ফটাঢোল

ফটা প্ৰেম – দ্বিজেন তামুলী

আমাৰ সৰু কালটো বহু সময়ত পথাৰত গৰু চৰোৱা, মাছ ধৰা, খেলা ধুলা কৰা আদি কামবোৰ বৰ প্ৰিয় আছিল৷ সকলোৱে মিলি আমি সদায় আবেলি পথাৰলৈ গৰু চৰাবলৈ গৈছিলোঁ৷ বিভিন্ন খেল যেনে ধৰক ঢোপ, কাবাডী, হাঠা বাটা, দাইৰা, মাৰ্বল, লুকা ভাকু, বাজি আদি খেল খেলিছিলোঁ৷ যিবিলাকৰ নাম হয়তো আজিৰ ল’ৰা ছোৱালীয়ে শুনিবলৈকে পোৱা নাই৷ কেইদিনমানৰ পৰা মই এটা কথা বৰকৈ মন কৰি আছিলোঁ, দুজনমান সমনীয়াই এজনী ধুনীয়া ছোৱালীক কিবা কিবি কৈ জোকাই আছিল৷ পথাৰখনৰ মাজেৰে যোৱা আলিবাটটোত৷ যিটো আলিবাটে আমাৰ দুয়োখন গাঁৱৰ

Read more

কৌতুক – ডা° পাৰ্থসাৰথি ভূঞা

কালি সন্ধিয়া মিঠাইৰ দোকান এখনত সোমাই চেলছমেনজনক কেইটামান কাজু বৰফি পেকিং কৰি দিবলৈ কলোঁ৷ তেনেতে অনা অসমীয়া ল’ৰা এজন সোমাই আহি চেলছমেনজনক পাঁচটা কালাকন দিবলৈ হিন্দীতে ক’লে৷ চেলছমেনজনে পেকেট এটা লৈ কাজু বৰফি ভৰাবলৈ ধৰা দেখি তেওঁ ক’লে, : কাজু বৰফি নেহী ভাইয়া, কালাকন কালাকন৷ বৰফিকেইটা ভৰাই ভৰাই চেলছমেনজনে গহীনত উত্তৰ দিলে, : য়ে ’বেলেগ’ কা হে৷ সেই ‘বেলেগ কা’ মানে যে বেলেগৰ অৰ্থাৎ মোৰ বাবেহে দি আছে বুলি তেওঁ বুজাব খুজিছে, তাক বুজি পাবলৈ মোৰো ৩০ চেকেণ্ড মান লাগিল!

Read more

দুঃস্বপ্ন – হেমন্ত কাকতি

সুদুৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলম্বিয়া ইউনিভাৰ্চিটিত জীৱ বিজ্ঞানৰ এচোচিয়েট প্ৰফেচৰ হৈ থাকোঁতে মই কেতিয়াও ভবা নাছিলোঁ যে মই এনে এটা বিখ্যাত ‘প্ৰজেক্ট’ৰ লগত প্ৰথম অসমীয়া বিজ্ঞানী হিচাবে জড়িত হৈ পৰিম৷ সেয়া ১৯৯৬ চনৰ কথা৷ তেতিয়া বিশ্বত ক্লোনিঙৰ (Cloning) ওপৰত সৰ্বত্ৰ চৰ্চা৷ মানুহে ভগবানৰ ইচ্ছাৰ বিপৰীতে গৈ নতুন জীৱন সৃষ্টি কৰা উচিৎ নে অনুচিৎ সেই লৈ চাৰিওফালে বিতৰ্ক৷ ধৰ্মীয় গুৰুসকলে ক্লোনিঙৰ ওপৰত প্ৰায় ঠাইতে নিষেধাজ্ঞা আৰোপ কৰি থৈছে৷ এই ধৰ্মীয় গুৰুসকলে বিশ্বৰ প্ৰায় সত্তৰখন দেশতে ৰাজনৈতিক ব্যৱস্থাটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি মানৱ

Read more

“আজি খাম ভালদৰে” – ৰাজশ্ৰী শৰ্মা

RASDS প্ৰডাকচন প্ৰেজেণ্টচ কাহিনী আৰু চিত্ৰনাট্য: ৰাজশ্ৰী শৰ্মা পৰিচালনা: ডলী তালুকদাৰ পৰিকল্পনা: অভিজিত দত্ত পোষ্টাৰ ডিজাইন: ভাস্কৰজ্যোতি দাস আৰু পৰশমনি শৰ্মা অভিনয়ত: অভিজিত দত্ত- এজ মিঃ বৰ্মন কাজলপ্ৰিয়া- এজ হৃষিতা(মিঃ বৰ্মনৰ কন্যা) পূৰ্ণাময়ী মেধি- এজ মিচেছ বৰ্মন ববিতা বৰুৱা- এজ মিচেছ চলিহা তাবিবৰ ৰহমান- এজ মিঃ চলিহা দিম্পল কলিতা- এজ ৰণী ( মিঃ চলিহাৰ পুত্ৰ) বিতুপৰ্ণা- এজ লিজা ( মিঃ চলিহাৰ পুত্ৰী) চুবুৰীয়া মহিলাৰ চৰিত্ৰত: মৌচুমী গগৈ, পৰিস্মীতা গগৈ #প্ৰথম দৃশ্য: হাওৰা ব্ৰিজ৷ বেকগ্ৰাউণ্ডত বাজি থাকিব ৰবীন্দ্ৰ সংগীত “দাড়িয়ে আছ’

