দ্য ঈগল এণ্ড দ্য স্কাইলাৰ্ক (মুল: খলিল জিব্ৰান) – অনুবাদ: নৱজিৎ বৈশ্য
ওখ পাহাৰ এখনৰ শিল এছটাত এটা ঈগল আৰু এটা স্কাইলাৰ্ক মুখামুখি হ’ল৷ স্কাইলাৰ্কটোৱে প্ৰথমে মাত দিলে- “সুপ্ৰভাত মহাশয়!” ঈগলটোৱে তাৰ ফালে অৱজ্ঞাৰ দৃষ্টিৰে চাই নিস্পৃহভাৱে প্ৰতি-শুভেচ্ছা জনালে – “সুপ্ৰভাত৷” স্কাইলাৰ্কটোৱে পুনৰ ক’লে – “আশাকৰো আপোনাৰ সৰ্বতোপ্ৰকাৰে ভাল, মহাশয়৷” “হয়!” ঈগলটোৱে ক’লে,“আমাৰতো সকলো ফালে জয় জয় ময় ময়৷ কিন্তু তই নাজান নেকি আমি যে চৰাইবোৰৰ ৰজা আৰু তহঁতে আমি নিজৰ ফালৰ পৰা আৰম্ভ নকৰালৈকে আমাৰ লগত কথা পাতিবলৈ আগবঢ়াটো যে অনুচিত?” তেতিয়া স্কাইলাৰ্কটোৱে বোলে, “মই আকৌ আমি একেটা পৰিয়ালৰ বুলিহে ভাবিহে
Read more