ফটাঢোল

সাক্ষাৎকাৰ – মোহময়ী অভিনেত্ৰী মৃদুলা বৰুৱাৰ সৈতে অন্তৰংগ আলাপ

নদী মাথো বয় কালৈকো নৰয়
বাধা দি ৰাখিব কোনে….
আছে সাগৰেৰে যাৰ ভালপোৱা…
সাগৰেৰে সি মিলিব পাৰে…
ও ও বাধা দি ৰাখিব কোনে…

***

দেহেই যৌৱনমতীৰ লাজ লাজ লাজ..
সাজেই সাজোনমতীৰ সাজোন কাঁচ …
মোৰ দেহা ঐ লাজ লাজ লাজ কিনো তোৰ….

****

এটি মনৰ দুটি মানুহ
মৰমী সৰগ ৰচে…
সৰগী মৰতত এই প্ৰিয়জনে
আৱেগৰ নাচোন নাচে…
মৰমী সৰগ ৰচে….॥

এই সুন্দৰ গীতসমূহ এসময়ত চুপাৰহিট বোলছবিৰ চুপাৰহিট গীতেই নহয়, অসমৰ ৰাইজৰ সকলোৰে মুখে মুখে আছিল। এই গীত বা বোলছবিসমূহৰ দৰে সমানেই জনপ্ৰিয় আছিল তাত অভিনয় কৰা নায়িকাগৰাকীও।

প্ৰায় ষাঠিখনতকৈও অধিক ছবিত তেওঁ অভিনয় কৰিছে। দূৰদৰ্শনত ‘জ্ঞানপীঠ’ বঁটা প্ৰাপ্ত ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ আধাৰত হিন্দি ভাষাত নিৰ্মাণ কৰা ধাৰাবাহিকখনতো অভিনয় কৰিছে। লগতে বঙালী ভাষাৰ কেইখনমান ধাৰাবাহিকতো অভিনয় কৰিছে।

‘উপপথ’ছবিৰ জৰিয়তে অসমীয়া বোলছবিত অভিনয়ৰ পাতনি মেলা এই অভিনেত্ৰীগৰাকীয়ে মৰমী, মেঘমুক্তি, বোৱাৰী, ককাদেউতা নাতি আৰু হাতী, প্ৰিয়জন, আৰতি, প্ৰতিমা, ভাই ভাই, সাৰথি, ইতিহাস, হিয়া দিয়া নিয়া, ইমান মৰম কিয় লাগে, কন্যাদান, দাগ আদিৰ দৰে বহুতো জনপ্ৰিয় ছবিত অভিনয় কৰিছে। ইয়াৰ উপৰি বহুতো ভিচিডি ছবি, দূৰদৰ্শনৰ কেইবাখনো জনপ্ৰিয় অসমীয়া ধাৰাবাহিকত তেওঁ সুন্দৰ অভিনয় কৰিছে। জনপ্ৰিয়তাৰ ক্ষেত্ৰত কেৱল অভিনয়ৰ জৰিয়তেই নহয়, তেওঁৰ জনপ্ৰিয়তাৰ অন্যতম কাৰক তেওঁৰ সৌন্দৰ্য্যও। তেওঁক অসমীয়া বোলছবিৰ আটাইতকৈ সুন্দৰী অভিনেত্ৰী বুলিলেও বঢ়াই কোৱা নহয়। সহজ সৰল কমনীয়তাৰে ভৰা তেওঁৰ চেহেৰাই সকলোকে আপোন বা আকৰ্ষণ কৰে।সম্পূৰ্ণ অসমীয়া ঠাঁচেৰে তেওঁ কথা ক’লে এগৰাকী মৰমীয়াল বোৱাৰী অথবা এগৰাকী মৰমিয়াল মাতৃৰ ছবি মনত ভাঁহি উঠে।

এতিয়ালৈ আঠ বাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে তেওঁ। দহখনতকৈ অধিক ‘ডকুমে ‘ তেওঁ নিজাকৈ প্ৰযোজনা কৰিছে। বিজু ফুকন, নিপন গোস্বামী, জৰ্জ বেকাৰ, তপন দাস, বিদ্যুৎ ভুঞা, ব্ৰজেন বৰা, প্ৰাঞ্জল শইকীয়া, অৰুণ নাথৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ যতীন বৰা,ৰবি শৰ্মা, কপিল বৰা, জেৰিফা ৱাহিদ, প্ৰস্তুতি পৰাশৰ, বৰষা ৰাণী আদি সকলোৰে লগত তেখেতে অভিনয় কৰিছে। অভিনয় প্ৰতিভাৰে তেওঁ আজিও যুৱ প্ৰজন্মৰ লগতে সমানে ফেৰ মাৰিব পাৰে।

হয়, আজি আমি যিগৰাকী অতিথিক ফটাঢোলৰ মজিয়ালৈ ‘সাক্ষাৎকাৰ শিতান’ৰ বাবে ৰাইজৰ মাজলৈ আনিছোঁ, তেওঁ অইন কোনো নহয় অসমীয়া বোলছবি জগতৰ উজ্জ্বল নক্ষত্ৰ তথা অসমীয়া বোলছবি জগতৰ এক বিশাল সত্বা; পুৰণিৰ পৰা নৱ প্ৰজন্মলৈকে সকলোৰে প্ৰিয় শ্ৰদ্ধাৰ ‘মৃদুলা বৰুৱা’ বাইদেউ। সাধাৰণ পৰিচয়েৰে তেওঁ বিশ্বনাথ চাৰিআলিৰ জীয়ৰী আৰু গোলাঘাটৰ বোৱাৰী; স্বামী প্ৰয়াত তপোব্ৰত বৰুৱা।

মৃদুলা বৰুৱা বাইদেউৰ নিজ বাসগৃহত ফটাঢোলৰ পৰা আমি (ডলী তালুকদাৰ আৰু সৌৰভ শৰ্মা) গৈ তেওঁৰ সৈতে কিছু অন্তৰঙ্গ আলাপ কৰিছিলোঁ। বাইদেউৰ সৈতে কিছু ধেমালিৰে তথা অন্তৰঙ্গ আলাপেৰে তেওঁৰ বিষয়ে কিছু কথা জানিব পাৰিছিলোঁ। সৰুৰে পৰা ৰূপালী পৰ্দাত দেখি অহা প্ৰিয় অভিনেত্ৰীগৰাকী যেতিয়া আমাৰ সন্মুখত উপস্থিত হৈছিল, তেতিয়া খন্তেকৰ বাবে আবেগিক হৈ পৰাৰ লগতে, মন পুলকিত হৈ উঠিছিল। আজিও তেখেতৰ সৌন্দৰ্য্যই সকলোকে মোহিত কৰিব পাৰে। অতি নম্ৰ আৰু মৰমীয়াল মৃদুলা বাইদেৱে বৰ সুন্দৰকৈ আমাক তেখেতৰ বিষয়ে কিছু কথা জনালে। তেনেহ’লে আহকচোন সকলোৰে প্ৰিয় অভিনেত্ৰী গৰাকীৰ মনৰ কথাখিনি শুনো।

ফটাঢোল : বাইদেউ, প্ৰথমতে আমাৰ ফটাঢোলৰ সমূহ সদস্যৰ ফালৰ পৰা স্বাগতম জনালোঁ। লগতে আমাক আপোনাৰ লগত কিছু সময় দিয়া বাবে ধন্যবাদ।

মৃদুলা বৰুৱা : মোৰ ফালৰ পৰাও ফটাঢোল পৰিয়ালৰ সকলোকে ধন্যবাদ আৰু শুভেচ্ছা জনালোঁ।

ফটাঢোল : বাইদেউ, আমাৰ প্ৰথম প্ৰশ্ন হ’ল আপুনি কেনেকৈ ছবিজগতলৈ আহিল? কোনোবাই আপোনাক নাটক কৰা দেখিছিল নে নিজেই আহিলে? কিয়নো সেই সময়ত এতিয়াৰ দৰে অডিচন দিয়া বা লোৱা নহৈছিল?

মৃদুলা বৰুৱা : নাই নাই তেনেকুৱা অডিচনৰ কোনো ব্যৱস্থা নাছিল। মই আচলতে নাটক কৰিছিলোঁ; সেইবুলি বহুত নাটকতো অভিনয় কৰাৰ সুযোগ পাইছিলোঁ, তেনে নহয়। সুযোগ মানে মই সেই সময়ৰ কথা কৈছোঁ। কিন্তু নাটক কৰোঁতে কিছু কিছু মানুহে জানিছিল। বিশেষকৈ সৰু ঠাইবোৰত গম পায় যে নাটক কৰা ছোৱালী এজনী ওলাইছে। হয়তো নাটক চাই বা এনেকুৱাকৈ জানিয়েই তেওঁলোক মোৰ ওচৰলৈ আহিছিল। শ্ৰদ্ধাৰ প্ৰমোদ বৰুৱাদেৱ, তেখেত বিশ্বনাথ চাৰিআলিৰ এগৰাকী প্ৰডিউচাৰ। তেখেতসকল আহিল আৰু তেনেকৈয়ে তেওঁলোকৰ সংস্পৰ্শতেই মই চিনেমা জগতলৈ আহিলোঁ।

ফটাঢোল : বাইদেউ আপুনি অভিনয় সৰুৰে পৰাই কৰিছিল। কলেজীয়া জীৱনতে ৰূপালী পৰ্দালৈ যেতিয়া আহিল, আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত কিবা বাধা আহিছিল নেকি? পঢ়া আৰু অভিনয় সমানেই আগবঢ়াই নিব পাৰিছিলনে?

মৃদুলা বৰুৱা : হয় পাৰিছিলোঁ। কাৰণ মই যেতিয়া অভিনয় জগতলৈ আহিছিলোঁ, তেতিয়া মই কলেজত পঢ়ি আছিলোঁ আৰু চিনেমাও মই ইখনৰ পিছত সিখন কৰিছিলোঁ। পঢ়াত মই সিমান বাধা পোৱা নাছিলোঁ। সময় সাপেক্ষে দুয়োফালেই মিলাই লৈছিলোঁ।

ফটাঢোল : তাৰমানে অভিনয় বা অভিনয়ৰ নিচা পঢ়াত অন্তৰায় হ’ব নোৱাৰে?

মৃদুলা বৰুৱা : উম! নোৱাৰে।

ফটাঢোল : বাইদেউ আপুনি শ্ৰদ্ধাৰ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ কেইবাখনো ছবিত কাম কৰিছে? ছাৰৰ লগত কাম কৰাৰ অভিজ্ঞতা জনাব নেকি?

মৃদুলা বৰুৱা : মোৰ সাংঘাতিক ভাল অভিজ্ঞতা। সেইবোৰ কেতিয়াও নাপাহৰো। কিন্তু ছাৰে কেতিয়াও কোৱা নাছিল যে তুমি চৰিত্ৰটো এই ধৰণেৰে কৰা বা অমুক ধৰণেৰে কৰা। আমাক এৰি দিয়ে। তাৰপিছতো সৰু সুৰা ভুল ত্ৰুটী হ’লে শুধৰাই দিয়ে। তেওঁ সাংঘাতিক ডিচিপ্লিন, সাংঘাতিক নিয়মানুবৰ্তিতাৰে চলিছিল। তেখেতৰ লগত কাম কৰাটো মোৰ আচলতে সৌভাগ্যই আছিল। খুব ভাল লাগিছিলে। সেই কাৰণে মোৰ আশা এটা থাকি গ’ল, তেওঁৰ লগত আৰু এখন ছবি কৰিবলৈ।

ফটাঢোল : ‘উপপথ’ আপোনাৰ প্ৰথম ছবি। উপপথৰ চাগৈ প্ৰায়ভাগ কথাই মনত আছে? আমাক জনাব নেকি আপোনাৰ প্ৰথম ছবিৰ অভিজ্ঞতাবোৰ?

মৃদুলা বৰুৱা : আছে মনত বেছিভাগেই৷ কিছুমান পাহৰিও গৈছোঁ। এটাই মোৰ ভাল লাগিছিল যে ‘উপপথ’ত সেইসময়ত বহুতো চৰিত্ৰ আছিল। ছবিখন চালে গম পাবা। উপপথ বুলি নাটক এখন আছিল, সেইসময়ত। খুব জনপ্ৰিয় হৈছিল। উপপথ ছবিখনত বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অভিনয় কৰিছিল। তেজপুৰৰ হীৰেণ চৌধুৰীদেৱ, আব্দুল মজিদ, বিজু ফুকন, প্ৰাঞ্জল শইকীয়া, চেতনা দাস বাইদেউ। এনেকৈ মোৰ বহু বিশিষ্ট ব্যক্তিক লগ পোৱাৰ সৌভাগ্য হৈছিল। সেইটো মোৰ জীৱনৰ এক মধুৰ স্মৃতি। মই যিহেতু নতুন আছিলোঁ, তেওঁলোকৰ পৰা বহু কথা শিকিব পাৰিছিলোঁ। উপপথত অভিনয় কৰা দেখিয়ে মোক তেজপুৰৰ হীৰেণ চৌধুৰীদেৱে ‘মৰমী’ বোলছবিখনত অভিনয় কৰাৰ কথা কৈছিল। আব্দুল মজিদ দাদাই পৰৱৰ্তী চিনেমাখনৰ কথা কৈছিল, বিজু দায়ে আহি ‘মেঘমুক্তি’ত অভিনয়ৰ কথা কৈছিল। গতিকে উপপথৰ জৰিয়তে মোৰ অভিনয় জীৱনৰ বাট খোল খালে(হাঁহি)।

ফটাঢোল : উপপথ চাইছিলোঁ। উপপথত আন এটি চৰিত্ৰত চেতনা দাস বাইদেৱো আছিল। তেখেতে এটি বুঢ়ী চৰিত্ৰত অভিনয় কৰিছিল। তেতিয়া তেখেত গাভৰু আছিল। যেতিয়া হেনো আপুনি তেখেতক দেখিলে, মেকআপৰ পিছত দেখি আচৰিত হৈছিল যে তেওঁ ইমান ডেকা?

