ফটাঢোল

আতংকবাদী – অৰবিন্দ গোস্বামী

আতংকবাদীৰ কোনো জাতি, ধৰ্ম নাথাকে। আতংক বিয়পাই সুখী জনগণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আপোনজনৰ সৈতে শত্ৰুতাৰ জন্ম দিয়াই আতংকবাদীৰ কাম। আতংকবাদী কোনো কাৰণতে ক্ষমাৰ যোগ্য নহয়। কিন্তু এই আতংকবাদীক যদি পূজা কৰিবলগা হয় তেন্তে! কৰিবনে আপুনি পূজা? মই কওঁ যে আপোনালোকে আতংকবাদীক পূজা কৰি আছিল, কৰি আছে আৰু আগলৈও কৰি থাকিব। হয়, মই সেই গণেশৰ বাহন মূষকৰ বংশধৰ আৰু হনুমানৰ বংশধৰসকলৰ কথাই কৈছোঁ। এই দুই প্ৰকাৰৰ আতংকবাদীয়ে সেই ঠাইত আতংকৰ সৃষ্টি কৰে য’ত ইহঁতৰ সংখ্যা বেছি। এই দুইধৰণৰ আতংকবাদীৰ সংগঠনৰ

Read more

লেডীগেং লীডাৰৰ আদাম-টিজিঙ – ইন্দ্ৰাণী তালুকদাৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰিলোঁ। সৰুৰে পৰাই কটনত পঢ়াৰ হেঁপাহ মনতে পুহি ৰাখিছিলোঁ। কলেজলৈ গৈ প্ৰথম দিনাই বহুতো অচিনাকি মুখ দেখিলোঁ, অৱশ্যে সময় অতিবাহিত হোৱাৰ লগে লগে মুখবোৰ চিনাকি হৈ পৰিছিল। স্কুলত থকা সময়ছোৱাত মোৰ ল’ৰাৰ প্ৰতি এলাৰ্জী আছিল, গতিকে কলেজৰ প্ৰথম দিনটোত বহুতো ল’ৰা লগ পালোঁ যদিও মতাটো দূৰৈৰ কথা, চকুও নিদিলোঁ৷ ইকনমিক্সৰ ক্লাছত মোৰ পিছৰ বেঞ্চত বহা ল’ৰাৰ গ্ৰুপটোৰ এজনে এদিন সুধিলে, : কি নাম তোমাৰ? মই ঘূৰি চাই দেখিলোঁ বগা, জোঙা নাকৰ চশ্‌মিছ

Read more

ভিলেইন – তৃপ্তি মাধুৰী বৰগোঁ‌হাই

“ঐ, তোৰ হিৰ’লে ৰওঁতে ৰওঁতে আমাৰ ফালে জিৰ’ হ’ব..” ” — এ ৰহ ঔ এইজনী” চকুদুটা ডাঙৰ কৰি উত্তৰ দিয়াত বৰ্ষা মনে মনে ৰ’ল। “তোক কথা এটা ক’বলৈ আছে, স্কুল যোৱাৰ আগত দলঙৰ আগত ৰ’বিচোন, একেবাৰে ‘ইম্পৰটেণ্ট’ কথা।” — চকলেট এটা হাতত দি সি কোৱা কথা কেইশাৰীয়েহে মোৰ অধৈৰ্য মনটোক ধৰি ৰাখিছিল৷ “বৰ্ষা, তই থেন-থেনাই থাকিব নালাগে, তই যা স্কুললৈ, মই গৈ আছোঁ৷” বেল পৰাৰ আগে আগে কোনোমতে স্কুল পোৱাৰ আশাত তাই কোবা-কোবিকৈ গুচি গ’ল৷ মই ৰৈ গ’লোঁ, মনত কেৱল

Read more

ষ্টেণ্ডাৰ্ড’ বন কৰা মানুহজন – কুকী কল্পিতা মহন্ত

গৰমৰ দিনবোৰ বৰ অশান্তিদায়ক। উৎকট গৰম আৰু ইফালে মহৰ কামোৰ বোৰ আছেই। অকল মহেই নে, পোক পৰুৱাৰ পৰা আদি কৰি সাপ, বেং ভেকুলীলৈকে কি কি যে নোলায় নহয়! তাতে যদি আকৌ ঘৰৰ বাৰী খনত ঘাঁহ বন অলপ বেছি থাকে এই সকলোবোৰ মিলি বাৰীখন একেবাৰে কাজিৰঙা অভয়াৰণ্য যেনেই হৈ পৰে। বৰষুণৰ মাত্ৰা যিহেতু গৰমৰ দিনত অলপ বেছিকৈ হয় ফলস্বৰূপে ঘাঁহ বনবোৰো আকাশলংঘী হ’বলৈ বেছি দিন নালাগে। কেইবছৰমান আগৰ এনে গৰম দিনৰে কথা। আমাৰ ঘৰত নিয়মীয়াকৈ কাম কৰা ‘ককাই’জন বেমাৰত পৰি এক-ডেৰমাহ

Read more

একৈশ শতিকাৰ মোগল ই আজম – ডলী তালুকদাৰ

ডলী ক্ৰিয়েচনৰ পঞ্চম নিবেদন কাহিনী, পৰিচালনা, সংলাপ, সংগীত, নৃত্য পৰিচালনা সাজ-সজ্জাঃ ৰাজশ্ৰী শৰ্মা লাইটঃ হিতেশ বি বৰুৱা কেমেৰাঃ শংকৰ জ্যোতি বৰা মেকআপঃ মন্দিৰা শৰ্মা পোষ্টাৰঃ পৰশমণি শৰ্মা অভিনয়তঃ হেমন্ত খান্না, ৰিণ্টুমণি আদিল হুছেইন, ৰক্তাভ আলম, দেৱজিত মাধৱন, সঞ্জীৱ খান, নীলাক্ষী শেষাদ্ৰী, কাবেৰী কৈৰালা, পৰিস্মীতা কাপুৰ, ডলী দিক্ষীত, সঞ্জীব খান, ভাস্কৰ ৰামপাল, টবিবাৰ সিঙ, ৰিমঝিম ৰীমা শ্বেট্টি৷ অতিথি শিল্পীঃ ববিতা ধীলন, কংকনা পাদুকন ১ম দৃশ্য ভৌতিক পৰিবেশৰ চিন৷ মাজৰাতিৰ সময়৷ চাৰিওফালে ধোঁৱা ধোঁৱা দেখুওৱা হ’ব৷ দূৰত শিয়াল আৰু কুকুৰে একেলগে ৰাউচি

Read more

মাধ্যাকৰ্ষণিক ত্বৰণ, দুৰ্ঘটনা আৰু বোনলেচ চিকেন – দেৱজিত শৰ্মা

উচ্চতৰ মাধ্যমিকৰ পাছত স্নাতক মহলাৰ বিজ্ঞান শাখাত পদাৰ্থ বিজ্ঞানকে সন্মানীয়(মেজৰ) হিচাপে লৈ জাগীৰোড মহাবিদ্যালয়ত নাম ভৰ্তি কৰিলোঁ ৷ সাংঘাতিক ভাল নহ’লেও কাম চলাব পৰা শিক্ষাৰ্থীয়েই আছিলোঁ ৷ শ্ৰেণীত নাম ভৰ্তি কৰাৰ পাছত প্ৰথম কামটোৱেই আছিল, নিজৰ কেটেগৰীৰ বন্ধু বিচৰা ৷ দুই দিনৰ ভিতৰতেই অনুপম শৰ্মা,কমলদীপ কাকতি আৰু পূৰ্বৰে চিনাকি গুণীন্দ্ৰ শইকীয়াৰে সৈতে ভাল দল এটা গঠন কৰা হ’ল ৷ এই দলটোৱে মাজে মাজে কলেজ বাংক মাৰি চিনেমা চোৱাৰ পৰা জৈন চুইট শ্বপৰ চাহ চিঙৰাৰ সোৱাদ বা গণেশ টকিজৰ কাষত পোৱা

Read more

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১) জিতা ফুকন : মানুহে ব্যস্ততাৰ দোহাই দি সম্বন্ধবোৰ মাৰি পেলায় কিন্তু পৰুৱাবোৰে ইমান ব্যস্ত হৈ লাইনত গৈ থাকোঁতেও সন্মুখত পোৱা প্ৰত্যেকটো পৰুৱাকে কাণে কাণে কি কৈ যায় বাৰু? উত্তৰ : শ্ৰমিক পৰুৱাবোৰ মতা পৰুৱা, গতিকে লাইনত গৈ থাকোঁতে নিশ্চয় ৰাতি পাৰ্টি ক’ত আছে সেইটো কথাকে ইটোৱে সিটোক কৈ যায়। দিনটো কাম কৰি গধূলি অলপ ফূৰ্তি কৰিবৰ মন যাবই দিয়কচোন। ২) সোণটো ৰঞ্জন বৰুৱা : কাপোৰ ফাটিলে শব্দ হয় কিন্তু গাখীৰ ফাটিলে শব্দ নহয় কিয়? উত্তৰ : ফটা কাপোৰ চিলাব

