ফটাঢোল

আপদীয়া পদ্য – জ্ঞান বৰদলৈ 

তোমাৰ কাজল সনা দুচকুত মই দেখা পাওঁ কেৰমনৰ দোকানৰ বাকীৰ খাটা তোমাৰ কঁকালৰ ভাঁজত দেখা পাওঁ দেউতাৰাৰ শকত দৰমহা৷ তোমাৰ ৰূপৰ সুগন্ধিত ভাঁহি থাকে ফেচবুক হোৱাটছ এপৰ বতৰা৷      ( ২) তোমাৰ বাবে মই আইফেল টাৱাৰ পকেটত ভৰাই আনিব পাৰো কম্বোডিয়া পাৰ হৈ ইংলিছ চেনেল ডেই যাব পাৰো লালকিল্লা যদি নালাগে ভাল হোৱাইট হাউছত ৰাখিম তোমাক৷ ☆ ★ ☆ ★ ☆

Read more

“মৰম নদীৰ গাভৰু ঘাট” – কমলা দাস

  RASDS Production প্ৰেজেণ্টচ কাহিনী আৰু চিত্ৰনাট্য– কমলা দাস পৰিচালনা: – ডলী তালুকদাৰ পৰিকল্পনাঃ অভিজিত দত্ত পোষ্টাৰ ডিজাইন: ভাস্কৰজ্যোতি দাস আৰু পৰশমনি শৰ্মা অভিনয়ত – (এজাক হৰিণ, হৰিণী) হেমন্ত কাকতি: হৰিণৰ জাকটোৰ দলপতি তথা ৰজা নীলাক্ষী কাকতি: দলপতি তথা ৰজা হেমন্তৰ পত্নী ৰাণী হৰিণ৷ অভিজিত কলিতা: জেষ্ঠ হৰিণ তথা প্ৰধান মন্ত্ৰী ৰিণ্টুমনি দত্ত: জেষ্ঠ হৰিণ তথা প্ৰধান সেনাপতি ইলি তালুকদাৰ: জেষ্ঠ হৰিণী আৰু বিজয় ভৰালীৰ মাক চিত্ৰলেখা দেৱী: জেষ্ঠ হৰিণী ৰাস্না বৰা –জেষ্ঠ হৰিণী মন্দিৰা শৰ্মা: নায়িকাৰ মাকৰ বান্ধবী প্ৰণীতা

Read more

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

 ১. পূৰ্ণাময়ী মেধি: হিন্দীত খানা খাতা হু, অসমীয়া তো খানা খাওঁএতিয়া প্ৰশ্ন হ’ল, হিন্দীত পানী পীতা হু হয়৷ অসমীয়াত কিন্তু পানী খাওঁ হয় কিয়? ফটহু: জানেই দেখোন অসমীয়া মানুহবোৰ এলেহুৱা হয়৷ গতিকে বাহিৰা মানুহৰ দৰে খানা আৰু পিনা দুটা কাম কৰি কষ্ট নকৰে৷ এটাই কাম কৰে মানে অকল খোৱা কামতোৱে কৰে, খাদ্যও খায়, পানীও খায়৷ এটা গুলিতে দুটা চিকাৰ ২. নীলাঞ্জনা কাশ্যপ: অসমত যিকোনো বিষয়ৰ ওপৰত আও-ভাও নজনাকৈ মাত মতা “পণ্ডিত“ৰ সংখ্যা বেলেগ ৰাজ্যৰ তুলনাতকৈ বেছি কিয়? ফটহু: আচলতে সেইসকল

Read more

বাল্মিকী বৰুৱাৰ মহাজীৱনী ( দ্বিতীয় খণ্ড) – ড০ সৰোজ কাকতি

বাল্মিকী বৰুৱাই পুৱাতেই উঠি গা পা ধুই গাত এখন হালধীয়া ৰঙৰ “হৰি ৰাম কৃষ্ণ ৰাম” আদি বাক্য লেখা থকা বস্ত্ৰ পৰিধান কৰে আৰু ওচৰৰ মানুহে শুনাকৈ ঈশ্বৰৰ নাম লয়৷ শংখটোৰ মাত পূৰাকৈ উলিয়াব নোৱাৰে, চেৰেলা কুকুৰে চিঞৰাৰ নিচিনা এটা শব্দ হয় আৰু বৰুৱাই ভাবে এই শব্দ শুনি তেওঁৰ ওচৰে পাজৰে থকা পাপৰ শিয়ালবোৰ দৌৰি পলায়, ব্যক্তিগত নামঘৰটোৰ পৰা ওলাই অহাৰ পাছতে লিপিকাৰ ঘটিৰাম লেখাৰুৰ প্ৰৱেশ ঘটিল, ঘটিৰামক দেখাৰ লগে লগে বৰুৱাৰ গোফে প্ৰভুভক্ত কুকুৰৰ নেজৰ দৰে লেউসেউ হৈ পৰিল আৰু

