ফটাঢোল

হেপ্পী স্বাধীনতা দিৱস – দিগন্ত কুমাৰ ভট্টাচাৰ্য

: বন্ধু, কবিতা এটা লিখিবলৈ ষ্টাৰ্ট কৰিছোঁ। শুনিবি? : মইতো ভাই কবিতা-চবিতা বুজিয়েই নাপাওঁ। সেই যে ‘গোলাপ’ ফুলক সুধিছিল কবিয়ে -“কাৰ পৰশত ফুলিলি বান্ধৈ?”, মই মাথা নষ্ট কৰি দিছিলোঁ ভাবি ভাবি। আমি হাতেৰে ফুল চিঙোহে। হাতৰ আঙুলিৰ চেপাত কি ফুল ফুলিব? নাম নাজানো। ছাৰক সুধিছিলোঁ পঢ়াই থাকোঁতে। দুকোব দিলে। মনে মনে ৰ’লোঁ। : মোৰটো শুনিবি নে? : মাতি যা। শুনি যাম৷ মই ক’লোঁ তাক। তাক মানে অনন্তক। সি মোৰ লগত কলেজত একেলগে পঢ়া। বহুবছৰ অ’ত ত’ত ঘূৰি ফুৰি মই থকা

Read more

পঁইতা ভাত – জয়ন্ত গগৈ

কলেজলৈ যোৱাৰ পৰাই ৰঞ্জনে প্ৰয়োজনতকৈ ভাত অলপ বেছিকৈ খাবলৈ ধৰিছে। ভাত একাঁহি দকচি দকচি পেটত সুমুৱাই ল’লেহে দিনটোলৈ সকাহ পায়। কলেজীয়া মেছত থকা সকলো ল’ৰাৰে সেই একেই অভ্যাস। দিনটোত দুইসাঁজ(দিনৰ আৰু ৰাতিৰ) ৰান্ধিবলৈয়ে পাল পাতি লোৱা হয়। ৰান্ধোতে ঘৰলৈ বাৰেপতি মনত পৰে, চকু সেমেকি উঠে। ৰঞ্জনৰ লগৰ দিপুল, অংকুৰ, প্ৰাঞ্জল- ইহঁতৰ আটাইৰে গা ধৰিছে। একেবাৰে নোদোকা গাহৰি পোৱালিটোৰ দৰেই হৈছে। নহবনো কিয়? চাৰিটালৈ বুলি ছয় কাপ(KMP নাৰিকল তেলৰ টেমাৰ ওপৰৰ ঢাকন কাটি তৈয়াৰ কৰা টেমা) চাউলৰ ভাত সিজোৱা হয়। প্ৰতিবাৰেই

Read more

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১) দ্বিজেন তামূলী : ঢোলৰ লগত টেমকা বুলি আমি সকলোৱে কওঁ৷ মোৰ প্ৰশ্ন হ’ল, এই টেমকাটো কি বস্তু? উত্তৰ : বাদ দিয়কহে টেমেকা, ভাল পুৰঠ কঁঠাল কাঠৰ ঢোলেই পাবলে নাইকিয়া হ’ল আজিকালি, টেমেকাটো জানিয়েই বা কি কৰিব? ২) নীলক্ষি কাকতি : ফটহুকাই ধৰি লওক আপুনি লটাৰীত এক কৌটি টকা জিকিলে৷ আপুনি প্ৰথমে কি কৰিব? উত্তৰ : আই চি ইউত সোমাম। অৱশ্যে আই চি ইউৰ পৰা ওলাই অহাৰ পাছত সেই কোটিটো নেথাকিবগৈ বুলি হে সংশয় নহয়। ৩) (ক) জিতা ফুকন :

