ফটাঢোল

টনী মৰিছন — এযুৰি নীলা চকু আৰু এমুঠি শানিত শব্দৰ চিকমিকনি – দীপাঞ্জলি দাস পাঠক

এযুৰি সুগভীৰ নীলা চকুৰে তাইও পৰীৰ দৰেই অতীৱ সুন্দৰী হ’ব। যিফালেই চকু তুলি চাব সকলােৱে থৰ লাগিব তাইৰ বিমুগ্ধ দুনয়নৰ ৰাগিত। তাই যেনিয়েই খােজ দিব আলফুলীয়া জোতাৰ তলৰ ঘাঁহনিডৰাও তাইৰ প্রেমিক হৈ উঠিব। বতাহজাক উতনুৱা হ’ব দুবাহুত মেৰিয়াই লৈ তাইক এটি চুমা দিবলৈ। সেই উমাল আলিংগনৰ আৱেষ্টনীতে তাই সাৰ পালে সপােনৰ পৰা আৰু নিজকে আৱিষ্কাৰ কৰিলে ৰূঢ় বাস্তৱৰ নির্মম পৃষ্ঠভূমিত। তাইৰ গ’ম সাপৰ বৰণীয়া শৰীৰ আৰু এঙেৰুৱা চকুযুৰিয়ে সজা কাছাজিয়ে তাইক প্রক্ষেপ কৰিলে অৱজ্ঞা আৰু উপেক্ষা কর্কশ মৰুভূমিত। এয়াই অবাঞ্চিত

Read more

ইংলিছ স্কুল – নিলাক্ষী কাকতি

এইকেইদিন বৰুৱাৰ ঘৰত এক উৎকণ্ঠাময় পৰিৱেশে বিৰাজ কৰিছে৷ ঠিক ‘লগান’ চিনেমাখনৰ ক্লাইমেক্সটোৰ দৰে-বলটো বাউণ্ডেৰীৰ বাহিৰত পৰিল নে ফিল্ডৰ ভিতৰত থকা খেলুৱৈজনৰ হাতত!! এক চেঁপা উত্তেজনাই বৰুৱাৰ ঘৰখনক যেন গ্ৰাস কৰিছে৷ ৰ’ব, ৰ’ব আপোনালোকে বৰুৱাহঁতৰ ঘৰত কাৰোবাৰ দূৰ্ঘটনা হোৱা বা তেওঁৰ পৰিয়ালৰ কোনোবাই হস্পিতালত পৰি যমৰাজৰ সাম্ৰাজ্যত প্ৰৱেশ কৰিবলৈ টিকট কাটিছে বুলি নাভাবিব৷ আজি চিংকিৰ ৰিজাল্ট দিব৷ চিংকি বৰুৱা দম্পত্তীৰ তিনি বছৰীয়া জীয়ৰী৷ সমীৰণ বৰুৱা নতুন চহৰখনলৈ চাকৰি সূত্ৰে বদলি হৈ অহা মাত্ৰ এমাহ হৈছে৷ তেওঁ চহৰখনৰ ৰাষ্ট্ৰীয়কৃত বেংকটোৰ সহকাৰী শাখা

Read more

এই চহৰৰ বৰষুণ – বাপুকণ চৌধুৰী (মূল বাংলা : “এই শহরের বৃষ্টি” কবি : মৃন্ময় চক্ৰবৰ্তী (দাদা)

এই চহৰত আগেয়ে ইমান বাতানুকুল এ.চি.বোৰ নাছিল, আজিকালি চহৰৰ বৰ চাহাববোৰে গৰমত বৰ ধৰফৰায়৷ হৰেণ দাসে কাচাৰীৰ অফিচ সময়ত কচুৰী, চিংৰাবোৰ ভাজে, বৰ চাহাববোৰে যে মিঠা খাবলৈ ভয় কৰে বৰ! কাষৰ প্ৰকাণ্ড অফিচটোৰপৰা এ.চি.ৰ গৰম বতাহবোৰ আহে, কাষেৰে চলি থকা গাড়ীবোৰেও বতাহবোৰ গৰম কৰি তোলে, কচুৰী, চিংৰা খাই বৰ চাহাববোৰে অভিযোগ কৰে, “এইবাৰ গৰমত আৰু নোৱাৰিছো দেউ, গাড়ীখনতো এ.চি. লগালো নোৱাৰাত পৰি…” হৰেণ দাসে কচুৰী, চিংৰা ভাজি আপোন মনে শুনে, কাণৰ কাষেৰে বৈ আহে অবাধ্য ঘামৰ ঢল, তাৰ মাজতেই উৰি

Read more

চাইড বিজিনেছ – দেৱজিত শইকীয়া

আমাৰ চুবুৰীৰ আটাইতকৈ টেলেণ্টেড ল’ৰাটোৰ কথা লিখিবলৈ লৈছোঁ৷ অন্নপ্ৰাসন্নত কিতাপ, কলম, মাটিৰ লডা আৰু পইচা দি ল’ৰা ভৱিষ্যতে ডাঙৰ হৈ কি হ’ব কৰা টেষ্টটোত সুখ্যাতিৰে সি এশ টকীয়া নোটখন লৈ ‘যি লাই বাঢ়ে দুপাততে চিন’ কথাষাৰক প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা তাৰ প্ৰতিভা ফাটি ফুটি বিকশিত হ’বলৈ ধৰে৷ একেবাৰে সৰু হৈ থাকোতে ১০, ২০ বা ১০০ টকীয়া নোট দি কোনখন লাগিব সুধিলে, বেটাই সদায় ১০০ টকীয়া নোটখনতে হাত দিছিল, খুচুৰা পইচা দিলে কেৰাহিকৈয়ো নাচায়। যেতিয়া অলপ জনাবুজা হ’ল সি ইমানেই টেলেণ্টেড

Read more

ফটাপ্ৰেম – চাহিন জাফ্ৰি

যাদু তেৰী নজৰ…খুচবু তেৰা বদন.. তু হা কৰ …য়া না কৰ তু হে মেৰী ‘কিৰণ’ তু হে মেৰী “কিৰণ”….!! গানটো ফুল ভলিউমত বাজি আছে।গুৱাহাটীৰ পৰা নগাওঁ অভিমুখে আহি থকা ট্ৰেভেলাৰখনত মই। এনেকুৱা গানবোৰ কিয় লগায় বাৰু?? মনটো যে উৰি গ’ল অতীতৰ কোনোবা এটা সোণোৱালী দিনলৈ….!! নৱম শ্ৰেণীৰ পৰীক্ষা দি উঠিছোঁহে।এমাহৰ গৰম বন্ধ। মাহীৰ ছোৱালী চুমীৰ লগত সিহঁতৰ ঘৰলৈ গ’লোঁ, কেইদিনমান থকাকৈ। ঘটনাটো বাটত গৈ থাকোঁতেই ঘটিল। বাচখনত ভীৰ আছিল। ঠেলা-হেঁচাৰ মাজতে মোৰ গাত আহি খুন্দা খালে এটা সুন্দৰ-সুঠাম যুৱকে। মিচিকিয়া

Read more

হেণ্ডছ আপ হেমামালিনী – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

১৯৯৩-৯৪ চন মানৰ ঘটনা, ক্লাচ চেভেনত পঢ়ি থকা সময়ৰ। দুৰ্গা পূজাৰ সময়ত ভি চি পি ভাড়াত আনি পূজা মণ্ডপৰে ওচৰতে থকা প্ৰাইমাৰী স্কুলখনত এটা অস্থায়ী চিত্ৰগৃহ বনাই লোৱা হৈছিল। ৰঙীন টিভি, বেটাৰী সকলোবোৰ আনিছিল যাতে চিনেমা প্ৰদৰ্শণ হৈ থকা সময়ত বিদ্যুৎ নাথাকিলেও একো অসুবিধা নহয়। টিভিটোৰ একেবাৰে সন্মুখত ট্ৰিপাল এখন পাৰি দিয়ে, তাৰ পিছফালে দহখন মান বেঞ্চ আৰু শেষত চাৰি পাঁচখন টিনৰ ফ’ল্ডীং চকী, প্লাষ্টিকৰ চকী ওলোৱাই নাছিল তেতিয়া বজাৰত। এইখিনি আয়োজনতেই চিনেমা হ’লটো তৈয়াৰ হৈ যায়। টিকটৰ দামবোৰো কম

Read more

প্লে’-বয় নাম্বাৰ ওৱান – শংকৰজ্যোতি বৰা

  দ্ৰুণ ভিউত বহু ওপৰৰ পৰা দেখা যাব যোৰাবাটৰ অকোৱা পকোৱা ৰাস্তাইদি তীব্ৰ বেগত এখন বাইক নগাঁঁৱৰ দিশত গৈ আছে৷ কেমেৰাই বাইকখন ফল’ কৰিব৷ পাহাৰীয়া ৰাস্তা এৰি সমান ৰাস্তা লোৱাৰ সময়তে চাইদ ভিউত কেমেৰাই বাইক আৰোহীক জুম কৰিব৷ চেহেৰাটো স্পষ্ট হোৱাৰ সময়তে আৰোহীয়ে বাইকৰ আগচকা ওপৰলৈ দাঙি স্পিদ বঢ়াব৷ আগচকা ডাং খাই থকা অৱস্থাতে আৰোহীৰ স্পষ্ট মুখাবয়ৱৰ সৈতে কেমেৰা ফ্ৰীজ হ’ব৷ লগে লগে নেম কাষ্টিং… দিম্পল কাকতি ইন এণ্ড এজ.. “প্লেবয় নাম্বাৰ ৱান” . মিউজিক – সৰু চেকীয়া বেবনি- অলৱেইজ

Read more

দুষ্ট নাট্য – ইফটিখাৰ হুছেইন

: ফাৰদীন, মোক কথা এটা বুজাই দিয়াচোন । : কি কথা আব্বা ? : হাচমত নামটো ল’ৰাৰ নে ছোৱালীৰ নাম ? : ল’ৰাৰ নাম । : তেন্তে হাচমত পাগল নে পাগলী হ’ব ? : পাগল হ’ব । : তেন্তে চনু নিগমে হাচমত পাগলী বুলি কিয় গাইছে ? : হা হা হা হা .. : হাঁহিছা কিয় ? : গানটোত হাচমতৰ কথা কোৱা নাই নহয় ! : তেন্তে ? : হিৰোই হিৰোইনক হাঁহিবলৈ মানা কৰিছে – হাঁস মত পাগলী । প্যাৰ

Read more

অভ্যাসৰ নৰ – অভিজিত মেধি

মনত পৰে তাহানিৰ দিনবোৰৰ কথা। আজিৰ দিনত মোবাইল-লেপটপৰ বুকুত টাইপ কৰা আখৰৰ অনুশীলন ফলি-পেঞ্চিল লৈ কৰা দিনবোৰৰ কথা। আমাৰ পাঁচজনীয়া পৰিয়ালটো আছিল নিম্ন মধ্যবিত্ত শ্ৰেণীৰ, সীমিত উপাৰ্জনে প্ৰায়েই লেকাম লগাইছিল হেঁপাহৰ দৌৰত। ইটো কিনি উঠি সিটো লাগ বুলিলেই “মৰাণ নহা, মাইৰে-বাইপেৰে টাকাৰ গাছ পুতছি? জোকাৰ মাল্লি টাকা আইহবো?” বুলি ধমক দিয়া হৈছিল। অৱশ্যে মা-দেউতাই মৰমতে স্কুলত কিবা এটা খাবি বুলি মাজে সময়ে পইচা এটা দুটা নিদিয়া ধৰণৰ নাছিল। ইয়াৰে সৰহ সংখ্যক পইচা বাৰীৰ ভাল যেন লগা ঠাই এটুকুৰাত পুতি থৈছিলোঁ।

Read more
1 2 3 4 15