Read more

সত্যমেৱ জয়তে – ধীৰাজ দাস

প্ৰাচীন কালৰ ভ্ৰমণকাৰী সকলৰ টোকাসমূহ এখন দেশৰ অনুসন্ধিৎসু সকলৰ বাবে অমূল্য সম্পদ। এনে এক সম্পদেই হ’ল মেগাস্থিনিচৰ টোকা। সেই টোকাত মেগাস্থিনিচে লিখি থৈ গৈছে যে, ভাৰতীয় সকলে মুখে মুখেই চুক্তি কৰিছিল আৰু সেই চুক্তি মনে-প্ৰাণে পালন কৰিছিল আৰু কোনো ভাৰতীয়কে মিছা কথা কোৱা বুলি অভিযুক্ত কৰা হোৱা নাছিল। আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিবলৈ আহি ভাৰতীয় ৰজাসকলৰ সৈন্য শক্তি কিমান ডাঙৰ তাৰ তথ্য আগতীয়াকৈ সংগ্ৰহ কৰোঁতে ভাৰতীয়সকলৰ সত্যবাদিতাই গ্ৰীক সৈন্যবাহিনীক প্ৰভূত সহায় কৰিছিল। ‘প্ৰাণ যায়ে পৰ বচন না যায়ে’ এনে প্ৰবাদ তাহানিৰ

Read more

প্ৰতিষ্ঠিত লিখক– হেমন্ত কুমাৰ কাকতি

এজন ‘প্ৰতিষ্ঠিত’ লিখক হবলৈ কিমান যে কাম কৰিবলগীয়া হয়? সঁচা কৈছোঁ, আজিলৈ মোৰ যিমান কবিতা, গধুৰ গধুৰ প্ৰবন্ধ আদি আগশাৰীৰ বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ হৈছে তাৰ এশ শতাংশই হিন্দী, বঙালী, ইংৰাজী আদি বিভিন্ন কিতাপৰ পৰা নহলে ইণ্টাৰনেটৰ পৰা হুবহু নহলেও অলপ ইফাল সিফাল কৰি তুলি দিয়া৷ পিচে ঈশ্বৰৰ কৃপাত এতিয়ালৈ ধৰা পৰা নাই৷ কিন্তু দিন কাল বেয়া বুজিছে৷ কিবা “প্লেগেৰিজিম” নে কিবা এটা ওলাইছে হেনো৷ সেইটোত বহাই দিলে হেনো সকলো “দুধ কা দুধ, পানী কা পানী” হৈ ওলাই যায়,

Read more

কৌতুক – ধ্ৰুৱজ্যোতি বৰা

আমাৰ ৰামবিহাৰী নাপিত দিশপুৰৰ বহু কেইজন মন্ত্ৰীৰ পাৰ্চনেল নাপিত। মানে চুলি দাড়ি কাটিবলৈ হ’লে তাক ফোন কৰি মন্ত্ৰীসকলৰ আৱাস গৃহলৈ মাতি পঠায় আৰু সি গৈ চুলি-দাড়ি কাটি থৈ আহে। এদিন এজন মন্ত্ৰীৰ চুলি কাটি থাকোতে, সি মন্ত্ৰীজনক শুধিলে : চাৰ, আমাৰ দেশৰ ক’লা ধনবোৰ কেতিয়া ঘুৰি আহিব মন্ত্ৰী : মই কি জানো! অলপ সময় মনে মনে চুলি কাটি থাকি সি আকৌ শুধিলে : চাৰ, আজি আমাৰ দেশৰ এই অৰ্থনৈতিক দুৰৱস্থাৰ বাবে দায়ী কোন? এইবাৰ মন্ত্ৰীৰ খঙে চুলিৰ আগ পালেগৈ। চাল্লা

Read more
1 2 3 4 5 12