Read more

প্ৰেম কিচিম কিচিম – দেৱজিত শইকীয়া

বেজবৰুৱা দেৱৰ পিছতেই অমুকাই ড° লীলা গগৈ ছাৰৰ ‘বিয়েৰিং চিঠি’ নামৰ কিতাপখনত লিখিত প্ৰেম আৰু ইয়াৰ প্ৰকাৰ সমূহৰ প্ৰতি আকৃষ্ট হয় আৰু তেখেতে উল্লেখ কৰা ‘শালিকী প্ৰেম, চাকৈচকোৱা প্ৰেম, শামুকীয়া প্ৰেম’ ইত্যাদি তাহানিতে কৰি যোৱা প্ৰেমৰ প্ৰকাৰসমূহৰ দৰে আজি অমুকায়ো সচৰাচৰ চৌপাশে দেখি থকা বিভিন্ন প্ৰকাৰৰ প্ৰেমক ‘বৰ্গীকৰণ, নামাকৰণ আৰু শ্ৰেণীবিভাজনৰ’ পিতৃ কেৰলাছ লিনিয়াচৰ চৰণ চিন্তি নামাকৰণ কৰিবলৈ বুলি আগবাঢ়িছোঁ৷ প্ৰেম শ্বাস্বত, প্ৰেম সত্য, প্ৰেম এক অনুভৱ, প্ৰেম জীৱনী শক্তি প্ৰদান কৰা অমোঘ মন্ত্ৰ, প্ৰেম সুন্দৰ, প্ৰেমহীন জীৱন কাৰো কাম্য

Read more

পৰিত্ৰান – শ্যামল দাস

হাবিলদাৰ মদন দাসৰ মনটো আজি, সিমান ভাল নহয়৷ লগতে কিবা এটা ভয় ভয় ভাব৷ তাৰ কাৰণ- কাইলৈ বোলে নতুন অ’ চি নিৰঞ্জন লস্কৰে জইন কৰিব৷ সেই দেখি মন বেয়া৷ ইয়াৰ আগত কত অ’ চি আহিল আৰু গ’ল, কেতিয়াও এনেকুৱা মন বেয়া বা ভয় ভয় লগা নাছিল৷ কিন্তু নিৰঞ্জন লস্কৰৰ কথাবোৰ জানি মন বেয়া লগাৰ লগতে, কিবা এটা ভয় ভয়ো লাগি আছে৷ কোনে জানো কৈছিল- অ’ চি নিৰঞ্জন লস্কৰ বোলে একাচেকা মানুহ৷ ভালত ভাল, বেয়াত বেয়া৷ চোৰ ডকাইতবোৰে নাম শুনিলেই কঁপি

Read more

লুটেৰে নং ১–শঙ্কৰজ্যোতি বৰা

ধিছকিয়াও… ধিছকিয়াও… (শব্দৰ লগে লগে স্ক্ৰীণ পোহৰ হৈ আহিব) শঙ্কৰজ্যোতি বৰা খট-লক, খট- লক… এখন তীব্ৰ বেগী গাড়ীক এটা ঘোঁৰাৰে একেই বেগত পিছা কৰি হাতৰ ৰিভলভাৰেৰে এটাৰ পিছত এটাকৈ গুলী মাৰিছে ডিচিপি হেমন্ত কাকতিয়ে৷ লাহে লাহে গাড়ীৰ লগত দূৰত্ব বাঢ়ি গৈ আছে৷ লগে লগে নেম কাষ্টিং.. ৰাজশ্ৰী ফিল্মছ প্ৰেছেণ্টছ – সঞ্জু ভট্ট ইন এণ্ড এজ “লুটেৰে নম্বৰ ওৱান” মিউজিক – ভাগৱতী, বেবনি – সৰু চেকীয়া, ষ্টৰী, স্ক্ৰীণপ্লে, এণ্ড ডিৰেকছন -“ভাইজী” চিন ওৱান নেম কাষ্টিং শেষ হোৱাৰ লগে লগে দেখা যাব

Read more

মেকুৰী – ঈশান জ্যোতি বৰা

বৰ অদ্ভুত ঘটনা এটা হৈ আছে বুইছে! বিশ্বাস কৰে নে নকৰে নাজানো৷ আমাৰফালে ‘কাপোৰ ফলা ভূত’ এটা ওলাইছে৷ বিশেষ সূত্ৰই জনোৱা মতে, তাৰ পেটটো বোলে পিছফাললৈ ফুলা, সাক্ষাৎ ৰঙালাওটোৰ লেখীয়া গোল৷ অৱশ্যে সেইবুলিয়েই খোজকঢ়াত অসুবিধা হোৱা নাই৷ আনুমানিক উচ্চতা দহ ফুট৷ পিচে মানুহৰ ঘৰত সোমাওঁতে উচ্চতাটো অট’মেটিকেলি কমি যায়৷ কি টনিক খাইছে, জনা নাযায়৷ সিপিনে দুজনমান অত্যুৎসাহীয়ে গৈ ওজনো জুখি আহিছে৷ মোটামুটি তিনিশ কেজি৷ এশ শতাংশ বিশুদ্ধ কটনৰ কাপোৰ খাবলৈ পাইছেতো! এজনে আহি আকৌ ক’লে বোলে- আগদাঁতকেইটা হীৰাৰ দৰে৷ জিক্‌মিকাই

