ফটাঢোল

বৰলাৰ বিলৈ– ব্ৰহ্মানন্দ পাটিৰি

বৰলা সকলৰ বহু অলিখিত কাহিনী থাকে, এবাৰ এজন মহান বৰলাই ছোৱালী এজনী চালে৷ দেখাত ধুনীয়া। পচন্দ হ’ল। ঘৰৰ মানুহৰো পচন্দ। ফোন নাম্বাৰ ল’লে। পুৰা ৰিচাৰ্জো ভৰাই ল’লে।

ৰাতি :
-“জান শুনিছানে?”

-“কোৱা।”

-“খবৰ এটা দিওঁ৷ তোমাক বহুত পছন্দ হৈছে, মোৰ বৰ ভাল লাগিছে। আমাৰ বিয়া হ’ব৷ তোমাৰ কেনে লাগিছে?”

-“ওমমম বহুত ভাল লাগিছে।”

-“আজিৰ পৰা তুমি মোৰ আশা, কল্পনা, পুজা, আৰতি৷”

-“ওম তুমিও মোৰ যোগেশ, নৰেশ, যাদব, খগেন, নগেন।

-“কি??”

-“নহয় তোমাৰ দৰে ময়ো নাম অলপ ল’লো। মনে মনে থাকিলা যে? বেয়া পালা? হেল্লৌ!!”

বৰলা আকৌ বৰলা।

★★★★

One comment

Leave a Reply to Amal Krishna Yein Cancel reply

Your email address will not be published. Required fields are marked *