ফটাঢোল

শ্বুটিঙ – ডলী তালুকদাৰ

ছবিৰ কাহিনী, প্ৰযোজনা, চিত্ৰনাট্য, সংলাপ, একচন,সঙ্গীত,কন্ঠ,কৰিঅ’গ্ৰাফ: ডলী তালুকদাৰ।
পৰিচালনা: ডলী তালুকদাৰ
সহ: পৰিচালনা: দিগন্ত কুমাৰ ভট্টাচাৰ্য
কেমেৰা: অনুৰূপ সিং
মেকআপ: কাবেৰী মেহেৰা
হেয়াৰ ষ্টাইল: মৌচুমী কাপুৰ
স্পটবয়: হিতেশ বি কাপুৰ

অভিনয়ত: হেমন্ত ভাট,মাধুৰ্য্য খান,দিপাঙ্কৰ দেৱগন,দিম্পল শ্ৰুফ,নীলাক্ষী চাওঁলা,অৰবিন্দ স্বামী,বিজয় খান্না,ৰিন্টুমণি ৰামপাল,পূৰ্নময়ী চাওঁলা।

শ্বট ১লাইট,একচন,কেমেৰা…

কলেজৰ কমন ৰুম দেখোৱা হ’ব। তাত লুডু খেলি থাকিব ক্ৰমে মাধুৰ্য্য খান, দিম্পল শ্ৰুফ,দিপাঙ্কৰ দেৱগন আৰু অৰবিন্দ স্বামীয়ে।কাষত চানাচুৰ খায় বহি খেল চায় থাকিব বিজয় খান্নাই।
কেমেৰা ক্ল’জ আপত বিজয় খান্নাক দেখাব।চানা খোৱাৰ লগতে হাত চেলেকি থকা।তাৰপিছত দিম্পলক দেখাব আৰু ডায়লগ বুলি কোৱাৰ লগে লগে লাইট পৰিব দিম্পল আৰু অৰবিন্দৰ মুখত…
দিম্পল: (বিজয়লৈ চায়) আবে ইয়াৰ এই  হাত চেলেকি খোৱা স্বভাৱটো নগ’ল?
লগে লগে অৰবিন্দ স্বামীৰ মুখ ক্ল’জআপত দেখাব আৰু ডায়লগ দিব….
অৰবিন্দ: আৰে য়াৰ, মেকুৰীয়ে জানো মাছ খাবলৈ এৰিব?
আটাইয়ে একেলগে হাঁহিব।

বিজয়ৰ মুখত লাইট পৰিব আৰু ডায়লগ আহিব..
বিজয়: what is the connection between মেকুৰীৰ মাছ খোৱা আৰু মোৰ চানা খোৱা?
মাধুৰ্য্য আৰু দিপাঙ্কৰ(একেলগে): কানেকচন ইজ তহঁত দুয়ো হাজাৰ শিকালেও নিশিক।
তেনেতে নীলাক্ষীৰ প্ৰবেশ।কেমেৰাই প্ৰথমে তাইৰ উৰি থকা চূৰ্ণী খন দেখাব।তাৰপিছত কাণৰ কাণফুলি পাত দুলি দুলি থকা দেখাই ধুনীয়া হাঁহিৰে দিম্পলৰ কাষত থিয় হ’ব।
ডায়লগ বুলি ক’ব সহ পৰিচালক ভট্টাচাৰ্য্যই..
নীলাক্ষী: তোমালোকে এনেদৰে লুডু খেলিয়ে সময় কটাবা নে আমাৰ ফিল্মখনৰ কথাও ভাবিবা।
অৰবিন্দ: আৰে ফিল্ম বনালে নহয়,ডাইৰেক্টৰ আৰু প্ৰডিউচাৰো লাগিব দাৰলিং।
দিপাঙ্কৰ: আগৰ চিনেমাখনৰ আধা শ্বুটিং এৰি ডাইৰেক্টৰ,প্ৰডিউচাৰ,কেমেৰামেন চব পলাল ইহঁত দুটাৰ উৎপাতত।
কেমেৰাই একেলগে অৰবিন্দ স্বামী আৰু দিম্পল শ্ৰুফক দেখাব।দুয়ো খঙেৰে চাব দিপাঙ্কৰক।
নীলাক্ষী: তোমালোকে চিন্তা নকৰিবা।মই সকলো মেনেজ কৰিলো।মোৰ আংকল ৰিন্টুমণি ৰামপালে প্ৰডিউচ কৰিব আৰু তেওঁৰ ফ্ৰেণ্ড মুম্বাইৰ পৰা আহিব পৰিচালনা কৰিবলৈ মি. হেমন্ত ভাট। ঔখে।
সকলোৱে একেলগে ঔখে..

