ফটাঢোল

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১)বিকাশ লাহন : মানুহবোৰে কেতিয়াবা সোধে যে চাহ-তাহ খালেনে বুলি, চাহটো বুজিলোঁ তাহটো কি?

উত্তৰ : অনুৰূপ শব্দ।

২) নীতুমণি দেৱী : এই বাৰ গৰম কিয় বেছি পৰিছে? মেদিনী আদিত্যৰ বেছিকৈ ওচৰ চাপি আহিছে নেকি?

উত্তৰ : নহয় হে, এই যে ধৰণীহঁতৰ মানৱ বোলাটোৱে গোটেই বাৰীখনৰ লাগনি গছবোৰ কাটি খৰি খোৱা নাই জানো? তাৰে কিবা ভিতৰুৱা খং আছে চাগে।

৩) নিৰ্মালি বৰমুদৈ : ঘৰিয়ালৰ চকুপানী বুলি কিয় কয়? সাপ, নেউল, জেঠী, বেং, বাঘ, গৰু এইবোৰৰ চকুপানী হ’বও পাৰিলে হয়।

উত্তৰ : বাকীবোৰতকৈ ঘৰিয়ালে বেছিকৈ কান্দে, মানে মিছাতে।

৪) গায়ত্ৰী গোস্বামী অধ্যাপক : ডাক্তৰবিলাকে বোলে প্ৰেয়সীৰ চকুলৈ চালেই প্ৰথমতেই হিম’গ্লবিন ঠিকে আছে নে নাই সেইটোহে অংক কৰে। সঁচা নে মিছা বাৰু?

উত্তৰ : নক’ব আৰু, আমাৰ চম্পা ডাক্তৰো একেই, ডেকা কালত প্ৰেমিকাই(বৰ্তমানৰ হোম মিনিষ্টাৰে) সুধিছিল হেনো- মোৰ দুচকুলে চোৱা, কি দেখিছা? তেৰাই হেনো ক’লে- বাঁও চকুৰ পাৱাৰ কমিছে, কলেষ্টেৰল লেভেল একদম সীমা মূৰীয়া, হিম’গ্লবিন অলপ কম আছে- পালেং শাক খোৱা কৰিবা, চকুৰ গুৰি অলপ সোমাই গৈছে- সোনকালে শোৱাৰ অভ্যাস কৰিবা……..সেইদিনাৰ পৰাই হেনো প্ৰেম চুৰু।

৫) নিলাক্ষী কাকতি : ফটহু কাই ধৰি লওক আপুনি আৰু আপোনাৰ গাৰ্লফ্ৰেণ্ডে এদিন আপোনাৰ ভাড়াঘৰত ডেটিং ফিক্স কৰিলে৷ আপোনাৰ মনত লাড্ডু ফুটি আছে৷ একে সময়তে আপোনাৰ গাৰ্লফ্ৰেণ্ড আৰু আপোনাৰ মা আহি পালে৷ তেতিয়া আপুনি কি কৰিব?

উত্তৰ : মনত ফুটি থকা লাড্ডুকেইটা মাৰ চৰণত দি সেৱা কৰিম।

৬) জিতা ফুকন : পৃথিৱীত আগৰ দৰে ডাইনোছৰবোৰ এতিয়াও থকা হ’লে কি হ’লহেঁতেন?

উত্তৰ : জুৰাছিক পাৰ্ক চিনেমাখন চুপাৰ ফ্লপ হ’লহেঁতেন।

৭) কমলা দাস : নাৰিকলৰ গছবিলাক যদি ইমান ওখ নহৈ জলকীয়া, বেঙেনা আদিৰ দৰে চাপৰ হ’লহেঁতেন , কিমান যে সুবিধা হ’লহেঁতেন! যেতিয়াই মন যায় এটা চিঙি আনি খাব পাৰিলোঁহেঁতেন ন? আপোনাৰ কি মত?

উত্তৰ : এতিয়া আৰু সহজহে হৈছে। চিঙিবৰ দৰকাৰেই নাই, বজাৰলৈ গৈ ৫০ টকীয়া নোট এখন দলিয়াই দিলেই নাৰিকল পোৱা যায়।

৮) পূৰ্ণময়ী মেধি : কি বস্তু বাৰু ফ্ৰিজত থ’লেও ঠাণ্ডা নহয়?

উত্তৰ : বৰফ

৯) ৰাস্না বৰা : হাঁহিলে হেনো বহুত বেমাৰ ভাল হয় মানে হাঁহি মহৌষধ। কিন্তু আগতে আমি লগ হৈ বেছিকৈ হাঁহিলে আইতাই ফলা খৰি লৈ খেদিছিল হাঁহিয়েই বিঘিণি বুলি কিয় কওক চোন ফটহু কাই?

উত্তৰ : আগৰ দিনৰ মানুহে কথাটো বেলেগকৈ বুজিছিল, হঁহা মানে কাম বন নকৰি হাঁহি খিকিন্দালি মাৰি থকা কথাটো বেয়া পাইছিল।

১০) জ্ঞান বৰদলৈ : কথাতেই কয় নহয় সাৱধানীৰ মৰণ নাই৷ তাৰমানে সাৱধানীসকলৰ কাহানিও মৃত্যু নহ’বই নেকি ফটহু ককাই?

উত্তৰ : বাদ দিয়ক হে! কিমান ডাঙৰ ডাঙৰ সাৱধানী চকুৰ আগতে মৰি হজি শেষ হ’ল, হাড়ত বন গজিল। এইবিলাক মিছা কথা। কেৱল সাৱধান হ’লে আওমৰণে নমৰে।

১১) পৰিস্মিতা বৰদলৈ : এই গৰমৰ দিনকেইটাত সূৰ্য্য দেৱতাই আমাক বৰকে জ্বলা কলা খুৱাই৷ গতিকে তেওঁক দীপ্ ফ্ৰিজত ৰাখি অলপ মলয়া ৰ’দ দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰিনে বাৰু? নহ’লে Low/ Medium/ High বুলি তিনিটা অপচন দিলেও হ’ব।

উত্তৰ : ভাল বুদ্ধি, ফটহুৱে এটা সজাতি দল লৈ সোনকালেই সূৰ্যৰ ওচৰত এই প্ৰস্তাৱ ৰাখিব।

১২) দিলীপ আৰ কাকতি : ফটহুকাই আগৰ দিনত মানুহে কৈছিল “কুৰিতে বুঢ়ী” বুলি সেই হিচাপত হ’লে তোমাৰ এই গোটটোত বৰ্তমান বুঢ়ী সদস‍্যা কিমান আছে?

উত্তৰ : আগৰ দিনতহে কৈছিল, তেতিয়া ফেচবুক নাছিলেই। ফেচবুক অহাৰ পাছত বুঢ়ী মানুহ দুনীয়াতে নাইকিয়া হ’ল।

১৩) ৰাজু কুমাৰ নাথ : ফটহুকাই, সেইসকলে স্বাধীনতা কেতিয়াকৈ পাব, যিসকলে পৰিবাৰৰ এটা ধমকিত বাচন ধুব লগীয়াত পৰে?

উত্তৰ : আহিব, তেওঁলোকৰো অচ্চে দিন আহিব। আমি আশাবাদী।

১৪) হিতেশ বি বৰুৱা : ফটহু কাই, গৰমৰ দিনত কুঁৱা খান্দি পানীৰ তলত শুই থাকিব পৰা হ’লে কেনে হ’ব?

উত্তৰ : বেয়া নহ’ব! কেৱল ঢোঁৰা সাপকেইটাই নাকে মুখে সোমাই টোপনি ভাঙিব বুলিহে ভয় লাগে।

১৫) দিম্পল কলিতা : বিয়াবোৰত সাধাৰণতে কইনাক লৈ আহে দৰাই বিয়া কৰাই। যদি কইনাই দৰাক আনিলে হয় কেনে পৰিৱেশ এটা হ’ল হয়?

উত্তৰ : বুজিলোঁ বোপাই, ঘৰ জোঁৱাই হৈ, খুলশালীৰ আদৰ লৈ, ঠেঙৰ ওপৰত ঠেং তুলি জীৱন কটোৱাৰ মন। এইবোৰ সপোন দেখি লাভ নাই, শ্বিলঙত গৈ চাই আহিলেই হ’ল, দুঘণ্টাৰ বাট।

১৬) কমল নেওগ : ফটহুককাইটি, বুঢ়ালোকৰ মুখত শুনা “হাঁহিয়ে বিঘিণি, পাদেই লখিমী” বোলা আপ্তবাক্যশাৰীৰ মানে কি বাৰু?

উত্তৰ : পাদেই লখিমী- মানে পাদিলে গেছ ওলাই যায়, তেতিয়া পেটৰ বিষ, এচিডিটি, আনকি হাৰ্ট এটেকৰ পৰাও ৰক্ষা পোৱা যায়, কিন্তু হাঁহিয়েই বিঘিণিটো বোধহয় অন্ধবিশ্বাস।

☆★☆★☆

6 Comments

  • কমল নেওগ

    শুদ্ধ উত্তৰ ৷?

    Reply
  • চেমিন

    মজা।?

    Reply
  • পূৰ্ণময়ী

    ফ্ৰীজত থোৱা ঠাণ্ডা নোহোৱা বস্তুটো হ’ল গৰম মছলা

    Reply
  • সন্তুষ্ট মোৰ প্ৰশ্নটোৰ উত্তৰত ফটহুকাই

    Reply
  • ৰাস্না বৰা

    মোৰ প্ৰশ্নটোৰ উত্তৰ বৰ ধুনীয়া কৈ দিলে দেই ফটহু কাই। ধন্যবাদ

    Reply
  • হিৰণ্যজ্যোতি দাস

    ধুনীয়া উত্তৰ দিছে বিশেষকৈ 12 নম্বৰ প্ৰশ্নটোৰ ৷

    Reply

Leave a Reply to ৰাস্না বৰা Cancel reply

Your email address will not be published. Required fields are marked *