ফটাঢোল

এখন জীৱনমুখী কিতাপৰ কথাৰে – অনামিকা বড়া

জীৱনত প্ৰথম কেতিয়া কৃতজ্ঞ হ’বলৈ শিকিছিলোঁ মনত নপৰে৷ বহু সময়ত বহুধৰণেৰে বহুতৰ ওচৰত কৃতজ্ঞ হৈ আহিছোঁ যদিও খুব কম সংখ্যকৰ ওচৰতহে প্ৰকাশৰ সুবিধা পাইছোঁ৷ কিন্তু ইমানদিনে জনা নাছিলোঁ যে কৃতজ্ঞতাৰো এক বিজ্ঞান থাকে, ইয়াক শিকিব আৰু শিকাবও পাৰি৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰৰ সান্নিধ্যলৈ অহাৰে পৰা এই ধৰণৰ বহু ইতিবাচক শিক্ষাৰ বিষয়ে জনাৰ সৌভাগ্য আমাৰ হৈছে৷ তেখেতৰেই এখন গ্ৰন্থ “ইতিবাচক শিক্ষা-১, কৃতজ্ঞতা, জীৱন আৰু শিক্ষাৰ বাবে এক বিজ্ঞান৷” অনুভৱ আৰু উপলব্ধিসমূহক বিজ্ঞানসন্মত দৃষ্টিভংগীৰে উপস্থাপন কৰা

Read more

ফেবিকল প্ৰেম – মাতু কুকুৰাছোৱা

দুদিন মানৰপৰা নগেন দাদা আৰু বৌৰ মাজত শীতল যুঁজ এখন চলি আছে… দুয়োৰে মাজত প্ৰায় মাত-বোল নোহোৱাৰ দৰেই হৈছেগৈ…এজনে ভাবিছে কিহৰ দৰকাৰ আগতে মাতিব, ইগৰাকীয়ে মনে মনে ভাবে কিমান দিনলৈ নমতাকৈ থাকিব পাৰে চাওঁচোন, হুহ, বেলুন যিমানেই ডাঙৰ নহওক ফুটিবই নহ’লেও দুদিনৰ পাছত নিজেই সৰু হ’ব হাৱা গৈ. হ’লেও আনে গম পোৱা নাই এই যুদ্ধৰ কথা, গম দিবলৈ প্ৰয়োজনো নাই৷ এইক্ষেত্ৰত দুয়োজনেই সাৱধান সদায়৷ কাজিয়াৰ কাৰণ দাদাৰ “মোবাইল প্ৰেম৷” প্ৰেমো প্ৰেম একেবাৰে সাংঘাতিক প্ৰেম, বুকু দহি যোৱা, পৰে হিংসা কৰা,

Read more

সাহিত্যৰ সৃষ্টিৰ যন্ত্ৰণা আৰু আনন্দ – অসমী গগৈ

“The greatest part of a writer’s time is spent in reading, in order to write, a man will turn over a haly library to make one book.“ – Samuel Johnson. বিধাতাৰ অপূৰ্ব সৃষ্টি এই মানৱ৷ চিন্তা-চৰ্চা বৃদ্ধি বৃত্তি আদি এশ এটা গুণৰ সমাহাৰ মানৱ চৰিত্ৰৰ মাজত দেখা পোৱা যায়৷ ইয়াৰ বাহিৰেও প্ৰত্যেক মানুহৰ মাজত এটা সৃষ্টিশীল মন লুকাই থাক৷ এই সৃষ্টিশীল মনৰ বাবেই মানুহে একাল পৰ্বত পাহাৰৰ কন্দৰে কন্দৰে কটোৱাৰ পাছত এদিন ঘৰ আহি থাকিবলৈ শিকিলে, শিলে শিলে ঘহি জুই

Read more

এদিন হঠাৎ – লোনা বৰা

সি ভালকৈ চালে আইনাখনত৷ তাৰ আঁঠুলৈকে পৰা দীঘল চুলি কোচা৷ ৰাতিপুৱাই চেম্পো কৰি, দিনটো ফণী লগাবলৈ সময় পোৱা নাই৷ গোটেইবোৰ ঘৰত থকা দিনা তাৰ কাম বেছিহে ওলাই৷ আজৰি হওঁতেই আবেলি হয়৷ এতিয়াহে জট সোপা ভাঙি, খোপাটো বান্ধিবলৈ লৈছে৷ : ইছ ৰাম, গুৰিতে কাটিহে দিবলৈ মন যায় এনে সময়খিনিত৷ কম সময় লাগে নে এইখিনি চিজিল লগাবলৈ! এনেতে বাহিৰৰ পৰা মাতষাৰ শুনা গ’ল, : তোমাৰ হৈছে গৈ নে সাজু হৈ? : উফ, কৰবালৈ যোৱাৰ আগত সদায় একে প্ৰশ্ন, “হৈছে, হৈছে…?” হুঃ, চিঞৰিলেই

Read more

সম্পাদকীয়–ৰূপাংকৰ চৌধুৰী

গ্ৰন্থৰ সুবাস, চ’ছিয়েল মিডিয়া আৰু আমি প্ৰতিটো লেখাৰ মাজত সোমাই থাকে লেখক/লেখিকাৰ নিজস্ব অধ্যয়ন, অধ্যৱসায়, সামাজিক অন্বেষণ আৰু নিজস্ব উপস্থাপন শৈলী৷ অধ্যয়ন-পিপাসু ব্যক্তিৰ লেখাত এক বিশেষ মাত্ৰা দিয়ে তেওঁলোকে অধ্যয়ন কৰি আৰ্জন কৰা অভিজ্ঞতাৰ ভাণ্ডাৰে আৰু তেওঁলোকৰ একাণপতীয়াভাৱে লাগি থকা মানসিকতাই৷ তদুপৰি অতি গুৰুত্বপূৰ্ণভাৱে, লিখকজনৰ সমল বুলিবলৈ তেখেতৰ চৌদিশৰ সমাজ আৰু সামাজিক বাতাবৰণৰ এক বিশেষ অৰিহণা থাকে৷ চৌদিশৰ সমাজখনক বুজিবলৈ ব্যক্তিজন সামাজিকভাৱে দায়বদ্ধ হোৱাৰ লগতেই প্ৰয়োজন হয় তেখেতৰ চৌদিশৰ সমাজ ব্যৱস্থাৰ প্ৰতি এক কৌতূহলী মনোভাৱ৷ সেই কৌতূহলী মনোভাৱ লিখকজনৰ মাজত

Read more

এপইণ্টমেণ্ট – কুমাৰিকা তালুকদাৰ

জনপ্ৰিয় গীতৰ কলি এটি গুণ-গুণাই অলিয়ে তাইৰ প্ৰিয় সাঁজ এযোৰ পিন্ধি ল’লে৷ মনটো বৰ ভাল লাগি আছে তাইৰ৷ কোনে কয় ‘ফেচবুক’ বেয়া বুলি! এই ফেচবুকৰ বাবেইতো আজি তাই, তাইৰ নলে-গলে লগা বান্ধৱী মেঘাক ঘূৰাই পাইছে৷ মেঘালী আৰু তাইৰ বন্ধুত্বক এটা সময়ত মানুহে আৰ্হি হিচাপে লৈছিল৷  সিহঁত নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই, মেঘালীৰ দেউতাক চাকৰি সংক্ৰান্তত আন ঠাইলৈ বদলি হৈ যোৱাৰে পৰা দুয়োজনী প্ৰায় বিচিন্ন হৈ পৰিছিল৷ সেই সময়ত দুয়োৰে অৱস্থা দুখ লগা হৈ পৰিছিল৷ ক্লাছত মন নবহা হৈছিল অলিৰ৷ তেনেকৈয়ে বহু

Read more

ঘৰুৱা উপাখ্যান – বন্দনা দত্ত মজুমদাৰ

ৰাতি শুবৰ সময়ত ককায়েক-ভনীয়েকৰ বিভিন্ন কথা ওলায়৷ সাধু কোৱাৰ সময়খিনি বেছি আমোদজনক৷ এভেঞ্জাৰপৰা আৰম্ভ কৰি ৰজা, ৰাণী, বাৰ্বী, চিন্দ্ৰেলা, তেজীমলা সকলো চৰিত্ৰ সোমায় পৰে৷ ল’লাৰ প্ৰশ্নবাণত পাবলোৱে কেতিয়াবা চাৰেণ্ডাৰ কৰি শুই যায়৷ কালি কি সাধু কৈ আছিল নাজানো৷ বেডৰূমত ল’লাৰ চিঞৰ শুনি বাচন ধোৱা আধাতে এৰি মই গ’লো৷ পাবলোৰ লগত তাইৰ কাজিয়া, মতবিৰোধ৷ কাৰণটো? মোক দেখিয়েই উত্তেজিত হৈ ক’লে“ মা, মা, পাবলো দাই কৈছে তুমি হেনো দেতাৰ wife!” মই ক’লো”অ, তাতে ইমান চিঞৰিব লগা কি হৈছে?” দুখমনে তাই ক’লে”তুমি মোৰ

