ফটাঢোল

এই সংখ্যাৰ আঁৰৰ কাহিনী

ক’ৰপৰা কেনেকৈ আৰম্ভ কৰোঁ….

২০১৭ চনৰ মে’ মাহৰ এটি সন্ধিয়া। অভিজিত কলিতা, জ্যোতিৰূপম দত্ত, মৃদুল কুমাৰ শৰ্মা, বিজয় মহন্ত, হেমন্ত কাকতি দাদা, মেঘালী দিহিঙ্গীয়া, প্ৰণীতা গোস্বামী বৰঠাকুৰ, সোণটো ৰঞ্জন বৰুৱা আৰু মই মেচেঞ্জাৰত আড্ডা মৰাত ব্যস্ত। কথাৰ প্ৰসংগত অভিজিতদাই ক’লে – ফটাঢোলৰ ভাল ভাল ব্যংগ লিখাবোৰ বাচনি কৰি এখন মাহেকীয়া ব্যংগ আলোচনী উলিয়াব পাৰি দেখোন।

কথাষাৰ ওলাবলৈহে পালে, উপস্থিত সকলোৱে হাত উজান দি উঠিল। জ্যোতিদা আৰু মৃদুল লাগি গ’ল কাৰিকৰী কামখিনিত। ৰিতুপৰ্ণ বৰাক ফোন কৰা হ’ল, ৰূপসজ্জাৰ কামৰ বাবে। সি একে আষাৰে সন্মতি দিলে। সৰ্বসন্মতিক্ৰমে হেমন্তদাক প্ৰথম সংখ্যাৰ সম্পাদক নিৰ্বাচন কৰা হ’ল। দাদাক লিখা বিচাৰি সহায় কৰাত মই লাগি গ’লো, বাকী ৰাইজো লাগি গ’ল নিজৰ নিজৰ দ্বায়িত্বত।

সেইয়াই আৰম্ভণি, আপোনালোকৰ মৰম-চেনেহৰ সহায়ত ফটাঢোল ই-আলোচনীখনে আজি সফলতাৰে দ্বিতীয় বছৰ সম্পূৰ্ণ কৰিলে। আলোচনীখনৰ এই বৃহৎ সফলতাৰ আঁ‌ৰতে মূলতঃ ফটাঢোলৰ সমুহ সদস্য আৰু আলোচনীখনৰ পাঠকসকল। এই আপাহতে সকলোলৈকে আন্তৰিক ধন্যবাদ যাচিলোঁ।

দুবছৰীয়া এই প্ৰক্ৰিয়াটোত বহুতো মানুহৰ সহায় আমি পাইছোঁ। প্ৰথমেই ধন্যবাদ, বিগত মাহকেইটাত নিজৰ বহুমূলীয়া সময় খৰচ কৰি আলোচনীখনৰ সম্পাদনাৰ দ্বায়িত্ব লৈ আমাক উপকৃত কৰা আটাইকেইজন প্ৰাক্তন সম্পাদকলৈ। ফটাঢোল আপোনালোকৰ ওচৰত সদায় ঋণী হৈ ৰ’ব। ধন্যবাদ আলোচনীখনৰ সমুহ পঢ়ুৱৈলৈ, আপোনালোকেই আমাৰ আলোচনীখনৰ মুখ্য চালিকা শক্তি।

সুযোগটো পাওঁ‌তেই আলোচনীখনৰ লগত জড়িত কেইজনমান বিশেষ ব্যক্তিক আপোনালোকৰ লগত চিনাকি কৰি দিওঁ‌।

হেমন্ত কাকতি – নিজৰ এশ-এবুৰি সমস্যাৰ মাজতো আলোচনীখনৰ বাবে দেহেকেহে কাম কৰিবলৈ সদাপ্ৰস্তুত দাদাগৰাকী। ফটাঢোল ই-আলোচনীখন তেখেতৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই আছে।

জ্যোতিৰূপম দত্ত – আলোচনী সম্বন্ধীয় যিকোনো অসুবিধাৰ সন্মুখীন হ’লেই মোৰ চকুৰ আগত ত্ৰাণকৰ্তাৰ ৰূপত ভাঁ‌হি আহে এটা নাম, জ্যোতিদা। যিমান ডাঙৰ অসুবিধাই নহওক, জ্যোতিদাৰ মুখত মাত্ৰ এটাই বাক্য – “হৈ যাব, দাউৰা-দাউৰি নকৰিব।” আৰু সেইমতেই দুঘণ্টাৰ ভিতৰত সকলো সমস্যাৰ সমাধান।

অভিজিত কলিতা – সম্পাদনা সমিতিৰ সকলোৰে বাবে এই নামটোৱেই যথেষ্ট। লোকচক্ষুৰ আঁ‌ৰত থাকি তেখেতে প্ৰত্যেকজন সম্পাদককে দিহা-পৰামৰ্শৰে সদায় ধনী কৰি আহিছে।

ভাস্কৰজ্যোতি বৰুৱা – আলোচনীখনৰ জন্মৰপৰাই গঠনমূলক দিহা-পৰামৰ্শৰে সদায় আমাক উপকৃত কৰা মানুহ ভাস্কৰদা।

সঞ্জীব ভট্টাচাৰ্য্য – আলোচনীৰ মেনেজ মাষ্টাৰ। তেওঁক মাত্ৰ মাহৰ প্ৰথম সপ্তাহত আমি ক’ব লাগে, অমুকৰ সাক্ষাৎকাৰ ল’ব বিচাৰিছোঁ। বচ, তেওঁ লগে লগেই ফোন ঘুৰাই সকলো ৰেডি কৰি দিব।

ঋতুপৰ্ণা মহন্ত, পৰীস্মিতা গগৈ আৰু চবিনা ইয়াচমিন – আলোচনীখনৰ জন্মলগ্নৰপৰাই আমাৰ বৰ্ণাশুদ্ধি টিমৰ মেইন মানুহ তিনিওগৰাকী। প্ৰতিগৰাকীয়ে নিষ্ঠাৱান আৰু দায়িত্বপৰায়ণ। খোবাখুবুনীৰ দিনাও আলোচনীলৈ অহা লিখা বৰ্ণাশুদ্ধি কৰি দিয়া ঋতুপৰ্ণা, কোলাত কেঁ‌চুৱা লৈ বৰ্ণাশুদ্ধি কৰা পৰীস্মিতা আৰু হস্পিটেলত ৰুগীয়া দেউতাকৰ পৰিচৰ্য্যা কৰি ৰাতি দুই বজাতো বৰ্ণাশুদ্ধি কৰি দিয়া চবিনাৰ দৰে অক্লান্ত সহযোগীৰ উদাহৰণ বিৰল।

ৰিতুপৰ্ণ বৰা আৰু দেবজিত শইকীয়া – আলোচনীখনৰ ৰূপ-সজ্জাৰ প্ৰথম কামখিনি দুয়োজনে নিয়াৰিকৈ কৰি দিয়াৰ বাবে দুয়োলৈকে হিয়াভৰা ধন্যবাদ যাঁচিলো।

লিখি থাকিলে এখন বুৰঞ্জী হ’বগৈ, গতিকে ৰসতে নাম থৈ মই এই সংখ্যাৰ আঁ‌ৰৰ কথালৈ আহোঁ‌।

আলোচনী সম্পাদনা কৰাৰ অভিজ্ঞতা নাই বুলিয়েই ক’ব পাৰি। কলেজৰ দিনত হোষ্টেলৰ প্ৰাচীৰ-পত্ৰিকা দুবাৰ সম্পাদনা কৰিছিলো, সমল সেইয়াই আছিল। সেই অভিজ্ঞতাকে সাৰথি কৰি ফটাঢোল জুন সংখ্যাৰ দ্বায়িত্ব ল’বলৈ আগবাঢ়িলোঁ, হেমন্তদাৰ আদেশ শিৰোধাৰ্য্য কৰি। লগতে সাহস দিছিল, যোৱা দুবছৰ এই আলোচনীখনৰ লগত জড়িত থকাৰ অভিজ্ঞতাই।

