ফটাঢোল

সংখ্যাটোৰ আঁৰত– ৰূপাংকৰ চৌধুৰী

সেইয়া ২০১৭ চনৰ প্ৰথম ভাগৰ কথা। ফেচবুকৰ কেইজনমান সক্ৰিয় সদস্যৰ মাজত এটি শব্দ শুনিবলৈ পাওঁ- ‘ফটাঢোল’। অলপ খা-খবৰ কৰি গম পালোঁ এইটো এটি হাঁহি-ধেমালিৰে কথা-বতৰা কৰি ভাল পোৱা কেইজন মান সক্ৰিয় ফেচবুকাৰে মিলি জন্ম দিয়া এটি ফেচবুক গ্ৰুপ। দুদিন মান পিছত ফেচবুকৰ ভন্টি এজনীয়ে মোক এই গ্ৰুপটোত সোমাই দিলে। সদস্যসকলে ইজনে-সিজনক ‘টাৰ্গেট’ কৰি ব্যংগাত্মক পোষ্ট দিয়া-মেলা চলি থাকে। বহু ক্ষেত্ৰত পোষ্টতকৈ মন্তব্যসমূহ বেছি আকৰ্ষণীয় হয়। আমিও দুই-এক তেনেকুৱা পোষ্টত ভাগ লওঁ। তেতিয়া ‘ফটাঢোল’ৰ সদস্য সংখ্যা আছিল মাথোঁ ২০০০জন।
২১,৪৯৪ – আজিৰ তাৰিখত এই গোটৰ সদস্য সংখ্যা (৩০ অক্টোবৰ, ২০১৯চন)। সেই ২০১৭ বৰ্ষৰ আগভাগত গঁজালি মেলা গোটটো আজিৰ তাৰিখত অসমীয়া চ’ছিয়েল মাধ্যমত প্ৰায় সকলোৰে এক চিনাকি নাম। অকল হাঁহি-ধেমালিতেই ব্যস্ত নাথাকি ‘ফ’কাচ অসম’ নামৰ NGOৰ যোগে বান সাহাৰ্য আদিৰ দৰে সমাজহিতৈষী কামৰ দ্বাৰা ‘ফটাঢোল’ৰ সদস্যসকলে এক সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিছে। এইয়া এক বিৰল নিদৰ্শন।
অসমীয়া কথা-বতৰা’ গোটৰ মাধ্যমেৰে চিনা-পৰিচয় হোৱা প্ৰায়খিনি ব্যক্তিকেই ‘ফটাঢোল’ৰ মঞ্চত অন্য এক ৰূপত ওচৰৰ পৰা দেখিবলৈ পাওঁ। ইয়াত তেওঁলোকৰ ব্যক্তিত্বৰ সাধাৰণতে অতি ঘনিষ্ঠখিনিৰ লগত ভাগ-বতৰা কৰা ব্যংগাত্মক ভাৱধাৰাৰ মুক্ত বহিঃপ্ৰকাশ দেখো। ইয়াৰ দ্বাৰা তেওঁলোকৰ প্ৰতি আকৰ্ষণ অধিক গাঢ় হয়।
২০১৮ চনৰ এপ্ৰিল-মে’ মাহত ‘ফটাঢোল’ৰ অন্যতম কাণ্ডাৰী ৰিন্টুমণি দত্ত দাই ফেচবুকে যোগে মোৰ লগত যোগাযোগ কৰিছিল ‘ফটাঢোল আলোচনী’ৰ এটি সংখ্যা সম্পাদনাৰ বাবে। পাৰিবাৰিক আৰু কৰ্মক্ষেত্ৰৰ ব্যস্ততাৰ বাবে মই নোৱাৰিম বুলি ক’লোঁ। ২০১৮ৰ ছেপ্তেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত প্ৰীতি-সন্মিলনত পুনৰ ৰিন্টু দাই মনত পেলালে। সেইবাৰো কৰ্ম-ব্যস্ততাৰ বাবে মই সম্পাদকৰ দৰে গুৰু দায়িত্ব পালন কৰিবলৈ সাজু নহয় বুলি জনালোঁ।
২০১৯, আগষ্ট। ইতিমধ্যে নলবাৰীৰ প্ৰীতি-সন্মিলনৰ বাবে দিন, স্থান আদি ঠিক কৰা হৈ গ’ল। নিজ জন্ম জিলাত অনুষ্ঠিত হ’বলগীয়া প্ৰীতি-সন্মিলনখন সুকলমে অনুষ্ঠিত কৰিবলৈ আমি আলোচনা চলাই আছোঁ। আকৌ ৰিন্টু দাৰ মেচেজ-
-এইবাৰ কোনো অজুহাত নচলিব।
– আপুনি কথা দিয়ক যে নলবাৰী প্ৰীতি সন্মিলনত আপুনি উপস্থিত থাকিব।
– কথা দিলোঁ। তুমি কথা দিয়া যে ফটাঢোল ই-আলোচনীৰ নবেম্বৰ সংখ্যাৰ দায়িত্ব তুমি ল’বা।
কথা ৰাখিলোঁ ৰিন্টু দাৰ। কৰ্মক্ষেত্ৰৰ ব্যস্ততাৰ বাবে ৰিণ্টু দা আহিব নোৱাৰিলে নলবাৰীৰ প্ৰীতি সন্মিলনলৈ যদিও নলবাৰীৰ বিখ্যাত ৰাস মহোৎসৱত আহিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে। ‘ফটাঢোল’ৰ আবেগ ৰিন্টু দাৰ হৃদয়জুৰি বিয়পি আছে।
দায়িত্ব ল’লোঁ ফটাঢোল ই-আলোচনীৰ। ইয়াৰ আগতে ‘অসমীয়াত কথা-বতৰা’ গোটৰ দ্বাৰা প্ৰকাশিত মাহেকীয়া ‘সাহিত্য ডট অৰ্গ’ ই-আলোচনীৰৰ সম্পাদনাৰ দায়িত্ব আৰু ‘উপভাষাত কথা পাতোঁ আহক’ ( তেতিয়াৰ ‘নলবেইৰাত কথা-বাত্ৰা’) গোটৰ দ্বাৰা প্ৰকাশিত ‘অৱগুন্ঠন’ নামৰ অসমত প্ৰচলিত বিভিন্ন অসমীয়া উপভাষাৰ ভিত্তিত প্ৰকাশিত ই-আলোচনীখনৰ সম্পাদনাৰ অভিজ্ঞতাকেই সাৰথি কৰি আগবাঢ়িলোঁ।
সংখ্যাটো চলাই নিয়াৰ ক্ষেত্ৰত ফটাঢোলৰ স্থায়ী সম্পাদনা কমিতি তথা প্ৰশাসকমণ্ডলীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সাধাৰণ পাঠক হিচাপে আমি যিকোনো আলোচনী বা কিতাপৰ সম্পাদিত ৰূপটোহে দেখিবলৈ পাওঁ। তাৰ ভিতৰত লুকাই থকা আলোচনী এখনৰ প্ৰসৱ বেদনা কেৱল স্থায়ী সম্পাদনা কমিতি আৰু সম্পাদকেহে অনুভৱ কৰিব পাৰে। সেইয়া এক অনন্য অভিজ্ঞতা। অসমীয়া ভাষাটোৰ চৰ্চা অব্যাহত ৰখাৰ স্বাৰ্থত এচাম নীৰৱে জাতিটোক ভালপোৱা অসমীয়াই কিদৰে নিজৰ ব্যক্তিগত জীৱনৰ অমূল্য সময় ব্যয় কৰি আছে সেইয়াও এক বিৰল নিদৰ্শন। নিজৰ কৰ্ম ব্যস্ততাৰ মাজত চাবিনা বা, প্ৰণীতা বা, ৰিন্টু দা, হেমন্ত দা আৰু অভিজিৎ দাহঁতে কেনেকৈ লাগি আছে সেইয়া নিজে নিয়োজিত নহ’লে অনুভৱ কৰা অসম্ভৱ। এওঁলোকৰ হাতত ডিজিটেল মাধ্যমৰ যোগে অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা সদায় সুৰক্ষিত।
‘ফটাঢোল’ৰ অলংকৰণৰ দায়িত্বত আছে আৰাধনা বৰুৱা বাইদেউ। নিজৰ ভীষণ কৰ্মব্যস্ততাৰ মাজতো অতি নিয়াৰিকৈ আৰু সময়মতে যাদুভৰা নিজৰ সৃষ্টিশীল হাতৰ পৰশেৰে ফটাঢোল আলোচনীক জীপাল কৰি তোলাৰ ক্ষেত্ৰত বাইদেউৰ অৰিহণা সদায় শ্ৰদ্ধাৰে মনত ৰাখিম।
চাবিনা ইয়াচমিন- বানান বাইদেউ। চাবিনা বাইদেউৰ আলোচনীখনৰ প্ৰতি থকা আৱেগিক বান্ধোন দেখি মই হতবাক। ইমান কৰ্ম ব্যস্ততাৰ মাজতো চাবিনা বাই কেনেদৰে সময় মিলাই বৰ্ণশুদ্ধিৰ কাম কোনোধৰণৰ আপোচ নকৰাকৈ চলাই নিয়ে সেয়া সঁচাকৈ এক কৌতুহলৰ বিষয়। চাবিনা বাৰ লগতে হেমন্ত কাকতি দা, প্ৰণীতা গোস্বামী বৰঠাকুৰ বাইদেউ আৰু পৰিস্মিতা গগৈ আদিয়ে নিজৰ সাংসাৰিক ব্যস্ততাৰ মাজতে কেৱল অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা অব্যাহত থকাৰ স্বাৰ্থত নিজৰ অমূল্য সময় ব্যয় কৰি ‘ফটাঢোল’ আলোচনীক যি এক অনন্য মাত্ৰা দিছে সেইয়া সঁচাই অনুকৰণীয়।
উজ্জ্বল ফুকন- মোৰ অতি শ্ৰদ্ধাৰ দাদাজনে যোৱা প্ৰায় চাৰিবছৰ ধৰি লিখা-মেলাৰ পৰা আঁতৰত আছিল। অসমীয়া ব্যংগ সাহিত্যৰ ‘ডিজিটেল মাধ্যম’ত উজ্জ্বল দাৰ দৰে অতি উচ্চস্তৰত ব্যংগাত্মক সুখপাঠ্য লেখা মানুহ তেনেই তাকৰ। উজ্জ্বল দাই আমাক নিৰাশ নকৰিলে। সুদীৰ্ঘ সময়ৰ ব্যৱধানৰ পিছতো উজ্জ্বল দাই আমাৰ অসমীয়া ব্যংগ সাহিত্যৰ পাঠকক এটি মনপৰশা লেখা উপহাৰ দিয়া বাবে তেখেতৰ ওচৰত চিৰ কৃতজ্ঞ।
দিগন্ত কুমাৰ ভট্টচাৰ্য- নামেই যাৰ পৰিচয়। মই সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰে পৰা প্ৰত্যেকটো খোজত মোক বাট দেখুৱাই যোৱা ব্যক্তিজনেই হ’ল মৰমৰ দিগন্ত দা। নিজৰ অভিজ্ঞতাৰ ভিত্তিত কেনেকৈ আগবাঢ়িলে সঠিক পথত খোজ দিব পাৰিম সেই সন্দৰ্ভত দিগন্ত দাই মোৰ প্ৰকৃত মাৰ্গদৰ্শক।
সংখ্যাটোৰ আঁৰত মোক প্ৰত্যেকটো খোজতেই সহায় আগবঢ়াই অহা শ্ৰদ্ধাৰ অভিজিত দা মোৰ বাবে এক ‘সাহস’। ব্যক্তিগত সীমবদ্ধতাৰ বাবে মই ফটাঢোলৰ কেইবাজনো জনপ্ৰিয় লিখকৰ বিষয়ে অৱগত নাছিলোঁ। এইক্ষেত্ৰত মোক প্ৰত্যেকদিনে যোগাত্মক সঁহাৰিৰে সঠিক পথ দেখুৱাই আগুৱাই যোৱাত সহায় কৰা ব্যক্তিজনেই হৈছে অভিজিত দা। অভিজিত দাৰ সহায় অবিহনে এইটো সংখ্যা প্ৰকাশ কৰা মোৰ বাবে প্ৰায় অসম্ভৱ আছিল। অভিজিৎ দাৰ প্ৰতিটো কথাতেই যোগাত্মক দৃষ্টিকোণ আমাৰ বাবে মহৌষধ।
সদৌ শেষত মোৰ অতি শ্ৰদ্ধাৰ আৰু মৰমৰ লেখক-লেখিকাসকল- যিয়ে নিজৰ ব্যক্তিগত জীৱনৰ অতি ব্যস্ত কাৰ্যসূচীৰ পৰা অমূল্য সময় উলিয়াই এই অভাজনক ‘ফটাঢোল’ ই-মেগাজিনৰ ২০১৯ চনৰ নৱেম্বৰ মাহৰ সংখ্যাটো উলিওৱাত সহায় কৰিলে- আটাইলৈ মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা আন্তৰিক ধন্যবাদ তথা সশ্ৰদ্ধ প্ৰণিপাত।

☆★☆★☆

6 Comments

  • তোমাৰ বলিষ্ঠ হাতৰ সম্পাদনাত এখন সুন্দৰ আলোচনী পঢ়াৰ সুযোগ পালোঁ। অন্তৰেৰে ধন্যবাদ জনালোঁ।

    Reply
    • ৰূপাঙ্কৰ চৌধুৰী

      ধন্যবাদ বা!

      Reply
  • দিম্পল

    ধন্যবাদ দাদা এখন সুন্দৰ আলোচনী আমাৰ আগত উলিয়াই দিয়া বাবে

    Reply
  • ৰূপাঙ্কৰ চৌধুৰী

    ধন্যবাদ দিম্পল!

    Reply
  • তোমাৰ সম্পাদনাৰ সলাগ ল’লোঁ ৰূপাংকৰ৷ এই কথাৰ কেতিয়াও নুই কৰিব নোৱাৰোঁ যে আলোচনীখনৰ প্ৰতি মোৰ আছে অত্যন্ত মৰম৷ কিন্তু সম্পাদনাৰ কাম যি নিখুঁতভাবে পৰিচালনা কৰিলা তাৰ বাবে তোমাৰ ওচৰত সদায়ে কৃতজ্ঞ হৈ ৰ’ম৷

    Reply
    • ৰূপাঙ্কৰ চৌধুৰী

      ধন্যবাদ বা। আপোনাৰ লগত আলোচনীখনৰ তাগিদাত কটোৱা সময়খিনি আজীৱন সোঁ‌ৱৰিম এক মিঠা আৱেগেৰে।

      Reply

Leave a Reply to ৰূপাঙ্কৰ চৌধুৰী Cancel reply

Your email address will not be published. Required fields are marked *