ফটাঢোল

বুদ্ধেশ্বৰৰ দেৱী দৰ্শন – ৰঞ্জিত কুমাৰ শৰ্মা

বাহিৰত বৰষুণজাকে ধাৰাসাৰ ৰূপ ল’লে। ফিৰ-ফিৰিয়া বতাহে বৰষুণজাকক কোবাইছে। হঠাৎ বিদ্যুৎ সংযোগো নোহোৱা হৈ পৰিল। ইনভাৰ্টাৰৰ চুইচটোও বন্ধ কৰি থোৱা আছিল বোধহয়। কোঠাটো আন্ধাৰ হৈ পৰিল। কাগজ-কলম লৈ বিছনাতে বহি থকা বুদ্ধেশ্বৰে ফোনত থকা টৰ্চৰ পোহৰেৰে ইনভাৰ্টাৰৰ কাষ চাপিবলৈ বুলি ভাবি বিছনাতে ৰখা আই ফোনটো খেপিয়াই বিচাৰিলে। কিন্তু তেনেতে দুৱাৰখন হঠাৎ জোৰেৰে মেল খাই গ’ল। মুহূৰ্ততে চকুত চাট মাৰি ধৰা তীব্ৰ পোহৰ এচমকা কোঠাটোলৈ সোমাই আহিল। বুদ্ধেশ্বৰে চকুহাল মুদি দিলে। কিছু সময় পিচত বুদ্ধেশ্বৰে লাহে লাহে চকু দুটা মেলিলে। চকু

Read more

তপাৰ দিনলিপি – অভিজিত দত্ত

হাতখন লাহেকৈ মূৰত লগালোঁ। এয়া মোৰ পুৰণি স্বভাৱ। আচলতে ক্লাছ নাইন মানৰ পৰা মই ‘বেক ব্ৰাছ’ ষ্টাইলত চুলি আঁচুৰিছিলোঁ৷ যেতিয়া দেহৰ এই অংশটো ক’লা কেশেৰে আবৃত হৈ আছিল, তেতিয়াৰ পৰাই মোৰ এই স্বভাৱটোও আছিল। বিশেষকৈ বিপৰীত লিঙ্গৰ কাৰোবাক দেখিলে মই নজনাকৈ মোৰ হাতৰ আঙুলিবোৰে মোৰ চুলি বিদাৰিছিল। কবি অজিত বৰুৱাই ‘এখন প্ৰেমৰ উপন্যাস’ত গ্ৰেলাগ হাঁহটোৱে বিপৰীত লিঙ্গৰ হাঁহ এজনী দেখিলে যে ডিঙিটো বেকা কৰি দি নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ বিচৰা এটা উদাহৰণ দিছিল, একেদৰে কোনো নাৰীৰ উপস্থিতিত মোৰ হাতখনে মোৰ

Read more

ষ্টেটাচ চিম্বল – অনুবাদ: পূৰবী কটকী (মূল : গুদবিন মচিহ্)

চিকমিকাই থকা ৰঙা গাড়ীখন আহি পাৰ্কিংৰ ঠাইত ৰ’লহি,গাড়ীৰ দৰজা খোল খালে। এটা শকত, স্বাস্থ্যৱান নেগুৰ নথকা কুকুৰ গাড়ীখনৰ পৰা নামিল। ইফালে-সিফালে চালে তাৰ পাছত নিজৰ গাটো জোৰকৈ জোকাৰি নিজৰ এলাহ ভাবটো আঁতৰ কৰিলে আৰু নিজৰ চাকৰটোৰ লগত ৰজাৰ দৰে পাৰ্কত ফুৰিবলৈ ধৰিলে। সি যিফালে যায় তাৰ চাকৰটোও তাৰ পাছে পাছে সেইফালে যায় থিক সেইদৰে, যিদৰে আৰ্মীৰ কোনোবা ডাঙৰ অফিচাৰ নিজৰ কৰ্তব্যলৈ আহোঁতে চিপাহীবোৰে তেওঁৰ আগে-পাছে ঘূৰি তেওঁৰ লগত ব্যস্ত হৈ যায়। সেই নেজকটা কুকুৰটোৰ আৰাম আৰু ঐশ্বৰ্য্য দেখি তাত থকা

Read more

সেই দহমিনিট – মণিষা কাকতি

১ ছেপ্টেম্বৰ, ২০১৯। দেওবাৰ। আপাত দৃষ্টিত দিনটোৰ বিশেষত্ব এয়াই আছিল যে সেইদিনা মহাপুৰুষ শংকৰদেৱৰ তিথি আছিল। কিন্তু মোৰ বাবে সেই দিনটোক অন্য এটা পাহৰিব নোৱাৰা ঘটনাইহে চিৰদিন বিশেষ কৰি ৰাখিব। সেইদিনা গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা এখন আছিল। আবেলি ৩ বজাত। বন্ধৰ দিন হোৱা হেতুকে কিছু লাগতিয়াল সামগ্ৰী কিনাৰ উদ্দেশ্যে ঘৰৰপৰা অলপ সোনকালেই ওলাই গ’লোঁ। এক গুলীত দুই চিকাৰৰ পৰিকল্পনা। বজাৰ-সমাৰ কৰি ভোক লগাত ভাবিলোঁ, ভাতসাজ প্ৰেছ ক্লাবৰ কাৰ্ত্তিকদাৰ কেণ্টিনতে খোৱা যাওক। যিহেতু তালৈ যাবলগা আছেই; গতিকে লৰালৰি কৰাৰ

Read more

সাম্প্ৰতিক: সম্পাদকৰ একলম– শ্ৰী ৰক্তাভ কুমাৰ

* জীৱন তোক বৰ ভাল পাওঁ * পৰিস্থিতি – ১ প্ৰশান্ত মহাসাগৰৰ বিশাল বক্ষত এটি জনপ্ৰাণীহীন দ্বীপত যদি দুৰ্ভাগ্যক্ৰমে আপুনি অকলশৰীয়া দিন কটাবলগীয়া হয়! তেন্তে কি কৰিব? পৰিস্থিতি – ২ আপুনি এজন অন্তৰ্মুখী ব্যক্তি। আধুনিক সমাজখনৰ জীৱন-প্ৰণালীৰ লগত আপুনি একাত্মতা ৰাখিব পৰা নাই। গতিকে এই সকলোবোৰৰ পৰা আঁতৰত গৈ স্ব-ইচ্ছাই নিজৰ ঘৰ-দুৱাৰ এৰি, পৰিয়াল-বন্ধুবৰ্গৰ সান্নিধ্যৰ পৰা বহু নিলগত প্ৰকৃতিৰ মাজত অকলশৰীয়াকৈ এটি দুঃসাহসিক জীৱন কটোৱাৰ আপুনি হেঁপাহ ৰাখিছে। প্ৰথম পৰিস্থিতিত ভয় নাখাব। এয়া যদি আপোনাৰ লগতো হয় তেন্তে তাৰ লগত

Read more

সংখ্যাটোৰ আঁৰৰ কথা– ৰক্তাভ কুমাৰ

“এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ’ল বহল সাগৰ… কণ-কণ বালি চাঁহী ইটে সিটে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ…..” প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ত বিনন্দ বৰুৱাৰ এই কবিতাটি আমাৰ সকলোৰে পঢ়া চাগেʼ মনত আছে। কবিতাটি আবৃত্তি কৰি গাবলৈ খুব শুৱনি আছিল। শ্ৰেণীকোঠাত শিক্ষকে যেতিয়া আমাক এই কবিতাটো পঢ়াই থাকি আকাৰে-ইঙ্গিতে বুজাই দিছিল আৰু তাৰ পাছে পাছে আমাকো অভিনয় কৰি কবিতাটো মুখস্থ কৰাইছিল, সেইদিন ধৰি আজিলৈকে এই কবিতাটো স্মৃতিৰ পৰা মচ খোৱা নাই। কবিতাটিৰ আৰম্ভণিখিনিৰে “ফটাঢোল” আলোচনীখনৰ শাৰদীয় সংখ্যাৰ

Read more

একপি চেল্ফিৰে শ্রদ্ধাঞ্জলী – ৰিমঝিম বৰঠাকুৰ

মহেন্দ্ৰ দত্ত। মানুহজন এই অঞ্চলটোতে জনপ্ৰিয় এজন ব্যক্তি। বয়সীয়ালৰ পৰা কণমানিটোলৈকে মানুহজনক ভালপায়। ভালপোৱাৰে বাৰু কথা। এই মানুহজনে সমাজৰ হিতে কম কাম কৰে নেকি! আৰু আটাইতকৈ ভাল গুণটো হ’ল তেওঁ সকলো বয়সৰ সকলো শ্ৰেণীৰ মানুহৰ লগতে মিলি যায়। পেছাত এজন হাইস্কুলৰ শিক্ষক আছিল মহেন্দ্ৰ দত্ত। আজি কিছুবছৰৰ আগতে অৱসৰ লৈ এতিয়া গোটেই সময়খিনি সমাজৰ নামত দিছে। তেওঁ জড়িত নাথাকে ক’ত? অঞ্চলটোৰ সৰু-ডাঙৰ সকলোবোৰ অনুষ্ঠানতে ভাগ লোৱাৰ উপৰিও দুৰ্গা পূজা, বিহু কমিটী, স্কুল-কলেজৰ প্ৰত্যেকখন কমিটীৰে এজন বিশিষ্ট সদস্য দত্ত। মানে একেষাৰতে

Read more

মতিভ্ৰম – শাণ্ডিল্য মহন্ত

মিছানো কি কম, অভ্যাসৰ নৰ সন্ধিয়া সময়ত তিনিআলিলৈ সদায় মাৰোঁ লৰ। সিদিনা ওলাইছিলোঁ হে ঘৰৰ পৰা নেপালোং আলিবাট ইফালৰ পৰা আঘোণা বুঢ়াই হঠাতে লগালে মাত। ৰ’চোন ৰ’ ক’লৈ যাৱ’ খন্তেক এইফালে আহ বেছি সময় নলওঁ বাৰু কাম এটা কৰি দি থৈ যা। এনেয়ে থাকোঁ ঘৰতে আজিকালি কথা ভাবিছোঁ এটা সেই গুণে বৰ বোপাই দিয়া ম’বাইলটোত টিকটক টোকে ভৰাই দে। মই বোলোঁ ঐ লাপুং বুঢ়া ভালকৈ শুনি ল’ মোৰ কথা কালৰো কাল বিপৰীত কাল মই মুখখন নোখোলাই ভাল। বাজিব লাগে টেমী কটাৰী বাজিছে হাঁচটি

Read more

সভালৈ যাওঁতে – ড৹ বিৰিঞ্চি কুমাৰ দাস

‘সভাশুৱনি’ বিশেষণেৰে অভিহিত কৰিব পৰা এক শ্ৰেণীৰ মানুহ থাকে, যিসকলক সকলো ধৰণৰ সভাতেই পাবলৈ, তেওঁলোকৰ বহুমূলীয়া ভাষণ শুনি কৃতাৰ্থ হ’বলৈ মানুহ উদ্বাউল হৈ থাকে । এইসকল ব্যক্তিৰ উপস্থিতিয়ে সভাৰ মঞ্চখনকেই উজলাই তোলে; তেওঁলোকৰ ডিঙিত বিৰাজ কৰা গামোচাকেইখনো কৃতাৰ্থ হয় এনে শোভনীয় স্থানত অৱস্থান কৰিবলৈ পাই । সাহিত্য বিষয়ক আলোচনাই হওঁক বা ভলীবল প্ৰতিযোগিতাৰ উদ্বোধনেই হওঁক, বা শোকসভাই হওঁক – যিকোনো সভাতেই এইসকল ব্যক্তি নহ’লে কোনোপধ্যেই নচলে । মই এই ধৰণৰ সভাশুৱনি মানুহৰ ‘ধাৰেকাছেও’ নাই যদিও আজিকালি মাজে মাজে বিভিন্ন সভাই

Read more

কৌতুক – ইলি তালুকদাৰ

আমাৰ ফটাঢোল ৰাজসভাৰ দুটা উজ্জ্বল ৰত্ন৷ টাউলা হেকা আৰু সুন্দৰী ভখ্ৰী। সুন্দৰী হাতে কামে পাৰ্গত।একো নজনা নাই। ভখ্ৰীয়ে বিয়াৰ আগতে লিখা লাভ লেটাৰ পঢ়ি তেওঁৰ হ’ব লগা পতিদেৱ হেনো দুৰাৰোগ্য লাভেৰীয়া ৰোগত আক্ৰান্ত হৈছিল। পিছত ডা° পাৰ্থসাৰথিৰ পৰামৰ্শ মতে মেৰেজোথেৰাপীৰ দ্বাৰা সুষ্ঠ হৈ উঠে। এতিয়া ভখ্ৰীৰ সুন্দৰ, সুখৰ সংসাৰ। আৰু এই হেকা! ফটাঢোল চাঞ্চল্য এইজনাৰ কথা নতুনকৈ ক’ব লগা নাই। এইজনা ৰত্ন বিয়াই সবাহে সুন্দৰ ৰমণীৰে অনবৰতে পৰিবেষ্টিত হৈ থাকে। এইজনা হেকাই ভখ্ৰীক প্ৰায়েই খানা খুৱাবলৈ জোৰ কৰি থাকে… হেকা

Read more
1 2 3 4 12