ফটাঢোল

সাক্ষাৎকাৰ – জনপ্ৰিয় কণ্ঠশিল্পী মৌচুমী চহৰীয়াৰ সৈতে এখন্তেক

ফটাঢোল ই-আলোচনীৰ শাৰদীয় সংখ্যাৰ সাক্ষাৎকাৰৰ অতিথি হিচাপে আমি এইবাৰ কাষ চাপিছিলোঁ জনপ্ৰিয় কণ্ঠশিল্পী, সদাহাস্যময়ী, আমাৰ সকলোৰে অতি মৰমৰ মৌচুমী চহৰীয়া বাইদেউৰ। যোৱা ২১ ছেপ্টেম্বৰ তাৰিখে বাইদেউৰ লগত আগতীয়াকৈ হোৱা  যোগাযোগৰ পৰিপ্ৰেক্ষিতত ফটাঢোল পৰিয়ালৰ ফালৰ পৰা তেখেতৰ কাহিলিপাৰাস্থিত ফ্লেটত আমি গধূলি প্ৰায় ৫:৩০ বজাত উপস্থিত হৈছিলোঁ। স্বভাৱসুলভ হাঁহিটোৰে তেখেতে আমাক সম্ভাষণ জনাই ভিতৰলৈ মাতি নি বহিবলৈ দিলে। ফটাঢোল : নমস্কাৰ বাইদেউ, ফটাঢোল পৰিয়ালৰ তৰফৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাৰ বহুমূলীয়া সময়ৰ পৰা কিছু সময় আমাৰ কাৰণে উলিয়াই  দিয়াৰ বাবে।

Read more

পদ-ছন্দ – হেমেন ডেকা

আমি হ’লো মুখপুথিৰ জনাজাত কবি আং বাং কবিতা লিখাই যাৰ হবি৷ বিবিধ শব্দৰ পাতো নিয়মিত খেলা বানান শুধৰাবলৈ লাগে পিছে হেলা৷ নিতৌ আপডেট দি থাকো পুৱা-গধূলি নকৰো কাৰোৰে সৈতে অকণো ধেমালি৷ বিখ্যাত কবিৰ ভাব-ভাষা কৰো চুৰ বিৰহৰ বেদনাৰে দিওঁ তাত সুৰ৷ মনত নাই খ্যাতিৰ বাসনা সমূলি মাথোঁ নাভাবে যেন অমুকাক মামুলি৷   অসাৰ সংগদোষতে আজি হ’ল এই গতি খায় সদায় সোমৰস বাতিয়ে বাতি৷ গৰমত ইমান যে লাগে চাটিফুটি গেলাবিধ খালেহে আহে মৰ-ঘুমটি৷ চিলমিল টোপনিত দেখে কাণ্ড এটি চোঁচা মাৰি আহে

Read more

এটা মধ্যবৰ্গীয় কুকুৰ মূল: হৰিশংকৰ পৰসাইৰ “এক মধ্যমবৰ্গীয় কুত্তা” অনুবাদ: মিতালী নাৰায়ণি

বন্ধুজনৰ গাড়ীখন বাংলোটোৰ চৌহদত সোমোৱাত গাড়ীৰ পৰা নামিয়েই মই সুধিলোঁ, : এওঁলোকৰ ঘৰততো কুকুৰ নাই? বন্ধুৱে ক’লে, : তুমি কুকুৰলৈ বৰ ভয় কৰাহে! মই ক’লোঁ, : মানুহৰূপী কুকুৰবোৰক ভয় নকৰোঁ৷ সিহঁতক চম্ভালিব পাৰোঁ৷ কিন্তু আচল কুকুৰলৈহে খুব ভয় কৰোঁ৷ মই কুকুৰ থকা ঘৰ ভাল নাপাওঁ৷ তেনে ঘৰলৈ গ’লে গৃহস্থতকৈয়ো আগতে কুকুৰেহে ভুকি ভুকি স্বাগতম জনায়৷ গিৰিহঁতৰ লগত নমস্কাৰৰ আদান-প্ৰদান হ’ল কি নহ’ল কুকুৰটোৱে যেন গালিহে দিবলৈ লয়, “ইয়ালৈ কিয় আহিছ বে? তোৰ বাপেৰৰ ঘৰ নেকি? গুচি যা ইয়াৰ পৰা৷” আকৌ

Read more

ভিক্টৰিয়া মেমোৰিয়েল দৰ্শন – সুকুমাৰ গোস্বামী

ঘটনাৰ নায়ক আমাৰ সকলোৰে প্ৰিয় চৌধুৰী বাবু। সম্পূৰ্ণ নামটো দি এইটো লিখনি তেওঁলৈ পঠিয়াই এগালমান গালি খাই থোৱাৰ অভিজ্ঞতাৰ বাবে চৌধুৰী বাবু বুলিয়েই কাহিনী আগবঢ়ালোঁ। সমনীয়া হ’লেও স্নাতক মহলাৰ পৰা পুণাত অধ্যয়ন কৰাৰ সূত্ৰে চহৰ খনৰ বিষয়ে তেওঁৰ অভিজ্ঞতা আমাতকৈ বেছি কাৰণ আমি গুৱাহাটীত স্নাতক সম্পূৰ্ণ কৰি স্নাতকোত্তৰ অধ্যয়নৰ বাবেহে পুণালৈ গৈছিলোঁ। পুণাৰ পুৰণি ছাত্ৰ হিচাবে সকলো ক্ষেত্ৰতে চৌধুৰী চাহাব আগৰণুৱা, পিচিঅ’ বা পাণ দোকানত এক দুই লাইন মাৰাঠী কৈও কেতিয়াবা কেতিয়াবা আমাৰ দৰে নৱাগত সকলৰ মাজত চমক সৃষ্টি কৰে,

Read more

কৃষ্ণচূড়া নগৰীৰ এজাৰ – পৰীস্মিতা দাস

এজাৰ ফুল ভালপাওঁ মই৷ এজাৰৰ বেঙুনীয়া ৰংবোৰলৈ চাই মই আপোনপাহৰা হৈ পৰোঁ৷ কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ত থকা শাৰী শাৰী এজাৰ কেইজোপা দেখিলে মনত শোকে খুন্দা মাৰি ধৰিব খোজে৷ এজাৰ কেইজোপাৰ মাজত যেন ক’ৰবাত নিজকে বিচাৰি পাওঁ৷ এই এজাৰৰ তলে তলেই এদিন সেই হোষ্টেলখনলৈ গৈছিলোঁ৷ আমাৰ “ফ্ৰেণ্ড হোষ্টেল” সেইখন৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিটো ছাত্ৰীনিবাসৰ লগত একোটাকৈ ছাত্ৰাৱাসৰ সম্পৰ্ক থাকে, যাক “ফ্ৰেণ্ড হোষ্টেল” বুলি কোৱা হয়৷ হোষ্টেললৈ নতুন আৱাসী অহাৰ পিছত দুয়োখন ফ্ৰেণ্ডহোষ্টেল লগ হৈ এটা “টি পাৰ্টী” আয়োজন কৰে৷ টি পাৰ্টিটো হয় ছাত্ৰাৱাসখনত

Read more

বাল্মীকি বৰুৱাৰ আত্মজীৱনী – ড° সৰোজ কাকতি

প্ৰস্তাৱনা  : এই ৰাতিপুৱাখন ছাগলীৰ দৰে কি বেবাবলৈ ধৰিছা হে? বাওনা বৰুৱাৰ চিঞৰ-বাখৰ শুনি ঘৈণীয়েকে পৰম বিৰক্তিৰে চিঞৰি উঠিল৷ : হেৰা, তোমাৰ দৃষ্টিতহে মই ছাগলী৷ মোৰ বাবে এই পুৱাই পুৱাই এইখন কি চিঠি আহিছে নয়ন মেলি চাই নয়ন সাৰ্থক কৰহি বুঢ়ী ধেন্দেলী৷ বাওনা বৰুৱাই কথাষাৰ কৈয়েই আলোচনীৰ সম্পাদকে পঠিওৱা চিঠিখন আকৌ এবাৰ পঢ়িবলৈ ধৰিলে৷ উলামুলা চিঠি নহয়, সম্পাদকে তেখেতৰ আত্মজীৱনী বিচাৰিছে৷ বিচাৰিবই; বাওনা বৰুৱাৰ আত্মজীৱনী নিবিচাৰি কাৰ জীৱনী বিচাৰিব? ঘটিৰাম-বাটিৰামৰ বিচাৰিব? যিজন মানুহে অমানুষিক কষ্ট কৰি, মানুহৰ খকৰা-মুকুটি, ঠলামূৰী, জোতাৰ

Read more

এটা সপোনৰ মৃত্যু – অভিজিত কলিতা

ৰ’ব হে, মোৰ দুখেভৰা জীৱনৰ আন এটা মৰ্মান্তিক কাহিনী পঢ়িবলৈ ওলাইছোঁ বুলি চিৰিয়াচ হৈ নেযাব। অসমীয়া ভাষাত এইটোৱেই সমস্যা, কওঁ কিবা এটা ৰাইজে বুজে কিবা আন এটা। মোৰ কোনো শৈশৱৰ, যৌৱনৰ সপোনৰ মৃত্যু হোৱা নাই, আচলতে সপোনতে মোৰহে মৃত্যু হ’ল। মানে ‘ডেথ অৱ এ ড্ৰীম’ নহয়, ‘ডেথ ইন মাই ড্ৰীম’ হে! সেয়া চাওক, ইংৰাজীত কোৱাৰ লগে লগে পটকৈ বুজি পালে। আচলতে হ’ল কি, যোৱাকালি মোৰ সপোনত মোৰ মৃত্যু হ’ল। কি হ’ল কি নহ’ল ভালকে বুজি নেপালোঁ, কিন্তু মই হঠাৎ উপলব্ধি

Read more

নৱপ্ৰজন্ম আৰু সুস্থতা – ডা° পার্থসাৰথি ভূঞা

আমাৰ ভাৰতবৰ্ষ এখন যুৱ দেশ। ভাৰতৰ প্ৰতি তিনিজন ব্যক্তিৰ এজন, এগৰাকী যুৱক বা যুৱতী।আজিৰ যুৱ প্ৰজন্ম কাইলৈ দেশৰ ভৱিষ্যত, দেশৰ মানৱ সম্পদ। গতিকে এই সময়ছোৱাতে প্ৰতিজন যুৱক, যুৱতীয়ে এজন সুনাগৰিক হিচাপে নিজকে গঢ়িবলৈ যত্নপৰ হ’ব লাগে। সুনাগৰিক বুলি ক’লে কেৱল পঢ়া শুনা ভালকৈ কৰি চিকিৎসক, অভিযন্তা, অধ্যাপক বা ডাঙৰ বিষয়া হোৱাকে নুবুজায়৷ তাৰ পৰিৱৰ্তে এজন এনে ব্যক্তিক বুজাই যি সমাজ বা দেশৰ ওপৰত বোজা নহৈ তেওঁৰ নিজৰ ফালৰ পৰা কিবা হ’লেও অৱদান আগ বঢ়াব পৰাকৈ সক্ষম। সাধাৰণতে ১৫ বছৰৰ পৰা

Read more

সাক্ষাত্_কাৰ – বাসৱদত্ত দাস

আমাৰ নতুন চম্পাসুৰে হেনো “ফটাঢোল”ৰ এই মাহৰ সাক্ষাৎকাৰ শিতানৰ বাবে অসমৰ এগৰাকী বিখ্যাত সংগীতশিল্পীৰ ওচৰ চাপিছে । আলোচনীখনৰ শাৰদীয় সংখ্যাটিত আমি এইগৰাকী প্ৰতিষ্ঠিত শিল্পীৰ জীৱনৰ কিছু অপ্ৰকাশিত কাহিনী হয়তো পঢ়িবলৈ পাম ।বিখ্যাত লোকসকলৰ অখ্যাত কাহিনীবিলাক জানিবলৈ পোৱাৰ মজাই বেলেগ, নহয়নে? পিছে পঢ়ুৱৈসকলে এটা কথা জানি হয়তো আচৰিত হ’ব যে পোনতে চম্পাসুৰে কিন্তু আন‌ এজন বিশ্ববিখ্যাত ব্যক্তিৰহে সাক্ষাৎকাৰ লোৱাৰ মানসেৰে ব্যক্তিগৰাকীৰ অফিচিয়েল ই-মেইল আই ডিলৈ এটা অনুৰোধ প্ৰেৰণ কৰিছিল, যি অনুৰোধ ৰক্ষা কৰি ব্যক্তিগৰাকীয়ে তেওঁক সাক্ষাতৰ বাবে এটা তাৰিখো দিছিল ।

Read more

কৌতুক : সঞ্জীৱ কুমাৰ মহন্ত

১/ হেৰি শুনকচোন! অকণমান কথা এষাৰ.. যদি আপুনি বাছৰ ছিটত বহি থকা অৱস্থাত খালী হৈ থকা আপোনাৰ কাষৰ ছিটটোত এগৰাকী সুন্দৰী আধুনিকা যুৱতী আহি নিসংকোচে বিন্দাচভাৱে বহিব খোজে, তেন্তে  আপুনি বুজা উচিত…. এতিয়া আপুনি …UNCLE ৰ তালিকাত সোমাই গৈছে….. ডেকা বয়স ইজ অ’ভাৰ….. ২/ এবাৰ সৰু ল’ৰা এটাই…ভগৱান শিৱক প্ৰাৰ্থনা জনালে, : হে শিৱ শংকৰ মোক এজনী গাৰ্লফ্ৰেণ্ড আপুনি ঠিক কৰি দিয়ক। সি ৪/৫ দিন বাট চালে কিন্তু তাক গাৰ্লফ্ৰেণ্ড ভগৱানে নিদিলে…. তাৰ খুব খং উঠিল…পিচদিনা ৰাতিপুৱা সি সিহঁতৰ  মন্দিৰৰ পৰা

Read more
1 2 3 12