Read more

সাক্ষাৎকাৰ — গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ পৰিচালক হেমাংগ দত্তৰ সৈতে এখন্তেক

(এই মাহৰ সাক্ষাৎকাৰ লোৱা হৈছে গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ পৰিচালক তথা এজন লোক-সংস্কৃতিৰ সাধক যুৱ শিল্পী শ্ৰী হেমাংগ দত্তৰ সৈতে৷ ফটাঢোলৰ তৰফৰ পৰা এই সংখ্যাৰ সম্পাদক ৰূপাংকৰ চৌধুৰীয়ে প্ৰশ্নখিনি যুগুত কৰিছিল৷) ফটাঢোল: পোন প্ৰথমে ফটাঢোল মাহেকীয়া ই-আলোচনীৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক কৃতজ্ঞতা যাচিলোঁ৷ হেমাংগ দত্ত: ধন্যবাদ৷ ফটাঢোল: আপোনাৰ শৈশৱ আৰু কৈশোৰ ক’ত আৰু কেনেকৈ পাৰ হৈছিল? হেমাংগ দত্ত: মোৰ জন্ম নলবাৰী জিলাৰ সদৰৰ পৰা তিনি কিলোমিটাৰ পশ্চিমে অৱস্থিত বালিকৰিয়া গাঁৱৰ চৌধুৰীপাৰা চুবুৰিত৷ দেউতাৰ নাম প্ৰয়াত দীনেশ দত্ত আৰু মাৰ নাম শ্ৰী

Read more

কৌতুক – ববিতা বৰুৱা 

সি: কি হ’ল হে মুখখন ফুলাই আহিছা যে? তাই: কি হ’ব আৰু পুলিচ চেকিং চলি আছিল ফাইন কাটি আহিছোঁ৷ সি: কিয়? তোমাৰটো হেলমেট আছে, লাইচেঞ্চ আছে৷ সেইদিনা 5 ঘণ্টা শাৰী পাতি তোমাক প’লুচনখন উলিয়াই দিলোঁ৷ এতিয়া তুমি কিহৰ বাবে ফাইন দিব লগা হ’ ল৷ তাই: মই লাইচেঞ্চ নাই বুলি কলোঁ সি: কিন্তু কিয়? তোমাকটো লাইচেঞ্চ আছে৷ তাই : সেইখন মই নেদেখুৱালো৷ লাইচেঞ্চ খনত থকা মোৰ ফটোটো ভাল হোৱা নাই৷ সেইখন ফটো মই কেনেকৈ দেখাও তুমিয়ে কোৱা চোন৷ ☆ ★ ☆

Read more

বুধনী মূল: বনফুল (বলাইচাঁদ মুখোপাধ্যায় ) অনুবাদ: কৰবী দত্ত

চাকি এটাৰ সৈতে যদি জীৱনক তুলনা কৰা হয় তেন্তে বিলটুৰ জীৱন বন্তিৰ তেল শেষ হৈ আহিছে বুলি কোনোমতেই ক’ব নোৱাৰি। কাৰণ বিলটুৰ জীৱন বন্তিৰ তেল -শলিতা পুৰামাত্ৰাই আছে, শিখাটিও উজ্বল হৈ জ্বলি আছে। কিন্তু জীৱন বন্তিৰ সেই শিখা নিৰ্বাপিত হ’ব। জোৰকৈ ফুৱাই তাক নিৰ্বাপিত কৰা হব। কাইলৈ বিলটুৰ ফাঁচী। সি দোষী নে নিৰ্দোষী সেই কথা আলোচনা কৰাৰ অধিকাৰ আমাৰ নাই। আইনৰ চকুত সি দোষী প্ৰমাণিত হৈছে আৰু সমাজৰ মংগলৰ বাবে তাক শাস্তি দিয়া হৈছে।  সিদিনাখন কাৰাগাৰলৈ ফুৰিবলৈ গৈ তাৰ আৰ্ত-কৰুণ

Read more

মাই ফাৰ্ষ্ট লাভ লেটাৰ – দিপালী বসুমতাৰী

হায়াৰ চেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছোঁ তেতিয়া… গোৱালপাৰা কলেজৰ হোষ্টেলত থাকি পঢ়িছোঁ যেনিবা৷ কেমিষ্ট্ৰীৰ টিউচনত মোৰ লগতে আমাৰ বেট্‌চৰ আৰু এগৰাকী ল’কেল ছোৱালী টিউচনলৈ যায়, বাকীবোৰ সব ল’ৰা৷ কেমিষ্ট্ৰী বিভাগৰ হেড, বয়োজ্যেষ্ঠ চুটি-চাপৰ অধ্যাপকজনে আমাৰ ছয়জনীয়া গ্ৰুপটোক পঢ়ুৱায়৷ ছাৰৰ গ্ৰুপ কেবাটাও, মাত্ৰ এঘণ্টাৰ বাবে একোটাকৈ গ্ৰুপ পঢ়ুৱায়, এক মিনিটৰো ইফাল-সিফাল নকৰে, খুবেই পাংচুয়েল৷ পুৱা পাঁচ বজাৰ পৰাই টিউচন ষ্টাৰ্ট কৰে৷ ঠাণ্ডাৰ দিনত মুখেৰে চিগাৰেটৰ নিচিনাকৈ বগা ধোঁৱা এৰি-এৰি আমি ছাৰৰ ঘৰত হাজিৰ হ’ব লাগে, কেতিয়াবা বিৰক্তিও লাগে ইমান ঠাণ্ডাত শয্যা

Read more

চাহ জনগোষ্ঠীৰ মাজত প্ৰচলিত কাতি মাহৰ পৰব সাঁহৰাই বা গৰয়া পূজা – কলচুম বিবি

অসম বিভিন্ন নৃগোষ্ঠীয় লোকৰ বাসভূমি৷ তেওঁলোকৰ মাজত প্ৰচলিত বিভিন্ন ধৰণৰ উৎসব-পাৰ্বন, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, বিশ্বাস-অবিশ্বাসে অসমীয়া লোকসংস্কৃতিৰ ভঁৰাল চহকী কৰিছে৷ ইয়াৰ ভিতৰত চাহ জনগোষ্ঠীৰ লোকসকলে উল্লেখযোগ্য অবদান আগবঢ়াইছে৷ চাহ উৎপাদনত অসম সমগ্ৰ ভাৰততে অদ্বিতীয় আৰু এই চাহ উৎপাদনৰ লগত চাহ জনগোষ্ঠীৰ লোকসকল ওতপ্ৰোতভাবে জড়িত৷ অন্যান্য জাতি-জনগোষ্ঠীৰ দৰেই অসমীয়া জাতিৰ এটি অবিচ্ছেদ্য অংগ হৈছে এই জনগোষ্ঠীৰ লোকসকল৷ তেওঁলোকৰ মাজত প্ৰচলিত বিভিন্ন কৃষ্টি-সংস্কৃতিয়ে অসমীয়া লোকসংস্কৃতিৰ ভঁৰাল টনকিয়াল কৰিছে৷ বিশেষকৈ ঝুমুৰ নৃত্য, টুচু পূজা, কৰম পূজা, গৰয়া পূজা আদি উল্লেখযোগ্য৷ দেৱালীৰ সময়ত চাহ-জনগোষ্ঠীৰ লোকসকলৰ

Read more

ক’লী পৰুৱা – জয়ন্ত গগৈ

পুৱাতেই শইকীয়ানীয়ে কোৱাৰ্টাৰ আগফাল আৰু পিছফালৰ কাপোৰ মেলা তাঁৰ কেইডালত কাপোৰ কেইযোৰ মেলিবলৈহে পালে৷ ক’লনীটোৰ বৰুৱানী, হাজৰিকানী, বৰানী, চুতীয়ানীকে ধৰি গোটেই মখাৰে কৌতূহল৷ প্ৰায়জনীয়ে বাহিৰলৈ ওলাওঁতে বাৰাণ্ডাৰ পৰা, বা গেটৰ সন্মুখত আহি বা ৰাস্তাৰে পাৰ হৈ যাওঁতে প্ৰশ্ন কৰিছে -“শইকীয়ানীৰ কি হ’লনো? ইমান ধুনীয়া ধুনীয়া চকুতলগা কাপোৰ কেইযোৰ নো কিয় ধুলে? নে ক’ৰবাত কিবা ওলাইছে নেকি? ক’তা বিয়া-সকাম আদিলৈওচোন যোৱা গমেই নাপালোঁ, ইস্ ইমান মৰম লাগিছে সেই সৰু সৰুকৈ বুটা-বচা ফুলৰ হাতে বোৱা কাপোৰযোৰ ………..”- এই বাক্য বানবোৰে শইকীয়ানীৰ মনত

Read more
1 2 3 4 5 7