ফটাঢোল

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১) নিলাক্ষী কাকতি : ফটহুকাই আপুনি ঘৰখনত শান্তিৰ বাতাবৰণ ধৰি ৰাখিবলৈ কি কি কৰে?
উত্তৰ : মই শান্তি বোলা শব্দটোৰ সংজ্ঞাকে সলাই লৈছোঁ। কপৌ চৰাইৰ ঠাইত বেলনা মাৰিক শান্তিৰ প্ৰতীক সাজি লৈছোঁ। গতিকে মোৰ সংসাৰত শান্তিয়েই শান্তি।
২) ৰিণ্টুমণি দত্ত : মোৰ এটাই প্ৰশ্ন, বিজয় মহন্তৰ  মুখখন ইমান ফটা কিয়, চিলোৱাৰ কিবা উপায় আছে নেকি?
উত্তৰ : একেবাৰে হাড়ৰ মজ্জাত সোমাই থকা বেমাৰ সেইটো, চিলোৱাৰ কোনো উপায় নাই। থাকিলেনো মই এই গেলা গৰমত প্ৰশ্নোত্তৰ লিখি থাকোনে?
৩) সৌৰভ শৰ্মা : ফটাঢুলীয়াৰ ইজনে সিজনৰ ঘৰত খাই ফুৰাত যোহটীয়া নে তেজপুৰীয়া ঢুলীয়া-নাচনী শীৰ্ষত?
উত্তৰ : একদম তীব্ৰ প্ৰতিদ্বন্দিতা, কোনো কম নহয়। পিচে শেষৰ দুদিনমান যোহটীয়া পাৰ্টি আগুৱাই আছে যেন পাওঁ। পিচে ভাল লাগিছে; এইখন যুঁজ চলি থাকক, এইখন মৰমৰ যুঁজ। ঘৃণাৰ যুঁজৰ দিনবোৰ ওকলক।
৪) অনিমা দাস : মাক-দেউতাকে ল’ৰা-ছোৱালীক গণনা কৰি দিয়া নামটোৰে নামাতে। মৰমতে দিয়া নামটোৰে মাতে। এটা সময়ত ডাঙৰ হ’লেও সেই নামটোৰে মাতে। ফটহু কাই ইয়াৰ কাৰণ আপুনি জানে নেকি?
উত্তৰ : মাক-দেউতাকৰ কাৰণে সন্তান সদায় সৰু হয়েই থাকে, যিমানেই বয়স নহওক কিয়!
৫) ডলী তালুকদাৰ : গাখীৰ ফাটিলে চিলাব নোৱাৰি কিয়?
উত্তৰ : আপুনি চেষ্টা কৰি চাইছে জানো! মুঠেও নাই কৰা। ভাল পৰিষ্কাৰ বেজী এটা লৈ দুদিনমান একাগ্ৰ চিত্তে ফটা গাখীৰ চিলাবলৈ চেষ্টা কৰকচোন, চাওক কি হয়!
৬) ৰাজশ্ৰী শৰ্মা : পুৰুষসকলে নাৰীয়ে পৰচৰ্চা আৰু কাজিয়া বেছি কৰে বুলি কয় কিন্তু ফেচবুকীয়া জগতত পুৰুষ পুৰুষৰ মাজৰ কাজিয়া বেছি দেখিবলৈ পোৱা যায় কিয়?
উত্তৰ : কাজিয়া আৰু পৰচৰ্চাৰ পাৰ্থক্য নাই জানো?
৭) চাও খুন শিৱ : শুনিছোঁ চন্দ্ৰলৈ আমাজনে মানুহ ভাড়াত পঠিওৱাৰ ব্যৱস্থা কৰিব৷ যদি হয়গৈ তাত অসমীয়া খাদ্যৰ ধাবা এখন খুলিম চলিব নে?
উত্তৰ : গাহঈ আৰু লালকণ পোৱাৰ ব্যৱস্থা থাকিলে নচলাৰ কথা নাই। কিন্তু সমস্যা সেইটো নহয়, সমস্যা হ’ল অসমীয়া এথনিক খাদ্যৰ ধাবাৰ নাম বিছাৰি উলিওৱাটো। জাকৈ, খালৈ, ভোট জলকীয়া, খৰিছা, জুহাল, গৰৈ-চেঙেলী, জাতীয় এথনিক যেন লগা নামবোৰ দেখোন সকলোৱে লৈ শেষেই কৰিলে। এতিয়া শামুক, চেলাপটি জোক, ঢোঁৰাসাপ জাতীয় নামবোৰহে বাকী আছেগৈ। এইবোৰ নামেৰে ধাবা চলিব জানো?
