ফটাঢোল

RTI ডাঙৰ নে ম’হ? মূল : সঞ্জীৱ গুপ্তা অনুবাদ : নীলাক্ষী কাকতি

ৰাতিপুৱাই ৰাতিপুৱাই লল্লনে বিহাৰৰ নিজৰ গাঁৱত তাৰ ম’হ ভূৰীৰ গাখীৰ খিৰাই আছিল৷ সেইফালে গৈ থকা মাষ্টৰজীয়ে তাক দেখি শুধিলে, : লল্লন ভালে আছানে? : সকলো থিকে আছে মাষ্টৰজী৷ যেতিয়ালৈ মোৰ লগত ভূৰী থাকিব তেতিয়ালৈ মই থিকেই থাকিম৷ দিনটোত দুবাৰ গাখীৰ দিয়ে ভূৰীয়ে৷ সেই গাখীৰ বেচি মই ভাল উপাৰ্জন কৰি আছোঁ৷ ৰামজীৰ এনেদৰেই কৃপা থাকিলেই হ’ল আৰু৷ মাষ্টৰজীয়ে হাঁহি হাঁহি ক’লে, : লল্লন তোমাৰ আৰু ভূৰীৰ জোৰা বৰ ভাল লাগে দেই৷ না তোমাৰ পৰিয়াল আছে না তাইৰ! দুয়ো দুয়োৰে ভাল চোৱাচিতা

Read more

লিটিকাই – উজ্জ্বল ফুকন

: নমস্কাৰ মিচিকিয়া হাঁহিৰে কাষৰ চিটত বহি থকা মানুহজনে ক’লে৷ মুখত এক অবুজ উজ্জ্বলতা তেওঁৰ৷ যেন বহু দিনৰ আগৰ পৰা চিনি পাই বৰুৱাক৷ বৰুৱা মানে সত্যেন বৰুৱা৷ গুৱাহাটীলৈ গৈ আছে সোণাৰিৰ পৰা৷ কাইলৈ দিল্লীলৈ ৰাওনা হ’ব৷ মূৰৰ পৰা ভৰিলৈ মানুহজনলৈ চাই বৰুৱাই লাহেকৈ মুখৰ ভিতৰতে সঁহাৰি দিলে৷ সিজনে আকৌ মিচিকিয়া হাঁহিৰে মাত লগালে, : আপোনাৰ ‘কাৰ’খনহে বাহিৰলৈ ওলাই আহিল৷ সেইখনকো ভিতৰতে থ’ব লাগিছিল৷ ‘কাৰ’ চলালেও বৰ প্ৰদূষণ হয় বুজিছে৷ তাতে আকৌ আজিকালি গাড়ী চলাবলৈ ভয়৷ চৰকাৰে এশ এবুৰি কাগজ পত্ৰ

Read more

সংখ্যাটোৰ আঁৰত– ৰূপাংকৰ চৌধুৰী

সেইয়া ২০১৭ চনৰ প্ৰথম ভাগৰ কথা। ফেচবুকৰ কেইজনমান সক্ৰিয় সদস্যৰ মাজত এটি শব্দ শুনিবলৈ পাওঁ- ‘ফটাঢোল’। অলপ খা-খবৰ কৰি গম পালোঁ এইটো এটি হাঁহি-ধেমালিৰে কথা-বতৰা কৰি ভাল পোৱা কেইজন মান সক্ৰিয় ফেচবুকাৰে মিলি জন্ম দিয়া এটি ফেচবুক গ্ৰুপ। দুদিন মান পিছত ফেচবুকৰ ভন্টি এজনীয়ে মোক এই গ্ৰুপটোত সোমাই দিলে। সদস্যসকলে ইজনে-সিজনক ‘টাৰ্গেট’ কৰি ব্যংগাত্মক পোষ্ট দিয়া-মেলা চলি থাকে। বহু ক্ষেত্ৰত পোষ্টতকৈ মন্তব্যসমূহ বেছি আকৰ্ষণীয় হয়। আমিও দুই-এক তেনেকুৱা পোষ্টত ভাগ লওঁ। তেতিয়া ‘ফটাঢোল’ৰ সদস্য সংখ্যা আছিল মাথোঁ ২০০০জন। ২১,৪৯৪ –

Read more

ক্ৰুগাৰলৈ গৈছিলোঁ – অগ্নিভ দত্ত

কৰবাত ফুৰিবলৈ যাম বুলি বৰ বেছি প্লেন শ্লেন কৰা অভ্যাসটো সহজে গঢ়ি নুঠিবগৈ যেনেই লাগে৷ চাউথ আফ্ৰিকা দেশখনক ভগৱানে কিছুমান এনে বস্তু দিছে যে সেইবোৰ চাই চাই যেন কেতিয়াও হেঁপাহ পলাব পৰা নাযায়৷ তেনেকুৱা এটা বস্তু হ’ল ‘ক্ৰুগাৰ নেচনেল পাৰ্ক৷’ ২০১৪ চনত এবাৰ গৈছিলোঁ ৭ দিনৰ কাৰণে৷ পাৰ্কৰ ভিতৰতেই থাকি লৈছিলোঁ সেইবাৰ৷ ঘূৰি ঘূৰি পাৰ্কখনৰ সৰু এটা অংশহে শেষ কৰিব পাৰিছিলোঁ সেইবাৰ৷ ২০১৪ চনৰ পাছত আকৌ এবাৰ যাম যামকৈ ক্ৰুগাৰলৈ যোৱা হোৱা নাছিল৷ জুন মাহত ভাস্কৰহঁত থাকিবলৈ আহিছিল৷ নিজৰ এলাহটোৰ

Read more

WhatsApp ৰ নম্বৰটো – দেবজিত শৰ্মা

ঘটনাতো 3G ৰ স্বৰ্ণীল যুগ চলি থকা সময়ৰে৷ তেতিয়া স্মাৰ্ট ফোনে প্ৰসাৰ লাভ কৰিছে যদিও এতিয়াৰ দৰে ইমানবোৰ ব্ৰেণ্ড বা মডেল উপলব্ধ হোৱা নাচিল৷ মোৰ তেতিয়া এটায়েই ফোন নম্বৰ, এয়াৰটেলৰ৷ মাহে ১৫০০ টকা ৰেণ্টেলত ৩ জিবি ডাটা পাওঁ৷ এতিয়াৰ দৰে ডাটা এভেলভেল নহয়৷ WhatsApp ত লাহে লাহে অফিচৰ গ্ৰোপ আৰু আপডেটবোৰ আৰম্ভ হৈছে৷ এইখিনি সময়তে স্মাৰ্ট ফোনৰ প্ৰথম অৱতাৰ হিচাপে মোৰ হাতত ধৰা দিয়া ব্লেকবেৰি ফোনটো বেয়া হৈ গ’ল৷ মেৰামতি কৰাৰ পৰিবৰ্তে Samsung ৰ নতুন ডুৱেল চিমৰ মবাইল এটাকে লোৱাটো

Read more

ৰূপা মূল : হুমায়ুন আহেমদ অনুবাদ : মুনমুন চৰকাৰ শইকীয়া

: দাদা, আপুনি এটা ইণ্টাৰেষ্টিং গল্প শুনিবলৈ আগ্ৰহী নে? মই মানুহজনৰ মুখলৈ ভেবা লাগি চালোঁ। অলপ সময়ৰ আগতেহে তেখেতৰ লগত মোৰ পৰিচয় হৈছে, কথা-বতৰাও বিশেষ নাই হোৱা। মই ট্ৰেইনৰ বাবে ৰৈ আছোঁ নেকি জানিব খুজিলে। মই সন্মতি প্ৰকাশ কৰিলোঁ আৰু ভদ্ৰতাৰ খাতিৰত জানিব খুজিলোঁ তেখেত ক’লৈ যাব? মানুহজনে হাঁহি মুখে ক’লে, : মই কলৈকো নাযাওঁ, মই মোৰ পত্নীক নিবলৈ আহিছোঁ। তেওঁ চিতগাঁৱৰ পৰা আহি আছে। ট্ৰেইন দুঘণ্টা লেইট। ঘূৰি যাবলৈ মন যোৱা নাই। ঘৰলৈ যাম আকৌ আহিম, ভাবিলোঁ ৰৈ দিওঁ।

Read more

ওলট-পালট – নাজিয়া হাচান

নমতা নমতি… এক আছিল  যুৱক যুৱতী, ন ন প্ৰেম পীৰিতি৷ কথাত লাগি এদিন দুয়োৰে, লাগি গ’ল লঠিয়া লঠি৷ যুৱতীয়ে কলে ঠেং জোকাৰি, তোৰ সৈতে শেষ পীৰিতি৷ নাহিবি আৰু তই মোৰ কাষলৈ, কৰি দিম নাগুৰ নাগুতি৷ যুৱকেও কলে বাহু জোকাৰি, বেছি নকৰ ঐ মৰতি৷ সদায় তোৰ বৰ বহাদুৰি, আজিৰ পৰা কাটা কাটি৷ পিচদিনাখন খবৰা খবৰি, দুয়োৰে নমতা নমতি৷ ৰাইজ থাকিল চকু থিয় কৰি, কি হব শেষ গতি৷ ☆ ★ ☆ ★ ☆  

Read more

মিশ্যন – ফ্লাইট্ টু কাবুল (প্ৰথম খণ্ড) – ৰামানুজ গোস্বামী

জালুকবাৰী চাৰিআলি, অক্টোবৰ, ২০০২ চন৷ পাণবজাৰ অভিমুখী ৰখাই থোৱা কেইবাখনো কেণ্টাৰৰ ভিতৰত, ৩ খনত আমি চাৰিজন ছদ্মবেশেৰে উঠি পৰিছোঁ৷ ১ম কেণ্টাৰত অভিজিতদা, ২য় খনত ৰিণ্টুদা সহ বিন লাডেন আৰু শেষৰখনত মই৷ লক্ষ্যস্থান -ফাঁচীবজাৰ৷ ভিন ভিন যাত্ৰাপথৰ তিনিওখন চিটি বাচ মালিগাওঁ দিশে উধাও হৈছে৷ ৰাজপথত দৈনিক যান-বাহনৰ উদ্ধত ব্যস্ততা৷ এটা তন্দ্ৰালস ভাৱে ক্ৰিয়া কৰাত মই চকুহাল ক্ষন্তেক জিৰণি পৰ্ব্বৰ বাবে জপাই দিলোঁ… – ..কোঁ..উ…আঁ…উ… কোঁ..উ…আঁ…উ… কোঁৱাওঁ…কোঁৱাওঁ… হে ভগৱান! পুলিছৰ চাইৰেণ কৰ্ণকুহৰত পৰোঁতেই আলজাল টোপনিৰ পৰা যেন এডাল জঁপিয়াই উঠা স্প্ৰীঙৰ দৰেই

Read more

ডেটিং – দেবজিত শৰ্মা

: অ’ দেবজিত দা, মোৰ ১ নম্বৰ লাগিছে নে দুই নম্বৰ লাগিছে ধৰিবই পৰা নাই! হাঁহিম মে কান্দিম ভাৱ এটাৰে ৰিদিপলৈ চাই ৰ’লোঁ৷ মোৰ নিজৰ অভিজ্ঞতা যদিও শূন্য তথাপি আজি ইয়াক সংগ দিবলৈ আহিব লগা হৈছে৷ ঘটনাৰ সময় ২০০৯ চন, নবেম্বৰ মাহৰ কোনোবা এটা ৰবিবাৰ৷ সেই সময়ত মই কৰি থকা এচ.বি.আই লাইফে বেংকৰ সহযোগত এটা মাইক্ৰ ইন্সুৰেন্স প্লেন মুকলি কৰিছিল৷ বেংকৰ OMR( officer marketing and recovery), ফিল্ড অফিচাৰসকলক presentation দিয়াৰ লগতে ট্ৰেইনিং দিয়াৰ কামত খুবেই ব্যস্ত হৈ থাকিব লগা হৈছিল৷

Read more

যাত্ৰা – প্ৰসেনজিৎ গোস্বামী

প্ৰথম স্তৱক— শাৰদীয় সুন্দৰ এদিন আবেলি পানবজাৰৰ পৰা জালুকবাৰী অভিমুখে চিটিবাছত উঠিলোঁ। দুজনীয়া ছিট এটা খালী দেখি  খিৰিকীৰ ফালৰ ছিটটোত বহি দিলোঁ। ভালেই লাগিল মনটো ছিটটো পায়। “মনমে লাড্ডু ফুটা”, কাৰণ বাহিৰ ফালে ব্যস্ত মানুহবোৰ চাই গৈ অন্তত যাত্ৰাৰ সময়কণ খেদাব পাৰিম। সদা বহ্নিমান ব্ৰহ্মপুত্ৰখনৰ কথা ভাবি  আহি আছোঁ ক’ৰ পানী ক’লৈ  যায়। এনেতে ফাঁচীবজাৰ ষ্টপেজত গাড়ী ৰখাওঁতে ধুনীয়া ছোৱালী এজনী বাছত উঠিল আৰু উঠিল মানে কাষৰ খালী থকা অংশত আহি বহিল। মোৰ ভাল লগাখিনি দুগুণ বাঢ়ি গ’ল, “কিউ কি

Read more
1 2 3 4 7