দ্বায়িত্ব লোৱা বুলি গম পাইয়েই সহায় কৰিবলৈ সকলো আগবাঢ়ি আহিল, নিজৰ নিজৰ শৈলীৰে।

প্ৰথমেই ধন্যবাদ, সম্পাদনা সমিতিৰ সকলো সদস্যলৈ। যোৱা দুটা বছৰে আপোনালোকৰ লগত কাম কৰি আছোঁ, গতিকে জানিছিলো মোৰ বিশেষ কষ্ট নহয় বুলি। এনেকুৱা এটা টিম পালে মই যুদ্ধলৈ যাবলৈও প্ৰস্তুত।

বিশেষ ধন্যবাদ ৰিমঝিম, ৰামানুজ, মনিষা, দিম্পল, অলকেশ, ডলী, বিজু আৰু বিজয়লৈ। মোৰ বিশ্বাস আছে তোমালোক কেইটাই মোক কেতিয়াও বেয়া পাব নোৱাৰা, সেয়ে বয়সত ডাঙৰ হোৱাৰ সুবিধা লৈ তোমালোকৰ হতুৱাই কেইবাটাও কাম কৰালোঁ। দিম্পল, বহুত গালি খালি মোৰপৰা, দুখ কৰি নাথাকিবি, দৰাৰ গাড়ী তথাপিও মইয়ে চলাম।

বৰ্ণাশুদ্ধিৰ সকলো কাম অকণো বিলম্ব নকৰাকৈ নিয়াৰিকৈ কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ চবিনা, ঋতুপৰ্ণা, পৰীস্মিতা, মৰমৰ ভনী বিজু, অসমীবা, জীমনি, প্ৰণীতাবা, প্ৰীতম আৰু খনীন্দ্ৰলৈ। কামোৰ খালে প্ৰত্যেকে, তথাপি উপায় নাই, আগলৈও খাই থাকিব বুলি প্ৰতিশ্ৰুতি দিলোঁ।

এজনীৰ ঘৰত এসোপামান আলহী, এজনীৰ চাকৰিৰ ব্যস্ততা। তৎস্বত্বেও আলোচনীখনৰ গোটেইবোৰ লেখা দুইজনীয়ে মিলি অকলেই আপলোডিং কৰিলে, হেটচ অফ ৰিমঝিম বৰঠাকুৰ আৰু মনিষা কাকতি। নাৰীশক্তি জিন্দাবাদ।

দিগন্ত ভট্টাচাৰ্য আৰু ঈশানজ্যোতি বৰা – প্ৰত্যেকবাৰেই তোমালোক দুয়োৰে সহায়-সহযোগ পাই আহিছোঁ, এইবাৰো ব্যতিক্ৰম নহয়। আগলৈও এইদৰেই অসুবিধা দি থাকিম। সেইয়া মোৰ অধিকাৰ বুলিয়েই ধৰি লৈছোঁ, দুয়োটি অনুজ যেতিয়া।

মানুহজনৰ লগত ব্যক্তিগত চিনাকি, মাত্ৰ কিছুদিনৰ আগৰ। অৱশ্যে তেখেতৰ লিখা বহুতদিনৰপৰা পঢ়ি আহিছোঁ। চিনাকি হোৱাৰ পিছতেই মানুহজনে মোক লিখা গোটোৱাৰপৰা আৰম্ভ কৰি বহুখিনি সহায় কৰিলে, আপোনালৈ আন্তৰিক ধন্যবাদ অভিজিত দত্ত ডাঙৰীয়া।

আৰু এজনী অচিনাকি ছোৱালী। বিজয় মহন্তই যোগাযোগ কৰাই দিলে। শেষমুহূৰ্তত অহা বহুতো লেখাৰ বৰ্ণাশুদ্ধি কৰি মোক বিপদৰপৰা উদ্ধাৰ কৰিলে। অশেষ ধন্যবাদ হিমাশ্ৰী ভাগৱতী।

আন্তৰিক ধন্যবাদ বিজয়, সোণটো, দেবজিত শইকীয়া, বিকাশ আৰু প্ৰণীতাবালৈ। বহুত সহায় পালোঁ আপোনালোকৰপৰা, আশাকৰা ভাৱেই।

সাক্ষাৎকাৰটোৰ বাবে সময় পালো শেষ মুহূৰ্তত। চিন্তাত মোৰ মগজুৱে কাম নকৰা হৈ গ’ল। কিন্তু মোক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিল দিম্পল, সৌৰভ আৰু ডলী। ৰাতিপুৱা খবৰ পাই দুপৰীয়ালৈ সাক্ষাৎকাৰ লৈ আজৰি। ধন্যবাদ দি হেয় নকৰোঁ‌। খানা এটা খুৱাম দেই। লগতে খুব কম সময়ৰ ভিতৰতে সাক্ষাৎকাৰটো টাইপ কৰি দি মোক বিপদৰপৰা উদ্ধাৰ কৰা পৰিস্মিতা বৰদলৈ, তাবিবৰ, দীপাংকৰ, কাজলপ্ৰিয়া, বিতুপৰ্ণা, প্ৰণালী শৰ্মা, পুৰ্ণময়ী মেধি, মানসজ্যোতি দত্ত – তোমালোকলৈও খানাৰ নিমন্ত্ৰণ থাকিল। ধন্যবাদ খানাৰ দিনাই দিম আৰু।

অকল এই সংখ্যাতেই নহয়, প্ৰত্যেক সংখ্যাতে এখিনি মানুহে ফোন বা মেচেজৰ জৰিয়তে আলোচনীখনৰ খবৰ লৈ থাকে। নাম ল’বলৈ গ’লে এখন বৃহৎ তালিকাই হ’ব, সেয়ে বিৰত থাকিলোঁ। আন্তৰিক ধন্যবাদ আপোনালোকলৈ।

যোৱা দুবছৰৰ আলোচনীখনৰ লগত জড়িত হোৱাৰ অভিজ্ঞতাৰপৰা কৈছোঁ, বয়স অলপ বেছি হোৱাটো এফালৰপৰা সুবিধাজনক কথা। কিবা এটা কৰি দিবলৈ ক’লে অনুজসকলে বৃদ্ধ মানুহজনক নিৰাশ নকৰোঁ বুলি ভাবি ধুনীয়াকৈ কামটো কৰি দিয়ে, অকণো ওজৰ-আপত্তি নকৰাকৈ। তৃষ্ণা সোণোৱাল আৰু ৰাজশ্ৰী শৰ্মা, ককায়েৰক না নকৰোঁ‌ বুলি মই দিয়া প্ৰতিটো কামেই সুন্দৰকৈ কৰি দিয়াৰ বাবে দুয়োলৈকে অশেষ ধন্যবাদ।

আলোচনীখনৰ এই সংখ্যাৰ দ্বায়িত্ব লোৱাৰপৰাই সদায় খবৰ-বাতৰি লৈ মোক উৎসাহিত কৰা সৌৰভ, ভাস্কৰজ্যোতি দাস, নীলাক্ষি কাকতী, ডলী, মাধুৰ্য্য, নীলাক্ষি দেৱী ডেকা, পূৰ্ণময়ী, মৃদুলা, মৌচুমী, পৰিস্মিতা বৰদলৈ, নীলাঞ্জনা মহন্ত, কাবেৰী মহন্ত আদিলৈ মোৰ আন্তৰিক ধন্যবাদ। তোমালোকৰ সদিচ্ছাৰ কথা সদায়ে মনত ৰাখিম।

লাষ্ট বাত নট দ্য লিষ্ট, সম্পাদকীয়টো লিখি দিয়াৰ বাবে বিজয় মহন্তলৈ আৰু তাৰ বৰ্ণাশুদ্ধি কৰি দিয়াৰ বাবে পল্লবী কলিতা বৌলৈ এসোপামান ধন্যবাদ।

মোৰ অজানিতে কৰা কিবা ভুলে যদি সম্পাদনা সমিতিৰ কাৰোবাক মনোকষ্ট দিছে, তেন্তে কৰযোৰে ক্ষমা-প্ৰাৰ্থনা কৰিছোঁ‌।

ধন্যবাদ টিম ফটাঢোল।

ধন্যবাদেৰে

ৰিণ্টুমনি দত্ত
সম্পাদক,
ফটাঢোল ই-আলোচনী
দ্বিতীয় বৰ্ষ দ্বাদশ সংখ্যা
জুন, ২০১৯

☆★☆★☆

15 Comments

  • পূৰ্ণময়ী

    এনেকামবোৰৰ সহযোগী হ’বলৈ সদায় আগ্ৰহী দাদা। আপুনি ও ইমান দুৰত থাকি এখন সৰ্বাংগসুন্দৰ আলোচনী উপহাৰ দিয়া বাবে ধন্যবাদ। একতাই শক্তি।

    Reply
  • কামৰ প্ৰতি ইমান উৎসৰ্গিত আৰু দায়িত্ববোধ থকা আপোনাৰ পৰা বহু শিকিলোঁ৷ধন্যবাদ৷

    Reply
  • Suntu

    ভাল কামবোৰৰ লগত কিঞ্চিত যোগসুত্র থাকিলেও মন উৎফুল্লিত হৈ পৰে ??, ধন্যবাদ ৰিন্টুদা

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    এই যাত্ৰা দীৰ্ঘ দূৰত্বৰ হওক, তাকে কামনা কৰিছোঁ‌। আলোচনীখনৰ প্ৰতি থকা তোমাৰ আন্তৰিকতাৰ তুলনা নহয়।

    Reply
  • কাবেৰী মহন্ত

    বৰ ধুনীয়াকৈ লিখিলা ৷ আগলৈও তোমাৰ সম্পাদনাত এই আলোচনী খন পঢ়িবলৈ পোৱাৰ আশা থাকিল ৷
    জয়তু ফটাঢোল

    Reply
  • সহায়তকৈ প্ৰশংসা বেছি পালোঁ। অকণো বেয়া পোৱা নাই অৱশ্যে?। এখন সৰ্বাংগ সুন্দৰ বৃহৎ কলেৱৰৰ আলোচনী সুচাৰুৰূপে সম্পাদনা কৰি আমাক উপহাৰ দিয়া বাবে অশেষ ধন্যবাদ।
    সদায়েই মৰমৰ তুমি…..

    Reply
  • ডলী

    আপোনাৰ পৰা শিকিব লগা বহুত আছে।আশাকৰো আগলৈও পুণৰ আপোনাৰ সম্পাদনাত এনেকুৱা আলোচনী পঢ়িব পাম।

    Reply
  • Chidananda borah

    শেষৰ শাৰীত দুজনলৈ দিয়া কম্লিমেন্টৰ বাবে এশৰ ভিতৰত এশ পাঁচ নিদি নোৱাৰিলোঁ !!!

    Reply
  • এনেদৰেই সকলোৰে সহায় সহযোগিতাৰে আলোচনীখন আগুৱাই যোৱাৰ কামনা কৰিলোঁ।

    Reply
  • এইখিনি পঢ়ি উঠি বিজয় দাই লিখা আৰু পল্লবী বৌৱে বৰ্ণাশুদ্ধি কৰা সম্পাদকীয়টোলৈ জাপ মাৰিম যে খাটাং ৷ যাওঁ পঢ়োগৈ ৷

    Reply
    • Anonymous

      পঢ়ক। মোৰ শব্দ বানান সমুহ বৃদ্ধি কৰক। ইতি পল্লৱী বৌ ।

      Reply
  • এই আলোচনী এইদৰে বহু আগবাঢ়িব। জয়তু ফটাঢোল আলোচনী টীম আৰু নেপথ্যেৰ সুধী জন

    Reply
  • pallavi

    তথাস্তু

    Reply

Leave a Reply to ডলী Cancel reply

Your email address will not be published. Required fields are marked *