ফটাঢোল

মাহ লাইফ মাহ ৰুলজ্ -দেৱাংগ পল্লৱ শইকীয়া

টাউনৰ পৰা নাতিনীয়েকে আহি ককাকক দেউতাকে দিয়া নতুন স্মাৰ্টফোনটোত নেটপেক এটা ভৰাই ককাকৰ ফেচবুক একাউণ্ট এটা খুলি দিলে আৰু হোৱাটছএপটোও চালু কৰি দিলে!
: এতিয়াৰে পৰা তুমি আমাৰ ফটোবোৰ চাই থাকিব পাৰিবা৷ এইটো পাপা চোৱা৷ ইয়াতে এনেকে এবাৰ চুই দিলে এনেকুৱা হ’ব আৰু ইয়াতে তুমি পাপালৈ, মোলৈ, মালৈ কিবা লিখিবা৷ ফটো কেনেকে দিয়ে শিকাম৷ এইয়া চোৱা মোৰ নম্বৰটোত এনেকে চুই দিলেই এনেকে ওলাব …! লিখা এতিয়া কিবা!
ককাকে হোৱাটছএপত নাতিনীৰ ফটোৰ তলতে লিখি থোৱা ষ্টেটাছ দেখিলে!
: এইটো কি লিখি থৈছ তোৰ ফটোৰ তলত?
: অ’ সেইটো মোৰ ষ্টেটাছ৷ মাহ লাইফ মাহ ৰুলজ্!
: মাহ লাইফ মাহ ৰুলজ্? ? কি মানে?
: মানে মোৰ লাইফ৷ যি মন যায় কৰিম৷
: মাহ মানে কি? ?
: ইইইই …মাহ মানে মোৰ! মোৰ লাইফ!
: গাধী! ককাৰ আছিল ইংৰাজীৰ মাষ্টৰ, মাৰ বাপেৰো চোকা, নিজেও ইংৰাজী স্কুলত পঢ়ি আছ তথাপি নাজান যে মাহ নহয় মাই মানেহে মোৰ৷
: জানো জানো জানো হে! এইটো নতুন ষ্টাইল৷ মাহ মানেই মাই! আজিকালি চবেই এনেকেই লিখে অ’ ককা!
: কি চবেই লিখে? চবেই লিখিলে বুলিয়েই তইও লিখিবি? ? বাপেৰ কোন ককাৰ কোন নাজান? ভাষা এটাৰ এনেকৈ শ্ৰাদ্ধ পাতিবি?
: ইই ককা চাবাচোন৷ দুদিন পিছত যেতিয়া ফেচবুক, হোৱাটছএপ চলাবা ভালকৈ তেতিয়া দেখিবা এইটো ষ্টাইলতে চবেই লিখে৷ এনেকৈ লিখাবোৰ চব এডুকেটেড ষ্টুডেণ্টেই! ষ্টাইল আক’!
: যদি তেনেকুৱাই তেন্তে নালাগে মোক লৈ যা এইডাল ফোন! ইস! কথা শুনা!
এনেতে আইতাকে ভিতৰৰ পৰা ককাকক চিয়ঁৰিলে৷
: হেৰি কিনো ল’ছালিৰ লগত যুঁজি আছে? ? ভাত হ’বৰ হ’ল৷ ইনছুলিন ল’লেনে?
: মনে মনে থাক তই! নাই লোৱা ইনছুলিন৷ নলওঁ৷
: আইঅ’! কিয় নলয়! কিহে পালে?
: কিয় নলয় মানে? এনেই নলওঁ৷ যি মন যায় তাকে কৰিম৷ মাহ লাইফ মাহ ৰুলজ্! ■■

2 Comments

Leave a Reply to গীতালি Cancel reply

Your email address will not be published. Required fields are marked *