ফটাঢোল

সংখ্যাৰ আঁৰৰ কথা

:গুড মৰ্ণি আৰাধনা..অভিনন্দন আৰু শুভেচ্ছা..

৩০ নবেম্বৰৰ পুৱা মেচেঞ্জাৰৰত এটা মেছেজ আহিল৷ প্ৰেৰক ৰিন্টুমণি দত্ত৷ মেছেজটো পাই অলপ আচৰিত হ’লোঁ৷ কাৰণ অভিনন্দন জনাব লগাকৈ মোৰ তেনে কিবা বিশেষ ভাল কাম সেইকেইটা দিনত কিবা হৈছে নেকি মনত পেলাবলৈ চেষ্টা কৰিলোঁ৷ তেনেতে আকৌ মেছেজ আহিল

: ফটাঢোল ই-আলোচনীৰ পৰৱৰ্তী সংখ্যা মানে নৱবৰ্ষৰ সংখ্যাৰ সম্পাদনাৰ দ্বায়িত্ব তোমাৰ৷ না নুশুনো দেই৷ ডিচেম্বৰৰ চাৰি তাৰিখে অফিচিয়েলি ঘোষণা কৰিম৷

মোৰ হাঁহাকাৰ লাগিল৷ মই ক’লোঁ,

:দাদা মোৰ এই মাহত বৰ অসুবিধা হ’ব৷ আৰু দায়িত্ব ল’লেও এশ শতাংশ কোৱালিটি চাৰ্ভিছ দিব নোৱাৰিম৷ কাৰণ মোৰ সদ্য প্ৰকাশিত কিতাপখনৰ বাবে গ্ৰন্থমেলাত সময় দিব লাগিব৷

ৰিন্টু দাই কোনো কথা মানি নল’লে৷ ক’লে

:আমি যিমান পাৰোঁ সহায় কৰিম৷ তুমি কৰা৷

শংকা আৰু অনিশ্চয়তাৰে সন্মতি জনালোঁ৷ শংকা আছিল এইবুলি যে – যদিহে ব্যস্ততাৰ কাৰণে কামবোৰ সঠিক কৈ কৰিব নোৱাৰোঁ তেন্তে আলোচনী খনৰ প্ৰতি অবিচাৰ কৰা হ’ব৷ অফিচিয়েল ঘোষণাৰ পিছত লাহে লাহে কাম আৰম্ভ কৰিবলৈ লওঁতেই ভাষাৰ স্বকীয়তা ৰক্ষাৰ স্বাৰ্থত অসমত CAA বিৰোধী সংগ্ৰাম আৰম্ভ হ’ল৷ চৌদিশ অশান্ত হৈ পৰিল৷ ভাষা আৰু জীৱনৰ নিৰাপত্তাহীনতাৰ দুখ,ক্ষোভত সাধাৰণ নাগৰিকৰ মুখৰ পৰা হাঁহি হেৰাই গ’ল৷ তেনেকুৱা পৰিস্থিতিত ফটাঢোল আলোচনী প্ৰকাশৰ কথাটো সম্পূৰ্ণ অপ্ৰাসংগিক হৈ পৰিল, যিহেতু এই আলোচনীখন হাস্য ব্যংগ ৰসৰ প্ৰাধান্যৰে প্ৰস্তুত কৰি উলিওৱা হয়৷ তাৰোপৰি চৰকাৰে নিৰাপত্তাজনিত কাৰণত জৰুৰী পদক্ষেপ হিচাপে সমগ্ৰ অসমত অলপ দিনৰ কাৰণে ইন্টাৰনেটৰ সেৱা কৰ্তন কৰি দিলে৷ ইমান প্ৰতিকুলতাৰ মাজত অৱশেষত জানুৱাৰীৰ সংখ্যাটো প্ৰকাশ নকৰাৰ সিদ্ধান্ত লোৱা হ’ল৷ তাৰ পৰিৱৰ্তে ফেব্ৰুৱাৰী মাহত আলোচনী খন প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈ কাম আৰম্ভ কৰা হ’ল৷

ফটাঢোল গোটৰ লগত জড়িত হৈছিলোঁ ২০১৯ চনত,মাঘ বিহুৰ ঠিক পিছৰ পৰা৷ জুলাই মাহৰ পৰা আলোচনী খনৰ লগত জড়িত হ’লোঁ অলংকৰণৰ দ্বায়িত্বৰে৷ এয়া মোৰ পৰম সৌভাগ্য বুলি মই ভাৱোঁ৷ বৃত্তিগত আৰু ব্যক্তিগত অসীম ব্যস্ততাৰ মাজতো সময় উলিয়াই শ্ৰমদান দিয়া সম্পাদনা সমিতিৰ সকলো সদস্যৰে আলোচনী খনৰ প্ৰতি আন্তৰিকতা আৰু দায়বদ্ধতা দেখি আশ্চৰ্য অনুভৱ কৰিছোঁ৷

লেখা সমুহ সংগ্ৰহ কৰাত সহায় কৰি দিয়াৰ লগতে আলোচনী খন প্ৰস্তুত কৰি উলিওৱাত সকলো সময়তে দিহা পৰামৰ্শ আৰু সাহস দিয়াৰ বাবে ডা° পাৰ্থসাৰথি ভূঞা দাদা,অভিজিৎ কলিতা দাদা, হেমন্ত কাকতি ছাৰ, ৰিন্টুমণি দত্ত দাদা , চবিনা য়াচমিনবাক অশেষ কৃতজ্ঞতা৷

