তমান সময়ত ইয়াৰ বিশেষ আৰু সঠিক চৰ্চা দেখা নাযায়। ফলত ঐতিহ্যপূৰ্ণ ধাৰাটোৰ পৰাও অসমীয়া পাঠক আঁতৰি গৈছে৷ ভিন্ন কাৰণত ‘ভোকেন্দ্ৰ বৰুৱা’ৰ দৰে তীক্ষ্ণ গল্প আজি নাই৷ এই স্থৱিৰতাক আমি কিদৰে গতিশীল কৰিম, সেয়া এক জটিল প্ৰশ্ন। এতিয়া বিষয়টো এনে পৰ্যায় পালেগৈ যে ব্যংগ সাহিত্য আচলতে কি – তাৰ সৈতে আমাৰ পৰিচয় নোহোৱা হৈ পৰিল৷ অ’ত, ত’ত ব্যংগ

Read more

ছবি : বৌম বৌম ভোলে–ডলী তালুকদাৰ

ডলী ক্ৰিয়েচনৰ তৃতীয় নিবেদন ছবি : বৌম বৌম ভোলে পৰিচালনা, প্ৰযোজনা, কাহিনী, চিত্ৰনাট্য, সংলাপ, সঙ্গীত পৰিচালনা, গীতৰ কথা : ডলী তালুকদাৰ সহ পৰিচালনা : অভিজিত দত্ত সহ প্ৰযোজনা : হেমন্ত কাকতি মেকআপ : বাগ্মীতা ৰাজখোৱা বৰকাকতি কণ্ঠ : ৰিমঝিম ৰিমা, অনু্ৰূপ মহন্ত কেমেৰা : ৰিণ্টুমনি দত্ত অভিনয়ত : পাৰ্থপ্ৰতীম শৰ্মা, ৰাজশ্ৰী শৰ্মা, বিজয় মহন্ত, হিতেশ বি বৰুৱা, দেৱজিত শৰ্মা, জিতু শৰ্মা, ইলি তালুকদাৰ, মিনতি মহন্ত মুখ্য ভূমিকাত : ভাস্কৰজ্যোতি দাস আৰু নীলাক্ষী দেৱী ডেকা (শিব আৰু পাৰ্ব্বতীৰ ভূমিকাত) প্ৰথম দৃশ্য

Read more

জীৱিকা – মণিকুন্তলা ভট্টাচাৰ্য

মানুহ মাত্ৰেই জীৱিকা থাকে; জীয়াই থাকিবৰ বাবে যদিও জীৱিকাৰ প্ৰসংগ আহে, পৰনিৰ্ভৰশীলতাৰেও জী থাকে মানুহ। বেছ দুদিনমানৰ কাৰণে দাক্ষিণাত্যত আছোহি। আমি থকা অতিথিশালাৰ প্ৰৱেশ পথৰ মুখতে এখন আৰামী বেঞ্চ। সন্ধিয়া গছৰ তলত সেই বেঞ্চত গ্ৰীষ্মৰ বতাহ বিচাৰি মানুহ বহে। মই কোঠাৰ বাহিৰৰ পৰা চাই ৰওঁ। স্বামী সান্ধ্যভ্ৰমণৰ পৰা ঘূৰি আহে, বেঞ্চখনত বহিবলৈ ভাল লগাৰ সম্ভাৱনা দেখুৱাই মোক। এদিন গ’লো। তেওঁৰ খোজ খৰ। আগবাঢ়িবলৈ দি মই বেঞ্চখনত বহিলোঁ‌। আগৰ পৰাই দুগৰাকী মহিলা বহি আছিল। মই মাজত। বহাৰ লগে লগেই সুধিলে- “নতুন

Read more

ফনীধৰ মহাজনৰ বিসম্বাদ – খজেন ডেকা

ফনীধৰ দাইটি অকল গাঁওখনৰে নহয়, সমগ্ৰ অঞ্চলটোৰে এজন ডাঙৰ মহাজন। ঘৰ-বাৰী, টকা-পইচা সকলোফালৰ পৰাই নদন-বদন। একোৰে অভাৱ নাই। গাঁৱৰ সমাজৰ পৰা আৰম্ভ কৰি দেশৰ ৰাজনীতিলৈকে সকলোতে ফনীধৰ দাইটিৰ আগস্থান। ৰাজনীতিৰ বিয়াগোম মন্ত্ৰী, এমেলে আৰু ডাঙৰ লীডাৰলৈকে হাত থকা মানুহ। ঘৰতে এখন ডাঙৰ গেলামালৰ দোকান আছে। একেবাৰে মাৰোৱাৰীৰ দৰে খাতাৰ কাৰবাৰ। দাইটিৰ সমস্ত মাটি-বাৰী, সা-সম্পত্তিবোৰো খাতাৰ জৰিয়তেই অঞ্চলটোৰ দুখীয়া-নিছলাবোৰৰ পৰা হস্তগত কৰা বুলি চকু চৰহাসকলে কোৱাকুই কৰে। দাইটিৰ চেহেৰাপাতিও মাৰোৱাৰীৰ দৰেই। মস্ত ডাঙৰ এটা পেট। নিগনিয়ে বাহ ল’ব পৰাকৈ আধাফুটমান দ’

Read more

পঞ্চপদী – হেমেন ডেকা

(১) কোনো পালনামৰ ভকত কোনো মৰে ধনৰ লোভত কিছু দেখিছোঁ বেপাৰ কথাৰ চমৎকাৰ কতই নাচে সেই তালত৷   (২) ভণ্ড স্বদেশপ্ৰেমীৰ চালাকী অপাৰ আত্মবিস্মিত নৰৰ জীৱন অসাৰ নিমাত-নিটাল জনতা নিজকেই নিচিনা নেতা বুদ্ধিবেপাৰীয়ে কৰে জাতি ছাৰখাৰ৷   (৩) অবিৰাম কত ঘাট-প্ৰতিঘাট অলীক স্বপ্নৰ বুলে তেওঁ বাট অৰ্থহীন যত আশা অদ্ভুত অন্তিম দশা অঁকৰালিত হেৰাই গ’ল মাত৷   (৪) মহাপণ্ডিতক দেখি বাকৰুদ্ধ মাতাল ৰেহ-ৰূপত মন্ত্ৰমুগ্ধ মন যাৰ বেপেৰুৱা মাত বাৰেবঙলুৱা মাতৃভাষাৰ পাতে সেয়েহে শ্ৰাদ্ধ৷   (৫) গীতৰ দৰে জীৱন গতিশীল সময়ো

Read more

যাদু (মূল মুন্সী : প্ৰেমচন্দৰ) – অনুবাদ – মিতালী নাৰায়ণি

নীলা : তই তালৈ কিয় লিখিলি? মীনা : কালৈ? তালৈ মই বুজা নাই! : ভালকৈ বুজি পাইছ৷ যিজন মানুহে মোৰ অপমান কৰিলে, অলিয়ে-গলিয়ে মোৰ ৰতনা ৰতি ফুৰিলে, তই তাৰ লগত ইমানকৈ লেনিয়াই থাক যে! এয়া উচিত হৈছেনে? : তোমাৰ ভুল হৈছে! : তই তালৈ চিঠি লিখা নাই? : কেতিয়াও লিখা নাই৷ : তেন্তে মোৰ ভুল হৈছে, মোক ক্ষমা কৰ৷ যদি তই মোৰ ভনী নহ’লিহেঁতেন, তেন্তে তোক এই প্ৰশ্ন কেতিয়াও নকৰিলোঁহেঁতেন! : মই কালৈকো চিঠি লিখা নাই৷ : শুনি ভাল পালোঁ৷

Read more
1 2 3 13