ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা

কটন কলেজৰ সীতানাথ ব্ৰহ্মচৌধুৰী ছাত্ৰাবাস। আমি নতুনকৈ সোমাইছোঁ তেতিয়া। ফ্ৰেছমেন ছ’চিয়েল হ’বলৈ কিছুদিন বাকী থাকোতে ছিনিয়’ৰ দাদা এজনে আহি সুধিলে-‘ৱাল মেগাজিনত কোনে লিখিব পাৰিবি? দুদিন শুবলৈ নোৱাৰিবি। সকলোৰে হাতৰ আখৰ দেখা। লিখিব লাগিব’।

দুদিন নোশোৱাকৈ লিখিলোঁ। মনত থাকি গ’ল সেই অভিজ্ঞতা! ৰাতি দুই বজাত পল্টনবজাৰ ষ্টেচনলৈ গৈ চাহ খাবলৈ যোৱাটো কম ৰোমাঞ্চকৰ আছিল নে সেইটো সময়ত!

যিয়েই নহওঁক, পাছত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়(এইচি)লৈ আহিলোঁ। আকৌ সেই ৱাল মেগাজিনৰ কামত লাগিলোঁ। চাৰিবছৰ কৰিলোঁ এইচিত থাকোতে। সেই মেগাজিনৰ কামত ব্ৰতী হোৱা সময়বোৰ মোৰ কাৰণে সদায়েই মিঠা সোঁৱৰণী। আচলতে মনৰপৰাই ভাল পাইছিলোঁ এইবোৰ কাম কৰি।

২০১২ চন। সাহিত্য ডট্ অৰ্গৰ সম্পাদনা কৰিলোঁ। ঘৰ-অ’ফিচৰ ব্যস্ততাৰ মাজেৰে উলিয়াই কৰা কাম। কিন্তু বহুবছৰৰ মূৰত এই কামটোৱে কলেজীয়া দিনবোৰলৈ মনত পেলাই দিলে।

২০১৯ চন। আমাৰ এইচিৰ ছিনিয়’ৰ দাদা ৰামানুজ গোস্বামীয়ে ফোন কৰি ক’লে-‘তুমি এইবাৰ সম্পাদক হোৱা হে ফটাঢোলৰ’।

মই বহু ব্যস্ত আছিলোঁ কিবাকিবি কামত। কিন্তু ৰিন্টুদা, ৰামানুজদাহঁতৰ কথা পেলাব নোৱাৰোঁ। ভাবিলোঁ, চাওচোন আকৌ এবাৰ চেষ্টা কৰোঁ!

প্ৰথমতে মই কৃতজ্ঞ যিসকলে আগ্ৰহেৰে লিখিলে সংখ্যাটোৰ কাৰণে, তেখেতসকললৈ! গোটৰ সমূহ সদস্যলৈ ধন্যবাদ আলোচনীখনৰ প্ৰতি আগ্ৰহটো বজাই ৰখাৰ কাৰণে।

মেছেঞ্জাৰ গ্ৰুপত থকা বিজয় মহন্ত, হেমন্ত কাকতি দা,

অভিজিত কলিতা দা, ৰিন্টু দা, প্ৰণীতা বাইদেউকে ধৰি আটাইকেইগৰাকী এডমিনে দিহা-পৰামৰ্শ দি সহায় কৰিলে। দিম্পলে মাজে মাজে ‘লাভ ৰিয়েক্ট’ কৰে আহি ভুটুংকৈ। মই কৃতজ্ঞ।
চবিনা, পৰীস্মিতা গগৈ, ঋতুপৰ্ণা মহন্তক বহুত ‘কামোৰ’ দিলোঁ বানান চাবলৈ দি। নিয়াৰিকৈ কৰি নিয়া বাবে ধন্যবাদ তোমালোকক!

শেষৰ ফালে নীলাক্ষি দেৱী ডেকাকো অলপ দিগদাৰ দিলোঁ বানান চাবলৈ দি। ধন্যবাদ আপোনাক।

চিনেমাৰ বেনাৰ দুখন কম সময়তে কৰি দিয়া বাবে ভাস্কৰজ্যোতি দাসলৈ অশেষ ধন্যবাদ!

সাক্ষাৎকাৰটোৰ কাৰণে টেনছন হৈ আছিল। ডলী তালুকদাৰ আৰু সৌৰভ শৰ্মাহঁতৰ দৰে সদস্যৰ সদিচ্ছাক কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে বহু সময় খৰচ কৰি এই কামটো কৰিলে। ধন্যবাদ!

সাক্ষাৎকাৰটো যুগুতাই দিয়া বাবে ডলী তালুকদাৰৰ লগতে ৰিমঝিম, তৃষ্ণা সোণোৱাল, দিম্পল, কাজল প্ৰিয়া, বিতুপৰ্ণা, প্ৰণালী শৰ্মা, অনামিকা হাজৰিকা – আপোনালোকলৈ আন্তৰিক ধন্যবাদ! (জানো যে এই কামটো কিমান ‘কামোৰ’)!

টেকনিকেল কথা সমূহ জানিবলৈ, বুজিবলৈ ৰিমঝিমকো অলপ কষ্ট দিলোঁ। ধন্যবাদ তোমাক। হেমন্ত দাকো কিবাকিবি সুধি আমনি দি থাকিলোঁ।

লেখাসমূহ আপলোড কৰি দিয়াৰ বাবে ৰিমঝিম বৰঠাকুৰ, হেমন্ত দা আৰু ৰিন্টুমণি দা – আন্তৰিক ধন্যবাদ।

শেষত আহিছোঁ ফটাঢোলৰ এই সংখ্যাৰ ছবি সমূহলৈ। প্ৰথমতে ভাবিছিলোঁ, অলপ কিবাকিবি সলনি কৰিম। হাতত সময় কম। আৰাধনা বৰুৱাই ভাল ছবি আঁকে বুলি জানিছিলোঁ। এদিন তেখেতক ক’লোঁ। তেখেত অতি ব্যস্ত কিন্তু সহায় কৰিবলৈ আগবাঢ়ি আহিল। এই সংখ্যাৰ বেনাৰৰ পৰা আৰম্ভ কৰি ভিন্ন শিতানৰ ছবিসমূহ তেখেতে ইমান ধুনীয়াকৈ কৰিলে, অভিভূত হ’লোঁ। আৰাধনা বৰুৱা- অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা আপোনাৰ সময়খিনিৰ কাৰণে।

আৰু বহুকেইগৰাকীয়ে সহায় কৰিলে যোৱাটো মাহত। ডেৰটা বাজিল। যোৱা পাঁচদিনে ৩টা বাজি আছে। মাথাটোৱে কাম কৰা নাই। নামবোৰ মনলৈ অহা নাই এই মুহূৰ্তত। কাৰোবাৰ নাম বাদ পৰি গ’লে, মই ক্ষমাপ্ৰাৰ্থী। ভুল নুবুজে যেন।

জয়তু ‘ফটাঢোল’!

আন্তৰিকতাৰে,
দিগন্ত কুমাৰ ভট্টাচাৰ্য

☆★☆★☆

13 Comments

  • দিম্পল

    মাজে মাজে লাভ ৰিয়েক্ট। অলপ ভয় এইখিনি সদায় আছিল।
    মইয়ো ধন্যবাদ জনালো আৰাধনা বাক ইমান ধুনীয়াকৈ সকলো সজাই দিয়া বাবে।

    Reply
  • চিদানন্দ বৰা

    পাঠকৰ স্বাৰ্থত আত্মাহুতি ? !!

    আমি সাধাৰণ পাঠক সকলে এই আঁৰৰ কথাবোৰত নো কিমান গুৰুত্ব দিওঁ !!!!

    ধন্যবাদ জনালোঁ কৃতজ্ঞতাৰে ৷

    Reply
  • ৰিমঝিম

    কষ্টনো কি? আপুনি ফোন কৰি সোধে মই যি পাৰোঁ ঘেহাই মেলি উত্তৰটো দি থওঁ। আপোনাৰ নিচিনা চেলিব্ৰিটীয়ে ফোন কৰি কৰি সোধে কথাটো ভাবিলেই কিবা ভাল লাগি যায়। আৰু আৰাধনা বৰুৱালৈ অশেষ ধন্যবাদ ইমান সুন্দৰকৈ ছবিসমূহ ধুনীয়াকৈ কৰি দিয়াৰ বাবে।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    কষ্টৰ মিঠা ফল।

    Reply
  • কাবেৰী মহন্ত

    তোমাৰ দৰে সম্পাদক পোৱাটো আমাৰ সৌভাগ্য ৷ আলোচনী খন বৰ সুন্দৰ হৈছে , ছবি সমূহো মনোমোহা ৷

    Reply
  • আৰাধনা বৰুৱা

    সম্পাদনা সমিতিৰ সকলোকে প্ৰথমে অভিনন্দন আৰু ধন্যবাদ

    আপোনাক বিশেষ ধন্যবাদ জনাইছোঁ মোৰ ছবি ক এটা ভিন্ন মাত্ৰা প্ৰদানৰ বাবে৷

    Reply
    • অনুৰূপ মহন্ত

      বৰ সুন্দৰকৈ সজালে, সঁচাই ভাল হৈছে সকলোখিনি।

      Reply
  • Mridul Nath

    AEC ৰ কথাবোৰ মনত পৰিছে। তই দুই নম্বৰৰ আৰু মই ছয় নম্বৰৰ ৱাল মেগাজিন লিখিছিলোঁ চাৰি বছৰ একে লেথাৰিয়ে। ৰাতি ৰাতি জাগি লিখা দিনবোৰ মনত পৰিল। ভাল competition হৈছিল কিন্তু দেই।

    Reply
  • ডলী

    অভিনন্দন জনালো এখন সুন্দৰ আলোচনী উপহাৰ দিয়াৰ বাবে।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    এখন সৰ্বাংগসুন্দৰ আলোচনী পালো এইবাৰ। ধন্যবাদ দাদা

    Reply
  • অনুৰূপ মহন্ত

    দাদা, আলোচনী খন বৰ ভাল হৈছে। পঢ়ি আছো এটা এটাকৈ।

    Reply
  • মানসী বৰা

    বৰ ভাল হৈছে দাদা…পঢ়ি আছো…আপোনাৰ লেখাবিলাকেই কেৱল সুন্দৰ নহয় , সম্পাদনাতো আপুনি সক্ষম..এইবাৰ ছবিবিলাকেও সোণত সুৱগা চৰাইছে..

    Reply
  • অভিজিত কলিতা

    বৰ সুন্দৰ হৈছে আলোচনী। অংগসজ্জা চকুত লগা হৈছে। বাকী লেখনিৰ কথা নকওৱেই। বহুত ধন্যবাদ, এখন সৰ্বাংগ সুন্দৰ আলোচনীৰ বাবে

    Reply

Leave a Reply to চিদানন্দ বৰা Cancel reply

Your email address will not be published. Required fields are marked *