ফটাঢোল

নাচ – কাবেৰী মহন্ত

ৰঞ্জন বৰুৱাৰ মন মগজু এইকেইদিন গৰম হৈ আছে৷ নহ’বনো কিয়? বাৰীৰ তামোল গছকেইজোপাত এইবাৰ প্ৰথম তামোল লাগিছিল, তাকো পাৰিম বুলি ভাৱি থাকোঁতেই গছৰ তামোল উদং৷ শাকনি দৰাটো গোটেই নিগনিয়ে মাটিৰ তলত তলাতল প্ৰসাদেৰে নিজৰ সাম্ৰাজ্য বনাইছে৷ সৰুতে ঘৰৰ চোতালত তামোলৰ ঢকুৱাত চুঁচৰি গাড়ী গাড়ী যে খেলিছিল, নিগনিবোৰেও যেন তাকেই খেলিবলৈ লৈছে! লহপহকৈ বাঢ়ি অহা পালেং, বাবৰী শাককেইডাল ৰাতিৰ ভিতৰতে চোঁচৰাই গাতত সোমোৱাইছেগৈ৷ হ’ল বুলিনো কিমান সহ্য কৰিব? অৱশ্যে বৰুৱাই অকল খং কৰিয়েই ক্ষান্ত থকা নাই,তামোলৰ সৰ্বপ্ৰথম শত্ৰু কেৰ্কেটুৱা বুলিয়েইতো বজাৰৰ পৰা কেটেপা এদালো কিনি আনিলেগৈ- লগতে মাৰ্বল গুটি কেইটামান৷ এনেয়ে বৰুৱাই বাটলুগুটি বনাব নজনা নহয়, কিন্তু এলাহটোৱেই মানুহটোৰ কাল হৈছে৷

বাৰীৰ ঢাপত আঠালেতীয়া মাটিও আছে কিন্তু বজাৰৰ মাৰ্বলগুটি কেইটা দেখোন বেছি আকৰ্ষণীয়৷ তাতেই আজিকালি সকলো ৰেদিমেদ বস্তু এভেইলেবল্ যেতিয়া সামান্য কষ্ট কৰি নিজকে আউটদেটেট বুলি জহাবৰো মন নাই বৰুৱাৰ৷ বিশেষকৈ গুৱাহাটীত পঢ়ি থকা বৰুৱাৰ ভনীয়েক জুৰিয়ে এইবোৰ বৰ বেয়া পায়৷ ঘৰলৈ আহিলে অনবৰতে মবাইলটোতে মুৰটো গুজি থকা জুৰিৰ ককায়েকৰ লগত এনেকুৱা ’গাঁৱলীয়া’ কিছুমান কামৰ বাবেই খুটখাট লাগিয়েই থাকে৷ অৱশ্যে প্ৰথমে দুই এটা এন্দুৰ দেখিও মন কান দিয়া নাছিল বৰুৱাই, ভাৱিছিল কি ইহঁতে ৰঞ্জন বৰুৱাৰ বাৰীৰ বস্তু খাই শেষ কৰিব? কিন্তু এতিয়া দেখোন দুই এটাৰ ঠাইত প্ৰায় এক ডজনমান এন্দুৰে শাকনিবাৰীৰ তলৰ মাটিত নিজৰ সাম্ৰাজ্য স্থাপন কৰিছে! যেন সীমান্তৰ সিপাৰৰ পৰা অহা অনুপ্ৰৱেশকাৰী আৰু এলাহৰ সুযোগত মাটি বাৰী দখল কৰা মেটেকাৰ দৰে বাঢ়ি অহা এদল বাংলাদেশী! ইহঁতৰ উৎপাততে মাটি থাকিলেও ৰান্ধনীঘৰত সাৰদিয়া পাচলি সজাবলগীয়া হৈছেহি৷

ঘৰুৱা অশান্তিবোৰৰ ওপৰতো আকৌ ভূতৰ ওপৰত দানৱ পৰাদি এই লোকেল মিদিয়াবোৰৰ ব্ৰেকিং নিউজবোৰ! বৰুৱাই আজিকালি টি ভি চাবলৈ এৰিছে, তাতকৈ গাঁৱৰ টুটকীয়া বিজয়ৰ মুখৰ বাতৰিয়েই ভাল৷ দুদিনমানৰ পাছত গাঁৱৰ স্কুলখনত শিক্ষক দিৱস আয়োজন কৰা হব৷ লৰাটো পঢ়া স্কুলখনে প্ৰথমবাৰৰ বাবে লৰাছোৱালীৰ মাক দেউতাককো আমন্ত্ৰণ কৰিছে এই উপলক্ষে৷ সকলোকে নিজ ইচ্ছা মতে যিকোনো নৃত্য গীত পৰিৱেশন কৰি উপভোগ কৰিবলৈও অনুৰোধ কৰিছে কিবা “শিক্ষক দিৱস পালন সমিতি”য়ে৷ অৱশ্যে ৰঞ্জন বৰুৱাৰ আজিলৈকে শিক্ষক দিৱসৰ দিনা অভিভাৱকৰ দ্বাৰা নাচগান কৰা মনতেই পৰা নাই, বিহু বা পূজাৰ সময়ত কৰবাত সকলোৱে মিলি ৰং ৰহইচ কৰাহে দেখিছে৷ আমোদজনক কথাটো নিমন্ত্ৰণী পত্ৰ খনত পোছাকৰো কিবা ’থিম’ এটা দি দিছে! বেচেৰা ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ ডাঙৰীয়াৰ চাগে নিজৰ গোটেই জীৱনতে দুই তিনিযোৰ পোছাকী সাজৰ বাদে একোৱেই নাছিল! হ’ব বৰুৱাৰ তাতো আপত্তি নাই, জুৰিয়ে কৈয়েই থাকে ককায়েকক সময়ৰ লগত সলনি হবলৈ ..অকনমাণ নাচ গান কৰি স্ফুৰ্তি কৰিবৰ হঁওতে বৰুৱাৰ মন নোযোৱা নহয় কেতিয়াবা! এই খেতিবাতিৰ খেলিমেলিবোৰ মূৰত সোমোৱাই মগজুৰ অপটিকেল ফাইবাৰ গৰম কৰি থকাতকৈ নাচ গানকে যদি উপভোগ কৰি মনটোক শান্তি দিব পাৰি তাতনো কাৰ কি লোকচান? পিছে যতকূটৰ ঘাই বিজয়ে খবৰ দিলেই নহয় বোলে সিদিনাই দুজনমান দাড়িয়া আদবয়সীয়া দাদাই হেনো হাতভৰি জোকাৰি জোকাৰি ঘোষণা কৰিছে সিহঁতৰ বৃহৎ অঞ্চলত বন্ধ৷ আৰে তহঁতৰ ইচ্ছা গলেই যেতিয়াই তেতিয়াই বন্ধ বোৰ জাপি থাক কিয় বাৰু? অসমীয়া মানুহৰ আজিকালি নাচগান নহ’লে মগজুৱে কচৰতেই কৰিব নোৱাৰে, খোজ এটাও আগ নাবাঢ়ে নাজান নেকি? তাতে আকৌ সেইদিনাহে বন্ধ দিব লাগেনে?! হঁওতে বৰুৱাই বন্ধ বেয়া নাপায়, অকনমান দিনটো শান্তিৰে শুইবহি কটাব পাৰে …তথাপিও বৰুৱাই নিজকে সাজু কৰি আছিল অলপ দুই এটা নাচৰ ভংগীমা শিকিবুজি৷ কাপোৰো এসাজ নোগোটোৱা নহয়.. লৰাৰ সন্মানৰো কথা তাতে৷

পিছে বন্ধটো কিয়নো দিলে তাকহে ভালদৰে বুজি পোৱা নাছিল বৰুৱাই৷ কাপোৰৰ দোকানীজনেহে কলে বোলে লোকেল এম এল এ চাৰক হেনো ব্ৰেকিং নিউজত দেখুৱাই আছিল ছোৱালী এজনীৰ লগত গুৱাহাটীৰ অভিজাত হোটেল এখনত একেটা ৰুমতে ৰাতি থকা লৈ৷ তিনিজনীকৈ ছোৱালীৰ দেউতাক এম এল এ চাৰ দেখিবলৈ সুঠাম আৰু আকৰ্ষণীয় চেহেৰাৰ, পেটটোহে একবছৰতে সাৰ দিয়া জাতিলাওটোৰ দৰে বাঢ়িল৷ ইহঁত ছোৱালীবোৰো কম জানো, জানিবুজিয়েই চাগে দুটামান টকাৰ বাবে বা কিছু জাকজমকতাৰ বাবে লগ দিছেগৈ! আজিকালি ছোৱালীবোৰৰ কিছুমানে কেৰিয়াৰ বা জীৱন ধাৰণৰ পন্থাৰ বাবে যিকোনো কথাই ভাতৰ লগত পানী খোৱাৰ দৰে ভাৱিবলৈ লৈছে৷ অকনমাণ নিজৰ এৰি থৈ অহা পৰিয়ালটোৰ কথাও নাভাৱে কিয় তাকেহে বুজি নাপায় বৰুৱাই৷ মানুহৰ শোৱনি কোঠাত টি ভি আজিকালি, মবাইল নোহোৱা মানুহ পাবলৈয়ো নাই৷ যি খন ঘৰৰ ছোৱালীজনী, সেই ঘৰখনৰ মানুহখিনিৰ বাৰু কম লাজ পাব লগীয়া পৰিস্থিতি হৈছেনে! মনটোৰ কোনোবাখিনি বৰুৱাৰ আঁচুৰি গ’ল এক অসহায় বুজাবনোৱাৰা দুখে৷

তথাপিও বৰুৱাই নাচৰ প্ৰেক্টিচ মনেমনে কৰি থাকিল, কেতিয়াবা গা ধোৱাৰ সময়ত অথবা কেতিয়াবা ৰুমত কোনো নথকাৰ সুযোগতে! এই দাদাবোৰৰো কোনো ঠিক নাই, এম এল এ চাৰে ইহঁতৰ মুখবোৰ বন্ধ কৰিবলৈ কিমাননো সময় লাগিছে! নিজকে সাজু কৰি ৰখাহে আচল স্মাৰ্ট মানুহৰ কাম৷ লোকেল দাদা কেইটাৰ ওপৰতে খংটো উঠি আহিল বৰুৱাৰ, হেৰৌ পইচা আছে চাৰে ৰং ৰহইচ কৰি যাৰে লগত মন যায় তাৰেই লগত থাকিব পাৰে, আৰু ছোৱালীজনীকটো অপহৰণ কৰি লৈ যোৱা নাছিল, তাইয়ো চাগে নিজৰ ইচ্ছাতেই গৈছিল! এই দাদাগিৰি দেখুওৱা কেইটানো কোনখন গংগাত গা ধোৱা দেৱতা?নিজৰ পইচা খৰচ কৰি কোনোবাই অকনমান স্ফুৰ্তি কৰিলেই যেনিবা, তাতেই বন্ধ দিব লাগেনে? এইবাৰ বন্ধ চন্ধ নামানে বৰুৱাই, স্কুলৰ শিক্ষক দিৱসলৈ যাবই- আন নগলেও নাই৷ পোছাকৰ নামত খৰচ কৰা টকাপইচা কেইটা, নাচৰ অনুশীলন এইবোৰ কি এনেই যাব নেকি? চাইকেলখন লৈ বৰুৱা ওলাল ওচৰৰ নতুনকৈ জইন কৰা ডেকা শিক্ষকজনৰ ঘৰলৈ৷ তেখেতৰ উৎসাহতে এইবাৰ শিক্ষক দিৱসটো এনেকৈ জাকজমকতাৰে পতাৰ সিদ্ধান্ত লৈছিল স্কুলখনে৷ গেটখন খুলি যাবলৈ ওলাঁওতেই বৰুৱাৰ বাৰ বছৰীয়া লৰাটো দৌৰাদৌৰিকৈ আহিল..

– ক’ত যোৱা, দেউতা?

– বৰুৱাই নিজৰ ইচ্ছা যিমান পাৰে সিমান সন্তানৰ ওচৰত লুকুৱাবৰ চেষ্টা কৰিলে; ..’ তহঁতৰ চাৰৰ ওচৰলৈকে ওলাইছোঁ৷ এই অলাগতিয়াল বন্ধবোৰ মানিব নালাগে বুলি কৈ থৈ আঁহো৷ আমিয়েই যদি সহযোগ নকৰোঁ, অনুষ্ঠানবোৰ কেনেকৈ আগবাঢ়িব?’

– ’নালাগে দেউতা, বন্ধটো হবলৈ দিয়া৷..স্কুলখন সদায়েই বন্ধ হৈ থাকিলেহে মই ভাল পাম!’

..বৰুৱাই ধৰিব নোৱাৰিলে লৰাটোৰ মুখত প্ৰকাশ পোৱা সেইয়া ঘৃণা নে খং নে দুখৰ চিন! মনৰ প্ৰশ্নটো লৰাটোৱে ঠিকেই বুজিলে, এক আক্ৰোশ লৈ সি লাহেলাহে দেউতাকক ক’লে; ” গম পোৱা নাইনে দেউতা তুমি? টিভিত আমাৰ পেহীক দেখুৱাই আছে সেই লম্পট এম এল এ টোৰ লগত!..”

কি কয় এই লৰাটোৱে?..মূৰৰ পৰা ভৰিলৈকে এক শিহৰণে বৰুৱাক কঁপাই গ’ল..এক লাজ অপমানৰ বোজাই মানুহটোক হেঁচি যেন সোপা মাৰি ধৰিলেহি!..মিছা হওক সকলো, মিছা!..

হাতৰ পৰা পৰিৰোৱা চাইকেলৰ শব্দ বৰুৱাৰ কানত নোসোমাল, খোজবোৰে আপোনাআপুনি বৰুৱাৰ দেহাটো নিজৰ ৰুমলৈকে কঢ়িয়াই আনিলে৷ নিজ হাতেৰে সতৰ্পণে বৰুৱাই ৰুমটো ভিতৰৰ পৰা বন্ধ কৰি মাটিতে বহি পৰিল… আলনাডালত ওলোমাই থোৱা নাচিবলৈ অনা পোছাকযোৰে বৰুৱাৰ চাৰিওফালে যেন উদণ্ড নৃত্য কৰিবলৈ আৰম্ভ কৰিলে!..

☆ ★ ☆ ★ ☆

28 Comments

  • মিনতি মহন্ত ,

    এক ব্যতিক্ৰমি গল্প পঢ়িলো , ভাল হৈছে ।

    Reply
    • কাবেৰী মহন্ত

      পঢ়াৰ বাবে ধন্যবাদ ৷

      Reply
  • সুন্দৰ গল্প ।

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ পঢ়াৰ বাবে৷

      Reply
  • anjan sadhanidar

    ধুনীয়া লাগিল৷ বৰ ভালকৈ দিা ফিনিচিংটো৷ মজ্জা

    Reply
    • কাবেৰী মহন্ত

      উৎসাহিত হলো৷ ধন্যবাদ দাদা

      Reply
  • জয়ন্ত গগৈ

    খুউব সুন্দৰ হৈছে । পঢ়ি ভাল পালোঁ।

    Reply
    • কাবেৰী মহন্ত

      বহুত ধন্যবাদ দেই পঢ়াৰ বাবে৷

      Reply
  • Mridula

    ভাল লাগিল

    Reply
  • ৰাজশ্ৰী শৰ্মা

    খুবেই ভাল লাগিল বা।

    Reply
    • কাবেৰী মহন্ত

      পঢ়াৰ বাবে ধন্যবাদ ৰাজশ্ৰী

      Reply
  • Diganta K Bhattacharya

    মহন্ত মেডাম, আপুনি বোলে ভাল নিলিখে হে?!

    Reply
    • কাবেৰী মহন্ত

      তুমি ভাল পাইছা যদি সাৰ্থক হৈছে চাগে অলপ৷ ধন্যবাদ বহুত দেই

      Reply
  • Nilakshi Devi Deka

    সাংঘাতিক লিখিছা কাবেৰীবা। বৰ ভাল লাগিল পঢ়ি।

    Reply
    • কাবেৰী মহন্ত

      বহুত ধন্যবাদ নীলাক্ষী!

      Reply
  • Anonymous

    আপোনাৰ প্ৰচেষ্টাক পলাই লৈছোঁ আপোনাৰ গল্পটো পঢ়ি ভাল লাগিল

    Reply
    • কাবেৰী মহন্ত

      বহুত ধন্যবাদ থাকিল পঢ়াৰ বাবে৷

      Reply
  • Anonymous

    অ’ আপুনি লিখাট টেণ্ডুলকাৰে দেখোন। শ্লগ অভাৰত খেল বদলাই দিলে।

    Reply
    • কাবেৰী মহন্ত

      হা হা বৰ ভাল লাগিল কমেণ্টটো! পঢ়াৰ বাবে বহুত ধন্যবাদ

      Reply
  • Ronjon Baruoh

    ৱাহ

    Reply
  • অনুৰূপ মহন্ত

    বঢ়িয়া লাগিল। সুন্দৰ কৈ উপস্থাপন কৰিছে।

    Reply
  • নীলাঞ্জনা

    বাপ্পা ঐ শিক্ষক দিবসতো নাচ ?????? বঢ়িয়া লাগিল ব্যংগৰ চলেৰে ভাল মেচেজ এটা গৈছে

    Reply
    • কাবেৰী মহন্ত

      সময় পালি পঢ়িবলৈ?

      Reply
  • Anonymous

    ভাল লাগিল বাইদেউ।ইমান সুন্দৰকৈ উপস্থাপন কৰিলে।

    Reply
    • কাবেৰী মহন্ত

      বহুত ধন্যবাদ পঢ়ি চোৱাৰ বাবে

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *