ফটাঢোল

ফটাকবি খেতি – নীলাঞ্জনা মহন্ত

ফটাকবি খেতি – (অ’ ফুল অ’ ফুল কবিতাটিৰ আধাৰত)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
অ’ ঢোল অ’ ঢোল নাবাজ কিয়?
ঢুলীয়াইযে চেও নিদিয়ে মইনো বাজিম কিয়?
অ’ ঢুলীয়া অ’ ঢুলীয়া চেও নিদিয় কিয়
নাচনীৰ যে খবৰেই নাই
মইনো বজাম কিয়৷
অ’ নাচনী অ’ নাচনী খবৰ খাতি নাই কিয়?
পপাই যে নঙলামুখত ৰৈ আছে
মই বা ওলাই আহিম কিয়৷
অ’ পপা অ’ পপা আজি নঙলামুখত কিয়?
হকাৰে যে পেপাৰ দিয়া নাই মইবা নৰ’ম কিয়
অ’ হকাৰ অ’ হকাৰ পেপাৰ নিদিয়কিয়?
হাততে মবাইলটো আছে নিউজ পঢ়ি নলয় কিয়৷
অ’ পপা অ’ পপা মবাইল নেচায় কিয়
ছোৱালীয়ে যে চেলফি লৈ আছে মইনো পঢ়িম কিয়
অ’ ছোৱালী অ’ ছোৱালী চেল্ফিয়াইছা কিয়
ঢুলীয়া কাইযে খেপ দি আছে মইনো নেচল্ফিয়াম কিয়৷
অ’ ঢুলীয়া অ’ ঢুলীয়া খেপ দি আছা কিয়?
ফটাঢোলটোযে কোবাব লাগে মই নেখেপিম কিয়
অ’ ফটাঢোল অ’ ফটাঢোল কোবাব লাগে কিয়?
বিশ্ব দৰবাৰৰ ফ্লাইট ধৰিব যে লাগে মই নাবাজিম কিয়৷■■

 

7 Comments

Leave a Reply to rabia begum Cancel reply

Your email address will not be published. Required fields are marked *