মৃদুলা বৰুৱা : (হাঁহি) নাই মই তেওঁক আগতে লগ পাইছিলোঁ। আইতা বুলি মাতিবলৈ দিয়া হৈছিল। অলপ বয়সীয়াল চৰিত্ৰ আছিল।

ফটাঢোল : আপোনাৰ চৰিত্ৰটো অলপ বলীষ্ঠ আছিল। অলপ স্পষ্টবাদীও আছিল।

মৃদুলা বৰুৱা : হয়, এটা সহসী চৰিত্র দিয়া হৈছিল।

ফটাঢোল : কাহিনীটো মানুহৰ অভাবৰ ওপৰত আছিল। এটা সৰু এলেকাৰ ওপৰত আছিল কাহিনীটো। তাত বিজু ফুকনো আছিল। তেওঁ সাংবাদিক নে লেখক তেনেকুৱা চৰিত্ৰ কৰিছিল।

মৃদুলা বৰুৱা : সাহিত্যিক আছিল।

ফটাঢোল : প্ৰাঞ্জল দায়ো অভিনয় কৰিছিল ছবিখনত। এই ছবিতে স্বৰ্গীয় জয়ন্ত হাজৰিকাই শেষবাৰৰ বাবে কণ্ঠ নিগৰাইছিল। নদী তোৰেই বুকুতে গীতটি..

মৃদুলা বৰুৱা : নহয়, গীতটি গাইছিল সমৰ হাজৰিকাইহে। সঙ্গীত পৰিচালনা তেওঁ কৰাৰ কথা আছিল; কৰিছিলেই কিন্তু পিছলৈ মণীষা হাজৰিকাই সেই দায়িত্ব লৈছিল।

ফটাঢোল : কেতিয়াবা আফচোচ হয়নে যে জয়ন্ত হাজৰিকাই কণ্ঠদান কৰিব নাপালে আপোনাৰ বোলছবিত?

মৃদুলা বৰুৱা : আফচোচ! সেইসময়ত বহুত দুখ হৈছিল। আচলতে মোৰেই সৌভাগ্য নহ’ল তেখতক লগ পোৱাৰ কেতিয়াও। ভূপেন দাক লগ পাইছোঁ অৱশ্যে।

ফটাঢোল : সেইখন ছবিতে বিজু ফুকন দেৱেও অভিনয় কৰিছিল? তেওঁৰ লগত কাম কৰাৰ অভিজ্ঞতা কেনেকুৱা? শুনিছিলোঁ খুব ৰসিকতা কৰি থাকিছিল তেখেতে?

মৃদুলা বৰুৱা : সাংঘাতিক ভাল অভিজ্ঞতা। তেওঁ থাকিলে চিন্তাই নকৰোঁ। খুব ৰসাল আছিল তেওঁ; আৰু শ্বুটিঙতো সকলোকে টেকনিচিয়ানৰ পৰা আৰ্টিষ্ট সকলোকে সুখী কৰি ৰাখে। পৰিচালক হিচাপেও খুব ভাল আছিল আৰু সহ অভিনেতা হিচাপেও বহুত ভাল। তেখেতৰ দুখন চিনেমা কৰিছোঁ। ‘ভাই ভাই’ আৰু এখন মুক্তি নহ’ল। আৰু এখন চিৰিয়েল সম্পূৰ্ণ নহ’ল। কিন্তু মই তেওঁৰ লগত কাম কৰি ভাল পাইছিলোঁ।

ফটাঢোল : অসমীয়া বোলছবিত প্ৰিয় অভিনেত্ৰী কোন বুলি সুধিলে আগৰ লগতে বৰ্তমানৰ প্ৰজন্ময়ো মৃদুলা বৰুৱা বুলি কয়? আজিৰ প্ৰজন্মই আপোনাক প্ৰথমতে স্থান দিলে কেনেকুৱা অনুভৱ হয় আপোনাৰ?

মৃদুলা বৰুৱা : খুউব ভাল লাগে, এই গোটেইখিনি মই ৰাখিব পাৰিছোনে নাই নাজানো; কিন্তু বৰ ভাল লাগে মানুহে যেতিয়া স্বীকৃতি দিয়ে। কিয়নো কোনো এটা কাম কৰোঁতে কষ্ট বা ত্যাগ কৰিব লাগে। গতিকে তেনেকুৱা স্বীকৃতি পালে অন্তৰেৰেই ভাল লাগে।

ফটাঢোল : আমি সঙ্গীত জগতত যেনেকৈ দিপালী বৰঠাকুৰ বা ড° ভূপেন হাজৰিকাৰ নাম লওঁ তেনেকে বোলছবি জগততো আপোনাৰ নামটো বিশেষ সন্মানেৰে লোৱা হয়। আপোনাৰ অনুভৱ এইক্ষেত্ৰত?

মৃদুলা বৰুৱা : যদি তেনেকুৱা হয়, তেন্ত মই বহুত সৌভাগ্যশালী। বহুত ভাল লাগে। ইয়াৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

ফটাঢোল : আপোনাৰ স্বামী তপোব্ৰত বৰুৱা ছাৰক আপুনি ‘বোৱাৰী’ ছবিৰ জৰিয়তে লগ পাইছিল বুলি আমি শুনিছিলোঁ। তেখেতৰ বিষয়ে অলপ ক’ব নেকি? তেখেতে কি দৰে আপোনাক অভিনয়ৰ ক্ষেত্ৰত প্ৰেৰণা দিছিল বা সহযোগিতা কৰিছিল বা ভুল হ’লে আঙুলিয়াই দিছিল?

মৃদুলা বৰুৱা : হয়, মই তেওঁক বোৱাৰী ছবিখনৰ জৰিয়তে লগ পাইছিলোঁ। আমি একেলগেই গৈছিলোঁ গোলাঘাটলৈ; কিন্তু মই তেওঁৰ বিষয়ে বা তেওঁ মোৰ বিষয়ে একো নাজানিছিল। প্ৰযোজক আৰু অভিনেত্ৰী হিচাপেই আছিলোঁ। কিন্তু কেতিয়া কেনেকৈ প্ৰেম হ’ল সেয়াও ক’ব নোৱাৰিলোঁ(হাঁহিৰে)। অৱশ্যে বিয়াখন আমাৰ দুয়োটা পৰিয়ালৰ কথা বতৰাৰ মাজেৰেই সম্পন্ন হৈছিল। তেওঁ সাংঘাতিক সহযোগিতা আগবঢ়াইছিল মোৰ লগত। সাধাৰণতে ঘৰ এখন চলাওঁতে মহিলাগৰাকীৰ অৱদান বেছি থাকে কিন্তু মোৰ ক্ষেত্ৰত ওলোটা হৈছিল। মই কামত ব্যস্ত হৈ পৰিছিলোঁ আৰু তেওঁ সহযোগিতা আগবঢ়াইছিল। ঘৰ চলোৱাত কোনোদিনে তেওঁৰ কোনো আপত্তি নাছিল। অভিনয়ৰ ক্ষেত্ৰতো প্ৰথম চোৱাত কোনোবা এখন চিনেমাত এই যে ৰিভিউবিলাক লিখে নহয়, মোৰ কথাও, মোৰেই নহয় বহুতৰ কথা লিখিছিল কোনোবা এজন সাংবাদিকে; বোলে ভাল অভিনয় কৰিব নোৱাৰিলে। মই প্ৰথম সেইটো পাই খুব কন্দা কটা কৰিছিলোঁ।

ফটাঢোল : আবেগিক হৈ গৈছিল?

