ফটাঢোল

মাধ্যাকৰ্ষণিক ত্বৰণ, দুৰ্ঘটনা আৰু বোনলেচ চিকেন – দেৱজিত শৰ্মা

উচ্চতৰ মাধ্যমিকৰ পাছত স্নাতক মহলাৰ বিজ্ঞান শাখাত পদাৰ্থ বিজ্ঞানকে সন্মানীয়(মেজৰ) হিচাপে লৈ জাগীৰোড মহাবিদ্যালয়ত নাম ভৰ্তি কৰিলোঁ ৷ সাংঘাতিক ভাল নহ’লেও কাম চলাব পৰা শিক্ষাৰ্থীয়েই আছিলোঁ ৷ শ্ৰেণীত নাম ভৰ্তি কৰাৰ পাছত প্ৰথম কামটোৱেই আছিল, নিজৰ কেটেগৰীৰ বন্ধু বিচৰা ৷ দুই দিনৰ ভিতৰতেই অনুপম শৰ্মা,কমলদীপ কাকতি আৰু পূৰ্বৰে চিনাকি গুণীন্দ্ৰ শইকীয়াৰে সৈতে ভাল দল এটা গঠন কৰা হ’ল ৷ এই দলটোৱে মাজে মাজে কলেজ বাংক মাৰি চিনেমা চোৱাৰ পৰা জৈন চুইট শ্বপৰ চাহ চিঙৰাৰ সোৱাদ বা গণেশ টকিজৰ কাষত পোৱা ঘূগুনিৰ ( তেতিয়া প্ৰতি প্লেটত ৫ টকা আছিল) আগত ভিৰ কৰালৈকে সদায় একেলগে আছিল ৷ প্ৰথম বৰ্ষত বৰ বেছি প্ৰেক্টিকেল পোৱা নাছিলোঁ যদিও দ্বিতীয় বৰ্ষৰ লগে লগে প্ৰেক্টিকেলৰ ভূতে প্ৰতি মুহূৰ্ততে খেদিবলৈ আৰম্ভ কৰিলে ৷ ইয়াৰ ভিতৰত মূৰখোৱা প্ৰেক্টিকেল আছিল মাধ্যাকৰ্ষনিক ত্বৰণৰ (পাছলৈ এইটোত আমি চাৰিওটাই সাংঘাতিকভাৱে পাকৈত হৈ পৰিছিলোঁ) ৷ মাধ্যাকৰ্ষণৰ কথা সকলোৱে জানে নিশ্চয়! এটা পেণ্ডুলামৰ ওপৰত প্ৰয়োজিত হৈ থকা মাধ্যাকৰ্ষণ শক্তিৰ মাপ G ৰ মূল্য নিৰূপণ কৰাটোৱেই আছিল এই প্ৰেক্টিকেলৰ মূল উদ্দেশ্য ৷ প্ৰথম দিনাখন প্ৰেক্টিকেলত বৰ বিশেষ একো নহ’ল যদিও তৃতীয় দিনা নেৰানেপেৰা যত্নৰ অন্তত আমি G ৰ ভেল্যু প্ৰায়  9.8 m/s2 ত নিৰূপণ কৰি বিশ্বজয়ৰ ভংগিমা এটাৰে সেই বিভাগৰ অধ্যাপক কলিতা চাৰৰ ওচৰত যোৱাৰ পাছতহে বৰ লাজত পৰিলোঁ ৷
কলিতা চাৰ :  এটা খবৰ পাইছানে?
আমি চাৰিওজনে একেলগে : কি চাৰ?
কলিতা চাৰ: এইবাৰ ফিজিক্সত ন’বেল বঁটাটো ভাৰতলৈ আহিব ৷
আমি:  বঢ়িয়া খবৰ চাৰ!
কলিতা :  এৰা, আমাৰ কলেজখনৰো নাম আৰু গৌৰৱ হ’ব!
আমি :  সেইটো কেনেকৈ হ’ব চাৰ?
কলিতা চাৰ: হেৰৌ, তোমালোকৰ দৰে মডাৰ্ণ নিউটন থাকিলে নহৈ পাৰেনে! G ৰ ভেল্যু ইমান ‘একুৰেট’ কৈ ময়েই উলিয়াব নোৱাৰিম! কি টেলেণ্টেডহে তোমালোক ৷

লাজে অপমানে ইটোৱে সিটোক দোষ দি আহি কলা শাখাৰ কাষতে থকা কেণ্টিনখনত চাহ-চিঙৰাকে খাবলৈ বহোঁতেই খবৰটো পালো, কমলদীপৰ দেউতাকৰ হাত এখন ভাগিল ৷ সেইদিনা সি লগে লগেই গ’ল যদিও অন্য ক্লাচ থকাৰ বাবে আমাৰ যোৱা নহ’ল ৷ প্লাষ্টাৰ কৰাই তেখেতক ঘৰতে দুদিনমান জিৰণি ল’বলৈ চিকিৎসকে পৰামৰ্শ দিলে ৷ এই ঘটনাৰ তিনিদিনমান পাছত পুনৰ প্ৰেক্টিকেলৰ ক্লাচত চাৰিও ব্যস্ত হৈ থকাৰ মাজতেই অনুপমে প্ৰস্তাৱ দিলে খানা এটা খোৱাৰ ৷ লগে লগে সমৰ্থন কৰি কমলদীপক উদ্দেশ্যি ক’লো-

: ঐ তোৰ দেউতাৰৰ হাত ভগাৰ পাৰ্টি এটাকে দিব পাৰচোন !” কমলদীপৰ ৰিয়েকচন চাবলগীয়া হৈছিল যদিও শেষত গৈ সংখ্যাগৰিষ্ঠতাৰ ওচৰত সি শিৰ নত কৰিব লগা হ’ল ৷ শনিবাৰৰ দিন এটা ঠিক কৰা হ’ল, কলেজৰ পাছত তাৰ ঘৰত আমি গৈ মুৰ্গীৰ মাংস, হাঁহ আৰু পুখুৰীৰ মাছেৰে ভাত খাম ৷ সেইদিনা কমলদীপ কলেজলৈ নাহে,খানাৰ আয়োজন কৰিব ৷ আমি জনাত সৰুৰে পৰা এটা উদ্যোগী মনৰ অধিকাৰী কমলদীপে পঢ়াৰ সমান্তৰালকৈ ঘৰৰ পুখুৰীটোতে মাছ আৰু হাঁহ পোহাৰ ব্যৱস্থা কৰিছিল ৷ তেতিয়াৰ দিনত আমাৰ চিন্তাৰ দৌৰ সেই ভাত-মাংসতেই সীমাবদ্ধ আছিল, কাৰণ আজিৰ দৰে বাৰ্গাৰ-পিজ্জা আদি শব্দ সেই সময়ত  মৰুভূমিত মিনাৰেল ৱাটাৰৰ বটল পোৱাৰ সম পৰ্য্যায়ৰ আছিল ৷

যি কি নহওঁক,অৱশেষত সেই দিনটো আহি পালেহি ৷ জাগীৰোডত ৪০৭ত উঠি আমলিঘাটৰ কমলদীপৰ ঘৰত প্ৰবেশ কৰালৈকে আমাৰ তিনিওটাৰে চকুৰ আগত হাঁহ, মুৰ্গী আৰু মাছৰ ব্যঞ্জনেই ভাঁহি আছিল ৷ প্ৰাৰম্ভিক কথা-বতৰাৰ পাছত কমলদীপক তাৰ পুখুৰীৰ মাছ আৰু হাঁহ সম্পৰ্কে প্ৰশ্ন কৰাত বৰ কৰুণ চাৱনিৰে কৈ গ’ল- সকলো শেষ হৈ গ’ল ৷ একো নাই!
মই, অনুপম, গুণীন্দ্ৰ :  কি শেষ হৈ গ’ল ( সপোনৰ কাৰেং ভাঙি শেষ হৈ যোৱাৰ অনুভৱ এটা লৈ)!
কমল : পুখুৰীৰ পানী শুকাই গ’ল আৰু বগলী আহি সকলো মাছ খাই পেলালে!
আমি : (শেষ আশা এটা লৈ) আৰু হাঁহবোৰ!
কমল : হেপায়ে প্ৰায়বোৰ খালে ৷ যি দুই এটা আছিল, আমি ঘৰতে খাই দিলো!
আমি তিনিটা :  তেতিয়া হ’লে আজি কি আলুভাজি খাব লাগিব?
কমল :  নহয়,বোনলেচ চিকেন আছে নহয়!

ক্ষোভ এসোপামান জমা হৈছিল যদিও চিকেনেই ভাগ্যত আছে বুলি নিজকে শান্ত কৰিলোঁ ৷ এনেতে খোৱাৰ আমন্ত্ৰণ পাই টেবুলত আসন গ্ৰহণ কৰিলোঁগৈ ৷
আলু-ৰঙালাউৰ ভাজি, দাইল, আচাৰ প্ৰথমে পৰিৱেশন কৰিলে ৷ লাহে লাহে খাবলৈ ধৰিলোঁ যদিও মনলৈ বাৰে বাৰে চিকেনৰ ছবিখনহে আহি আছিল ৷ এনেতে কমলদীপে ডাঙৰ বাটি এটাত হেতা এখন দি কিবা এটা লৈ অহা দেখি কʼব নোৱৰাকৈয়ে হাঁহি এটা বিয়পি পৰিল ৷ কিন্তু টেবুলত থোৱাৰ পাছতহে চকু কপালত উঠিল ৷
মই :  হেৰৌ, চয়াবিন সোপা দিছ যে মাংস ক’ত? মাংস খাবলৈ পেটত ঠায়েই নাথাকিবচোন!
কমল :  এয়াই বনলেচ চিকেন!
আমি :  কি???
কমল : ( তাৰ বিখ্যাত হাঁহিটো মাৰি) হ’ব দে, আজি এনেকৈয়ে চলাই দে ৷ G ৰ ভেল্যু যদি খেলিমেলি হ’ব পাৰে চয়াবিন কিয় বোনলেচ চিকেন হ’ব নোৱাৰে!
আমি তিনিটা একেলগে :  কুকুৰ, তোক কলেজত চাই ল’ম ৰহ্ ৷

ই বেটাই কলেজত আমি কৰা প্ৰেক্টিকেলৰ খেলিমেলিৰ প্ৰতিশোধ তাৰমানে এনেকৈয়ে ল’লে ৷

☆ ★ ☆ ★ ☆

16 Comments

  • Rimjhim Borthakur

    হাঃহাঃ

    Reply
  • HEMANTA KAKATI

    ভাল লাগিল দেবজিত৷ সচাকে কোৱাচোন g ৰ ভেল্যু 9.8 m/sec2 ওলাইছিল নে কিবা বেক কেলকুলেচন মাৰিছিলা?

    Reply
  • Jyan prasad Bordoloi

    বঢ়িয়া বোনলেচ চিকেন ।??

    Reply
  • বাগ্মীতা বাৰ্বী

    হাঃ হাঃ?? মজ্জা লাগিল দাদা

    Reply
  • কাবেৰী মহন্ত

    হাতভঙা পাৰ্টিও খোৱা কম কচুগুটি আছিলানে ? G ৰ ভেলু আমি পুৰণা কপি চায়েই উলিয়াইছিলো৷ সেইটো নিৰৰ্থক সঁচাকৈ দেই

    Reply
  • Mukut bhattacharjya

    বঢ়িয়া লাগিল ?

    Reply
  • “বনলেচ চিকেন”মজ্জা লাগিল।

    Reply
  • ৰিণ্টু

    তামাম লিখিছা হে, তুমি দেখোন চুপাৰুস্তম ওলালা

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    হাত ভঙাৰো পাৰ্টি? সেয়ে বনলেছ চিকেন!

    Reply
  • Nilanjana Kashyap

    ভৰি ভঙাৰ পাৰ্টি খাব খুজিছিলে নহয়, খাওঁক “বনলেচ চিকেন”?

    Reply
  • Jyotirmoy Kalita

    অৱস্থাৰ বস্তা হৈ গৈছে ককাই । G ৰ মান একুৰেট ময়ো উলিয়াইছিলো, পিছে নোবেল ৰ বাবে মনোনীত কৰিব বুলি কোৱা নাছিল ছাৰে ?

    Reply
  • Anonymous

    জমালে দেই ।

    Reply
  • Anonymous

    Moja …. Ekdom clg t porha jen lagi goise

    Reply
  • Chandana Das

    হাঃহাঃ মজ্জা লাগিল

    Reply
  • Ranjan kumar Sharma

    হিঃহিঃ চয়াবিনেৰে প্ৰতিশোধ !!মজা

    Reply
  • Anonymous

    হা হা হা হা, বনলেছ ?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *