ফটাঢোল

ফটাপ্ৰশ্ন

 ১. পূৰ্ণাময়ী মেধি: হিন্দীত খানা খাতা হু, অসমীয়া তো খানা খাওঁএতিয়া প্ৰশ্ন হ’ল, হিন্দীত পানী পীতা হু হয়৷ অসমীয়াত কিন্তু পানী খাওঁ হয় কিয়?

ফটহু: জানেই দেখোন অসমীয়া মানুহবোৰ এলেহুৱা হয়৷ গতিকে বাহিৰা মানুহৰ দৰে খানা আৰু পিনা দুটা কাম কৰি কষ্ট নকৰে৷ এটাই কাম কৰে মানে অকল খোৱা কামতোৱে কৰে, খাদ্যও খায়, পানীও খায়৷ এটা গুলিতে দুটা চিকাৰ

২. নীলাঞ্জনা কাশ্যপ: অসমত যিকোনো বিষয়ৰ ওপৰত আও-ভাও নজনাকৈ মাত মতা “পণ্ডিত“ৰ সংখ্যা বেলেগ ৰাজ্যৰ তুলনাতকৈ বেছি কিয়?

ফটহু: আচলতে সেইসকল পণ্ডিত নহয়৷ কাম বন নথকা মানুহহে৷ অসমত এলেহুৱা মানুহৰ সংখ্যা এনেও বেছি৷ কাম বন নথকা কাৰণেহে দিনৰ দিনটো পণ্ডিতালি কৰি থাকে৷

৩. অভিজিত দত্ত: “যি মুলা বাঢ়ে তাৰ দুপাততে চিন“

কবি, গাজৰ, লাও আদি বঢ়াৰ চিন দুপাতত নোলাই নেকি?

ফটহু: আচলতে পুৰণি কালত কথাটো বেলেগ আছিলে৷ আপোনালোকে জানেই মূলা খালে গেচ হয়৷ আগতে কথাটো আছিলে যি মূলা বঢ়িয়া দুই পাদতে চিন৷ দুটা পাদতে মূলা ভাল নে বেয়া হম পোৱা গৈছিলে, সেই কথাটোৱে লিখিত ৰূপত আহি হ’ল যি মূলা বাঢ়ে দুপাততে চিন/ মূলা দুইপাততে চিন হয় কবিৰ পাতেই পাত, লাও সদায় পাতৰ তলত,  গাজৰৰ পৃ তিনি চাৰিটা পাত হলেহে চিন হয়৷ গতিকে মূলাৰ দুপাতত চিন হয়৷

৪. দ্বীজেন তামূলী: মহিলাবোৰৰ মোবাইলত বহুতো নম্বৰ বেলেগৰ নামত চেভ কৰা থাকে কিয়?

ফটহু: জানেই মহিলাবোৰে যি কৰে নিজৰ পচন্দ মতেহে কৰে৷ গতিকে কাৰোবাৰ নামটো যদি পচন্দ নহয় তেনেহলে নিজৰ পচন্দৰ নাম দি ফোনত চেভ কৰি থৈ দিয়ে৷ বেলেগে দিয়া নাম নিজৰ মোবাইলত চেভ নকৰে আৰু৷

৫. জিতা ফুকন: Sound sleep মানে নাক বজাই শোৱা নেকি বাৰু ?

ফটহু: নিশ্চিত ভাবে সেইটোৱে অৰ্থ৷ যিমান ডাঙৰ নাকৰ শব্দ,  সিমান ভাল চাউণ্ড শ্লিপ৷

৬. বাসৱদত্ত দাস: মোৰ এটা প্ৰশ্ন: কিছুমান ছোৱালীক “লক্ষ্মী আপী“ বোলাৰ দৰে লʼৰাবোৰকো “বিষ্ণু আপা“ বোলা নহয় কিয়?

ফটহু: বিষ্ণু আপা বুলি কলে যদি কাম বন এৰি ভগবান বিষ্ণুৰ দৰে আৰামত শুই ঘৰৰ মানুহক আদেশ দি থাকে কোনে ৰিস্ক লব৷ সেইকাৰণেই নকয়৷

৭.সমুজ্জ্বল কাশ্যপ: এদিন এহাল গিৰিয়েক ঘৈণীয়েক চিনেমা চাবলৈ গ’ল৷ তেওঁলোকৰ চাৰিজন ল’ৰা আৰু ছয়জনী ছোৱালী৷ প্ৰতিগৰাকী ছোৱালীৰ আকৌ তিনিটাকৈ সন্তান৷ একেবাৰে সাধাৰণ প্ৰশ্নটো হ’ল, “মুঠতে কিমান মানুহ চিনেমা চাব গৈছিল? “

ফটহু: চতুৰ্থ শ্ৰেণীত অংকত চাৰি বাৰ ফেল কৰি স্কুল বাদ দিলো৷ ইমান টান প্ৰশ্ন কেনেকৈ কম ঔ৷ হলৰ টিকেট চেকাৰ জনক সুধিছিলো, তেওঁ চল্লিশজন বুলি কৈছে, সঁচা মিছা নেজানো ৷

৮.নীলাক্ষী দেৱী ডেকা: ফটহুকাই, ভাৰতত যিকোনো পূজা পাতল কৰা, উপাসনা গৃহ নিৰ্মাণ কৰা বেআইনী বুলি ঘোষণা কৰা হলে কি হ’লহেতেন?

ফটহু: মানুহৰ কি হ’ল হয় নেজানো, কিন্তু দিনটো স্মৰণ কৰি থকা ভক্ত সমূহ নেথাকিলে ভগৱান বৰ শান্তিত থাকিব পাৰিলে হয়৷ নহলে ভাবকছোন দিনৰ দিনটো মানুহবোৰে মাতিয়ে থাকে৷

৯.বিউতী হালৈ: মানুহৰ ভাত খোৱা মুখখন যদি ডিঙিৰ তলত হ’লহয় কি হ’ল হয়?

ফটহু: কিনো হ’ল হেতেন ভাত উঠি বাদুলীৰ দৰে উলোটাকৈ উলমি দিব লাগিলে হয়৷

১০.গিতীমল্লিকা গগৈ: ফটহু কাই, ফটাঢোলৰ লিখাবোৰ পঢ়ি পঢ়ি হাঁহি হাঁহি ইমান পেট বিষাই কেলৈ নো? বিৰতি লৈ লৈ হাঁহিব লগীয়া হয়, কি কৰো?

ফটহু: বিৰতি লৈ লৈ হাঁহিব৷ হঁহা স্বাস্থ্যৰ কাৰণে ভাল৷ পেট বিষালেও বিষাৱক৷ হাঁহি থাকিলে মন স্বাস্থ্য সকলো ভালে থাকিব৷

১১. চাহিন জাফ্ৰি:  মানুহে ’’মূৰটো ঘূৰাইছে’’ বুলি কয়, পিছত আঠা দি যোৰা লগায় নে? মানে ঘূৰাই থকাটো ৰখায় কেনেকৈ?

ফটহু: আচলতে মূৰ ঘুৰোৱা বন্ধ কৰাৰ আটাইতকৈ ভাল উপায় হ’ল ডিঙিত বাঁহ এডাল লগাই মূৰতো বান্ধি থোৱা৷ তেতিয়া আৰু ঘূৰিব নোৱাৰে৷ কিন্তু মানুহবোৰে তাকে নকৰি দৰব খায়

১২.তাবিবৰ ৰহমান: ফটহু কাই,  মানুহ বোৰে যে চকু কপালত উঠা বুলি কয় তাৰ পিছত চকু দুটা নামি আগৰ ঠাইলৈয়ে আহে নে কপালতে থাকি যায়?

ফটহু: চকু কপালত উঠাৰ পাচত নামিবই লাগিব, কপালৰ ওপৰত আৰু উঠাৰ জেগা নাই নহয়৷ তললৈ ঘূৰি আহিবই লাগিব৷

১৩.পৰীস্মিতা বৰদলৈ: এশ গৰু মাৰিলে বাঘৰো মৰন মানে এশটা গৰু মাৰিলেহে বাঘৰ মৰন হ’ব নেকি নিয়ানব্বৈ বা তাতকৈ কমকৈ মাৰিলে বাঘবোৰে অমৰত্ব লাভ কৰিব নেকি?

ফটহু: গৰু মাংসত হাই প্ৰোটিন থাকে৷ ইউৰিক এচিদ, হাই প্ৰেচাৰ এইবোৰৰ কাৰণ৷ গতিকে এশ গৰু মাৰি খালে এইবোৰ বাঢ়ি বাঢ়ি বাঘৰ মৃত্যু পৰ্যন্ত হব পাৰে৷ এশটো ডাক্তৰে দিয়া বৰ্দাৰলাইন৷ তাতকৈ কম খালে বেমাৰ হব কিন্তু নমৰে৷

১৪.ভূপালী দেৱী: “বিশ্বকৰ্মা মাই কি জয়“ সেই পানীয় বিধ খোৱাৰ পিচত মানুহে লিংগৰ পাৰ্থক্য পাহৰি যায় কিয়?

ফটহু: আচলতে বিশ্বকৰ্মা মাইকি জয় নকয়৷ বিশ্ব কৰ্মা কি জয়েই কয়৷ কিন্তু টানোতে টানোতে শুনাত বিশ্বকৰ্মাইকি জয় হয়গৈ৷

১৫.নীলাক্ষী দেৱী ডেকা: ফটহুকাই, মহিলাসকলে বিয়াৰ পাছৰ পৰাই গিৰিয়েকৰ মনত ভবা সকলো কথা গম পাই থকা হ’লে কি কি সুবিধা আৰু অসুবিধা হ’ল হয়?

ফটহু: সুবিধা অসুবিধা পাচৰ কথা৷ মনৰ ভাব যদি বুজে সংসাৰে নেথাকিব৷

১৬. লুনা বৰা: মহিলা বা পুৰুষ বিউতি পাৰ্লাৰ বিলাক কিমান প্ৰয়োজনীয় বুলি ভাবে?

ফটহু: বিউটি পাৰ্লাৰ বস্তুটো বহুত প্ৰয়োজনীয়৷ কাকো ধুনীয়া কৰিব নোৱাৰিলেও ই আত্মবিশ্বাস দিয়ে যে মোক দেখাত ধুনীয়া লাগিছে৷ সেইকাৰণে সকলোৰে কাৰণে বিউটি পাৰ্লাৰ লাগে৷

১৭. উৎপলা কৌৰ: আমাৰ যে গৰমৰ দিনত গৰম লাগে, ঠাণ্ডা দিনত কিয় নালাগে?

ফটহু: যেতিয়া ৰাতি সূৰ্য্য ওলাব আৰু দিনত চন্দ্ৰ ওলাব তেতিয়া ঠাণ্ডা দিনত গৰম আৰু গৰমৰ দিনত ঠাণ্ডা লাগিব৷

১৮.অঞ্জলি গগৈ বৰগোঁহাই: মানুহবোৰক বছৰৰ সাতদিনৰ বাবে মাইকী কৰি দিলে কি অসুবিধা হ’লহেঁতেন?

ফটহু:  অসুবিধা এটাই হ’ল হয় গিৰিয়েক ঘৈণীয়েকৰ মাজত মেক আপ অলংকাৰ আৰু কাপোৰ লৈ মাৰপিট লাগিলে হয়৷ কাৰণ একেখিনি বস্তু দুয়োকে লাগিলে হয়৷

১৯. আৰাধনা বৰুৱা: পুৰুষৰ গৰ্ভধাৰণৰ ক্ষমতা থকা হ’লে আটাইতকৈ ভাল কি হ’ল হেতেন আৰু বেয়া কি হ’ল হেতেন?

ফটহু: আটাইতকৈ ভাল হ’ল হয় সন্তানৰ কাৰণে নাৰীৰ প্ৰয়োজন নেথাকিলে হয় আৰু সংসাৰত শান্তি বিৰাজ কৰিলে হয়, আটাইতকৈ বেয়া হ’ল হয় সন্তানবোৰ সৰুৰে পৰা বিশৃংখল পৰিবেশত ডাঙৰ হ’ল হয়৷

২০.বৰ্ণালী চৌধুৰী: বেচিকৈ হাঁহিলে মানুহে কয় এইৰ কিবা হৈছে আৰু নাহাঁহিলে কয় বেছি দেখুৱাই৷ আচলতে আমি কি কৰিলে ভাল হব?

ফটহু: মানুহে যি কয় কব দিয়ক৷ হাঁহি থাকিব৷ হঁহা স্বাস্থ্যৰ কাৰণে ভাল ঔষধ৷

২১ .পূৰ্ণানন্দ শৰ্মা: ফটহুকাই, বিয়াৰ পিছত মহিলা সকলৰ মুখবোৰ (আচলতে গালিবোৰ! ) বন্ধ কৰাৰ উপায় কি?

ফটহু: গোটেই বিশ্বৰ পুৰুষে সেই উপায়টো বিচাৰি আছে৷ সেইটো উপায় যিদিনাই কোনোবাই ওলিয়াব পাৰিব তেওঁ চিধাই ভগবান বনি যাব৷

২২.লক্ষ্য বৰঠাকুৰ: ফটাঢোলে যদি এখন ভাওনা পাতে তেনেহলে শকুনিৰ ভাওটো আটাইতকৈ বেছি কোনে ভালকৈ ৰূপায়ণ কৰিব পাৰিব?

ফটহু: এইটো উত্তৰ দি মোৰ লগত কাৰোবাৰ কাজিয়া লগোৱাৰ ধান্দা ন? এই প্ৰশ্নটো কৰা কাৰণে মই কম ফটাঢোলত শকুনীৰ ৰোলৰ কাৰণে আপুনিয়ে আটাইতকৈ যোগ্য ব্যক্তি৷

২৩.বিপুল শৰ্মা: উইলিয়াম ৱৰ্দচৱৰ্থে এই কবিটাটো কিমান বয়সত লেখিছিল:

’Our mayna will fall asleep,

Will plant jujube in the field,

Jujube will be ripe and fall to the ground,

Our mayna will pick them up and eat around..’?

ফটহু: এই কবিতাটো William Wordsworthএ লিখা নাছিল৷ এই কবিতাটো এটা চাইনিজ লোকগীত৷ তাৰপাচত ইয়াক ইংৰাজীলৈ অনুবাদ কৰিছিলে উলিয়াম চেক্সপিয়েৰে আৰু ইয়াক চিনেমাত প্ৰথম ব্যবহাৰ কৰিছিলে এলফ্ৰেদ হিটচককে তেওঁৰ চিনেমা দটাৰ ইন ল’ত এই কবিতাটো ব্যৱহাৰ কৰিছিলে৷

২৪.দেৱজিত শৰ্মা: ফেচবুকত ফটো আপলোড কৰাৰ সুবিধাটো নোহোৱা কৰি দিলে কি হ’ব?

ফটহু: ফটো আপলোড কৰা সুবিধা নোহোৱা হলে বহুত স্বয়ম্ভূ মোডেল নোহোৱা হ’ব লগতে তেনে ফটোত নিজৰ কমেণ্টৰ প্ৰতিভা দেখোৱা বহুত সাহিত্যিক নোহোৱা হ’ব৷

২৫.মঞ্জুশ্ৰী শইকীয়া কলিতা: ফটহু কাই, ফটা প্ৰশ্নৰ উত্তৰবোৰ ফটা হয়নে নফটা হয়?

ফটহু: উত্তৰবোৰ ফটাই হয়৷ কিন্তু মই ভালকৈ চিলাই কৰি নফটা কৰিহে মানুহৰ কাৰণে উলিয়াই দিওঁ৷

২৬.ৰক্তাভ কুমাৰ দাস: “চেলিব্ৰিটি“ৰ সমৰ্থনত বাৰেবিংকৰা কথা কোৱা মানুহক সাধাৰণতে “চেলিব্ৰিটি“জনৰ “অন্ধভক্ত“ বুলি কোৱা হয়৷ এতিয়া কথাটো হ’ল “অন্ধভক্ত“সমূহ সঁচাকৈ অন্ধই থাকেনে?

ফটহু: কাৰোৱেই অন্ধভক্তবোৰ আচলতে চকুৰে অন্ধ নহয়৷ নিজ মগজুৰে চিন্তা নকৰি অন্ধ ভাবে অনুসৰণ কৰা কাৰণেহে তেওঁলোকক অন্ধভক্ত বুলি কোৱা হয়৷

২৭.অনুৰূপ মহন্ত: “ফটহু কাই, চেনি আৰু ফিটকীৰীৰ একে সমান সমান টুকুৰা একেলগে মিহলি হৈ থাকিলে চেলেকি নোচোৱাকৈ কেনেকৈ বেলেগ বেলেগ কৰিম? “

ফটহু: একদম সহজ পৰুৱা এগালমান এৰি দিব লাগে৷ যি কেইটাৰ ওপৰত পৰুৱা থাকিব সেইকেইটা চেনি আৰু যি কেইটাৰ ওপৰত নেথাকে সেইকেইটা ফিটকিৰি৷

২৮.বৰ্ণালী চৌধুৰী: দাঁত নিকটাই হাহাঁ বুলি যে কয়-দাঁত নিকটালে হাঁহিনো কেনেকৈ ওলাব অলপ বুজাই দিব নেকি?

ফটহু: দাঁত নিকটাই হাঁহা মানে এনেকৈ হঁহা যে মানুহে দাঁত দেখি যায়৷ অৰ্থাৎ প্ৰাণখোলি হঁহা৷ তেনেকৈ হাঁহি থাকক, স্বাস্থ্যৰ কাৰণে ভাল৷

২৯ .চন্দনা শৰ্মা: “এশ গৰু খালে বাঘৰো মৰণ“ আৰু “সাৱধানৰ মৰণ নাই’৷ প্ৰশ্নটো হ’ল এটা বাঘে যদি এশ এটা গৰু সাৱধানে খাই, তেতিয়া কি হ’ব?

ফটহু: এশ গৰু খালে বাঘৰ মৰণ হয়৷ গতিকে বাঘ এটা যদি সাবধানী হয় সি  কেতিয়াও এশ গৰু নেখায়েই৷ নিৰান্নবৈত বন্ধ কৰি দিব৷ কাৰণ সি জানে এশ গৰু খালে তাৰ মৃত্যু হ’ব৷

৩০.ৰিতন বৰুৱা: ফটহু কাই মানুহৰ হাঁহি – ধেমালি, খং – ৰাগ বিলাক একেবাৰে নথকা হ’লে কি হ’ল হয়?

ফটহু: অনুভূতি বোৰ নোহোৱা হলে মানুহ আৰু ৰবটৰ মাজত দেখোন একো পাৰ্থক্যই নেথাকিব৷ এক যন্ত্ৰৰ দৰে হৈ পৰিব সকলো৷

৩১.নৱজ্যোতি বৈশ্য: ফটহু কাই, “শান্তিৰ নবেল বঁটা”যে দিয়া হয় “অশান্তিৰ নবেল বঁটা” কিয় দিয়া নহয়? এয়া নাৰী জাতিৰ বিৰুদ্ধে পুৰুষতন্ত্ৰৰ ষড়যন্ত্ৰ নহয় নে?

ফটহু: অশান্তিৰ নবেল বঁটা দিলে দেখোন প্ৰত্যেক গৰাকী বিবাহিত মহিলাই প্ৰবল দাবীদাৰ হব৷ বঁটা কাক দিব সেইটো নিৰ্বাচন কৰাৰ বাছনি কমিটিৰ সাধ্য নাই৷ সেইকাৰণে নিদিয়ে৷

৩২.মুকুট ভট্টাচাৰ্য্য: ঝাৰু মাৰি আগবাঢ়ি যোৱাটো নে মচি মচি পিছুৱাই অহাটো অধিক গ্ৰহণযোগ্য৷

ফটহু: এইটো টেকনিকেল কথা৷ জাৰু মাৰি আগুৱাই গলে বেচি চাফা হয় আৰু মচি পিচুৱাই গলেহে বেচি চাফা হয় দুয়োটাই শুদ্ধ৷

৩৩.দিপ্তী শৰ্মা: সব মানুহৰে এটা এটা মুৰ কিন্তু ৰাৱনৰ ১০টা মুৰ হোৱাৰ কাৰণ কি আছিল?

ফটহু: ৰাৱনৰ দহটা মূৰ নাছিলে৷ প্ৰকৃততে ৰাৱনৰ দহজনৰ মানুহৰ মিলি যিমান জ্ঞান বুদ্ধি হয়,  সিমান জ্ঞান বুদ্ধি আছিলে৷ পিচে বেছি জ্ঞান বুদ্ধিয়ে ৰাবনৰ বিপদহে কৰিলে৷

☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply to কমল Cancel reply

Your email address will not be published. Required fields are marked *