মৃদুলা বৰুৱা : অঁ, মই ইমান বেয়া কৰিছিলো নে? খুব নিগেটিভকৈ লিখিছিল। তেতিয়া এওঁ বুজাইছিল যে এনেকে কান্দি ভাগৰি পৰিলে কেনেকৈ হ’ব! চিনেমা কৰিব আহিছা যেতিয়া ভাল বেয়া সকলো শুনিব লাগিব, আৰু ক’ৰবালৈ মাতিলেও সহযাত্রী হৈ খুব চাপোৰ্ট কৰে।

ফটাঢোল : ‘বোৱাৰী’ ছবিখনৰ আটাইকেইটি গানেই চুপাৰহিট। ‘মনহীৰা দৈ’, ‘কীৰ্তন দশম’ আদি গান বহুত জনপ্ৰিয়। আজিও মানুহে ভাল পায়। আপোনাৰ ‘বোৱাৰী’ৰ কোনটো গান ভাল লাগে?

মৃদুলা বৰুৱা : মোৰ গোটেইকেইটাই ভাল লাগে। গোটেইকেইটাই সুন্দৰ আছিল। তথাপি ‘দেহেই যৌৱনমতী’ আৰু ‘কীৰ্তন দশম’ মোৰ খুবেই প্ৰিয়।

ফটাঢোল : এই বোলছবিখনৰ গায়িকা মালবিকা বৰা আপোনাৰ ননদ হয়। তেওঁৰ বিষয়ে ক’বনে?

মৃদুলা বৰুৱা : তেওঁৰ লগত মোৰ চিনাকি ৰেডিঅ’ৰ দিনৰে। তেওঁ মোৰ খুব ভাল বন্ধু। তেওঁৰ লগত মই সকলো শ্বেয়াৰ কৰোঁ।

ফটাঢোল : মুনীন বৰুৱা অসমৰ এটি চিনাকি নাম! আগতে মুনীন বৰুৱাৰ ছবি বুলি ক’লে মৃদুলা বৰুৱা আৰু মৃদুলা বৰুৱাৰ ছবি বুলি ক’লে মুনীন বৰুৱা। বৰ সুন্দৰ যুঁটি আছিল আপোনালোকৰ। যিদৰে হিন্দি চিনেমাত গোবিন্দা থাকিলে কেদাৰ খান থাকে।

মৃদুলা বৰুৱা : অ’ (হাঁহি) আজি মুনীন বৰুৱা থাকিলে এইষাৰ কথা শুনিলে বৰ ভাল পালেহেঁতেন।

ফটাঢোল : এতিয়া কওকচোন মুনীন বৰুৱা আপোনাৰ প্ৰিয় পৰিচালক নে আপুনি তেওঁৰ প্ৰিয় অভিনেত্ৰী আছিল? অলপ তেওঁৰ লগত কাম কৰা অভিজ্ঞতা ক’ব নেকি?

মৃদুলা বৰুৱা : (হাঁহি) ভাইমন দাৰ লগত আমাৰ আচলতে ঘৰুৱা সম্পৰ্ক আছিল। মোৰ স্বামীৰ ভতিজা হয় তেওঁ। সেইটো বাৰু বেলেগ কথা। চলচ্চিত্ৰ পৰিচালক হিচাপে বহু কথাই ভাইমন দাই এওঁৰ লগত পাতিছিল। আমাৰ ঘৰতেই পাতে। ময়ো কাষতে বহি থাকোঁ। কিন্তু কোনোদিন মই তেওঁক কোৱা নাছিলোঁ যে, ভাইমন দা মই এই চৰিত্ৰটো কৰিম। কাৰণ তেওঁ যিটো কৰিছিল আমি শ্ৰদ্ধাৰে লৈছিলোঁ। আৰু ভাইমন দায়ো আমি কিমান দূৰলৈ কোনটো চৰিত্ৰ লৈ যাব পাৰিম সিমানখিনি অভিজ্ঞ আছিল।

ফটাঢোল : কলেজীয়া জীৱনৰ বা বিশ্ববিদ্যালয়ৰ দিনৰ কিবা স্মৰণীয় ঘটনা বা অভিজ্ঞতা আমাক জনাব নে?

মৃদুলা বৰুৱা : মই প্ৰথম এডমিচন লৈছিলোঁ বিশ্বনাথ কলেজত। তাতে কলেজ সপ্তাহত নাটকত ভাগ লৈছিলোঁ। তাত এটা পৰম্পৰা চলি আহিছিল যে, শিক্ষক আৰু ছাত্ৰ ছাত্ৰী লগলাগি নাটক কৰে আৰু সেইবাৰ পাল পৰিল মোৰ। মই প্ৰথম গৈছোঁহে। তেখেতসকলৰ লগত নাটক কৰিবলৈ প্ৰথমে মই অপ্ৰস্তুত হৈছিলোঁ। কিন্তু তেখেতসকলে ইমান সুন্দৰকৈ সহযোগিতা আগবঢ়ালে যে সুন্দৰকৈ হৈ গ’ল আৰু সকলোৱে ভালো পাইছিল নাটকখন চাই। সেইটো মোৰ ভাল অভিজ্ঞতা যে মোক পঢ়ুৱা ছাৰসকলৰ সৈতে মই নাটক কৰিলোঁ। পিছলৈ সেই কলেজত মই বিশেষ নাটকত অভিনয় কৰা নাছিলোঁ। তাৰপিছত মই সন্দিকৈ কলেজলৈ আহিলোঁ। তাতো কলেজ উইকত এখন নাটক কৰিছোঁ। কিন্তু এটা কথা, বিশ্বনাথ কলেজত থাকোঁতে মই কলেজৰ পৰা ‘সদৌ অসম সূৰ্য্য বৰা সোঁৱৰণি নাট প্ৰতিযোগিতা’ত অংশ লৈছিলোঁ। সেয়া বিশ্বনাথ চাৰিআলিত হয় সদৌ অসম ভিত্তিত। তেতিয়া মই সন্দিকৈ কলেজত নাম লগাইছোঁহে; মোক ক’লে “আমি এখন নাটক কৰিম তুমি এক্টিং কৰিব লাগিব আৰু এটা কথা চাবা দেই, আমাৰ কলেজলৈ কিন্তু প্ৰাইজ আহেই যিকোনো এটা।” সেইটো শুনি মই বৰ ভয় খাইছিলোঁ; কিন্তু মোৰেই কপাল ভাল আছিল চাগৈ মই এটা প্ৰাইজ পালোঁ।

ফটাঢোল : আপোনাৰো যোগ্যতা আছিল নিশ্চয় সেই প্ৰাইজৰ।

মৃদুলা বৰুৱা : (হাঁহি) পাইছিলোঁ আৰু। বহুত ভাল লাগিছিল কলেজলৈ এটা নাম কঢ়িয়াই আনি।

ফটাঢোল : বৰ্তমান যে ছবিগৃহবোৰ নাটনি হৈছে কিবা ক’বনে? ছবিগৃহবোৰ নাইকিয়া হোৱাৰ কাৰণ কি বুলি ভাবে? নে দৰ্শক কমি গৈছে? তাক সন্তোষজনক অৱস্থালৈ ঘূৰাই অনাৰ কিবা উপায় আছেনে?