শ্বট২:

ৰ’ল….একচন… কেমেৰা…
নীলাক্ষী চাওঁলাৰ ঘৰ। মাধুৰ্য্য খান,আৰবিন্দ স্বামী,বিজয় খান্না,ৰিন্টুমণি ৰামপাল,দিপাঙ্কৰ শ্ৰুফ সকলো বহি থাকে।
সমুখত মি. হেমন্ত ভাট। মি.ভাটৰ পিন্ধনত মুৰত কাউবয় টুপী,চকুত সেউজীয়া চানগ্লাচ,ভৰিত চামৰাৰ চেণ্ডেল আৰু টাইট ফিটিং জিনচৰ লগত ৰঙা টিকটিকিয়া চাৰ্ট। চকু নীলাক্ষীৰ ফালে। কাষত মাক পূৰ্ণময়ী চাওঁলা।
ৰিন্টুমণি ৰামপাল: so, মি. ভাট আপকো হাম ইহা কিউ বুলায়া হ্যে আপকো পতা হি হ্যে। বাকী ইয়ে বচ্চা লোগ বোলেগা আপকো।
বিজয়: মানে আমি এক চিনেমা বনানা চাহতা হ্যে। ইচিলিয়ে আপোনাক বুলায়া হ্যে।
(বিজয়ৰ কথাৰ ওপৰতে মাধুৰ্য্যই ক’ব)
মাধুৰ্য্য : হামাৰা পেহলা ৱালা কেমেৰামেন অউৰ ডাইৰেক্টৰ ভাগ গয়া হ্যে দিম্পল অউৰ অৰবিন্দ কে ওভাৰ এক্টিং কে লিয়ে।ইচিলিয়ে ইচবাৰ আপকো বুলায়া হ্যে।
দিম্পল: মই ওভাৰ এক্টিং কৰা নাছিলো দে।তই এনেই নক’বি। ই অৰবিন্দই কোনোবা পেগুৰ কথা কৈ ব’ৰ কৰি দিছিল ডাইৰেক্টৰক! সেইকাৰণে পলাল।
মি.হেমন্ত ভাট: ok. পেহলে মই একতা কথা কব বিচাৰিম। মই অখমীয়া ক’বা পাৰে ভালকৈ আৰু বুজি ভি পায়।so,মোৰ লগত তোমালোকে হিন্দি নকলে ভি চলিব।মই আগতে অখমত পাঞ্চ বছৰ আছিলো।ইচিলিয়ে অখমীয়া জানো থোৰা থোৰা।
বাৰু এতিয়া যাওঁ। মই হোটেল বেলিভিউত আছো।গুৱাহাটীৰ বহত পুৰাণা হোটেল। মোৰ বহত ভাল লাগে। ব্ৰহ্মপুত্ৰ নদীখানো দেখা পায় থাকে।তোমালোকে কালি মোক নিব আহিবা আৰু লোকেচন দেখাবা শ্বুটিঙৰ কাৰণে।মি. ৰিন্টু মোক থৈ আহক।
ৰিন্টুমণি ৰামপালে থিয় হয় আৰু ডায়লগ দিয়ে..
মি. ৰিন্টুমণি ৰামপাল: – বলক, মই থৈ আহিম।আৰু পইচাৰ চিন্তা নকৰিব। কেৱল মোৰ ভতিজী জনীক লাইম লাইটত আনিব লাগে।মেইন ৰ’ল তাইৰে হ’ব লাগিব।

শ্বট ৩:
(পৰিচালক হেমন্ত ভাটৰ লগত বিজয় খান্না, মাধুৰ্য্য খান, আহি থাকে টমটমত বহি।দিপাঙ্কৰ দেৱগনৰ এনেতে  প্ৰবেশ। কেমেৰাই হেমন্ত ভাটক দেখাই, অলপ বিৰক্ত হোৱা দেখায়)

বিজয় খান্না: আহক , আহক আৰু আহিয়েই থাকক।
হেমন্ত ভাট: oh, my God.. আৰু কিতনা দুৰ আছে।বাপৰে বাপ।আপনিতো কহিছে আহক,আহক আৰু আহিয়ে থাকক।হামাৰতো ভাগৰ লাগি গৈছে।গাড়ী ভি কি এইটা টম টম না টুকটুক আনিছে।উপৰ চে ৰাস্তা ভি খাৰাব।হামাৰাতো কমৰ মে দৰ্দ আহি গৈছে।
মাধুৰ্য্য খান: মানে চাৰ, টমটম খন মোৰে।গতিকে বেলেগ গাড়ীৰ খৰছটো কমাইছো।
বিজয় খান্না: অকলে তোৰ কেনেকে হ’ব?মোৰো পাৰ্টনাৰশ্বিপ আছে গাড়ী খনত।আৰু আইডিয়াটো মোৰে আছিল পাহৰিলি?ৰামপাল আংকলৰ পৰা টেক্সীৰ ভাড়া লৈ টম টমত এখেতক লৈ অনা।

কেমেৰাই এবাৰ মাধুৰ্য্য আৰু এবাৰ মি. হেমন্ত ভাটক দেখাব।বিজয়ৰ কথা শুনি দুয়ো মুখ মেলি দিব।
এনেতে প্ৰযোজক ৰিন্টুমনি ৰামপাল আৰু পূৰ্ণময়ী চাওঁলা,নীলাক্ষীৰ প্ৰবেশ দেখায়, বগা এম্বেচাদৰৰ পৰা নামে।পিছে পিছে বাজাজ চুপাৰ স্কুটাৰত অৰবিন্দ আৰু দিম্পল নামে।

ৰিন্টুমনি ৰামপাল: মি.ভাট!সকলো ঠিকে আছে নহয়? লোকেচন ভাল লাগিছেনে?
হেমন্ত ভাট: লোকেচন ঠিক হ্যে বাট ইয়ে কেইচা ৰিক্সা মে লায়া।অউৰ ইয়ে লৰকা ইতনা বোলতা হ্যে, কাণ পক গয়া।( হেমন্ত ভাটে বিজয় খান্নাক দেখাব। বিজয়ে ভূজিয়া খায় থাকিব পেকেটৰ পৰা উলিয়ায়)
মি.ৰামপাল: অহ চৰী, মই ভাবিলো আপোনাক ইহতে ভালকৈ আনিব। কালিৰ পৰা মই গাড়ী পঠিয়াম।
কেমেৰা কাবেৰী চাওঁলাৰ ফালে ঘুৰিব।
পূৰ্ণময়ী চাওঁলা: ভাই চাহব, মেৰি বেটিকো হিৰোইন বনা দিজিয়ে একদম মল্লিকা শ্বেৰাৱট জেইচী।
লগে লগে নীলাক্ষীৰ ডায়লগ….
নীলাক্ষী: হা আংকল!আপ মুঝে আটচে্ চে শিখা দিজিয়েগা এক্টিং।অউৰ হামাৰা ফিল্ম চুপাৰ হিট হোনা চাহিয়ে।
হেমন্ত ভাট: বাট য়ে হ্যে কি, মই আংকল ক’লে ভাল নাপাওঁ হা। স্পেচিয়েলি খুবচুৰত ছোৱালীয়ে আংকল ক’লে বহতে খাৰাব লাগে। তুমি মোক দাদা কবা।আৰে যিটো মিঠাচ …দাদা মাতিলে আহে খেইটো আংকলত না আহে পগলী( ভাটে নীলাক্ষীৰ গালত লাহেকৈ চিকুতি দিব)

