ফটাঢোল

সাৰথি – নীলাঞ্জনা মহন্ত

ঘড়ীত পুৰা চাৰে ছয়৷ চিটিবাছবোৰ কমি আহিছে৷ ৭ বজাৰ পিছত মিনিবাছ এখনো নাথাকিব এইটো ৰাস্তাত৷ চৰকাৰী ভঙা বাছ দুখনমান আধাঘণ্টামানৰ মূৰে মূৰে দহবজালৈকে আহি থাকিব যদিও সেই কেইখন নিৰাপদ নহয়৷ মদাহী লোকৰে ৰাজত্ব তাত৷ দিনটো শ্ৰম কৰি গধূলি পানী এটুপি ধৰি ভাগৰ পলুৱাই অহা মানুহৰ ঘৰলৈ উভতনি যাত্ৰা ঘটে সেই কেইখন বাছত৷ ৰাস্তাৰ সিপাৰে তাই এতিয়াও ৰৈ আছে বাছষ্টপতে৷ চিন্তিত যেনো লাগিছে তাইক, কাৰণ তাই বাৰে বাৰে চাইছে বাছ আহিছে নেকি৷ তাৰ চকুয়ে চকুয়ে পৰিল এবাৰ৷ তাইক যেন চাই থকা

Read more

ডাক্তৰৰ ইটো সিটো বহুতো – অনুৰাধা দেৱী

ডাক্তৰৰ এই কাহিনী কিছুমান শুনা কাহিনী৷ তাকেই অলপ ৰহণ লগোৱা হৈছে৷ ডিফুৰ এই ৰংপি ডাক্তৰজনৰ কথাখিনি কিন্তু একদম সঁচা৷ আমি তেতিয়া কলেজত পঢ়ি আছোঁ৷ আমাৰ লগৰ ছোৱালী এজনীৰ মাকৰ কলৰ পাৰত পৰি সোঁভৰিখন ভাগিল৷ ঘৰৰ মানুহে লগে লগে গাড়ী এখন ভাৰা কৰি হস্পিতাললৈ লৈ গ’ল৷ হস্পিতালত তেতিয়া ডা° ৰংপি আছিল৷ ডাক্তৰে লগে লগে বাওঁ ভৰিখন প্লাষ্টাৰ কৰিবলৈ লাগি গ’ল৷ খুৰীৰ লগতে ঘৰৰ মানুহ সকলোৱে চিঞৰিবলৈ ধৰিলে, বোলে সোঁভৰিখনহে ভাগিছে৷ নাই ডাক্তৰে কোনো পধ্যেই কাৰো কথা নুশুনে৷ ডাক্তৰেও সমানে চিঞৰিছে, “ঐ

Read more

Busy Man সংবাদ – জুমি ভূঞা বৰা

শীৰ্ষক নামটো অলপ অগতানুগতিক হ’ল কিন্তু কিয় জানো এইদৰেই পাতনি মেলিবলৈ মন গ’ল ল’ৰালিতে এৰি অহা পাহৰণিৰ গৰ্ভত বিলীন হ’বলৈ যোৱা এটি চৰিত্ৰলৈ ঘপকৈ মনত পৰি। আমি মানুহটোক “Busy Man” বুলি মাতিছিলোঁ বা মানুহটোক বুজাবলৈ এই দুটা ইংৰাজী শব্দই ব্যৱহাৰ কৰিছিলোঁ। অৱশ্যে এইটো নাম আমি নিজে দি লোৱা নাছিলোঁ, Busy Man জনে নিজেই সুবিধা কৰি দিছিল এনেকৈ মাতিবলৈ। শীৰ্ণকায় চেহেৰাৰ মিঠাবৰণীয়া মানুহটো কেতিয়াবাহে আমাৰ গাঁওৰ ৰাস্তাটোত দেখা গৈছিল। যিখন ঘৰৰ পদূলিত ঘৰখনৰ গৃহস্থক দেখা পাইছিল সেইখন ঘৰতহে তেওঁ প্ৰৱেশ কৰিছিল।

Read more

মুকুতা – ববিতা শৰ্মা

(অসমীয়া বোলছবিৰ নাম ব্যৱহাৰ কৰি লিখা এটি এক মিনিটৰ গল্প) প্ৰভাতী পক্ষীৰ গানত মুকুতাৰ সোনকালেই টোপনি ভাগিল৷ বিচনাৰ পৰা নামি তাই লৰালৰিকৈ বাহিৰলৈ ওলাই আহিল৷ আকাশৰ মেঘ ফালি সূৰুজটোও আজি ৰঙা হৈ ওলাইছে৷ সাতদিন ধৰি নেৰানেপেৰা কৈ দি থকা বৃষ্টিৰ পাছত ৰ’দৰ আগজননীত তাইৰ মনটো মুকলি লাগিল৷ বৰষুণৰ বতৰত হাটলৈ যোৱাৰ অহেতুক চিন্তা এটাই দুদিন ধৰি তাইক আমনি কৰি আছিল৷ মুকুতাই বাহী চোতালখন সাৰি সোনকালে গাটো তিয়াই আজৰি হৈ লোৱাৰ কথা ভাবিলে৷ কাদম্বৰী, ৰাংঢালী, তৰামাইহঁতক পলম হ’লে লগ নাপাব৷ দেউতাক

Read more

বুমেৰাং – মনিষা ফুকন

ৰাতিপুৱা উঠিয়েই মবাইলটো হাতত লৈ নীনাৰ মূৰ গৰম হৈ গ’ল। চাৰ্জত দিলে ঠিকেই কিন্তু চুইছ অন নকৰিলে। দুডাল মাথোন বেটাৰিৰ চাৰ্জ হোৱা জেগাত কাঠি আছে। ৬:৩৫ হ’লেই । চুইছ অন কৰি প্ৰায় দৌৰ মৰাদি গৈ ৰাতিয়েই প্ৰেছাৰত ঠিক কৰি থোৱা চাউল, আলু, কণী গেছত বহাই তাই বাথৰুমলৈ লৰ দিলে। পিন্ধিম বুলি ভৱা কাপোৰো তাই ৰাতিয়েই পিন চিন মাৰি ঠিক কৰি থৈছে। ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ নিৰ্দেশনা মৰ্মে কাৰিকৰী তথা বৃত্তিমূলক শিক্ষাৰ মূলধাৰালৈ শাৰীৰিক প্ৰতিবন্ধী আৰু পিছপৰা পাহাৰুৱা অঞ্চলৰ

Read more

কুমলীয়া মন – মিনতি মহন্ত

বিৰিণাৰ ঘৰখনলৈ ইমান যে আলহী আহি থাকে। তাই তৎ নোপোৱা হৈছে। শুই উঠাৰ আগতেই কলিং বেল নামৰ ঘিটলিংটো বাজিবই। দূৰ-দূৰণিৰপৰা নাইট চুপাৰত নতুবা ট্ৰেইনত আহি অফিচ, কাছাৰিত থকা কামবোৰ কৰিবলৈ অঙহী বঙহী সকলোৰে বাবে যেন এইখন এখন চৰাইখানাহে। কিছুমানে নগৰত ফুৰিবলৈ অহাৰো অন্ত নাই। মহানগৰৰ বাসিন্দাইহে বুজে সীমিত উপাৰ্জনৰে মাহটো কেনেকৈ চলিব লাগে। কচুপাতখিলাৰপৰা আৰম্ভ কৰি যাৱতীয় সকলো বস্তু বজাৰখনলৈ ভেঁকৈ মুখ মেলি চাই থাকিব লাগে। বাৰীৰ নামত কিবা এচিকুট থকা হ’লেও দুই এটা পাচলিৰ খেতি কৰিব পাৰিলেহেঁতেন। কংক্ৰিটৰ মহানগৰীত

Read more

মদৰ মহিমা – ধ্ৰুৱজ্যোতি বৰা

মদ আজিকালি মোটামোটি সকলোৱে খাই। বহল অৰ্থত ক’বলৈ গ’লে এইটো আজিৰ যুগত এটা ফেচন বা ট্ৰেণ্ডলৈ ৰূপান্তৰিত হৈছে। জন্ম, মৃত্যু, বিবাহ আদিতো বাদেই দিয়ক, ঘৰত পুজা পাতল বা নাম-প্ৰসঙ্গ হৈ যোৱাৰ পিছতো ড্ৰিংকচৰ পাৰ্টি আৰম্ভ হয়। এতিয়া আহো মদ খোৱা মানুহ অৰ্থাৎ মদাহীৰ কথালৈ। মদাহী সাধাৰনতে দুই প্ৰকাৰৰ। এক ভদ্ৰ মদাহী আৰু আনতো অভদ্ৰ মদাহী। ভদ্ৰ মদাহী সকলে মদ টেঁটুৰ গুৰিলৈ খালেও নিজকে কন্ত্ৰ’ল কৰিব জানে। তেওঁলোকে সাধাৰনতে মদ খাই সামাজিক অনুস্থান সমুহত যোৱাৰ পৰা নিজকে বিৰত ৰাখে। তেওঁলোকৰ লগত

Read more

এই যাত্ৰা অভিনৱ – ডিম্পীৰাণী গগৈ

তুৰন্ত গতিৰে দূৰন্তলৈ আগবাঢ়ি যোৱা চলন্ত বাচখনৰ খিৰিকীৰ কাষৰ চিংগল চিটটোত বহি যোৱা অন্নিকাই একান্ত মনে বাহিৰলৈ চাই গ’ল। মনঘোঁৰাৰ দোদুল্যমান চেঁকুৰ, পাৰ হৈ যোৱা প্ৰত্যেকটো বস্তুৰ ওপৰেৰে। আকাশ , বননি কেতিয়াবা কৰবাত এডৰা ডাঠ বাঁহনি। যদি পিছ মূহুৰ্ত্বতে আৰম্ভ হয় এখন বিশাল পথাৰ …আকৌ আৰম্ভ হয় কোনোবা খিনিত দোকান বজাৰ অথবা লানি লানি মানুহৰ ঘৰ। প্ৰত্যেকটো ঘৰৰ চৌহদ তথা আৰ্হিয়ে যেন কৈ যায় গৃহস্হৰ মনৰ বতৰা। কেতিয়াবা কোনোবাখিনিত বাচ খন ৰখাই দুই চাৰিজন উঠায়। গাওঁবোৰৰ মাজত ৰাখি যাত্ৰী উঠাবলৈ

Read more

সমাজ – ৰূপজ্যোতি শৰ্মা

অইনৰ পিতৃতকৈ নয়নৰ পিতৃ ৰমেনৰ সুখ-আনন্দ অলপ হ’লেও বেছি আছিল … সদ্যঘোষিত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ লগতে অংকত সৰ্বোচ্চ নম্বৰ পাই জিলাখন তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা নয়নক লৈ অঞ্চলটোৰ ৰাইজে এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰিছে। সভাত “নয়ন আমাৰ ভৱিষ্যত , তাক লৈ যথেষ্ট গৰ্ব অনুভৱ কৰিছোঁ” ইত্যাদি ডাঙৰ ডাঙৰ ভাষণ দিয়া সমাজৰ গণ্য মান্য ব্যক্তি সকলেই ১৬ বছৰ আগতে ডাষ্টবিনৰ পৰা সেই পানী কেঁচুৱাটিক তুলি অনাৰ পিছত ৰমেনক উদ্দেশ্যি কৈছিল “এই লেতেৰাবোৰ ঘৰত সুমুৱাব নালাগে, সেইবোৰক তেনেকৈয়ে থাকিব

Read more
1 13 14 15