ফটাঢোল

বাৰ্ডে কেক– হীৰকজ্যোতি বৈশ্য

ঘটনাটো হৈছে মোৰ জন্মদিনৰ। মই তেতিয়া পঞ্চম শ্ৰেণীৰ ছাত্ৰ। চুবুৰীৰ বন্তি আৰু মই নলে গলে লগা বন্ধু। সেই সময়ত লগৰ দুজনমানে নিজৰ নিজৰ জন্মদিনত বাৰ্ডে কেক বোলা নতুন বস্তু এটা চুৰিৰে কাটি আমাৰ বয়সৰ সকলোকে বেছ তবধ লগাই থৈছিল। এইটো অবিহনে হেনো চহৰত জন্মদিন হ’বই নোৱাৰে। বাৰ্ডে কেক মই তেতিয়ালৈকে দুবাৰহে দেখিছিলো। প্ৰথমতে ওচৰৰ দুলালহঁতৰ টিভিত এদিন দেখিছিলো, সৰু ল’ৰা এজনৰ জন্মদিনত ৰংচঙীয়া ঘূৰণীয়া বস্তু এটাৰ চাৰিওফালে মমবাতি জ্বলাই লৈ চুৰি এখনেৰে কাটিছে, মাকক খুৱাই দিছে, দেউতাকক খুৱাই দিছে, লগৰ বোৰক খুৱাই দিছে আৰু তাৰপিছত লগৰবোৰে তাক বহুত উপহাৰ দিছে আৰু দ্বিতীয়বাৰ দেখিছিলো কেইমাহমানৰ আগত বন্তিৰ জন্মদিনত। তায়ো বহুত মানুহৰ মাজত নতুন ফুটফুটীয়া ফ্ৰকটো পিন্ধি দেউতাকে আনি দিয়া সেই ঘূৰণীয়া কিবাটো চুৰী এখনেৰে কাটিছিল। তাইৰ মাকে হেনো গুৱাহাটীত থকা মাহীয়েকৰ পুতেকৰ জন্মদিনত এনেকুৱা বাৰ্ডে কেক কটা নিয়মটো দেখি আহিছিল। গুৱাহাটীৰ আদব-কায়দা ভাই, বেয়াতো হ’বই নোৱাৰে! আমি গাঁৱৰ ভূতমখাই পিছ হোঁহকা দি থাকিম কিয়? কেকটো কটাৰ সময়ত মাকজনীয়ে চোন কিবা “হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ” বুলি আওৰাইছিল আৰু আমাকো আওঁৰাবলৈ কৈছিল। আমিও আওৰাইছিলো একেদৰে। সৰু সৰু একোটুকুৰা কেক আমাকো খাবলৈ দিছিল। বাঃ ইমান যে সোৱাদ লগা আছিল। জিভাত দিলেই যেন পমিহে যাব। আমন্ত্ৰিত মানুহবোৰে তাইক হৰেক ৰকমৰ ৰং-চঙীয়া উপহাৰ দিছিল। কি যে ভাল লাগিছিল!

কথাটো ভাবিয়ে মোৰ মনটো ৰিমঝিম ৰিমঝিম কৰিলে। কাইলৈ মোৰ জন্মদিন। এতিয়ালৈকে যিমান বাৰ মোৰ জন্মদিন আহিছে, প্ৰতিবাৰেই মায়ে চুবুৰীৰ তিৰোতাসকলক মাতি চোতালত নাম জুৰে। নাম শেষ হ’লে তিৰোতাসকলক চাহ-জলপান খুৱায়। খাই-বৈ তিৰোতাসকলে “বাছাৰ ভাল হ’ব”, “বাছাৰ ভাল হ’ব” বুলি কৈ গুচি যায়। মায়ে দিয়া নতুন গেঞ্জী বা হাফপেণ্ট আৰু দেউতাই দিয়া মহৎ লোক এজনৰ জীৱনী কিতাপখনৰ বাদে আৰু কোনেও একো উপহাৰ নিদিয়ে মোক। ধেৎ, সেয়াও কিবা জন্মদিন হ’লনে! এইবাৰ নহ’ব এনেকৈ। মোকো লাগিব বাৰ্ডে কেক। লাগিবই। লগৰবোৰক মাতিম। উপহাৰো পাম। এতিয়া দেউতাক সৈমান কৰাৰহে কথা।

ভয়ে ভয়ে দেউতাৰ ওচৰলৈ গ’লো। কথাটো ক’লো। দেউতাই একো কোৱা নাই। মই বাৰে বাৰে কৈ থকাত দেউতাই ঘোপাকৈ চাই ক’লে,

-“কেক কাটিবি? হ’ব দে কাইলৈ পুৱাই লৈ আনিম।”

মই আচৰিত। দেউতাই গালিও নিদিলে অথচ লগে লগে সৈমানো হ’ল! ইমান ভাল দেউতা‍! বন্তিৰ দৰে আজি মোৰো ক’বলৈ মন গ’ল- মোৰ দেউতাও চিনেমাৰ হিৰোৰ দৰে!

আনন্দত আত্মহাৰা হৈ স্কুললৈ গ’লো।

-“অ’ই কালিলৈ মোৰ জন্মদিন। আবেলিকৈ আমাৰ ঘৰলৈ আহিবি সকলোৱে। বাৰ্ডে কেক আনিব দেউতাই। আৰু এটা কথা নাপাহৰিবি। কেকটো মই কাটিবৰ সময়ত তহঁতে ডাঙৰ ডাঙৰকৈ ক’বি হেপি বাৰ্ডে টু ইউ। আহিবি দেই।”

লে’জাৰ পিৰিয়ডত মোৰ লগৰ ছয়জনক মাতিলো। আচলতে মোৰ ভাল লগ সাতজন। কালি আগৰ শাৰীত বন্তিৰ কাৰণে ঠাই ৰখাৰ বাবে ৰতনৰ লগত মোৰ কাজিয়া লাগিছিল। বন্তিৰ ঠাইখিনিতে সি বহিব খুজিছিল। মই নিদিওঁ। সি স্কেলেৰে মোক কোব এটা সোধালে। ময়ো তাৰ পিঠিত ঘোচা এটা বহাই দিলো। তথাপি বন্তিৰ ঠাইত বহিব নিদিলো। তাৰ লগত মোৰ মতামতি নাই কালিৰ পৰা। হ’লেও জন্মদিনত এটা উপহাৰৰ আশাত তাক ক’লো,
-“ৰতন, তয়ো আহিবি কাইলৈ।”

সিও মিচিকিয়াই হাঁহি ক’লে,

-“ওঁ।”

পিছদিনা ৰাতিপুৱা উঠি দেখো দেউতা নাই। ভাবিলো কেক আনিবলৈ গৈছে চাগে। আবেলিটোৰ বাবে মনতে জল্পনা-কল্পনা কৰোতে এঘাৰ বাজিল। দেউতাই বাহিৰৰপৰাই মাত লগালে,

-“অ’ নোমল, তোৰ কেক আহি গ’ল।”

একে জাঁপে দৌৰি গ’লো। বাঃ! কার্টনৰ ভিতৰত আনিছে! ইমান ডাঙৰ কাৰ্টন! কেকটোও চাগে ইমানেই ডাঙৰ। আপোনা আপুনি হাঁহি এটা ওলাই আহিল। কেকটো এবাৰ চাবলৈ খুব মন গ’ল। দেউতাক ওজৰ দেখুৱালো এবাৰ চাবৰ কাৰণে। দেউতাই ক’লে,

-“এতিয়া নালাগে। খৰধৰ কৰোতে কেনেবাকৈ কেকটো ভাঙি গ’লে সকলো অথলে যাব। একেবাৰে আবেলি খুলি দিম।”

ইমানকৈ কোৱাৰ পিছতো দেউতাই নামানিলে। হওক তেনে। আবেলি হ’বই অলপ পিছত।

আবেলি হ’ল। লগৰবোৰ আহিল ধুনীয়া কাপোৰ পিন্ধি। বন্তিও তাইৰ সেই ফুটফুটীয়া ফ্ৰকটো পিন্ধি আহিল। ফুটফুটীয়া ফ্ৰকত ইমান ভাল লাগে তাইক! ময়ো মায়ে আনি থোৱা নতুন গেঞ্জী, নতুন চোলা আৰু নতুন হাফপেণ্ট পিন্ধি সাজু হ’লো। লগৰকেইটাৰ লগত টেবুল এখন বাৰান্দালৈ উলিয়াই আনি মম কেইডালমান টেবুলখনৰ কাষে কাষে জ্বলাই দিলো। দেউতাক কেকটো উলিয়াই অনাৰ কথা ক’লো।

দেউতাই কেকটোৰ ওচৰলৈ গ’ল। পিছে পিছে মই। কাৰ্টনটো আৱৰি থকা ৰছীৰ বান্ধবিলাক দেউতাই খুলি দিলে। মই চকু ডাঙৰ কৰি দিলো। কেনেকুৱা বা ৰং কেকটোৰ। টিভিত দেখা কেকটো বগা আছিল, বন্তিৰ কেকটো গুলপীয়া। মোৰটো একা? দেউতাই লাহে লাহে হাতখন সুমুৱাই দিলে কাৰ্টনৰ ভিতৰত। মই এবাৰ সেপ ঢুকি মনতে আওৰালোঁ,

-“হেপি বাৰ্ডে টু ইউ…।”

লগে লগে ক’ৰবাৰ পৰা যেন “হেপি বাৰ্ডে টু ইউ…”ৰ অনেক গুণগুণনি আহি মোক উপচাই পেলালে। দেউতাই লাহে লাহে উলিয়াই আনিলে। আৰে এয়া কি!! এটা প্ৰকাণ্ড জাতিলাও!!!

মোৰ জন্মদিনত হাঁহিৰ ৰোলে চুবুৰী কঁপালে। সেই কঁপনিয়ে মোক এচিকুটো ভালৰি লগাব নোৱাৰিলে।

পিছদিনা পুৱা মোৰ প্ৰচণ্ড অনিচ্ছা সত্ত্বেও দেউতাই স্কুললৈ যাবলৈ ক’লে। মই নাযাওঁ। দেউতাৰ ৰঙা চকু। দেউতাই ক’লে যে মোক চাইকেলেৰে থৈ আহিবগৈ স্কুলত। হ’লেও আজি যাবৰ মন নাই। সকলোৱে আজি মোক জোকাব। বন্তিয়েও। দেউতাই চাইকেলত উঠাই মোক লৈ গ’ল। ৰাস্তাত বন্তিৰ মাকে দেউতাক মাত লগালে,

-“কিহে নোমলৰ দেউতাক, কালি পুতেকৰ জন্মদিনত লাও এটুকুৰা দি পঠিয়ালে যে?”

দেউতাই এখন ভৰি নমাই চাইকেলৰ ওপৰত বহিয়েই হাঁহি এটা মাৰি ক’লে,

-“কি ক’ব বন্তিৰ মাক, ল’ৰাক চহৰীয়া নে বিলাতী কেক লাগে। মই বোলো এইবিলাক নিজেও খাব নালাগে লগৰ পেন্দুকণা কেইটাক খুৱায়ো জিভাত ৰং লগাব নালাগে। তাতকৈ ঘৰৰে জাতিলাওটো খা। নিজেও খা, আনকো খুৱা। বহুত উপকাৰী। কেক কটাৰ দৰেই চুৰীৰে ঘেচেক ঘেচেককৈ কাটি ভগাই দিয়ালো আৰু। হেঃ হেঃ হেঃ। লাওটুকুৰা মিহিকৈ কাটি পুঠি-খলিহনা দুটামানৰ লগত খাৰেৰে ৰান্ধি খাব, বাৰ্ডে কেকতকৈ বেছি তৃপ্তি পাব।”

কথাখিনি কৈ দেউতাই হাঁহি হাঁহিয়ে স্কুললৈ লৈ গ’ল মোক।

★★★★

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *