ফটাঢোল

‘চাবধান’-বিশ্ৰাম! – জ্যোতিৰূপম দত্ত

মোৰ এটা প্ৰিয় কাম হ’ল ‘ঘুমটি মাৰা’! মানে শোৱা! সাধাৰণভাৱে শোৱা নহয়, ফষ্টি মাৰি শোৱা৷ মানে আমাৰ বৰপেটীয়া দোৱানত ‘ধিচমল্লা দি ঘুমো’! মই একেবাৰে কুম্ভকৰ্ণৰ দৰে শুই থাকি বৰ ভাল পাওঁ৷ শোৱা সময়ত নাকৰ শব্দও বাৰুকৈয়ে হয়৷ যতে ততে শুব পাৰো৷ শুবলৈ বিছনাও নালাগে, চকী-চোফা কিবা এখন হলেই হৈ যায়৷ সময়-অসময় নাই, বিছনাত পৰিলেই চকুৰ পতা জাপ খাই শৰীৰটো আঠুভঙা ‘দ’টোৰ দৰে হৈ যায়৷ বাৰু যি নহওক, মোৰ বাবে টোপনিৰ সমান একোৱেই নাই! বহুদিন আগৰ কথা৷ মই মোৰ বৰ্তমানৰ সহধৰ্মিনী

Read more

মৃত্যু দূত (Death Speaks) – অনুবাদ : হেমন্ত কাকতি (মূল : জেফৰী আৰ্চাৰ)

ইৰাকৰ বাগদাদ চহৰত এজন সদাগৰ আছিল৷ এদিন তেওঁৰ কৰ্মচাৰী এজনক বজাৰলৈ পঠিয়াইছিল কিবাকিবি কিনি আনিবৰ বাবে৷ যোৱাৰ কিছু সময়ৰ পিছতে কৰ্মচাৰীজন ভয়তে কঁপি কঁপি ফোপাই জোপাই ঘূৰি আহিল৷ সদাগৰজনে তেনে অৱস্থাত কৰ্মচাৰীজনক দেখি আচৰিত হৈ সুধিলে- কি হ’ল? কিয় ঘূৰি আহিলি? কৰ্মচাৰীজনে অলপ ৰৈ ক’লে- : নক’ব ছাৰ, মই বজাৰস্থলী পোৱাৰ পিছতে দেখিলোঁ এজনী মাইকী মানুহে মোৰ ফালে এক আচৰিত ভংগীমাত চাই আছিল৷ সেই দৃষ্টি মোৰ সহ্যৰ বাহিৰত হৈ পৰিল৷ সেইজনী মোৰ মৃত্যুদূত যেন লাগিল৷ যেন তাই মোক এই মুহূৰ্ততে

Read more

অনিয়ন্ত্ৰিত – মণিকুন্তলা ভট্টাচাৰ্য

বাতৰি কাকতৰ দমটোৰ মাজৰ পৰা ৰত্না উঠি থিয় হ’ল৷ এইদম কাগজৰ মাজত সোমাই থকা নাই সেই নির্দিষ্ট কাগজখন। কাগজদম একাষৰীয়া কৰি তাই বহাৰপৰা উঠাৰ লগে লগে শৰ্মানীয়ে তাইলৈ চেলাউৰি কোছাই চালে। তাৰ অৰ্থ বুজি ৰত্নাই ক’লে, : এইখিনিত নাই আইতা, আৰু এজাপ আনোগৈ৷ বৃদ্ধাৰ চেলাউৰি সৰল হ’ল। ভিতৰলৈ যাওঁতে লৰি উঠা পৰ্দাখনলৈ চাই লৈ তেওঁ পুনৰ হাতত থকা ডায়েৰীখনলৈ চকু দিলে। কেতিয়াবাৰে ডায়েৰী, তেওঁৰ হিচাপ-পত্ৰবোৰ লিখা থাকে। ক’ত কিমান দিয়া হ’ল বা দিবলৈ আছে, সকলো লিখা থাকে৷ হিচাপ-নিকাচ সৰল আৰু

Read more

বিচ্ছেদৰ_বিষ – মল্লিকা শৰ্মা বৰদলৈ

ষষ্ঠ শ্ৰেণীত পঢ়ি থকা সময়ৰে কথা, নতুনকৈ প্ৰেম অনুভৱ কৰিছোঁ। প্ৰেম তাকো ষষ্ঠ শ্ৰেণীত? নহয়নো কি? যেতিয়াই তেতিয়াই তেওঁক মিচ কৰা, তেওঁক এক ঝলক দেখিলেই চকুত হাঁহি বিৰিঙি উঠা, বহুদিন নেদেখাকৈ থাকিলে পেটলৈ ভাত নোযোৱা, আনকি নেদেখাকৈয়ে দূৰৰ পৰাই তেওঁৰ সুগন্ধিতেই উপস্থিতি অনুভৱ কৰা, এইবোৰ প্ৰেমৰ লক্ষণ নহয় যদি কি? কোনোবাই হয়তো ক’ব, ইমান কম বয়সতে প্ৰেম চেম কৰিলেই। আৰে প্ৰেমৰ আকৌ কি বয়স কম বেছি। আচল কথা হ’ল কম বয়সৰ প্ৰেমত হোৱা ক্ষন্তেকীয়া বিচ্ছেদো কিমান কষ্টকৰ হ’ব পাৰে সেয়া

Read more

দাঁত – অভিজিত দত্ত

দুটা গোপন কথা – (কোনেও কাকো নক’ব দেই) ১। আজিৰপৰা দহবছৰৰ আগতে মোৰ অৱস্থা হাড়ে ছালে লগা আছিল। ২। মোৰ দাঁতৰ অৱস্থা সৰুৰেপৰাই বেয়া। আগদাঁতটো ভঙা। নিম্নোক্ত ঘটনাটো ঘটাৰ এমাহমানৰ আগতে স্থায়ীভাৱে মই দাঁতটো লগাইছিলো। এইবাৰ ঘটনাটোৰ বিষয়ে পঢ়ক – ২০০৯ চন। বিয়াৰ বয়স হ’ল। মা-দেউতাহঁতে ছোৱালী চোৱা আৰম্ভ কৰিছে। মোৰো দাম্পত্য জীৱন এটা কল্পনা কৰি মনটো ৰাইজাই কৰি আছে। মোৰ প্ৰেম কৰিবলৈ নহ’ল। (আচলতে বহুজনীক অফাৰ দিছিলো, কোনেও গ্ৰহণ কৰা নাছিল) গতিকে মই মা-দেউতাই ছোৱালী এজনী ঠিক কৰি দিব

Read more

কৌতুক – মনজিৎ

এদিন সন্ধিয়া থুলুকে এটুপি ধৰি আহি নবীনক সুধিলেহি, : ঐ ৰমেচক দেখিছিলি নেকি বে? নবীনে ধৰিব নোৱাৰিলে কোন ৰমেছৰ কথা সুধিছে৷ সেয়ে ওলোটাই সুধিলে, : এই ৰমেছ কোন বে? থুলুকটো গৰম, : আবে কি ফাল্টু মানুহ বে, ৰমেছক চিনি নাপাৱ? এই বুলি ভেকাহি মাৰি নবীনক ঠিকচে কাণ চেপা এটা দি সেই ঠাইৰ পৰা আঁতৰি গুচি যায়। নবীনে কি হ’ল ততকে ধৰিব নোৱাৰিলে। কাণ চেপা খাই খং উঠিছিল যদিও একো নকৈ কামত ধৰিলেগৈ। দুদিন পিছত আকৌ একেই ঘটনা। ঘুটুং পানী ধৰি

Read more

আপদীয়া পদ্য – ডাঃ প্ৰয়াগ শইকীয়া

১) ভোট ভোট কি যে অদ্ভূত গালিভাৰ হৈ যায় সৰু সৰু লিলিপুট পলাই ডিক্টেটৰৰ ভূত দলৈকে শিপালে গণতন্ত্ৰৰ ৰুট   ভোট কোনে খাই কাৰ নিমখ সনা বুট জীৱনৰ বোকা ভাওনাত সময়ে সলাই নিজস্ব ধাৰাৰে তাৰ মোট মেদভাৰী ৰখীয়া-পৰীয়াৰ গৰ্ব সদায়ে নাথাকে অটুট ভোট পৰাৰ পিছতহে বুজা যায় কিমান অদ্ভুত ২) আৰামৰ কাৰাগাৰ শৌচাগাৰ তোমাতকৈ ভাল আৰু নাই কোনো আৰামৰ কাৰাগাৰ কোননো ডাঙৰ ৰজাক সোঁৱৰাই দিবলৈ ইয়াতকৈ ডাঙৰ সাধু আছেনে মজাৰ পিছে কি হ’ব দুৰ্নীতিত ডুবি থকা দেশত অভাৱ এতিয়া শৌচাগাৰ

Read more

ফেচবুক,গড্ডলিকা প্ৰৱাহ আৰু জৰদ্গব ৰজাৰ সাধু – আৰাধনা বৰুৱা

আমাৰ ছোৱালী হ’ষ্টেলত হঠাতে হুলস্থূল লাগিল৷ তেতিয়া হাতে হাতে ম’বাইল বা ইণ্টাৰনেট নাছিল৷ ক’ৰবাৰ পৰা বাতৰি এটা বতাহত উৰি আহিল যে কাইলৈ পুৱা অমুক সময়ত বিৰাট ভূমিকম্প হ’ব৷ আৰু পৃথিৱী যে ধংস হ’ব খাটাং৷ হুৱাদুৱা লগাৰে কথা৷ পৃথিৱী যদি ধংসই হয় তেন্তে চোন দূৰৈত থকা মা দেউতা, প্ৰেমিক, পৰিয়াল কাকোৱেই লগ পোৱা সম্ভৱ নহ’ব, নেদেখাকৈয়ে মৰিব লাগিব৷ পৰিস্থিতি গম্ভীৰ হ’ল তেতিয়া যেতিয়া হ’ষ্টেলৰ চুপাৰইনটেণ্ডেণ্টে কোৱাৰ্টাৰৰ টিভি আদি দামী বস্তুবোৰ সব তললৈ নমাই পেকিং কৰি নিৰাপদ স্থানত ৰাখিলে৷ সৰু পুতেকৰ কাৰণে

Read more

অপদাৰ্থ বিজ্ঞান পৰিচয়, প্ৰথম ভাগ – অভিজিত কলিতা

=পাতনি= সমগ্ৰ পৃথিৱী নহয় এই বিশ্ব ব্ৰহ্মাণ্ডতে যত বয় বস্তু বা পদাৰ্থ আছে তাক সামৰি, পঢ়ি, শুনি, পৰীক্ষা কৰি, তাৰ বিষয়ে কিছুমান দাঁত ভঙা নীতি নিয়ম, সূত্ৰ আদি বনাই থকা বিজ্ঞান বিধকে পদাৰ্থ বিজ্ঞান বোলে। আমাৰ এই পদাৰ্থবোৰৰপৰাই এল্গিৰপৰা আৰম্ভ কৰি পথালিচকুৱাকে ধৰি নেবুলা, নিহাৰীকালৈকে সকলোৰে সৃষ্টি। দুনীয়াৰ পদাৰ্থ বিজ্ঞানীসোপাই এচি ৰূম বা লেবেৰেটৰীত বহি এই পদাৰ্থবোৰক খোঁচা বিন্ধা কৰি দাঁত ভঙা নীতি প্ৰয়োগ কৰি, এই পদাৰ্থবোৰৰ ধৰ্ম, ব্যৱহাৰ আদিৰ বিষয়ে নানান তথ্য বিচাৰি উলিয়াই হায়াৰ চেকেণ্ডেৰী পঢ়ি থকা ল’ৰা

Read more

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১)বিকাশ লাহন : মানুহবোৰে কেতিয়াবা সোধে যে চাহ-তাহ খালেনে বুলি, চাহটো বুজিলোঁ তাহটো কি? উত্তৰ : অনুৰূপ শব্দ। ২) নীতুমণি দেৱী : এই বাৰ গৰম কিয় বেছি পৰিছে? মেদিনী আদিত্যৰ বেছিকৈ ওচৰ চাপি আহিছে নেকি? উত্তৰ : নহয় হে, এই যে ধৰণীহঁতৰ মানৱ বোলাটোৱে গোটেই বাৰীখনৰ লাগনি গছবোৰ কাটি খৰি খোৱা নাই জানো? তাৰে কিবা ভিতৰুৱা খং আছে চাগে। ৩) নিৰ্মালি বৰমুদৈ : ঘৰিয়ালৰ চকুপানী বুলি কিয় কয়? সাপ, নেউল, জেঠী, বেং, বাঘ, গৰু এইবোৰৰ চকুপানী হ’বও পাৰিলে হয়। উত্তৰ

Read more
1 2 3 15