Read more

ইন্সপেক্টৰ হাজৰিকা – সুকুমাৰ গোস্বামী

ঘটনাটো ১৯৯৬ চন মানৰ কিজানি! দেশৰ পৰিস্থিতি বৰ এটা সুবিধাজনক নহয়, চাৰিওফালে আলফা বিচৰাৰ নামত পুলিচ মিলিটাৰি পিয়াপি দি ফুৰে৷ ঘৰৰ পৰা বাহিৰ ওলালেই মা দেউতাৰ সাৱধানবাণী, বেছি দেৰি বাহিৰত নাথাকিবি, দেশৰ পৰিস্থিতি ভাল নহয়, সোনকালে ঘৰ ল’বি ইত্যাদি৷ হ’লেও সন্ধিয়াৰ আড্ডা মিছ কৰাৰ প্ৰশ্নই নাহে৷ ফাকুৱাৰ আগদিনা সন্ধিয়াৰ আড্ডা পাওঁমানে এইবাৰ ফাকুৱা অলপ ব্যতিক্ৰমী ৰূপত উদজাপন কৰাৰ ৰোমাঞ্চকৰ পৰিকল্পনা এটা চলি আছিল৷ আধাৰ পৰা শুনিলোঁ যদিও মোটামুটি পৰিকল্পনাতো বুজিবলৈ বেছি সময় নালাগিল৷ প্ৰস্তাৱক বিষ্ণুৱে ইমান সাৱলীল ভাবে অভিযানৰ বিভিন্ন

Read more

আপদীয়া পদ্য – মৌচুমী গগৈ

১) ৰাষ্ট্ৰপতি সদায় ’কালামৰ’ দৰে হ’ব লাগে, ’মুখাৰ্জী’টো ৰাণীও আছে৷ ২)আপেল ’মিঠা’ হ’লেহে খাবলৈ সোৱাদ, ’লাল ’টো আডৱানিও থাকে৷ ৩)ল’ৰাবোৰ ’হেণ্ডচাম’ হ’লে ভাল লাগে, ’স্মাৰ্ট’টো ফোনো আছে৷ ৪)মোবাইল সদায় ’জেনেৰেল’ মোদত থব লাগে, ’চাইলেণ্ট ’টো মনমোহনো থাকে৷ ৫)ছোৱালীবিলাক ’বুদ্ধিয়ক’ হ’ব লাগে, ’চুৰত ’টো গুজৰাট তো আছে৷ ৬)বেমাৰ ভাল কৰিবলৈ ’ঔষধ’ খোৱাটো ভাল, ’টেবলেট ’টো ছেমছাঙৰো থাকে৷ ৭)ফোনটো আই ফোন হ’লে এনেই ভাল লাগে, কাৰণ ’S1, S2 ….S4 ’টো ট্ৰেইনৰ দবাওঁ থাকে৷ ৮)মানুহৰ অন্তৰখন ’ডাঙৰ’ হ’ব লাগে, ’চোটা ’টো ভীমো আছে

Read more

আপদীয়া পদ্য – সূৰুয আকাশ পাঠক

ভঁৰালত ধান নাই, কৃষকৰ মান নাই, ফকীৰৰ জনধনে তেজকনো শুহি খায়, দেশৰ সুৰক্ষাৰ যুঁজাৰু বিমানখন নেমুৱে বছালেহে দেশ ৰ’ব এইবেলা… সত্তৰ বসন্ত ধৰি লুটাবোৰে লুটি নিলে, নিয়াবোৰ চোৰ বুলি সকলোৱে চিনিও পালে, পিছে চোন এতিয়াও জিডিপিৰ ঘাটি হ’লে তাহানিৰ চোৰকহে ঠেলি-হেঁচি চিতাত তোলে! বেপাৰীক বেপাৰী বুলি কোৱাবোৰ গ’লগৈ জেল খাটিছে কিছুৱে, কিছুৱে পালে সিপুৰী, বাংলাদেশীহে তেৰাৰ মুখ্যমন্ত্ৰী হ’লগৈ, ত্ৰিপুৰাত অৱশ্যে আছেইনো কেইজন ত্ৰিপুৰী! ৰাজহৰ ধনে কিনা শাৰী শাৰী ঠোঙা আৰু ভেনামাখিজাক যেন কেমেৰাৰ দ’ম দেখি আগ-গুৰি নাজানিও স্পষ্টকে ক’ব পাৰি

Read more
1 3 4 5 6 7