Read more

বাঁহৰ লগত জড়িত অসমৰ বসন্তকালীন উৎসৱ – কলচুম বিবি

অসমীয়া লোকসমাজত বাঁহগছজোপাই অতীতৰেপৰা এক সুকীয়া স্থান দখল কৰি আহিছে। ঘৰ সজা কামৰপৰা আৰম্ভ কৰি জেওৰা-জপনা দিয়া, মাংগলিক অনুষ্ঠান, উৎসৱ-পাৰ্বন, ৰন্ধন প্ৰকৰণতো বাহঁগছজোপাই উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। অসম এখন কৃষিভিত্তিক ৰাজ্য। ইয়াত পালন কৰা উৎসৱ-অনুষ্ঠানৰ বেছিভাগেই মূলতঃ কৃষিকেন্দ্ৰিক। ইয়াৰ ভিতৰত বসন্তকালীন উৎসৱসমূহ উল্লেখযোগ্য। বসন্তকালত পালন কৰা উৎসৱসমূহৰ ভিতৰত ব’হাগ বিহু অন্যতম আৰু এই ব’হাগ বিহুৰ অনুষংগতেই অতীতৰেপৰা বাঁহৰ সৈতে সংযুক্ত বিভিন্ন উৎসৱ-অনুষ্ঠান পালন কৰা হৈছে। তাৰ ভিতৰত ভঠেলি, সোৰি, পাৰ নাচৰ, ঝাপেৰী গোসাঁইৰ বিয়া, বাঁহ গোসাঁইৰ পূজা, লামজা, গড়ভাঙা,

Read more

ঠেলাৰ নাম বাবাজি – নাজিয়া হাচান

ৰহমানদাৰ মানুহগৰাকীয়ে পুৱা পাঁচ বজাতেই শোৱা পাটী এৰে। ল’ৰা ছোৱালীহালৰ স্কুলবাছখনৰ ড্ৰাইভাৰটোৰ মুখখন বৰ বেয়া ধৰণে চোকা। সেয়ে সময়ত তেওঁ দুয়োটাকে বাছত উঠাই দিয়েগৈ। লাগিলে যিয়ে নহওক, পুৱাই পুৱাই কাৰোবাৰ বকবকনি শুনিব নোৱাৰি বুলি। ল’ৰা ছোৱালীৰ কামখিনি শেষ কৰি তেওঁ ৰহমান চাহাবৰ বাবে পুৱাৰ আহাৰ যোগাৰ কৰাত লাগি গ’ল। ‘হেৰা! হ’লনে নাই ৰান্ধি’ – এইবুলি গা-পা ধুই ৰহমান চাহাবে খৰধৰকৈ চকীখন টানি, টেবুলৰ সন্মুখত বহি ল’লেহি। এনেহেন ব্যস্ততা তেওঁৰ মুখত দেখা গ’ল যেন পুৱা পাঁচবজাৰপৰা ন বজালৈকে তেওঁৱেই ঘৰখনৰ সমস্ত

Read more

বুমেৰাং – মুনিমন্ত শইকীয়া

শইকীয়াদাহঁতৰ অফিছৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বাবুল। স্বভাৱত নির্জু। সেই সৰলতাৰ সুযােগ লয় শইকীয়া, বৰুৱা, চৌধুৰী আদি অফিছৰ উচ্চ পর্যায়ৰ বিষয়াসকলে। শইকীয়াদা এনেও বমফোচ, বাৰেচহু কথাৰ ভঁৰাল। তেওঁলােকৰ বিশেষকৈ শইকীয়াদাৰ বমফোচ, ওফাইডাং মৰা কথাবােৰ বাবুলে হাতত সাৰে ভৰিত সাৰে আগুৱাই গৈ অলপ আঁৰ লৈ শুনি থাকে। কথাবােৰ সঁচা বুলিও বিশ্বাস কৰে। ঘৰত গৈ নিজৰ পৰিবাৰৰ আগত বিৱৰি কয়গৈ। পৰিবাৰে সেইবােৰ শুনি চুই কিলাবলৈহে বাকী ৰয় গৈ। শইকীয়াহঁতে এয়া জানে। বাবুলে যে কথাবােৰ কাণ দি শুনি আছে সেয়া শইকীয়াদাহঁতে জানে যদিও নজনা

Read more
1 2 3 4 13