Read more

প্ৰেম, প্ৰেমহীনতা, ডিপ্ৰেছন, জীৱন ইত্যাদি – আৰাধনা বৰুৱা

: মোৰ বিষয়ে কিবা কোৱাচোন৷ : তুমি এটা ধুনীয়া দীঘল কবিতা : ….. : কি হ’ল একো নক’লা? : নাই ..ভাৰসাম্য হেৰাই যোৱা যেন লাগিল৷ কোনেও এনেকৈ মোৰ বিষয়ে কাহানিও কোৱা নাই যে .. : ভাৰসাম্য হেৰাইছে? হাতখন আগবঢ়াই দিছোঁ দিয়া..অৱলম্বন বুলি ভাৱিব পাৰা৷ উভয়ে আঁওজি দিয়ে উভয়ৰ অৱলম্বনৰ সৱল যেন লগা হাতখনত৷ কথাবোৰ কেতিয়াবা চিনেমাৰ দৰে এনেকুৱাও হয়, হঠাৎ খুন্দা খালে, হাতৰ বস্তুবোৰ পৰি গ’ল, ইজনে সিজনৰ হাতত তুলি দিয়া বস্তুৰ লগতে চকুৰ বিজুলীৰো আদান প্ৰদান হ’ল..নতুবা চ’চিয়েল মেডিয়াত

Read more

এক চোটীচি লাভষ্টৰী – ৰক্তাভ কুমাৰ

“গোপালে কি গতি কৈলে গোবিন্দে, কি মতি দিলে..” বিছনাখনত মাইনা গাৰুটোক সাৱটি পৰম সন্তুষ্টিত আগৰাতি চোৱা “নমস্তে লণ্ডন” চিনেমাখনত অক্ষয় কুমাৰৰ দেহত মোৰ মুখখন লগাই কেটৰিনাৰ লগত যি জবৰদস্ত প্ৰেম চলি আছিল, নিউজ লাইভৰ প্ৰাতঃকালৰ অতিথিয়ে বৰগীতেৰে তাৰ সুন্দৰ সমাপ্তি ঘটালে৷ পৰম পূজনীয় কিন্তু ৰাতিপুৱাৰ সময়ৰ ৰণচণ্ডী মাতৃদেৱীৰ কোমলতম পৰা কোমল পাৰ হৈ কঠোৰ মাত ইত্যাদিক নেওচি অৱশেষত মোৰ শৰীৰৰ অবোধ পশ্চদেশত তেখেতে লাঠী প্ৰক্ষেপণ কৰাৰ ফলশ্ৰুতিত মই একে জাপে তপিনা ঘঁহি ঘঁহি দন্তমঞ্জনডালৰ সৈতে বাহিৰ ওলাই আহিলোঁ৷ : তুহাক

Read more

গ্ৰন্থ উকমুকনি সভা – ঈশান জ্যোতি বৰা

ভাগ্য লাগিব বুজিছে, ভাগ্য লাগিব৷ মোৰ নিচিনা লব্ধপ্ৰতিষ্ঠ সাহিত্যিকৰ দ্বাৰা ৰচিত গ্ৰন্থৰ ৰসাস্বাদন কৰিবলৈ পাঠক ৰাইজৰ ভাগ্য লাগিব৷ যিটো সময়ত এচাম ছেল্ফ-প্ৰক্লেইমড্ পণ্ডিত-সৰ্বজান্তাই ৰাতিটোৰ ভিতৰতে খিচিৰি পকাই সাহিত্যৰ নামত “মোৰ প্ৰিয় প্ৰাণী গৰু, মুৰ্গীৰকণীঘূৰণীয়া, হেই হুৰ-হুৰ-যাহ্-যাহ্” আদি শতাব্দী-পুৰণি বাক্য-বচনৰে ত্ৰিভুৱন কঁপাব লাগিছে, তেনে এক গুৰুত্বপূৰ্ণ ক্ষণতে মোৰ দৰে জেনুইন কুহুৰ-কুহুৰ..মন কৰিব দেই-‘জে-নু-ই-ন’মানে ‘খাঁটি’ লেখকৰ এখন কালজয়ী গ্ৰন্থই অসমীয়া সাহিত্যৰ নিশকটীয়া ভঁৰালটোলৈ কিমান বৰঙনি আগবঢ়াব পাৰে-সেই কথা অসম মুলুকৰ বাঘা-বাঘা চিন্তাবিদে নাজানিব পাৰে, কিন্তু মোৰ ফ্ৰান্সত থকা একান্ত শুভাকাংক্ষী তথা বন্ধু-সাহিত্যিক

Read more

বিলৈ – কল্যাণ দেউৰী

৯ অক্টোবৰ৷ বিজয় দশমীৰ পিছদিনা ৰাতিপুৱা ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে প্ৰাতঃভ্ৰমণলৈ ওলাই গৈছিলোঁ৷ এনেতে দেখিলোঁ কোনোবা এজনে নদীৰ পাৰত থিয় হৈ ফেঁকুৰি আছে৷ মানুহজনে দুখতে নদীত জাঁপ দিয়াৰ আগতে দুটামান চেল্ফি উঠি লওঁ বুলি আগুৱাই গ’লোঁ৷ ৭ ফুটমান ওখ, হটঙা, ক’লা, জেওৰাৰ খুটি যেন হাত ভৰি, হনু ওলোৱা, চকু দুটা গাঁতত সোমোৱা, প্ৰকাণ্ড মোচ, দীঘল চুলিৰে লেতেৰা ফটাচিতা কন পেণ্ট পৰিহিত ব্যক্তিজনে ওচৰত মোক দেখি চক খাই উঠিল৷ : হেৰি এই ৰাতিপুৱাই ইয়াত কান্দি আছে কিয়? আপোনাৰ নাম কি? :মোৰ নাম

Read more

কেমেৰা – দিগন্ত কুমাৰ ভট্টাচাৰ্য

– আহাচোন আইতাৰ লগত আটায়ে ফ’টো এখন উঠোঁ – গাঁৱৰ ঘৰৰপৰা উভতি আহিবৰ পৰত সি কোৱাৰ লগে লগে খুৰীয়েক, বৰমাকহঁতে খৰ-ধৰ লগালে৷ সি দেখে – আইতাজনীয়ে চোতালৰ সোঁমাজতে থকা চকীখনত বহি শেঁতা দুচকু যিমান পাৰি সিমান উজ্জ্বল কৰি এটা হাঁহি মুখত বিৰিঙাবলৈ চেষ্টা কৰে৷ খুৰীগৰাকীয়ে ৰাতিপুৱা ফোঁট লওতে নাকৰ ওপৰতে পৰি ৰোৱা সেন্দূৰ গুৰিখিনি কিহেৰে মচো ভাবি ভাবিয়েই চাদৰৰ আঁচলটোৰ ৰঙা ফুল থকা অংশটোৰে ‘এইখিনিত ৰঙা লাগিলেও গম নাপায়’ বুলি মচিবলৈ আৰম্ভ কৰে৷ বৰমাকে হাতৰ তলুৱাৰেই কপাল, মুখৰ ঘামখিনি মচি,

Read more

কৌতুক – পূৰ্ণময়ী মেধি

আমাৰ সকলোৰে মৰমৰ হৃষিক টিউচনলৈ ধৰিলে নহয় ল’ৰাটোৰ বাবে গাঁৱৰে প্ৰৱালখুড়াই৷ হৃষিয়েও ভালেই পালে কেপি আৰু স্কুটিৰ তেলৰ খৰচ ওলাব৷ পিচে আজি সি ফোপাই জোপাই আহিছে, : মই নোৱাৰোঁ ঐ, মই নোৱাৰোঁ৷ কৈ ঠাঁচকে পৰিল৷ তাবিবে ধৰিবই নোৱাৰিলে কি হ’ল৷ পানী খুৱাই সুধিলত যি ক’লে আমিও হাঁহন্ত গোসাঁইৰ নাম জপিলোঁ৷ হৃষিয়ে পঢ়ুৱা ল’ৰাটোক বোলে ক’লে, : বাবা 8 (৮)ক ভাগ কৰাচোন৷ ল’ৰাই বোলে, : মই জানো ছাৰ, ৰ’ব কৰি দেখুৱাওঁ৷ 8ক যদি পথালিকৈ ভাগ কৰোঁ দুটা 00 পাম৷ আৰু যদি

Read more
1 2 3 7