মৃদুলা বৰুৱা : দৰ্শক কমি যোৱাৰ কাৰণ বহুতেই; আৰু মোৰ এটা আহ্বান যদি দৰ্শকেও মানি লয় যে, সকলো চিনেমাতো চাব নোৱাৰে, ভাল বেয়া সবতে থাকে। চিনেমা ভালো হ’ব পাৰে আৰু বেয়াও হ’ব পাৰে কিন্তু কেতিয়াবা দেখা যায় ভাল ছবিখনো মানুহে নাচায়। সেই কথাটো যদি বুজিলেহেঁতেন যে হলত গৈ চিনেমাখন চালে প্ৰযোজকজনে কিছু পইচা পাব আৰু নেক্সট ছবিখন বনাব পাৰিব। মানে নতুন চিনেমা এখন বনাবলৈ তেওঁ প্ৰেৰণা পাব। অৱশ্যে আমি দৰ্শকে অকল দোষ দিব নোৱাৰোঁ; ভাল ছবিও লাগিব। ভাল ছবি বহুত হৈছে কিন্তু সেইখিনি চাবলৈ দৰ্শকে মন বান্ধিব লাগিব। আৰু আপুনি যে সুধিলে, কি কৰিব পাৰি সেইটোৰ কাৰণে চৰকাৰক কৈ থকা হৈছেই; গতিকে আশা কৰোঁ এই চৰকাৰে অকণমান আশানুৰূপ দায়িত্ব ল’ব। চৰকাৰে নকৰিলে আমি অকলেই একো কৰিব নোৱাৰোঁ। কিন্তু এটা কথা আমি ফিল্ম জগতৰ মানুহখিনি আৰু ৰাইজৰ সঁহাৰি নহ’লে এই শিল্পটো জীয়াই ৰাখিবলৈ অসুবিধা হ’ব। আমাৰ চলচ্চিত্ৰৰ শিল্পটো অসমীয়া সংস্কৃতিৰে এটা অংগ। আৰু ইমান পুৰণি, যে সেই ১৯৩৫ চনতেই জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে যেনেকৈ গঢ় দি গ’ল; সেইটো যদি সকলোৱে ভাবে বা ইয়াক কেনেকৈ জীয়াই ৰাখিব পাৰি তেন্তে নিশ্চয় ভাল হ’ব।

ফটাঢোল : বৰ্তমান ছবিজগতত আপুনি কি পৰিবৰ্তন বিচাৰে? আৰু কি পৰামৰ্শ দিব?

মৃদুলা বৰুৱা : অসমীয়া চলচিত্ৰত যে বহুতো সংঘৰ্ষ আছে সেই বিষয়ে আমি প্ৰথমতে গম পোৱা নাছিলোঁ; কিছুদিনৰ পিছত লাহে লাহে গম পালোঁ। তেতিয়াৰ পৰাই আমি চৰকাৰক মেমৰেণ্ডমৰ জৰিয়তে জনাবলৈ চেষ্টা কৰি আছোঁ। যদিও এই দিশটোৰ প্ৰতি চৰকাৰৰ ইমান আগ্ৰহ নাছিল। কিন্তু লাহে লাহে আগ্ৰহ হৈছে। চৰকাৰে কাম কৰিছে যদিও বহুত বাকী আছে। অসমৰ সৰু সৰু ঠাইত চিনেমা হল নাই। আগতে বাচ লৈ চাবলৈ গৈছিল; আজিকালি ইচ্ছাও নকৰে। অৱশ্যে এণ্টাৰটেইনমেণ্টৰ থল বহুত হ’ল। যদি সৰু সৰু ঠাইত ছবি গৃহ দিয়ে দৰ্শক ওলাই আহিব।

ফটাঢোল : মৃদুলা বৰুৱা বুলি ক’লে এগৰাকী সহজ সৰল বোৱাৰী বা মাৰ ছবিহে চকুত ভাঁহি উঠে! এগৰাকী মৰমীয়াল মহিলা। বাস্তবতো বাইদেউ তেনেকুৱাই নিশ্চয়!

মৃদুলা বৰুৱা : এই বিষয়ে মোৰ পৰিয়ালেহে বেছি ভালকৈ ক’ব পাৰিব( হাঁহি)। কাৰণ তেওঁলোকে মোৰ মৰম দেখিছে, খং দেখিছে, কৰ্ম-কষ্ট-ত্যাগ সকলোখিনি দেখিছে।

ফটাঢোল : বাইদেউ আপুনি এখন ছবিত অলপ নিগেটিভ চৰিত্ৰ কৰিব লগা হৈছিল? মানে “হিয়া দিয়া নিয়া” বোলছবিখনত অলপ জেদি, অহংকাৰী, স্বাৰ্থপৰ নাৰীৰ চৰিত্ৰ কৰিব লগা হৈছিল? বহুতো দৰ্শক বা আপোনাৰ ফেনে আপুনি তেনে ৰ’ল কৰিব বুলি ভবা নাছিল। কিন্তু আপুনি সুন্দৰকৈ ফুটাই তুলিছিল চৰিত্ৰটো। তাৰ বাবে নিজকে তৈয়াৰী কৰিছিল নে?

মৃদুলা বৰুৱা : হয় কৰিছিলোঁ। তেতিয়া মই আৰু মোৰ স্বামী দুয়ো দিল্লীলৈ গৈছিলোঁ। স্ক্ৰীপ্টখন মই ইয়াত পঢ়িবলৈ সময় পোৱা নাছিলোঁ। মোক মুনীন বৰুৱাই লৈ যাবলৈ কৈছিল লগত। প্ৰথমতে মোৰ বুলি ভবা নাছিলোঁ। মই ভাবিলোঁ মোৰ চৰিত্ৰ কোনটো ইয়াত? তাত আৰু এগৰাকী মা আছে৷ মই তেওঁৰ বুলি ভাবিছিলোঁ। ভাইমন দাৰ লগত ফোনত কথা হ’লোঁ। তেতিয়া ভাইমন দাই ক’লে তোমাৰ এইটো চৰিত্ৰ। মই আচৰিত হৈছিলোঁ। যিহেতু নিগেটিভ চৰিত্ৰ মই নকৰোঁ বুলিয়ে ভাবিছিলোঁঁ। অলপ আচহুৱা পাইছিলোঁ; তেতিয়া শ্ৰদ্ধাৰ মুনীন বৰুৱা দাই ক’লে কেলেই নকৰিবা? সদায় একে চৰিত্ৰই কৰি আহিছা আৰু বহুতে উৎসাহ দিছিল আৰু মই কৰিছিলোঁ। সম্পূৰ্ণ নিগেটিভ নাছিল চৰিত্ৰটো। শেষৰ ফালে সলনি হোৱা আৰু পৰিস্থিতিয়ে বাধ্য কৰোৱা এগৰাকী মহিলাৰ চৰিত্ৰ। ৰাইজেও আদৰি লৈছিল।

ফটাঢোল : বৰ্তমানৰ অভিনেতা বা অভিনেত্ৰীসকলৰ লগত কাম কৰি কাৰ লগত ভাল লাগে?

মৃদুলা বৰুৱা : বৰ্তমানৰ অভিনেতাৰ ভিতৰত মই যতীনৰ লগতে কৰিছোঁ বেছি। খুবেই ভাল লাগে। ৰবি শৰ্মাৰ লগতো এখন কৰিছোঁ।

ফটাঢোল : ‘হিয়া দিয়া নিয়া’খন কৰিছে ৰবি শৰ্মাৰ লগত?

মৃদুলা বৰুৱা : ‘হিয়া দিয়া নিয়া’ত যদিও আছিলে কিন্তু মোৰ লগত ইমান চিন নাছিল। ‘ইমান মৰম কিয় লাগে’ অলক নাথৰ চিনেমাখনত মই তেওঁৰ মাকৰ ৰ’ল কৰিছিলোঁ। ভাল লাগে ৰবি, যতীন, বৰষা, প্ৰস্তুতিক। কপিল বৰাক পাইছোঁ। তেৱোঁ চিৰিয়াচ অভিনেতা। জেৰিফাক পাইছোঁ।

ফটাঢোল : ‘গুণ গুণ গানে গানে’ত কপিল বৰাৰ প্ৰথম ছবিত আপুনি কাম কৰিছিল। বৰ ধুনীয়া হৈছিল ছবিখন। আপুনি কি ক’ব?

মৃদুলা বৰুৱা : অহ্! সঁচাই! খুব ভাল হৈছিল ছবিখন।

ফটাঢোল : বাইদেউ আপোনাৰ ছবিজগতৰ কিবা হাস্য মধুৰ ঘটনা আমাক ক’বনে? যিটো ঘটনা মনত পৰিলে আজিও হাঁহি উঠে?

মৃদুলা বৰুৱা : হাঁহি উঠে মানে মনত পৰিলে এতিয়াও হাঁহো, কিন্তু তেতিয়া ভয় লাগিছিল। ‘ককাদেউতা নাতি আৰু হাতী’ ছবিখনৰ শ্বুটিঙৰ সময়ৰ কথা। শেষৰ দিনা লৈছিল শ্বটটো। হাতী এটাৰ চৰিত্ৰ আছিল ‘বৃকোদৰ’ নাম তাৰ। প্ৰকাণ্ড যদিও আমাৰ লগত চিনাকি হৈছিল। মাউতজন শ্বট লোৱাৰ সময়ত হয় কাণৰ পিচফালে নহ’লে ঠেঙৰ কাষত লুকাই থাকে। যাতে সি দিগদাৰ নিদিয়ে। সিদিনা হাতীটোৰ বেক চাইদ মানে কেমেৰাত হাতীটোৰ পিচফাল আহিব। আৰু মই সিফালে, মানে দৌৰি আহি হাতীটোক মৰম কৰিব লাগে। তেনেধৰণৰ শ্বট আছিল এটা। আচলতে মই চুইচাইদ কৰিব যাওঁ আৰু হাতীটোৱে মোক শুৰ দাঙি মাতে, মই উভতি আহোঁ। সেইটো লোৱা হৈছিল ৰাতি। গতিকে লাইট অন কৰা হ’ল। আৰু যিহেতু হাতীৰ পিছফাল গতিকে মাউত থাকিব নোৱাৰে। তেওঁক ওচৰে পাজৰে থাকিবলৈ কোৱা হ’ল। মাউতজনে মোক আঁহি ক’লে, “বাইদেউ আজিতো মই থাকিব নোৱাৰোঁ, গতিকে আপুনি চাব আৰু!” সেইটো শুনাৰ পিছত মোৰ কেনেকুৱা ভয় লাগিছিল! কিন্তু ভয়টো দেখুৱা নাছিলোঁ। কোনো উপায় নাছিল..এক্টিং কৰিবই লাগিব। মই ভাবিছোঁ এইটো লাষ্ট চিন গতিকে যি হয় হ’ব, হাতীটোৱে যদি মাৰি পেলাই উপায় নাই। তাৰ পিছত সব ষ্টাৰ্ট হ’ল, পৰিচালকে একচন ক’লে৷ ময়ো দৌৰি আহিলোঁ। আচৰিত হাতীটোৱেহে ভয় খালে নেকি? ভাবিলে এইটো কি বস্তু? তাতে মই বগা কাপোৰ পিন্ধি আছিলোঁ! পোহৰে চোহৰে অদ্ভূত দেখি সি ঘূৰি দিলে। সেইফালে ডাইৰেক্টৰ, কেমেৰামেন সকলো আছিলে আৰু সবে তাতে কেমেৰা, লাইট, জোতা, চেণ্ডেল এৰি পলাল; পিছত হাতীৰ মাউতজনে তাক শান্ত কৰিলে।হাঃ.. হাঃ!

আৰু আনটো ‘শকুন্তলা আৰু শংকৰ যোচেফ আলি’ৰ শ্বুটিঙত। বহুতবাৰ মই কৈছোঁ আগতে। তাত এটা শৱযাত্ৰা হয়। মানে তাতো মই চুইচাইদ কৰোঁ…মানে মোৰ ডেডবডিটো লৈ প্ৰচেচন কৰে (শেষৰ চিনটোত)। মোক ঘৰলৈ লৈ যায়। যাওঁতেতো বিভিন্ন ঠাইত শ্বুটিং হৈছে। মানুহবোৰেতো নাজানে সেয়া শ্বুটিং নে কি? মোক যে কিমানে সেৱা কৰিছে। সাধাৰণতে আমাৰ হাতখন তেনেদৰে যায়েই দিয়াচোন। কিমান মানুহ গৈছে পাৰ হৈ, কোনেও গম নাপালে শ্বুটিং বুলি। এনেতে এখন চিটিবাছ পাৰ হৈ গৈছিল। এজন যে থিয় হৈ যায়, মানে কনডাক্টৰজন। ঠিক সেইখিনিতে গাড়ীখন শ্লো কৰি মোক সেৱা কৰিলে নে কৰিব ওলাইছিল মই চকু মেলি দিলোঁ। মানে চকু মেলিব লগা হ’ল। মইতো জানোৱে শ্বট শেষ বুলি। সি অদ্ভূত বস্তু দেখা দি দেখিলে মানে। ল’ৰাজনৰ যিটো এক্সপ্ৰেচন সেইটো মোৰ আজিও মনত আছে। সি চাগৈ আজিও ভাবে কি দেখা পাইছিলোঁঁ বুুুলি। হাঃ হাঃ!

ফটাঢোল : এইবোৰ বহুত মজাৰ স্মৃতি আছিল শ্বুটিঙত নহয়নে? বাৰু বাইদেউ অসমীয়া চিনেমাৰ অমৰীশ পুৰী, দীনেশ দাস ছাৰকেই জানো। কিন্তু ৰিয়েল লাইফত তেখেত কেনেকুৱা? অন স্ক্ৰীণ আৰু অফস্ক্ৰীণ তেওঁ কেনে?

মৃদুলা বৰুৱা : অফস্ক্ৰীণ খুবেই ভদ্ৰ মানুহ। কিন্তু দীনেশ দাক প্ৰথমে মই বৰ ভয় খাইছিলোঁ। কাৰণ তেতিয়া মই তেখেতক ছবিতে দেখিছোঁ। ‘মেঘমুক্তি’ ছবিখনৰ শ্বুটিঙত কলিকতা গৈছিলোঁ। তাত শ্বুটিং থাকোঁতে দীনেশ দা আহিল। শ্ৰদ্ধাৰ গিৰিশ চৌধুৰী দেৱক মই মামা বুলি মাতিছিলোঁ। মোক ক’লে বোলে, “আহ চিনাকি কৰি দিম।” মই ক’লোঁঁ, “নাযাওঁ দেই মোৰ ভয় লাগে।” মামাই ক’লে, “হেই আঁকৰী”। তাৰ পিছত গ’লোঁ আৰু ভয়ে ভয়ে। মোক চিনাকি কৰি দিলে। তেওঁ কিবা কৰি আছিল আৰু মই নমস্কাৰ দিয়াত হাতখন জোৰেৰে দাঙি নমস্কাৰ দিয়াৰ দৰে কৰিলে; মই বহুত ভয় খালোঁ। লাহে লাহে দীনেশ দাৰ লগত চিনাকি হৈ সহজ হ’লোঁ।

ফটাঢোল : বাইদেউ, আপুনি বহুত সৌভাগ্যশালী যে আপুনি ‘প্ৰিয়জন’ বোলছবিত শ্ৰদ্ধাৰ জ্ঞানদা কাকতি বাইদেউ আৰু অভিনেতা জৰ্জ বেকাৰৰ লগতো অভিনয় কৰাৰ সুবিধা লাভ কৰিছে? তেওঁলোকৰ লগত কৰা অভিনয়ৰ অভিজ্ঞতা কেনেকুৱা?

মৃদুলা বৰুৱা : জ্ঞানদা কাকতি বাইদেউৰ কথা মাৰ মুখত শুনিছিলোঁ। মাহঁতে তেতিয়া তেওঁলোকৰ ছবি চাইছিল। তাৰ পিছত যেতিয়া লগ পালোঁ জানিলোঁ খুবেই ব্যক্তিত্বশালী মহিলা। কিন্তু মোৰ লগত বৰ ভাল সম্পৰ্ক এটা হ’ল। বাইদেউক বৰ ভাল লাগিছিল। সচাঁকৈ দেই ইমান ভাল অভিনেত্ৰী। ‘প্ৰিয়জন’ত এজনী দাম্ভিক, অহংকাৰী মহিলাৰ চৰিত্ৰ বৰ সুন্দৰকৈ ফুটাই তুলিছিল। আৰু জৰ্জ বেকাৰ, তেখেতকো প্ৰথম তাতে লগ পাইছোঁ। ভাবিছিলোঁ জৰ্জ বেকাৰ কেনেকুৱা বা হয়। কিন্তু ইমানেই ভাল যে খুব ভালকৈ সহযোগ কৰে। গতিকে মই নতুন হিচাপে কোনো অসুবিধাই নাপালোঁ।

ফটাঢোল : পৰ্দাৰ মৃদুলা বৰুৱা আৰু ৰূপালী পৰ্দাৰ মৃদুলা বৰুৱা কোনজনী ভাল লাগে আপোনাৰ? ৰীল আৰু ৰিয়েল কোনটো আপোনাৰ বেছি ভাল লাগে?

মৃদুলা বৰুৱা : ৰীল লাইফত?

ফটাঢোল : হয়। ৰীল লাইফৰ মৃদুলা বৰুৱাৰ অভিনয়ত ৰীয়েলৰ মৃদুলা বৰুৱাই কিবা ভুল বা ভাল দেখে নেকি?

মৃদুলা বৰুৱা : সচাঁ কথা ক’বলৈ গ’লে মই একোৱেই ভাল নেদেখোঁ। সদায় ভুলকে দেখি থাকোঁ(হাঁহিৰে)।কিন্তু যেতিয়া মানুহে কয় ভাল লাগে বা ভাল হৈছে তেতিয়া মোৰ বহুত ভাল লাগে।

ফটাঢোল : তথাপি আপোনাৰ প্ৰিয় চৰিত্ৰ কোনটো আজিলৈকে কৰা?

মৃদুলা বৰুৱা : আমি সদায় আশাহে কৰি থাকোঁ ভাল চৰিত্ৰ এটা আহক। তথাপি ‘ককাদেউতা নাতি আৰু হাতী, ‘গুণ গুণ গানে গানে’, ‘সাৰথি’, ‘বোৱাৰী’ আৰু ‘প্ৰতিমা’ৰ চৰিত্ৰ ভাল লাগে মোৰ।

ফটাঢোল : বাইদেউ ‘ককাদেউতা নাতি আৰু হাতী’ৰ কথা যেতিয়া ওলাইছে এই প্ৰশ্নটো নুসুধিলে আধৰুৱা হৈ ৰ’ব? আপোনাৰ লগত সেইসময়ত এগৰাকী শিশু শিল্পী আছিল? আৰু বৰ্তমান তেওঁ আমাৰ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী! তেওঁৰ লগত কাম কৰা কিবা ৰসাল অভিজ্ঞতা মনত আছেনে? কেনেকুৱা লাগে ভাবিলে?

মৃদুলা বৰুৱা : হয় আছে। ভাল লাগে দেই বহুত। তেওঁ সৰু ল’ৰা আছিল তেতিয়া। চটফটিয়া আছিল। বৰ ধুনীয়াকৈ কৰিছিল তেওঁৰ অভিনয়খিনি। জমনি কথা এটা কওঁ। তেওঁৰ এটা সংলাপ আছিল ‘আই ইংলিছ’। মানে চৰিত্ৰটোৱে হাইস্কুলত নাম লগাই আৰু ক’ব লাগে ‘আই ইংলিচ’বুলি। তেতিয়া তেওঁ ডায়লগটো ক’লে সকলোৱে জোকাই সৰু বুলি৷ ঐ তোৰ ডায়লগটো কি? আই ইংলিছ। বৰ খং উঠে তাৰ। এদিন কি হ’ল জানা? কওঁনে?(হাঁহি)

ফটাঢোল : কওক না?

মৃদুলা বৰুৱা : এদিন ময়ো জোকালোঁ তাক। ঐ তোৰ ডায়লগটো আই ইংলিচ ন? (হাঁহিৰে) বাকী বোৰকতো একো ক’ব নোৱাৰে। তেওঁলোকতকৈ মই অলপ সৰু আছিলোঁ। মই যেতিয়া জোকালোঁ তাৰ খং উঠি গ’ল। মুখখন ফুলাই মোক ক’লে “ইহ এইজনী বেছি দেখাবলৈ আহে”। মই বোলো আও ই কম নহয় দেই! হাঃ হাঃ।

ফটাঢোল : হাঃ হাঃ! ছবিৰ পিছত আকৌ লগ পাইছেনে পুনৰ?

মৃদুলা বৰুৱা : অঁ পাইছোঁ দুবাৰ মান। এবাৰ স্কুলৰ পৰা আহিছিল আমি আৰ্টিষ্টবোৰৰ ওচৰত কিবা কামত। নাইন/টেনমান পাইছিল। কামৰূপ একাডেমিত পঢ়িছিল নহয়। আৰু এবাৰ আইন পঢ়ি থাকোঁতে চাগৈ। মিনিষ্টাৰ হোৱাৰ পিছত ইমান ওচৰৰ পৰা পোৱা নাই লগ। ভাল লাগে তেওঁক দেখিলে এতিয়া।

ফটাঢোল : সেইচামৰ পৰা এইচামৰ নতুন অভিনেতা সকলোৰে লগত আপুনি কাম কৰিছে। নিপন দা, বিজু দা, প্ৰাঞ্জল শইকীয়া আদি কৰি বৰ্তমানৰ ৰবি, যতীন বৰালৈ। কাৰ লগত আপোনাৰ অভিনয় কৰি ভাল লাগে? আটাইবোৰে ভাল অভিনেতা। কিন্তু আপোনাৰ প্ৰিয় কোন?

মৃদুলা বৰুৱা : অহ্। সেইটো ক’বলৈ অলপ অসুবিধা। কিন্তু যি নহওক বিজুদাৰ লগত মই বহুত কাম কৰিছোঁ বাবে বিজু দাকে ভাল লাগে; কিন্তু বাকীসকলৰ লগতো বন্ধু ভাবেই কাম কৰিছোঁ। নতুন,পুৰণি কাৰো মাজত মই বেছি পাৰ্থক্য নেদেখোঁ।

ফটাঢোল : নতুন কিবা পৰিকল্পনা হাতত লৈছে নেকি?

মৃদুলা বৰুৱা : আচলতে বহুদিন মই কোনো কাম হাতত লোৱা নাছিলোঁ। মোৰ ব্যক্তিগত অসুবিধাৰ বাবে। মোৰ ভৰিত চাৰিবাৰকৈ অপাৰেচন হ’ল। গতিকে সাহস কৰা নাছিলোঁ। এতিয়া অলপতে মই এখন নতুন বোলছবি কৰিছোঁ ‘জীৱনৰ সন্ধানত’। নতুন ল’ৰা ছোৱালী, নতুন পৰিচালক। চৰিত্ৰটো ভাল লাগিছে মোৰ। সেইখনৰ কাম প্ৰায় শেষ। কেতিয়া মুক্তি পাব ঠিক হোৱা নাই।

ফটাঢোল : দূৰদৰ্শনত ধাৰাবাহিকত কাম কৰাৰ পৰিকল্পনা নাই নেকি? আমি আপোনাক দূৰদৰ্শনত চাব বিচাৰোঁ?

মৃদুলা বৰুৱা : (হাঁহি) হয় নেকি? চাওঁ কি হয়? ধাৰাবাহিকো আহিছে দেই। কিন্তু একেৰাহে শ্বুটিঙবোৰ কৰিব লাগে বাবে মোৰ অলপ অসুবিধা আছিল। তথাপি চাওঁ, যদি ভাল চৰিত্ৰ পাওঁ নিশ্চয় কৰিম।

ফটাঢোল : আমাৰ ফটাঢোলৰ বিষয়ে কি ক’বলৈ বিচাৰিব? যদিও পঢ়া নাই আমাৰ আলোচনীখনৰ বিষয়ে কিবা ক’ব বিচাৰিবনে? ব্যঙ্গ সাহিত্যৰ প্ৰচাৰ আৰু তাৰ ক্ষেত্ৰত আমি কৰা প্ৰয়াসটো। আপুনি কি ভাবে?

মৃদুলা বৰুৱা : ব্যঙ্গ সাহিত্য জৰুৰী। কিন্তু ব্যঙ্গ ছবি এখন কৰিবলৈ, মানে কমেডি কৰিবলৈ বৰ টান কিন্তু৷ কমেডি চিনেমা এখন যদি কোনোবাই কৰে বহুত সাৱধানে কৰিব লাগে আৰু ইয়াৰ জৰিয়তে মেচেজো এটা দিব পাৰি সমাজত আৰু মেগাজিন এখন লাগে কাৰণ ইয়াৰ জৰিয়তেও মেচেজ যায় নিশ্চয়। সেইখন মানুহে পঢ়ি কেইটামান কথা শিকিব পৰাটো একো বেয়া নহয়। গতিকে ব্যঙ্গৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ আছে।

ফটাঢোল : বাইদেউ বহুত ধন্যবাদ আমাক আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে। খুবেই ভাল লাগিল আপোনাক লগ পাই। আমাৰ লগত আপোনাৰ অভিজ্ঞতাবোৰ ভগালে, আমাক বহুত কথা শিকালে তাৰ বাবে অশেষ ধন্যবাদ। আমাৰ সমূহ ফটাঢোল সদস্য তথা আমি দুয়োজনৰ পৰা আপোনাক শুভেচ্ছা দিলোঁ আৰু আপোনাৰ সু স্বাস্থ্য কামনা কৰিলোঁ। আশা কৰোঁ আপুনি আমাক নতুন চিনেমা উপহাৰ দিব। আমি আপোনাক পুনৰ ৰূপালী পৰ্দা, দূৰদৰ্শনত দেখা পাওঁ যেন। আপুনি সকলোৰে প্ৰিয়।

মৃদুলা বৰুৱা : বহুত বহুত ধন্যবাদ। ময়ো ফটাঢোলৰ সকলো কৰ্মকৰ্তাকে, তোমালোক দুয়োজনলৈ মোৰ আন্তৰিক ধন্যবাদ জনালোঁ। ময়ো বহুত শিকিলোঁ তোমালোকৰ পৰা এইখিনি সময়তে।

ফটাঢোল : আমাৰ আলোচনীখন পঢ়িলে ভাল পাম। ধন্যবাদ বাইদেউ।

☆★☆★☆

16 Comments

  • Binoy das

    খুবেই ভাল লাগিল৷ বাইদেউ মোৰ মাৰ প্ৰিয় অভিনেত্ৰী৷
    সাক্ষাৎকাৰটো পঢ়ি থাকোতে অসমীয়া চিনেমাৰ সেই সোণালী যুগটোৰ মাজেৰেে গৈ থকা যেন লাগিল৷

    এনেকুৱা সাক্ষাৎকাৰ আৰু আশা কৰিলো৷

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

    বঢ়িয়া লাগিল,বাইদেউৰ কথাবোৰ জানিব পাৰি।

    Reply
  • ডলী তালুকদাৰ

    বাইদেউক লগ পাই বহুত ভাল লাগিল।তেওঁক লগ পোৱাটো মোৰ বাবে সৌভাগ্য বহুত। ধন্যবাদ ফটাঢোল॥

    Reply
  • ভাল লাগিল সাক্ষাৎকাৰটো . .

    Reply
  • . Chidananda borah

    বঢ়িয়া !!

    Reply
  • উৎপলা ভূঞা

    মৃদুলা বৰুৱা মানুহগৰাকী দেখিলে চিনেমা ত খুব এটা ভাল লাগি যায়।তেখেতৰ বিষয়ে ইমান খিনি কথা জানি ভাল লাগিল।

    Reply
  • নীলাঞ্জনা

    শ্ৰদ্ধা জনাইছো বাইদেউক৷ ??

    Reply
  • ভাল পালোঁ মোৰ প্ৰিয় অভিনেত্ৰীগৰাকীৰ সাক্ষাৎকাৰতো৷

    Reply
  • ৰিণ্টু

    প্ৰিয় অভিনেত্ৰী গৰাকীৰ বিষয়ে কিছু কথা জানিব পাৰি বৰ ভাল লাগিল।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বহুত ভাল পালো

    Reply
  • Anonymous

    এই সাক্ষাৎকাৰটোৱে আলোচনীখনৰ সৌস্ঠৱ বৃদ্ধি কৰিলে। বঢ়িয়া।

    Reply
  • কমলা দাস

    খুব ভাল লাগিল।

    Reply
  • ৰিমঝিম

    খুউব ভাল লাগিল প্ৰিয় অভিনেত্ৰীগৰাকীৰ নজনা কথাবোৰ জানি।

    Reply
  • অনুৰূপ মহন্ত

    ভাল লগা অভিনেত্ৰী গৰাকীৰ সাক্ষাৎকাৰ টো বৰ ভাল লাগিল। বিশেষ কৈ হাঁহি উঠা অভিজ্ঞতা কেইটা।

    Reply
  • হেমন্ত কাকতি

    বৰ ভাল লাগিল তেওৰ বিষয়ে জানি৷

    Reply
  • মানসী বৰা

    বৰ ভাল লাগিল..বাইদেউৰ অভিনয় মোৰ অতি প্ৰিয় ..

    Reply

Leave a Reply to বিজু বুঢ়াগোহাঁ‌ই Cancel reply

Your email address will not be published. Required fields are marked *