শ্বট ৪: লাইট…..কেমেৰা…একচন…

টেক ১,টেক ২

পৰিচালক হেমন্ত ভাটে চৰিত্ৰ সমূহ বুজায় থাকিব আৰু কাহিনীটো কৈ থাকিব। কাষত প্ৰযোজক ৰিন্টুমণি ৰামপাল বহি থাকিব।পৰিচালকৰ কাষত নীলাক্ষী চাওঁলা বহি থাকিব।সমুখত বিজয় খান্না, অৰবিন্দ স্বামী,দিম্পল শ্ৰুফ থাকিব।পিছফালে থিয় দি মাধুৰ্য্য খান আৰু দিপাঙ্কৰ দেৱগনে নিজৰ মাজতে কথা পাতি থাকে।

হেমন্ত ভাট: হামলোগ অভি কৌন ক্যা ৰ’ল কৰেগা ৱো বতায়েগা।নীলাক্ষী তো হিৰোইন বনেগাহি লেকিন হিৰো কৌন হোগা।
লগে লগে সমস্বৰত অৰবিন্দ স্বামী,মাধুৰ্য্য খান আৰু বিজয় খান্নাই মই… মই .. বুলি চিঞৰে।
হেমন্ত ভাট: নহি,তোমালোক নিমিলিবা হিৰোত। এণ্ড মাধুৰ্য্য তুমি বহুত মোটা হৈ গৈছা আৰু ইতনা দাঁঢ়ি লম্বা কৰিছা তাতে মাথা মে ভি চুল কমতি আছে তো তুম্হে তো মে ভিলেইন হি বনাউঙ্গা।
আৰ বিজয়কতো কমেডি কৰিলেই বেছি ভাল লাগিব। তুমি কমেডি ৰ’লটো কৰিবা।এন্টাৰটেইনো লাগিব না পাব্লিকক।
ৰিন্টুমণি ৰামপাল: (বিজয়ক দেখুৱাই ) ই হিৰো হ’লে মই গাঠিৰ ধন ভাঙি চিনেমা নবনাওঁ দেই কৈ থলো।হা মি.ভাট মে ইচপৰ পেইচা বৰ্বাদ নহি কৰুংগা।
সকলোৱে হাঁহে..
মি.ভাট: কিউ ৰিন্টুজী,ইয়েতো দেখনে মে ইতনা বুৰা ভি নহি হ্যে।হা কমেডি ৰ’ল কে লিয়ে জ্যাদা ফিট হ্যে।
ৰিন্টুমণি ৰামপাল: ৱো বাত নহি হ্যে, ইয়ে এক্টিং কম বাত জ্যাদা বোলতি হ্যে ।
অৰবিন্দ স্বামী: অউৰ ভূক ভি লাগতে ৰেহতে হ্যে।ডায়লগ কম খাতা জ্যাদা হ্যে।
নীলাক্ষী: দাদা দিম্পল নহ’লে দিপাঙ্কৰক দিয়ক।দুয়ো বহুত handsome হয়।এইদৰে কৈ নীলাক্ষীয়ে জিভা কামুৰি দিব।
দিম্পল: মই বহুত ধুনীয়া নাচিব পাৰো।আমাৰ কলেজৰ পিকনিকত মইয়ে অকলে নাচি শেষ কৰি দিওঁ।

লগে লগে অৰবিন্দ স্বামীয়ে ক’ব: আৰে মই কি বেয়া। মই হিৰো হ’ব নোৱাৰিম নেকি?
হেমন্ত ভাট: (অৰবিন্দ স্বামীলৈ চায়)তুমি হিৰোইনৰ ভাই বনিবা।তুমাৰ ব্ৰাদাৰ লুক আছে।দিম্পল অউৰ দিপাঙ্কৰ দোনোজনে হিৰো হ’ব। এক ফুল দো মালি টাইপ কাহানীটো হ’ব।বিজয় কমেডি কৰিব।আৰ মাধুৰ্য্য ভিলেইন হ’ব।বাকী নীলাক্ষীৰ কদ অলপ ছোটা আছেতো আৰ হিৰো দোনোজন লাম্বা আছে ইচলিয়ে নীলাক্ষী তুমি আঁঠ ইঞ্চি লাম্বা চেণ্ডেল পহনিবা।ঔখে..
সকলোৱে: ঔখে..
ৰিন্টুমণি ৰামপাল: তেনেহ’লে আমি শ্বুটিঙৰ কাম আজিৰ পৰাই আৰম্ভ কৰো। ধূপ চাকি জ্বলাওঁ আৰু নাৰিকল ভাঙো।
বিজয় খান্না: নাৰিকলটো ক’ত ভাঙিম আংকল..
ৰিন্টুমণি ৰামপাল: (খঙেৰে)জাগা পোৱা নাই যদি মোৰ মুৰতে ভাঙি দে। কেমেৰাৰ আগত ভাঙিব লাগিব।সেইখিনিও নাজান।

সকলোৱে পুণৰ হাঁহে..

শ্বট ৫:

হেমন্ত ভাট: আমি পেহলে ৰোমান্তিক গান এটাৰ শ্বুটিং ল’ম।ইচতৰফ হিৰোইনে আহি থাকিব আৰু দুচৰে তৰফ চে হিৰো দিম্পল আহিব আৰু দোনোজনে ঢাক্কা খায় পৰি যাব আৰু হিৰোইনক  হিৰোই জমীন চে উঠাই দিব তাৰ পাছত স্বপ্না মে গানা এটা গাব আৰু নাচিব..

গানাটো হ’ব “মই পগলা হৈ যাম,তোক কাষত নাপালে
মই আজুৰি লৈ আহিম তোৰ মৰম নাপালে”।
লা ..লা..লা…

নীলাক্ষী আহি থাকে আৰু সমুখৰ পৰা চাইকেলত দিম্পল শ্ৰুফ আহে। কেমেৰাত প্ৰথমতে ভৰি দুখন দেখাব।এপাত ৰঙা আৰু এপাত নীলা জোতা পিন্ধা ভৰি চাইকেলত পেদেল মাৰি থাকিব।তাৰপিছত লাহেকৈ নি হাতেৰে চাইকেলৰ হেণ্ডেলত ধৰি থকা দেখাব আৰু তাৰ পিছত কাণৰ হেডফোনটো দেখাই দিম্পলক ক্ল’জ আপত দেখাব আৰু লগে লগে চাইকেল নীলাক্ষীৰ গাত খুন্দা মাৰি দিব।

নীলাক্ষী: ইডিয়ট,ভালকৈ চাব নোৱাৰা।
দিম্পল: চাইয়ে আছো…ইমান ধুনীয়া
লগে লগে দিম্পলৰ চকুৰ আগত এসোপা ধোৱা আহি যাব আৰু গানটো দুয়ো গানটো হিম্মতৱালাৰ টাকি টাকি গানটোৰ জিতেন্দ্ৰ আৰু শ্ৰী দেৱীৰ দৰে নাচে।

শ্বট ৬:

পৰিচালক হেমন্ত ভাটৰ ডায়লগ চলি থাকে।

মি.হেমন্ত ভাট: হা তো আজ শ্বুটিং হ্যে নীলাক্ষী অউৰ দিপঙ্কৰ কা ৰোমান্টিক শ্বট।অৰবিন্দ জো নীলাক্ষী কা বৰা ভাই হ্যে উচকা অউৰ মাধুৰ্য্য কা ফাইটিং হোগা আৰু অৰবিন্দ বেয়াকৈ জখমী হ’ব।
তো নীলাক্ষী ডাক্তৰক আৰু পুলিচক মাতিবা লাগিব।আৰু পুলিচটো হ’ব দিপাঙ্কৰ।নীলাক্ষী ফোন কৰি মাতিবা। দিপাঙ্কৰ আহিব আৰু তোমাক দেখি কিনে সি ঘায়ল হৈ যাব।

.একচন…

মাধুৰ্য্য আৰু অৰবিন্দৰ ফাইট হয়।দুয়ো দুয়োকে দগৰা কোবন দিয়ে।
অৰবিন্দ: মোৰ ভন্তিক জোকাব আহ? খবৰদাৰ আজিৰ পৰা যদি তাইৰ ফালে চকু দিয়?
মাধুৰ্য্য: চামেই কি কৰিবি?
এই বুলি অৰবিন্দক ঘোচা মাৰি দিয়ে আৰু অৰবিন্দ বেহুচ হৈ যায় আৰু মাধুৰ্য্য পলাব খোজে তেনেতে পুলিচ আহি পায়।আৰু দুয়োকে লৈ যায়।

শ্বট ৭..

পুলিচ থানাৰ দৃশ্য দেখুওৱা হয়।মাধুৰ্য্য আৰু অৰবিন্দ লক আপত থাকে।পুলিচ অফিচাৰে কিবা লিখি থাকিব।
হেমন্ত ভাট: তুম কুছ লিখতে ৰেহনা অউৰ নীলাক্ষী আহি তোমাক ৰিকুৱেষ্ট কৰিব তাইৰ দাদা অৰবিন্দক লক আপৰ পৰা উলায় দিবলৈ।আৰু দিপাঙ্কৰে নীলাক্ষীক দেখি প্ৰেমত পৰিব আৰু সি ভি স্বপ্না মে একতা গানা গাব। তাৰপিছত নীলাক্ষীৰ ঘৰত গৈ কিনে নীলাক্ষীক  বিয়া কৰাম বুলি ক’ব।কিন্তু নীলাক্ষী দিম্পলৰ লগত ভাগি যাব।
ঔখে…একচন..

শ্বট ৮…

হেমন্ত ভাট,ৰিন্টুমণি ৰামপাল,কাবেৰী চাওঁলা,নীলাক্ষী চাওঁলা,মাধুৰ্য্য খান,বিজয় খান্না,অৰবিন্দ স্বামী,দিপাঙ্কৰ দেৱগন,দিম্পল শ্ৰুফ সকলোৱে চিনেমা ভালদৰে শ্বুটিং হৈ যোৱাৰ পাৰ্টি কৰিছে ‘হোটেল ৰেডিচন ব্লু’ত।

ৰিন্টুমণি ৰামপাল: আই এম ভেৰী হেপ্পী।ৱেল ডান মাই বয়জ বুলি (মাধুৰ্য্য হঁতৰ ফালে চাব)।এণ্ড থেংক ইউ মি. হেমন্ত..।
মি.হেমন্ত ভাট: ও থেংক ইউ মি. ৰামপাল।মোক অখমীয়া চিনেমাত কাম কৰিব মাতাৰ বাবে।এণ্ড এই বাচ্চাবোৰ বহত টেলেন্টেড।মই বহত হেপ্পী ইহতৰ লগত কাম কৰি।
পূৰ্ণময়ী চাওঁলা: -থেংক ইউ মি. ভাট মোৰ বেবীক যদি বলিউদত চাঞ্চ এটা দিলে ভাল আছিল।
হেমন্ত ভাট: ইয়া মেডাম, মই ভাবিছো কথাটো।নীলাক্ষী ইজ চো ইন্টেলিজেন্ট।এটা গুড নিউজ দিম চবকে।মোৰ Murder part 4ফিল্ম খানত মল্লিকা শ্বেৰাৱতৰ ৰ’লটো নীলাক্ষীক দিম। আৰু নীলাক্ষী মোৰ লগত মুম্বাই যাব।নীলু যায়েগা না হামাৰে চাথ।
নীলাক্ষী: যামতো আকৌ।
হেমন্ত ভাট: অউৰ এক ভাল খবৰ আছে।বিজয় ভি বহত ভাল এক্টিং কৰিছে so তাকো মই চাঞ্চ দিম।বিজয়ে ইমৰান হাচমীৰ ৰ’লটো কৰিব।

☆★☆★☆

15 Comments

  • ৰাজশ্ৰী শৰ্মা

    উৱা,শেষত গৈ গৈ চিক্সাৰটো বিজয় দাৰ হে লাগিল দেখোন। হা হা হা। ঝক্কাছ মুভী অ বা। পূৰা হিট।

    Reply
    • ডলী

      হাঃ হাঃ পঢ়াৰ বাবে ধন্যবাদ।

      Reply
  • Mousumi gogoi

    মই দেখোন বঢ়িয়া হেয়াৰ ষ্টাইল কৰিছো দেই ।নিলাক্ষীয়ে আকৌ এখন চিনেমা পালেই ।চিনেমা ফাটাফাটি হৈছে ডলী ।

    Reply
  • অ মা কি চিনেমা ৰে!ইমান ব্লক বাষ্টাৰ চিনেমাত একটিং কৰিব পাই মই ধন্য৷তামাম ডলী৷মই মুম্বাই যাওঁ দেই৷বাই

    Reply
    • ডলী

      হাঃ হাঃ।যোৱা আমি Murder4 চাবলৈ সাজু

      Reply
  • মাধু

    বাপৰে !! কিছু লিখিছ দেই। খুচ হৈ গ’লো। ক্যা বাত ক্যা বাত।

    Reply
  • কমল তালুকদাৰ

    বোলেটো , একদম জাক্কাছ •• মজা লাগিল চিনেমা খন

    এতিয়া মানে বিজয় হাচমিৰ murder4 চাব পাম ।

    Reply
    • ডলী তালুকদাৰ

      ধন্যবাদ জনালো

      Reply
  • কাবেৰী মহন্ত

    ৱাহ কিয়া মেকআপ কৰতা হাই হিৰ’ অউৰ হিৰউইন ! চেলুট টু মেকআপ আৰ্টিষ্ট !
    পৰিচালকা ক’ বহুত ছুকৰিয়া ইতনা জমনি লিখনে কা হাই

    Reply
  • ৰামানুজ

    কেৰেক্টাৰ কিটা তামাম চিলেক্ট কৰিছা ডলী…ভিজৱেলাইজ কৰি হাঁহি ৰখাব নোৱাৰিছো।… নীলাক্ষিৰ জিভা কামোৰাতো তামাম..

    Reply
  • হেমন্ত কাকতি

    মি.ভাটৰ পিন্ধনত মুৰত কাউবয় টুপী,চকুত সেউজীয়া চানগ্লাচ,ভৰিত চামৰাৰ চেণ্ডেল আৰু টাইট ফিটিং জিনচৰ লগত ৰঙা টিকটিকিয়া চাৰ্ট।

    কল্পনা কৰি চাইছো৷ তামাম ডলী

    Reply
  • অৰবিন্দ গোস্বা ী

    বৰ সুন্দৰ ৈছে।ভাল লাগিল।ঘোচা খাই বেহুচ হলেও আমেজ পালো।

    Reply
  • Mridula

    ধুনীয়া বনাইছা দেই ???

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *