ফটাঢোল

ফটাপ্ৰশ্ন – ডিচেম্বৰ ২০১৯

১) কমলা দাসঃ- ফকৰা বচন মতে
“আদাক দেখি উঠিল গা,
কেতুৰীয়ে বোলে মোকো খা,
আদাৰ কেনেকৈ গা উঠে নো?”
উত্তৰঃ- আদাৰ নুঠে হে, কেতুৰীৰ হে উঠ। আদাই জাহাজত উঠি ফুৰবলৈ যোৱা বুলি গম পালে কেতুৰীৰো মন যায়, কবিয়ে তাকেহে কৈছে।

২) অভিজিত দত্তঃ- কথিত আছে যে মহাকবি কালিদাসে বিয়াৰ প্ৰথম নিশা তেওঁৰ পত্নীৰ সাক্ষাৎ লাভৰ বাবে আঠুৱাৰ ওপৰেৰে যাবলৈ বিচৰাত আঠুৱাৰ ৰচি চিঙি বিচনাত সৰি পৰিছিল। কালিদাসে কেনেদৰে আঠুৱা বগাই আঠুৱাৰ ওপৰলৈ উঠিছিল?
উত্তৰঃ- আঠুৱা খনৰ HAZOP STUDY কৰিছিল হয়তো, মানে আঠুৱাখনৰ জোৰ কিমান, সেইখনৰ পৰা প্ৰিয়তমা পত্নীয়ে কিবা আঘাত পোৱাৰ চান্স আছেনেকি, তাকে পৰী‍‍ক্ষা কৰিছিল।

৩) দিলীপ আৰ কাকতিঃ- প্ৰায়ে শুনি থকা এটা অভিযোগ কাণেৰে কম শুনা বা নুশুনা লোকসকলে ভাল কথাবোৰ নুশুনে কিন্তু বেয়াবোৰ তৎক্ষণাত শুনে। সঁচানে? কিয়?
উত্তৰঃ- সঁচা যেনেই লাগে, পিছে মই যিহেতু কলা নহয়, গতিকে নদি কব নোৱাৰিম। আৰু কাৰণ বুলিবলে কাণেৰে ভালকৈ শুনা বিবাহিত মানুহবোৰেও শ্ৰীমতী ফুল গিয়েৰত থকা সময়ত যিটো কাৰণত নুশুনা ভাও ধৰে, কাৰণ সেইটোৱেই হব।

৪) জিতা ফুকনঃ- আজিকালি বিয়াৰ অৰ্ভ্যথনা বিয়াৰ পিছতহে হয় তথাপিও বিয়াবোৰ দিনত নেপাতি ৰাতি কিয় পাতে ?

উত্তৰঃ- দিন দুপৰত সাৰ পাই থকা অৱস্থাত দৰোটেৱে কেতিয়াবা নিজৰ ভুলৰ কথা উপলব্ধি কৰি দৌৰি পলোৱাৰ সম্ভৱনা থাকে। সেয়ে বিায়ৰ কামফেৰা ৰাতি কৰা হয় যাতে টোপনিৰ জালত কি হৈ গ’ল দৰাজনে গমেই নেপায়, আৰু কেনেবাকৈ গম পালেও দৌৰি পলাব খুজিলে এন্ধাৰত খালে ডোঙে পৰে, আৰু বেছু দূৰলৈ পলাব নোৱাৰে।

৫) বাসৱদত্ত দাসঃ- “চাইকেল চলালে ঠিকেই আগবাঢ়ে, কিন্তু টিভি চলালে আগ নাবাঢ়ি ঠাইতে ৰৈ থাকে কিয়?”
উত্তৰঃ- টিভিত ৰিমোট থাকে যে সেইকাৰণে। ৰিমোটে বান্ধি ৰাখে তাক।

৬) ভূপালী দেৱীঃ- গাখীৰ গৰম কৰিব দি ৰখি থাকিলে উতল নাহে হে নাহে কিন্তু পিঠি। দিয়াৰ লগে লগেই উতলি পৰি যায় কিয়?
উত্তৰঃ- জীৱন সম্পৰ্কীয় মাৰ্ফিৰ সূত্ৰ সমূহত ইয়াৰ ব্যাখ্যা আছে। ইয়াৰ কাৰণ জনা নেযায়, কিন্তু হয় যে সত্য। এইবোৰক ইংৰাজীত ইম্পেৰিকেল ফৰ্মুলা বা স্বতঃ সিদ্ধ নিয়ম বুলি কোৱা যায়।

৭) বৰ্ণালী চৌধুৰীঃ- স্থল পৰিবহনৰ উদাহৰণ হিচাপে হাৱাই চেন্দেল হ’ব পাৰেনে?
উত্তৰঃ- স্থল পৰিবহণৰ হব নে নাই কোৱা কঠিন কিন্তু মান সন্মান ধূলিস্যাত কৰি পেলাব পৰা মাৰণাস্ত্ৰ বুলি কোৱাত কোনো অসুবিধা নাই।

৮) অনিমা দাসঃ- চিনাকি মানুহ এজনৰ লগত চিনাকি হলে তেওঁৰ ঘৰ কত বুলি সুধিলে উত্তৰত তেওঁ নিজৰ ঠাই খনৰ নামটো নকৈ ঘৰৰ পৰা আঁতৰৰ ডাঙৰ ঠাই খনৰ(চহৰ) নামটো কয় কিয়?
উত্তৰঃ- মিছা উত্তৰ- চহৰখনৰ নাম ক’লে ঠাইখন চিনি পাবলৈ সহজ হব, গাঁওখনৰ নাম চিনি নেপাবও পাৰে।
সঁচা উত্তৰ- ডাঙৰ ঠাইত থাকো বুলে মিছাকৈ কৈ নিজেও শান্তি পোৱা যায়, স্বোৱেগ এটাও পৰে।

৯) হৃষীকেশ ডেকাঃ- কাপৰ নালডাল সোঁফালে নে বাওঁফালে বাৰু?
উত্তৰঃ- বাহিৰ ফালে।

১০) নিৰ্মালী বৰমুদৈঃ-হাতৰ আখৰ লিখিবলৈ কেৱল তিনিষাৰিকে কিয় দিয়ে? দুষাৰিও দিব পাৰিলে হয়।
উত্তৰঃ- তিনিবাৰেই নিবাৰ। আচলতে তিনি কি ত্ৰিশবাৰ দিয়াৰ ইচ্ছা থাকে, কিন্তু ভয়তে নিদিয়ে।

১১) পূৰ্ণাময়ী মেধিঃ- মেকুৰীক কিয় বাঘৰ মাহীয়েক কয়, চাইজ চাই ভণ্টী-চণ্টীহে হ’ব লাগিছিল ।
উত্তৰঃ-চাইজ সৰু হ’লে কি হব, বুদ্ধিত বাঘৰ মাকতকৈয়ো চোকা, সেয়ে মাহী। ভাৱকচোন বাঘে কিমান কষ্ট কৰি চিকাৰ কৰি ফুৰিব লাগে পেট ভৰাবলৈ, মেকুৰীয়ে দিনটো শুয়েই থাকে। তথাপিও কোনো মেকুৰী অপুষ্টীত নমৰে। ইমান বুধিয়ক হোৱাৰ বাবে বাঘে নিজেই সন্মান জনাই মেকুৰীক মাহী বোলে। আকাৰতকৈ বুদ্ধি ডাঙৰ।

১২) জিতা ফুকনঃ-সকলো মানুহৰে দহখনকৈ হাত থকা হলে কি হলহেতেন ?
উত্তৰঃ- বক্সিং খেলৰ ৰেফাৰীৰ বৰ অসুবিধা হ’লহেতেন পইণ্ট গণনা কৰোতে।