৮) নিৰ্মালি বৰমুদৈ : বিউটি পাৰ্লাৰ আৰু ষ্টেডিয়াম শব্দ দুটা আজিলৈকে অসমীয়াত কোৱা মানুহ নাপালোঁ। আপুনি কি বুলি কব?
উত্তৰ : সৌন্দৰ্যচৰ্চা চ’ৰাঘৰ আৰু আসনযুক্ত আবদ্ধ খেলপথাৰ।
৯) পৰিস্মিতা বৰদলৈ : ফটহু কাই, মানুহৰ বেছি ভোক  লাগিলে মুখখনৰ লগতে নাকেৰেও খোৱাৰ ব্যৱস্থা কৰিব  নোৱাৰিনে?
উত্তৰ : কিয় নোৱাৰি? ৰাইলচ পাইপ বুলি বস্তু এটা আছেইচোন, আই চি ইউত থকা ৰোগীক যে লগাই দিয়ে। তেনেকুৱা কিবা এটা ফিটিং কৰি ল’লেই হ’ল।
১০) চিদানন্দ বৰা : ফটাঢোল ‘লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড’ৰ বঁটাটি যদি আজিৰ তাৰিখত নগদ এক লাখ  টকা সহ ফটাঢোলৰ পৰা আগবঢ়ায় ফটহু কায়ে কাক  প্ৰদান কৰিব?
উত্তৰ : সেইটো বঁটাৰ বাবে ফটহুতকৈ যোগ্য আৰু কোন হ’ব পাৰে, বঁটাটো ফটহুৱে নিজেই লৈ থ’ব, দহে যি বোলে বোলক।
১১) কমলা দাস : ফটহু কাই, মঙ্গল গ্ৰহত ফুল ৰুবলৈ মন আছে। পিচে শণিয়ে বাধা দি আছে। কি কৰিম?
উত্তৰ : শণিয়ে নেদেখাকৈ বৃহস্পতি আৰু শুক্ৰৰ আঁৰ লৈ মংগল গ্ৰহলৈ যাওক, অসুবিধা পালে সূৰ্যৰ কাষেৰে গৈ নিজকে শ্লিংশ্বট মৰাই একেকোবে মংগলত লেণ্ডিং কৰিব পাৰিব, শণিয়ে দেখাই নেপাব। পিচে যাওঁতে পানীৰ বটল এটা লৈ যাবলৈ নেপাহৰিব, বৰ গৰম বোলে মংগল গ্ৰহত।
১২) পৰিস্মিতা গগৈ : ফটহু কাই ফুলৰি নবনোৱাকৈ চাটনি বনাব পাৰিনে? যদি পাৰিয়ে “ফুলৰি বিনা চাটনি কেইচে বনি” বুলি ইমান হৈ চৈ কিয়?
উত্তৰ : নোৱাৰি চাগে, সেইকাৰণেহে ৰাইজে ইমান হৈ চৈ কৰিছে আগৰ কালত৷
১৩) মনালিছা দাস : ফটহু কাই, ফেচবুকৰ নতুন ধুমুহা মানে JEC পঢ়ি যে অৰ্ণৱৰ বহুত প্ৰেমিকাৰ সৃষ্টি হৈছে৷ ইয়াৰ মানে অসমত এতিয়া বাহুবলী চিনেমাৰ প্ৰভাসৰ  প্ৰেমিকা কমিছে বুলি ভাবেনে?
উত্তৰ : প্ৰভাসৰ কমিছে বহুত, পিচে চালমান খানৰ কমা নাই বুলি তথ্যভিজ্ঞ মহলে মত পোষণ কৰিছে।
১৪) দীপংকৰ দাস : ফটা প্ৰশ্নৰ জোৰ বেছি নে নফটা প্ৰশ্নৰ জোৰ বেছি? ফটা প্ৰশ্নৰ নফটা উত্তৰ পোৱা যায়নে? প্ৰশ্ন এটা কেতিয়া ফটা প্ৰশ্ন হয় আৰু কেতিয়া নফটাকৈ থাকি যায়? ফটা-নফটা বহুত হ’ল, বোলো লাজ ক’ত লাগে?
উত্তৰ : প্ৰভূ ঈশ্বৰ! ক্ৰিকেটৰ দিন বুলি গোটেইসোপা বাওন্সাৰ একেলগে মাৰি দিব নেপায় নহয়। এনেই অমুকা টেইল এণ্ডাৰ মানুহ, একেকোবে প্ৰশ্নবাণৰ তূণ খালি কৰি পেলালে যেন পাইছোঁ। বাৰু শুনক
ক) ফটা ডালিমৰ সোৱাদ বেছি, ফটা প্ৰশ্নৰ জোৰ বেছি৷
খ) পৰ্বতৰ ওপৰত কাচকণী বিছাৰি পাব পাৰে, কিন্তু ফটাপ্ৰশ্নৰ নফটা উত্তৰ পোৱা অসম্ভৱ৷
গ) মাহৰ মাৰ দেখি তিলে বেত মেলাৰ দৰে ফটাঢোলত আহি সোমোৱাৰ লগে লগে প্ৰশ্নবোৰ ফটাপ্ৰশ্ন হৈ যায়।
ঘ) ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো হোৱাৰ দৰে, মানুহভেদে লাজ লগাৰ ঠাইবোৰো ভিন ভিন হয়, পিচে বেছিভাগৰে নাকতে লাগে লাজটো।
১৫) পূৰ্ণময়ী মেধি : হিয়া বোলে ভাঙে, ক’তা মইচোন দেখাই নাই ভঙা টুকুৰা? শুনামতে যিমান ভাঙিছে, থ’বলৈ জেগাই নহ’ল হয়!
উত্তৰ : ভাঙে হয়, পিচে আকৌ নিজে নিজে জোৰাও লাগি যায়। সেইখন এনেয়ো অলপ গন্দগোলীয়া বস্তু, সেইখনক বৰকৈ পাত্তা দিব নেলাগে।
১৬) ভাস্কৰজ্যোতি আচাৰ্য : গৰুৱে হেম্বেকৈ মাতে, গতিকে হেম্বেলিয়ায়, ছাগলী বে বেকৈ মাতে, গতিকে বেবায়৷ কাউৰীয়ে কা কা কৰে,  অথচ  ৰমলিয়ায়  কিয়? কাউৰীৰ মাতত দেখোন ৰমলৰ এটা ধ্বনিও নাই।
উত্তৰ : কাউৰীৰ মাকৰ নাম ৰমলা আছিল হ’ব পায়।
১৭) নয়নজ্যোতি বৰঠাকুৰ : হেৰা ফটহুকাই, ক) দুটা আলমাৰি, দুডাল আলনা তেখেতৰ কাপোৰেৰেই ঠাহ খাই থকাৰ পাছতো ক’ৰবাত যাবলৈ ওলোৱাৰ সময়ত তেখেতে পিন্ধিবলৈ কাপোৰেই নাই বুলি কিয় কয় বাৰু?
উত্তৰ : ক) সেইকণ কথা নুবুজিলে আপুনি কি সংসাৰ কৰি খাবহে? আলমাৰি আৰু আলনাত থকা কাপোৰবোৰ পিন্ধাৰ উপযোগী নহয় কাৰণ,
১।  আগতে পিন্ধা মানুহে দেখিছে
২। ডিজাইন পুৰণা হ’ল
৩। অকেজনটোৰ লগত নিমিলে
৪। চাইজ সৰু হ’ল
৫। চাইজ ডাঙৰ হ’ল
৬। ইমান গৰমত ফুলশ্লীভ পিন্ধিব নোৱাৰি
৭। শ্লীভলেছ পিন্ধিবলে লাজ লাগে
৮। তেনেকুৱা কাপোৰ বৰুৱানীৰো আছে
৯। ইস্ত্ৰি কৰা নাই
১০। দহি বটা হোৱা নাই
ইত্যাদি…
কেনেকে পিন্ধিব হে? নতুন এজোৰ লাগিবই লাগিব।
১৮) দিলীপ ৰঞ্জন কাকতি : ফটাহুকাই প্ৰেমত পৰিলে কেনেকে উঠি আহিব পাৰি ?
উত্তৰ : প্ৰথমতে পৰি থকাতে ওপৰমূৱা হৈ দিয়ক, লাহেকে হাত দুখনত জোৰ দি শৰীৰৰ উৰ্ধাংগ চিধা কৰক। তাৰ পাছত সাৱধানে এটা ভৰি কোঁচাই উঠিবৰ চেষ্টা কৰক। পাৰিব, বৰ বেছি টান কাম নহয়। আৰু মাজে মাজে অসমীয়া জোৰৰ মাতকেইটা মাতি থাকিব। সহজেই উঠি যাব। উঠিবৰ চেষ্টা কৰিলেই দেখিব, সহায়ৰ হাত আগুৱাই দিয়া মানুহ দুনীয়াত বহুত আছে। আপোনাৰ আগৰ প্ৰেমৰ পাত্ৰ/পাত্ৰীগৰাকীয়েই একমাত্ৰ ভাল মানুহ নহয়।
১৯)  হৃষিকেশ ডেকা : ফটহু কাই, আপুনি যদি  এইবাৰ বিশ্বকাপ ক্ৰিকেট খেলাৰ সুবিধা পালেহেঁতেন, তেতিয়া  আপুনি খেলিবলৈ গ’লহেঁতেন নে?
উত্তৰ : মুঠেও নেযাওঁ। ৰ’দে বৰষুণে সেই টাংগুটিখন মৰিয়াই ধৰিয়াই ফুৰিবলে মোৰ সময়ো নাই, বয়সো নাই।
২০) ৰাজু কুমাৰ নাথ : ফটহুকাই, ব্যংগ আৰু ফটুৱামীৰ পাৰ্থক্য কি?
উত্তৰ : ফটহু আৰু ড°এ পি জে আব্দুল কালামৰ মাজত যিমান পাৰ্থক্য, ব্যংগ আৰু ফটুৱামীৰো সিমানেই পাৰ্থক্য।
২১) মৌচুমী গগৈ : জৱাহৰ লাল নেহৰুৱে কৈছিল যে, “এলাহ আমাৰ প্ৰধান শত্ৰু।” আনহাতে মহাত্মা গান্ধীয়ে কৈছিল যে, “শত্ৰুক সদায় মৰম কৰিব লাগে।” এতিয়া  চাচাৰ কথা শুনিম নে বাপুৰ কথা শুনিম? ফটহু কাই জনাব নেকি?
উত্তৰ : মই দুইজনৰ কথাই শুনো, ডাঙৰৰ কথা পেলাব নেপায়। সেয়ে মই মোৰ এলাহকণক বৰ মৰমেৰে ৰাখোঁ। উত্তৰটো দীঘলকে লিখিবলে মন আছিল, পিচে এলাহ লাগিছেচোন।
২২) দেৱজিত শৰ্মা : ফেচবুকৰ যোদ্ধা কেই প্ৰকাৰ আৰু কি কি?
উত্তৰ : ফেচবুকৰ যোদ্ধা সকলো একে প্ৰকাৰৰে, ৰণক্ষেত্ৰবোৰহে বেলেগ। মন কৰিবচোন আমাৰ প্ৰফেচনেল বুদ্ধিজীৱি আৰু ফেচবুকৰ বৰফুকনসকলৰ মাজত বহুত মিল আছে। তেওঁলোক সকলো ক্ষেত্ৰতে বিষাৰদ, আৰু তেওঁলোকে ৰণ লাগি থাকিলে ভাল পায়।
২৩) জ্ঞান বৰদলৈ : জীৱনৰ যুঁজত প্ৰতিপক্ষ কোন?
উত্তৰ : জীৱনেই।
২৪) প্ৰবাল খাটনিয়াৰ : মানুহে খাই জীয়াই থাকে নে? খাবলৈ জীয়াই থাকে?
উত্তৰ : মানুহজন কোন সেইটো কথাৰ ওপৰত নিৰ্ভৰ কৰে, মোৰ কথা ক’বলে হ’লে মইতো কেৱল খাবলৈকে জীয়াই আছোঁ৷
২৫) আদিত্য জ্যোতি বৰঠাকুৰ : মগজুৰ মামৰ আঁতৰোৱাৰ কিবা চিষ্টেম আছে নে?
উত্তৰ : চিৰিচ পেপাৰ খাই চাওকচোন, ভাল নহ’লে জনাব। মোৰ ওচৰত তাতকৈয়ো হেভী দৰব আছে।
২৬)লুনা বৰা : মানুহবোৰ যদি পৰিভ্ৰমী চৰাইবোৰৰ দৰে হ’ল হয়, তেতিয়া? মানে অনুকূল, প্ৰতিকুল বতৰ, পৰিস্থিতি অনুসৰি উৰি ফুৰা বিধৰ৷
উত্তৰ : ঘৰ বনোৱাৰ খৰছ কমিলেহেঁতেন, ফ্লেটৰ প্ৰিমিয়াম ইন্সুৰেন্স একো দিব লগা নহ’লহেঁতে।
২৭) তবিবৰ ৰহমান : এজন সফল পুৰুষৰ আঁৰত এগৰাকী মহিলা থকা বুলি কোৱা হয়, এগৰাকী সফল মহিলাৰ আঁৰত কোন থাকে।
উত্তৰ : এগৰাকী মহিলাৰ সফলতাৰ আঁৰত যিকোনো মানুহ থাকিব পাৰে, যেনে মাক, দেউতাক, বন্ধু, ককাই-ভাই, ভনী, খুড়া, পেহী, মামা, বিয়াৰ আগৰ প্ৰেমিক … যিকোনো, কেৱল নিজৰ মানুহজনৰ বাহিৰে।

☆★☆★☆

3 Comments

Leave a Reply to হেমন্ত কাকতি Cancel reply

Your email address will not be published. Required fields are marked *