ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা –অভিজিত দত্ত

 

আজি দুমাহৰ আগৰ কথা। মানুহ এজনে মোক লেখা এটা বিচাৰিছিল। কথাষাৰ মনত ৰাখি এদিন গেৰেজ এটাত বহি থাকোঁতেই ঘটনা এটা মনলৈ অহাত লিখি পেলালোঁ। সম্পাদনাৰ দায়িত্বত থকা মানুহজনলৈ লেখাটো প্ৰেৰণ কৰিলোঁ। মানুহজন সুখী হ’ল। এটা বিশেষ গোটৰ দ্বাৰা প্ৰকাশ হোৱা আলোচনীখনৰ সম্পাদক গৰাকীয়ে মোক সেই গোটটোত অন্তৰ্ভুক্ত কৰিলে।

মানুহজনে ই-মেগাজিনখনৰ জুলাই মাহত প্ৰকাশ পাবলগীয়া সংখ্যাটোৰ সম্পাদনাৰ দায়িত্ব ল’বলৈ মোলৈ বাৰ্তা প্ৰেৰণ কৰিলে। মই সেইবাৰৰ সংখ্যাটোৰ দায়িত্ব বিশেষ কাৰণত ল’ব নোৱাৰিম বুলি তেওঁক অৱগত কৰিলোঁ। তেখেত মান্তি হ’ল। মানুহজনৰ সৈতে মোৰ ঘনিষ্ঠতা বাঢ়িল‌।

সেই মানুহজন হ’ল শ্ৰীৰিণ্টুমণি দত্ত। ৰিণ্টুদাৰ আহ্বানত মই ই-মেগাজিনখন মানে ফটাঢোলৰ আগষ্ট সংখ্যাটোৰ সম্পাদনাৰ দায়িত্ব ল’বলৈ আগবাঢ়ি আহিলোঁ।

সেইয়া যোৱা মাহৰ কথা। শ্ৰীযুত হেমন্ত কাকতিৰ পৰা মোলৈ ফোন এটা আহিল। তেওঁৱো মোক ফটাঢোলৰ এই সংখ্যাটোৰ সম্পাদনাৰ দায়িত্ব লোৱাৰ কথা ক’লে। মই মান্তি হ’লোঁ।

মই চিনাকি হ’লোঁ শ্ৰীঅভিজিৎ কলিতাৰ সৈতে। সাক্ষাৎকাৰ সম্পৰ্কে মানুহজনে মোৰ সৈতে আলোচনা কৰিলে।

এই যে ৰিণ্টুদা, হেমন্ত দা আৰু অভিজিৎ দাৰ সৈতে ফোনত কথা পাতিলোঁ। সেই তেতিয়াৰ পৰাই মোক তেওঁলোকে বিভিন্ন প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়াই থাকিল। তেওঁলোকৰ পৰা পোৱা বিভিন্ন পৰামৰ্শক আশ্ৰয় কৰি আলোচনীখন সম্পাদনা কৰিলোঁ, সেইয়া মোৰ বাবে সদায়েই স্মৰণীয় হৈ ৰ’ব।

ৰিণ্টুদাই ইফালে-সিফালে হাকুটিয়াই মোক লেখা যোগাৰ কৰি দিলে। মানুহজনক আজিলৈ দেখা নাই যদিও যেন তেওঁৰ সৈতে বান্ধ খাই পৰিছোঁ ভাতৃত্বৰ আজন্ম সম্পৰ্কত। সেই যে সৰু কালত প্ৰাথমিক বিদ্যালয়ৰ চাৰ-বাইদেউহঁতে হাতত ধৰি আখৰ শিকাইছিল, তেনেদৰে প্ৰতিটো প’লতেই মোলৈ সহায়ৰ হাত প্ৰসাৰিত কৰিছে হেমন্ত দাই। কিবা এটা নুবুজিলেই মই এটা ফোন কৰিলেই ফোনত ভাহি অহা মৰমৰ মাতটো অভিজিৎ দাৰ। এই সংখ্যাটোৰ আঁৰত থাকি মোৰ তিনিজন ভাতৃপ্ৰতিম সুহৃদে এনেদৰেই মোক অনুপ্ৰেৰণা যোগালে আৰু বিভিন্নজনৰ পৰা লেখা গোটাই দি মোক সম্পাদনাৰ কামত সহায় কৰিলে।

আলোচনীখনৰ বাবে লেখা সংগ্ৰহ কৰিবলৈ আগবাঢ়িলোঁ। এইবাৰ সহায়ৰ হাত আগবঢ়ালে চাবিনা ইয়াচমিন, পৰিস্মিতা গগৈ, ঋতুপৰ্ণা মহন্ত আৰু প্ৰণীতা গোস্বামী বৰঠাকুৰ বাইদেউৱে। মই সংগ্ৰহ কৰি পঠিয়াই দিয়া প্ৰতিটো লেখা তেওঁলোকে বৰ্ণাশুদ্ধি কৰি পুনৰ মোলৈ পঠিয়ালে।  আপোনাসৱৰ সহায়ৰ বাবে মই চিৰ কৃতজ্ঞ।

দুদিনমান পিছতেই ৰিণ্টুদা, হেমন্ত দা আৰু অভিজিৎ দাৰ সৈতে আলোচনা কৰি আমি প্ৰখ্যাত সাহিত্যিক শ্ৰীযুত দেৱব্ৰত দাসৰ সাক্ষাৎকাৰ ল’বলৈ ঠিক কৰিলোঁ। এই আপাহতে মই শ্ৰীকঙ্কণা মহন্ত বাইদেউক লগ পালোঁ। চিপচিপ বৰষুণক নেওচি ১৪ জুলাইৰ পুৱাটোত বাইদেউৱে অকল মোক সহায় কৰাৰ উদ্দেশ্যেৰে আগবাঢ়ি আহিল। তেওঁৰ পৰিচিত সাহিত্যিকজনৰ সান্নিধ্য লাভ কৰাত আগভাগ ল’লে কঙ্কণা বাইদেউৱে। সিদিনা এহেজাৰ এটা সমস্যা অৱহেলা কৰিও সঙ্গ দিলে হেমন্ত দাই। দেৱব্ৰত দাস চাৰৰ সাক্ষাৎকাৰটো লোৱাৰ পৰত হেমন্ত দাই মোক যথেষ্ট সহায় কৰিলে।

সেই ১৪ জুলাইৰ ৰাতিপুৱাটো বৰষুণ এজাকৰ উপস্থিতিত এক উমাল ক্ষণলৈ সলনি হৈ পৰিছিল। চিপচিপ বৰষুণে অৱশ্যে আমাক সেই দিনটোত কিছু অসুবিধাও দিছিল। কামৰ হেঁচাত আমি এটা সৰু অথচ গুৰুত্বপূৰ্ণ কাম কৰিব পৰা নাছিলোঁ। সাক্ষাৎকাৰ শেষ হোৱা পৰলৈ দাস চাৰক ফটাঢোলৰ পৰা সম্বৰ্দ্ধনা জনাবলৈ গামোচাখন তেতিয়ালৈ যোগাৰ হোৱা নাই। হঠাৎ কঙ্কণা বাইদেউৰ পৰামৰ্শত আমি গামোচা এখন যোগাৰ কৰাৰ উদ্দেশ্যে অলপ সময় হেমন্ত দাক চাৰৰ সতে এৰি বাহিৰলৈ ওলালোঁ। চাৰৰ বাসভৱনৰ পৰা নাতিদূৰত অৱস্থিত আমাৰ সকলোৰে চিৰ পৰিচিত উৎপলা কৌৰৰ বাসগৃহ সেইয়া। তেখেতৰ পৰা আমি ততাতৈয়াকৈ গামোচাখন ল’লোঁ।

দিনবোৰ আগবাঢ়িল। মোৰ চিন্তা বাঢ়িল।মই লাহে লাহে চিন্তাত পৰিছোঁ। মোক লেখা লাগে। ফটাঢোলৰ বৃহৎ সংখ্যক সদস্যৰ সৈতে মোৰ চিনা-পৰিচয় নাই। গোটৰ দুজনমানলৈ মানে ৰামানুজ, ডলী, চাও খুন শিৱ, ভাস্কৰ বৰ ডেকা, মাধুৰ্য গোস্বামী, দিম্পল কলিতা আদি বহুজনলৈ মই বাৰ্তা পঠিয়ালোঁ। বাঃ, কি আন্তৰিকতা! সকলোৱেই মোক সহায় কৰিবলৈ আগবাঢ়ি আহিল।

এইখিনিতেই এটা কথা উল্লেখ নকৰিলে মোৰ কথাখিনি আধৰুৱা হৈ ৰ’ব। মোলৈ পঠিওৱা লেখাসমূহ বেলেগ বেলেগ আকাৰত মোলৈ আহিল। কেতিয়াবা যদি সেইয়া PDF ফাইলত, কেতিয়াবা আকৌ Microsoft Word ত। সকলো ধৰণৰ আকাৰত থকা লেখাবোৰ পঢ়ি চাবলৈ এইফালে আকৌ মোৰ কম্পিউটাৰে সহযোগ নকৰে। এই সময়তেই মোক সহায় কৰিবলৈ আগবাঢ়ি আহিল দিম্পল কলিতা। যিকোনো সময়তেই ফোন কৰিলেই মোক ‘দাদা’ বুলি আগ্ৰহেৰে মাত দিয়া দিম্পলে মোৰ সুবিধা অনুযায়ী লেখাবোৰৰ আকাৰ নিৰ্ধাৰণ কৰি দিলে।

প্ৰত্যেকজনে মোৰ সৈতে আন্তৰিকতাৰে কথা পাতিলে, মোলৈ বাৰ্তা পঠিয়াই মোক আপ্লুত কৰিলে।  তেওঁলোকে মোক বহুজনৰ সতে চিনাকি কৰি দিলে আৰু আজিলৈ সহায় কৰি থকা এই লোকসকলক মোৰ নিজৰ ঘৰখনৰেই সদস্য যেন বোধ হ’বলৈ আৰম্ভ কৰিলে।

মই সম্পাদক হৈ থকা সময়ত আলোচনীখনৰ বাবে আন এগৰাকী সদস্যাই নীৰৱে কাম কৰি আছিল। এই সংখ্যাটোৰ বেনাৰখন, কাৰ্টুন আদি সেই সময়ত তৈয়াৰ কৰি থকা আমাৰ সদস্যাগৰাকী হ’ল আৰাধনা বৰুৱা। আৰাধনা বৰুৱাৰ সৈতে এই বেনাৰ, কাৰ্টুনসমূহৰ সম্পূৰ্ণকৰণত হাত উজান দিছিল দিগন্ত ভট্টাচাৰ্যই।

লিখনিসমূহ ফটাঢোল নামৰ ই-মেগাজিনখনত  আপল’ডৰ সময় আহিল। ৰিমঝিম বৰঠাকুৰ, মনীষা কাকতি আৰু ৰিণ্টুদাই এই আপল’ডৰ কাম কৰিলে। লগে হেমন্ত কাকতিদাই বেনাৰ, ফটো আদিৰ আপল’ডত লাগিল। সংখ্যাটোৰ বাবে ফটাপ্ৰশ্নসমূহ যুগুতালে ৰিমঝিম বৰঠাকুৰে।

সংখ্যাটোৰ আঁৰত এনেদৰে লুকাই আছে মই উল্লেখ কৰা ব্যক্তিসকলে আগবঢ়োৱা সহায়-সহযোগ। এটা মাথো ‘ধন্যবাদ’ জ্ঞাপন কৰি মই আপোনালোকৰ সহায়ক স্বীকৃতি দিয়া সঁচাকৈয়েই অসম্ভৱ আৰু অবাস্তৱ।

এই আলোচনীখনৰ সম্পাদনা সমিতিৰ সমূহ সদস্যই মোৰ সম্পাদনাকালত মোলৈ আগবঢ়াইছিল অভূতপূৰ্ব সহায় আৰু সহযোগ।

ফটাঢোলৰ সদস্য-সদস্যা তথা যিসকললোকে এই আলোচনীখনলৈ লেখা পঠিয়ালে তেওঁলোকৰ অৱদানক মই শ্ৰদ্ধাৰে সোৱৰিছো‌ঁ।

মাথো দুটামান কথাৰে সামৰিব খুজিছোঁ ‘সংখ্যাটোৰ আঁৰত’ শীৰ্ষক এই শিতানটি।

আলোচনীখনৰ এই সংখ্যাটি পঢ়ুৱৈ ৰাইজে আকোৱালি ল’লে তাৰ প্ৰকৃত কৃতিত্বৰ দাবীদাৰ আপোনালোক।

আপোনালোকক মই সদায়েই মনত ৰাখিম মোৰ নিকট আত্মীয় হিচাবে, মোৰ প্ৰাণৰ প্ৰাণ সুহৃদ হিচাবে।

আপোনালোক সকলোটিলৈকে মই পুনৰবাৰ হিয়াভৰা কৃতজ্ঞতা জনাই ‘সংখ্যাটোৰ আঁৰত শিতান’টিৰ ইয়াতেই মোখানি মাৰিলোঁ।

☆★☆★☆

10 Comments

  • দিম্পল

    দাদা আমিও দেখিছোঁ আপুনি কৰা কষ্টবোৰ । এতিয়ালৈ যি কেইটা পঢ়িলোঁ বৰ সুন্দৰ হৈছে। বাকী ৰাইজলৈ সকলোখিনি। ধন্যবাদ দাদা সুন্দৰ আলোচনী এখন আমাৰ হাতত তুলি দিয়াৰ বাবে।

    Reply
    • অভিজিত দত্ত

      বহুত ধন্যবাদ।

      Reply
  • অভিজিত কলিতা

    সুন্দৰ আলোচনী এখন দিয়াৰ বাবে বহুত ধন্যবাদ।

    Reply
  • Moon Moon Sarkar Saikia

    Great team work.

    Reply
  • জোতির্ময় সেনগুপ্ত

    ফটা ঢোলৰ আগষ্ট সংখ্যাটো চালোঁ। দেবব্ৰত দাসৰ সাক্ষাৎকাৰটো পঢ়িলোঁ– সঁচাকৈয়ে বৰ ভাল লাগিল। সম্পাদক অভিজিত, লগতে ফটাঢোলৰ কাৰ্য্যকৰ্তা সকলটিলৈ আন্তৰিক অভিনন্দন জনালোঁ।

    Reply
  • ৰিণ্টু

    বৰ নিয়াৰিকৈ কামবোৰ কৰিলা, অকণো অসুবিধা নোহোৱাকৈ। নিশ্চয়কৈ তুমি ধন্যবাদৰ পাত্ৰ।

    তাতোকৈ ডাঙৰ কথা, এইবাৰ বহুত নতুন লিখকৰ পঢ়িবলৈ পালো। বহুত ধন্যবাদ

    Reply
    • অভিজিত দত্ত

      বহুত ধন্যবাদ ৰিন্টুদা। সকলোখিনি আপোনালোকৰ বাবেই সম্ভৱ হল।

      Reply
  • Gyan Bordoloi

    এখন আটক ধুনীয়া আলোচনী যুগুতাই উলিওৱাৰ বাবে আপোনালৈ আন্তৰিক কৃতজ্ঞতা জনালো । আপোনাৰ কষ্ট বোৰৰ সাৰ্থক ৰূপ এই মাহৰ আলোচনী খন অতি সুখপাঠ্য হৈছে ।

    Reply
  • Anonymous

    আছলতে “ফটাঢোল”ৰ গুম গুমনিয়ে তেনেকুৱা৷এনেকুৱা এটা টিমৰ এজন বুলিবলৈ মনত বহুত বহুত গৰ্ব অনুভৱ হয়৷হেমন্তদা,অভিজিতদা,ৰিন্টুদা তিনিওজন আপোন ককাই৷এটা বিগ চেল্যুট তিনিওলৈ,লগত আলোছনীৰ লগত জড়িত সকলোলৈ৷
    সুন্দৰ আলোছনীখনৰ বাবে দত্ত চাহাবলৈও বহুত বহুত শুভেচ্ছা৷

    Reply

Leave a Reply to অভিজিত দত্ত Cancel reply

Your email address will not be published. Required fields are marked *