১৩) উৎপলা শইকীয়াঃ- সন্ধিয়া চকুৰে নেদেখা মানুহক “কুকুৰীকণা” বুলিযে কয় “মেকুৰীকণা” বুলি কিয় নকয়?
উত্তৰঃ- “কুকুৰী’কণা হে, “কুকুৰ”কণা নহয় নহয়। গতিকে মেকুৰীৰ সৈতে কোনো সম্পৰ্কই থাকিব নোৱাৰে। কুকুৰীশব্দটো অতীজৰ সংস্কৃত खगोलशास्त्रम् শব্দৰ পৰা আহিছে, সৰুৰ পৰা সন্ধিয়া সন্ধিয়া আাকাশৰ তৰাজুমি থাকিলে এসময়ত বাকীবোৰ বস্তু চকুত নপৰা হয়।

১৪) হিতেশ বি বৰুৱাঃ- নগেনে এনেকুৱা কি কাম কৰিছিল, যাৰ বাবে সকলোৱে ঘটনাটো বুজি নাপালে কেছটো নগেন বুলি কয়?
উত্তৰঃ- যিটো কাম নগেনে কৰিছিল, সেইটো কোনেও বুজি পোৱা নাছিল। সেয়ে কিবা বুজি নেপালে সকলোৰে নগেনলৈ মনত পৰে। আৰু তেনেহেন কথা এটা ফটহু কেনেকৈ বুজিব, বা বুজিলেও আপোনাক কিয় কব? নগেনে বেয়া পাব নহয়।

১৫) পৰীস্মিতা বৰদলৈঃ- চিনেমাৰ যে ভিলেইন বোৰক একেবাৰে লাষ্টতহে মৰিব বা মাৰিব পাৰেগৈ চিনেমাখনৰ আৰম্ভণিতে নমৰে বা নামাৰে কিয়??
উত্তৰঃ- কি কয় হে, কেতিয়াবা দুই এটা শেষতো গৈ নমৰেগৈ, পুলিচেহে ধৰে। ভিলেইনটো বৰ ৰক্তবীজ টাইপৰ বস্তু, সহজে নমৰে। তাক বশিবলৈ ভাৰতীয় চিনেমা হ’লে কমেও তিনিঘণ্টা আৰু ইংৰাজী চিনেমা হ’লে দুঘণ্টা মান লাগে।

১৬) শান্তনু বৰপূজাৰীঃ-কণী /ডিম তোৰ দুটা নাম কিয় হল। বেচেৰা মুৰ্গীটোৱে তো এটাই পাৰে।
উত্তৰঃ- মুৰ্গীয়ে পৰাটো ডিম আৰু কুকুৰাই পৰাটো কণী। এলিমেণ্টেৰী!!

১৭) ৰিতন বৰুৱাঃ- ৰাৱণৰ চুলি দাড়ি কাটিবলৈ কিমান নাপিতৰ প্ৰয়োজন হৈছিল. আৰু কিমান দিন লাগিছিল?
উত্তৰঃ- এজেনেই আছিল। কেৱল স্ৱাভাৱিক ভাৱেই দাম দহজনৰ লৈছিল। এজন নাপিতে একেদিনাই দহজন মানুহৰ চুলি দাড়ি কটা বৰ ডাঙৰ কাম নহয়।

১৮) জয়শ্ৰী শৰ্মাঃ- ৰামায়ণৰ যুগত যদি চেল্ফি ল’ব পৰা সুবিধা থাকিলহেঁতেন, ৰাৱণে একে সময়তে কিমান খন চেল্ফি তুলিব পাৰিলে হেতেন?
উত্তৰঃ- হাত দুখনহে, এখনেৰে ইংৰাজী V আখৰটো দেখুৱাবলেকে লাগে। গতিকে তেও এসময়ত এখনেই চেল্ফি তুলিব পাৰিলেহেতেন, মুখ দহখন ওলালহেতেন বাৰু, আৰু প্ৰত্যেকখন মুখতে বেলেগ বেলেগ প’জ দিব পাৰিলেহেতেন।

১৯) নীলাক্ষী কাকতিঃ- ফটহুকাই আপুনি যেতিয়া কিবা কথাত আপোনাৰ শ্ৰীমতীক মিছা মাতিব লগা হয় আৰু তাৰ পিছত কিবা কাৰণত আপুনি তেওঁৰ ওচৰত ধৰা পৰে তেতিয়া আপুনি কি কৰে?
উত্তৰঃ- সকলো পুৰুষে যিটো কৰে, অমুকায়ো সেইটোকে কৰে। পত্নীয়েও যি কৰে, সেইটো সকলো পত্নীয়েই কৰে। পত্নীৰ ওচৰত মিছা মতা সকলো পুৰুষৰে অধিকাৰ, যিদৰে নিজৰ স্বামীৰ পৃথিৱীৰ সকলোতকৈ অকৰ্মণ্য প্ৰাণী বুলি ভৱা প্ৰত্যেক পত্নীৰে অধিকাৰ।

২০) দিলীপ আৰ কাকতিঃ- “আমাৰ এওঁ ঘৰত একো এটা নকৰে, পানী গ্লাছো নিজে নলয়”। কথাফাকিৰ দ্বাৰা পত্নীয়ে গৌৰৱ কৰে, পতিৰ বদনাম কৰে নে ঘৰত ওলোটা কৰে?
উত্তৰঃ- ভিক্তিম কাৰ্ড খেলে, লগতে গৌৰোৱো কৰে যে তেওহে সংসাৰৰ মূল মানুহ। সেই সংসাৰৰ চকৰি থেলি থেলি চুলি পকোৱা মানুহটো নহয়।

২১) ইভা হাজৰিকাঃ- বিয়াৰ দিনা দৰা- কইনা অনাগত সাতজনমৰ কাৰণে পতি- পত্নী হিচাপে বান্ধখায় । মোৰ ফটা প্ৰশ্নকেইটা হ’ল, —-সকলোৰে জনমটো এইখন বিয়াৰ পৰাই আৰম্ভ হয় কিয়? মানে জনমধাৰী হিচাপে সকলো দৰা-কইনা এইটো জনমত নৱাগত ? তেনেহলে তেওঁলোকৰ আত্মাবিলাক সন্দেহযুক্ত বিদেশীআত্মা নেকি!
উত্তৰঃ- এইবোৰ ষড়যন্ত্ৰ বুজিছে। এইজনমত সাত জনমৰ শপত, অহা জনমত আকৌ সাত জনম, মানে এক জনম বাঢ়িল নহয়, মুঠ আঠ হ’লগৈ। এনেকৈয়ে মহাজনৰ বাকীৰ খাতাৰ দৰে পুৰুষৰ বন্দী জীৱনৰ সংখ্যা বাঢ়ি গৈ থাকে। পুৰুষক মোক্ষ লাভ কৰি পৰমাত্মাৰ সৈতে মিলি যোৱাৰ পৰা বঞ্ছিত কৰাৰ এক পৰিকল্পনা ই।
একো সন্দেহজনক বিদেশী আত্মা নহয়, সেইজনাই যোৱা জনমতো একেটা শপতকে খাই আহিছে, আপুনি নিশ্চিন্ত থাকক।

২২) বিকাশ দত্তঃ- গোটত বৰলাৰ সংখ্যা কমিছে নে বাঢ়িছে?
উত্তৰঃ- কমিছে। গোটত আচলতে ৪০% মান বৰলা বৰলি থাকিব লাগে, তেহে।

২৩) উৎপলা শইকীয়াঃ- মিঠাতেল কিয় মিঠা নহয়?
উত্তৰঃ- মিঠাতেলত চেনী বেছিকে মিহলাই লৈ ব্যৱহাৰ কৰিব, সুফল পাব।

২৪) হৃষীকেশ ডেকাঃ- মানুহে যদি চৰাইৰ দৰে উৰিব পাৰিলেহেঁতেন তেন্তে কি হলহেঁতেন ?
উত্তৰঃ- জীৱনটো চাউথ ইণ্ডিয়ান চিনেমাৰ হিৰোৰ দৰে হ’লহেতেন। চাউথৰ হিৰো প্ৰায়বোৰেই উৰিব জানে, উৰাবও জানে।

২৫) জিতা ফুকনঃ- অসমৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম দিনাই ইংৰাজীৰ পৰীক্ষা কিয় পাতে ?
উত্তৰঃ- ইংৰাজক বধি লব পাৰিলে বাকী সমস্যাবোৰ আমি সহজতে সমাধান কৰিব পাৰিম বুলি থকা আমাৰ ভুল ধাৰণাটোৰ বাবে।

২৬) ধ্ৰুৱঃ- গেলামালৰ দোকানত গেলা মাল কিয় নাপায়।
উত্তৰঃ- আগতে ৱাইন শ্বপ নথকা দিনত পাইছিল। নামটো থাকি গ’ল আৰু। আজিকালিও আমাৰ ফালে পাই দুই এখনত।

২৭) নীলাঞ্জনা কাশ্যপঃ- মানুহ কিছুমানে গাড়ী কিনিলে যে ফটো আপলোড কৰে উইথ কেপচন “নতুন সদস্য” বুলি ৷
এই যে “নতুন সদস্য” বুলি কয়, “নতুন সদস্যা” বুলি কিয় নকয়নো?
এনেয়ে সুধিলোঁ, গাড়ীবিলাকো পুৰুষ হিচাপে ভাগ কৰিছে নেকি বাৰু?

উত্তৰঃ- ক্লীৱ লিংগক পুংলিংগৰ ব্যাকৰণেৰে বুজোৱাৰ অশুদ্ধ পৰম্পৰা এটা আচলতে বহুদিনৰ পৰাই চলি আহিছে, মোৰ বোধেৰে এইটো নাৰীজাতিৰ এটা ষড়যন্ত্ৰ।

২৮) ৰাজু কুমাৰ নাথঃ- এই যে সকলোৱে ফটা প্ৰশ্ন কৰে কেতিয়াবা গোটা প্ৰশ্ন কিয় নকৰে? ফটহুকাইয়ে গোটা প্ৰশ্নৰ উত্তৰ নিদিয়ে নেকি ?
উত্তৰঃ- কোনোবাই গোটা প্ৰশ্ন সুধিলেও (এইটোৰ দৰে), ফটহুৱে তাক ফালি লৈ হে উত্তৰ দিয়ে। গতিকে ৰাইজেও ফালন খোৱাৰ ভয়ত পাৰিলে ফটাপ্ৰশ্নই কৰে।

২৯) তাবিবৰ ৰহমানঃ- ফটহু কাই, লিখক সকলে এক মিনিটৰ গল্প যেনেকৈ লিখে তেনেকৈ এক মিনিটৰ কবিতা কিয় নিলিখে?
উত্তৰঃ- এক মিনিটৰ গল্প মানে পঢ়িবলৈ এক মিনিট লগা গল্প। কিন্তু কবিতা এক মিনিটত পঢ়িব পৰা বস্তুৱেই নহয়, বহুত যোগাৰ পাতি লাগে কবিতা পঢ়িবলৈ। এক মিনিটত পঢ়িব  পৰা কবিতা লিখা সম্ভৱেই নহয়।

৩০) নীলাক্ষি দেৱী ডেকাঃ- ধৈৰ্য্য ৰ ফল হেনো মিঠা। এতিয়া ফটহুকাই, ডায়েবেটিছ ৰোগীৰ বাবে এই ফল মিঠায়েই হয়নে তিতা আৰু নিমখীয়াও হয়?
উত্তৰঃ- প্ৰচণ্ড তিতা। গতিকে ডায়েবেটিছ ৰোগীয়ে নিজে ভাল হব বুলি ধৈৰ্য নধৰি ডাক্তৰৰ ওচৰ চপা ভাল।

৩১) মৌচুমী গগৈ: -এটা শহাপহুৱে দৌৰে,জপিয়াই আৰু মাত্ৰ ১৫ বছৰ মানহে জীয়াই থাকে। কিন্তু এটা কাছই দৌৰিব আৰু জপিয়াব নোৱাৰে যদিও ৩০০ বছৰ মান জীয়াই থাকে। এতিয়া ফটহুকাই কওঁকচোন, শাৰীৰিক পৰিশ্ৰম কৰাটো ভাল নে বেয়া ?
উত্তৰঃ- বেয়া। কত জনমৰ পূণ্যৰ বলত মানুহে মানৱী জনম পায়, মানে মানুহৰ দেহাটো পায়। সেই দেহাটোত কচৰৎ কৰি কষ্ট দিয়া, পুহমহীয়া তাক পৰিষ্কাৰ কৰাৰ নামত তাৰ ওপৰত চেঁচা পানী ঢলা আচলতে বিধৰ্মী মানুহৰ কাম। তাতে প্ৰকৃতিয়ে কাছ আৰু শহাৰ উদাহৰণেৰে তাকে শিকাইয়ো আছে, কিন্তু মুৰুখমতি সোপাই বুজিলেহে!

৩২) পূৰ্ণানন্দ শৰ্মা:- ৰামানুজ গোস্বামীৰ হাতত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ দৰে ষ্টেনগান এটা থাকিলে কেনে ধৰণৰ সাহিত্য সৃষ্টি হ’লহেঁতেন ? একেদৰে ৰাভাৰ দৰে নৃত্য প্ৰতিভা থাকিলে বিজয় মহন্তই কি উপাধি পালেহেঁতেন ?
উত্তৰঃ-ৰামানুজ গোস্বামীৰ হাতত ষ্টেনগান থাকিলে তেও সাহিত্য সৃষ্টি নকৰিলেহেতেন, সেইটো ক’লা বজাৰত বিক্ৰী কৰি বা ডকাইত পাৰ্টিক ভাৰালে দি সেই পইচাৰে আৰামেৰে জীৱন কটালেহেতেন।
ৰাভাৰ দৰে দৰে নহ’লেও, বিজয় মহন্তৰ নৃত্য প্ৰতিভা আছে, আৰু সেয়া তেনেই পেলনীয়াও নহয়। তেও বিশেষ পাৰদৰ্শিতা দেখুৱা নৃত্যবিধ হ’ল- খাল কাটি ঘৰিয়াল মাটি অনৰা পিছত সেই ঘৰিয়ালে কামুৰিলে জপিয়াই জপিয়াই কৰা এক ধৰণৰ বিশেষ নৃত্য। অৱশ্যে ৰাভাৰ দৰে প্ৰতিভা থাকিলে তেওৰ উপাধি “পুতনাগুৰু” হোৱাৰ সম্ভাৱনা আছিল।

৩৩) চন্দনা শৰ্মা : মানুহে যে miss(মিচ) কৰে,Mr(মিষ্টাৰ) বা Mrs.(মিচেচ) কিয় নকৰেনো ?

উত্তৰঃ-আচলতে এগৰাকী Miss ক যিমান মিছ কৰা যায়, Mr. বা Mrs. ক সিমান কৰা নেযায়।সেই কথাটোত গুৰুত্ব দিবলৈকে মিছ কৰা বুলি কোৱা হয়

☆ ★ ☆ ★ ☆

8 Comments

  • জিংগালালা ৷ মোৰ দুটা প্ৰশ্ন উঠিল। ফটহুকাইক ধনিয়াপাত দুখিলাকে দিলো দেই ৷

    Reply
  • জিতা ফুকন

    ধন্যবাদ ফটহুকাই

    Reply
  • HRISHIKESH DEKA

    ফটহু মজ্জা উত্তৰ দিছে। মোৰ দুটা প্ৰশ্নৰ দিছে।

    Reply
  • ৰাজু কুমাৰ নাথ

    সুন্দৰ উত্তৰ ফ.কাই
    ধন্যবাদ।

    Reply
  • বঢ়িয়া উত্তৰ ফটহু কাই।

    Reply
  • মজ্জা লাগিল ফটহু কাই উত্তৰটো ।

    Reply
  • পূৰ্ণময়ী

    বঢ়িয়া উত্তৰ ফটহুকাই

    Reply
  • Dipti Sarma

    বাপ্পাঅই কি মাৰঘাট উত্তৰ দেখোনেই।

    Reply

Leave a Reply to Tabibar Rahman Cancel reply

Your email address will not be published. Required fields are marked *