ফটাঢোল

99.99 পাৰ্চেণ্ট এজন ‘মর্দ’ৰ কাহিনী- কমলজিৎ মেধি

আমাৰ সৰু ল’ৰাৰ নয়দাখন  ভাল লাগিছে। সি এতিয়া দিল্লী নয়দাৰ বাসিন্দা। ককাক আইতাকক চাবলৈ মাজে মাজে অসমলৈ যাব, কিন্তু আকৌ উভতি আহিব।  তাৰ স্কুলখন,  ফ্রেণ্ডছবোৰ ইয়াতেই থাকে।  লগৰবোৰৰ লগত ক’ভিড কমিলেই আকৌ মস্তি কৰিব পাৰিব। মই অসমলৈ ঘূৰি যাম যাম কৰি থাকিলে ঘৰৰ একমাত্ৰ  এইজন ব্যক্তিয়েই বিৰোধিতা কৰে। 

: কিয় অসমলৈ নোযোৱা তুমি?

: কাজু (হাজো) মাআইতাৰ (আইতাকক মাআইতা বুলি মতা সম্বোধনটো আমাৰ ডাঙৰ ল’ৰাই আৰম্ভ কৰিছিল) ঘৰত বহুত পৰুৱা আহে। ক’লা-ৰঙা কিমান পৰুৱাৰ লাইন! গুৱাহাটীৰ মাআইতাৰ ঘৰত আকৌ মহ। সেইকাৰণে মই বেয়া পাওঁ।

পৰুৱা, মহ, মকৰা এইবোৰৰ প্ৰতি সৰু ল’ৰাৰ বৰ  ভয় আৰু ঘিণ। পিচে য’তেই বাঘৰ ভয়, তাতেই ৰাতি হোৱাৰ দৰে হৈছে।  স্কুলত  সিহঁতক আকৌ পৰুৱাৰ ওপৰতে  প্ৰজেক্ট দিছে।  সি মাকক চিধা কৈ দিছে,

: এইবোৰ ফটুৱা বস্তুৰ ওপৰত  দিয়া কাম তুমি কৰিবা, মোক নক’বা দেই।

মহটোৱে দিগদাৰি কৰি থাকিলেও সি নামাৰে। মাথোঁ  মাজে মাজে ম’হক গালি দিয়ে,

: Nonsense… out… ওলোৱা মোৰ ৰূমৰ পৰা।

মহে তাৰ গালিক কেৰেপ নকৰে। উৰি আহি আকৌ গালত পৰেহি। এনেকৈ গাত পৰি থকা মহ এটা যদি কোনোবাই তাৰ গাতে মাৰি দিয়ে  ঠেপেচকৈ মোক আৰু মাকক একো ক’ব নোৱাৰে, কিন্তু দাদাকক জকজকাই উঠে,

: কমনচেন্স নাই হা। মহ গাতে মাৰে নেকি? উৰি থাকোঁতে মাৰিব নাপাৰা হাঁ…।

সি কিন্তু ল’ৰা, কাহানিও ছোৱালী নহয়।  ল’ৰা-ছোৱালীৰ প্ৰশ্নটো জীৱন মৰণৰ সমস্যা। স্কুলৰ প্ৰগ্ৰেমত তাক স্কুলৰ বাইদেউয়ে ওঁঠত অলপ লিপষ্টিক দিব খুজিছে, মুঠেই নলয়।  মাকৰ লগত ওলাই যাওঁতে কোনোবাই যদি সুধি দিয়ে “মই আকৌ ছোৱালী বুলিহে ভাবিছিলো” লাগি গ’ল লেঠা।  যেন ছোৱালী হোৱা এক বিৰাট অপমানৰ কথা!  সি যে এটা “মর্দ”। 

এই যে ল’ৰা-ছোৱালীক লৈ সি ইমান স্পৰ্শকাতৰ, আমাৰ ঘৰত আমি কাহানিও ল’ৰা-ছোৱালীৰ মাজত প্ৰভেদ নাৰাখোঁ। তথাপিও সিহঁতে দেখে অনেক সময়ত সিহঁতৰ মাকৰ সন্ধিয়াৰ পিছত অনেক ঠাইলৈ যাবলৈ সংকোচ আৰু শংকা। সৰ্বশক্তিমান এনেহেন প্ৰতাপী মাক আকৌ বৰ্তি থাকে বাপেকৰ সাহত!  সেইবোৰেই চাগে সিহঁতৰ মনত বাপেক হৈ পৰে এক অকল্পনীয় শক্তিশালী হি-মেন। 

এদিন ৰাতি শোৱাৰ আগেয়ে ডাঙৰটো ল’ৰাই তাক ধেমালি কৰিবলৈ সুধিছিল,

: ৰিকী, তুমি  মর্দ  নেকি? যদি হয় কালিলৈ তোমাক স্প্ৰাইট এটা দিম, যদি নহয় মায়ে ঘৰতে বনাই দিয়া কমলা ৰঙৰ চৰৱত এগিলাচকে খাবা!

দাদাকে কেতিয়াবা তাক মৰমতে “টমী” বুলি মাতে। পেডিগ্রী খাইছে নে নাই সোধে। টমী নামটো তাৰ পচন্দ হৈছিলেই। এনেতে এদিন টিভিত দেখিলে টমীয়ে পেডিগ্ৰীৰ বিজ্ঞাপন দিয়া। সেইদিনাৰ পৰা দাদাকৰ সাধ্য নাই সেই নামেৰে মাতিবলৈ। 

শীতল পানীয়ৰ ওপৰত  আমাৰ ঘৰত বহুদিনৰ পৰা  নিষেধাজ্ঞা বলবৎ কৰা হৈছে।  মাকক কুটুৰি কেতিয়াবা কাচিৎ  কিবা পালেও, মোৰ পৰা নাপায়। 

সৰু ল’ৰাই কৈছে,

: মই 99.99% মর্দ হয় দাদা। মই স্প্ৰাইট খাম।

ডাঙৰ ল’ৰাই ধৰিছে,

: তুমি 100 % কিয় নহয়! এশ শতাংশ নহ’লে  কাম নচলিব নহয়। 

সৰু ল’ৰাৰ মতে পৃথিৱীত একদম 100% বুলি একোৱেই নাই। 100-ৰ ওচৰৰ হ’লেই 100। সেইবাবে 99.99%-হে মর্দ সি , 100% নহয়। দাদাকে প্ৰথমে কোৱামতে সি স্প্ৰাইট পাবই লাগে। 

এইবাৰ দাদাকে ব্ৰহ্মাস্ত্ৰ এৰিলে,

: তুমি  মর্দ হয় নে নহয় প্ৰথমে প্ৰমাণ এটাকে কৰোঁ। মোৰ ৰূমত এটা মকৰা আছে, লাইট জ্বলাই বেৰত থকা মকৰাটো খেদি আহাগৈ যোৱা।

: আৰে দাদা, তুমি বুজি নোপোৱা। সেইটো মই কৰিব ভয় পাওঁ। সেইকাৰণেইহে  মই  99.99% মর্দ। 100-তকৈ অলপ কম কিন্তু। মই আগেয়েই 99.99-ত ঠিক কৰিছোঁ। তুমি কালি স্প্ৰাইট আনি দিবই লাগিব। দেনা পড়েগা দেনাহি পড়েগা।

ম’বাইলত ফেচবুক চাই থকা মাকৰ বহা কোঠাৰ পৰা  দিয়া মাতষাৰ  শুনা গ’ল,

: পেকপেকনি বন্ধ কৰিছনে তই। একেবাৰে মর্দ ওলাইছে। টোপনি লগা নাই যদি  উঠি আহি কিতাপ খোল। 

ইটো কোঠাত বহি সৰু ল’ৰাৰ কথা শুনি ভাবি আছোঁ 

“সি ঠিকেই কৈছে। জীৱনত এশ শতাংশ বুলি একোৱেই নাই। একোৱেই এশ শতাংশ শুদ্ধ নহয়, একোৱেই এশ শতাংশ ভুল  নহয়। সৰু ল’ৰাচোন আজি  দাৰ্শনিকলৈ উন্নীত হ’ল।”।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.