নীলাক্ষী কাকতি বা আৰু সঞ্জীৱ কুমাৰ ভট্টাচাৰ্যকো এই আপাহতে ধন্যবাদ জনালোঁ৷

বৰ্ণাশুদ্ধি কৰি সংগ্ৰহিত লেখা সমূহক আলোচনীৰ বাবে প্ৰস্তুত কৰি উলিওৱাৰ বাবে প্ৰনীতা গোস্বামী বৰঠাকুৰ, চবিনা য়াচমিন, ঋতুপৰ্ণা আৰু পৰীস্মিতাৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লোঁ৷ বিশেষকৈ চবিনা বায়ে মাতৃক হেৰুওৱাৰ দিনা পুৱা ICU ৰ বাহিৰত বহি থকা সময়খিনিতো বৰ্ণাশুদ্ধি কৰি লেখা পঠিওৱাৰ কথা মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব৷ তেনেকৈ ভাইটি দিম্পলে জ্যেষ্ঠভাতৃৰ সৎকাৰৰ দ্বায়িত্ব সম্পাদন কৰি, ইমান শোকৰ মাজতো নিজে জোৰ কৰি মোৰ পৰা খুজি পিডিফ লেখাবোৰ কনভাৰ্ট কৰি দি যি সহায় কৰিলে তাৰ বাবে ‘ধন্যবাদ’ শব্দটো বৰ নগণ্য৷

মূৰামূৰিকৈ ওপৰাউপৰিকৈ জাপি দিয়া কেইবাটাও কাম সুকলমে কৰি মোক সহায় কৰি দিয়াৰ বাবে চাহিনক অশেষ ধন্যবাদ৷

শেষ সময়ত কোৱাৰ লগে লগেই দৌৰাদৌৰিকৈ এটা গুৰুত্বপূৰ্ণ ফাইল কনভাৰ্ট কৰি মোক সহায় কৰাৰ বাবে বিশেষ কৃতজ্ঞতা অংশুমান হাজৰিকালৈ৷

অতিশয় ব্যস্ততাৰ মাজত সম্পাদনাৰ ক্ষেত্ৰত দিহা পৰামৰ্শ দিয়া, সাক্ষাৎকাৰটো লিখাত সহায় কৰাৰ লগতে আলোচনী খনৰ অলংকৰণত বিগত সংখ্যাকেইটাৰ দৰেই এইবাৰো বাখৰুৱা আখৰেৰে মোৰ ছবিবোৰক অলংকৃত কৰাৰ বাবে দিগন্ত কুমাৰ ভট্টাচাৰ্যৰ ওচৰত মই কৃতজ্ঞ৷

সাক্ষাৎকাৰটো লিখি উলিওৱাৰ পিছত চকু ফুৰাই দিয়াৰ বাবে অভিজিৎ কলিতা দাদাক ধন্যবাদ৷

আলোচনীখন অনলাইন আপলোড কৰি নিটোল ৰূপত পঢ়ুৱৈৰ ওচৰলৈ লৈ যোৱাৰ বাবে ৰিন্টুমণি দত্ত দাদা আৰু হেমন্ত কাকতি ছাৰক আন্তৰিকতাৰে কৃতজ্ঞতা আৰু অভিনন্দন৷

শেষত ফেব্ৰুৱাৰী সংখ্যাৰ আলোচনীখনলৈ লেখা পঠিওৱা প্ৰতিজন লেখকক হৃদয়েৰে কৃতজ্ঞতা জনালোঁ।

লেখা সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি আলোচনীখন সুন্দৰকে সজাই পৰাই পাঠকৰ ওচৰলৈ লৈ যোৱাৰ এই যি যাত্ৰা তাক সম্ভৱ কৰি তোলাত ফটাঢোল গোটৰ সকলো সদস্যৰ সদ্দিচ্ছাই হৈছে মূল অনুপান৷ ফটাঢোলৰ সকলো সদস্য আৰু পঢ়ুৱৈক বিনম্ৰ প্ৰনিপাত৷ আশাকৰোঁ ফেব্ৰুৱাৰী সংখ্যাৰ ফটাঢোল আলোচনী খনে পঢ়ুৱৈৰ বুকুত ঘৰ কৰিবলৈ সক্ষম হ’ব৷

বি.দ্ৰ. :দুদিন আগত ফটাঢোলৰ বাহিৰৰ এজন বন্ধুৱে সুধিছিল আলোচনী খনৰ লগত জড়িত হোৱাৰ পিছত মোৰ প্ৰাপ্তি কি? …নিজক যেতিয়া মই সুধিলোঁ এই প্ৰশ্নটো, তেতিয়া গৌৰৱেৰে অনুভৱ কৰিছোঁ এটা কথা যে,
কেতিয়াবা যদি মই নিজকে প্ৰশ্ন কৰোঁ, অসমীয়া সাহিত্যৰ উত্তৰণত মই নিস্বাৰ্থভাৱে কি যোগদান দিছোঁ তাৰ উত্তৰত মই অন্ততঃ ক’ব পাৰিম ‘অসমীয়া সাহিত্যত মহাৰ্ঘ হাস্য ব্যংগ ৰচনাৰ জনপ্ৰিয়তা,গুণগত সংযোজনত এই আলোচনীৰ মাধ্যমেৰে ময়ো অংশীদাৰ আছিলোঁ ’৷

এয়া মোৰ বাবে ডাঙৰ প্ৰাপ্তি৷

বিনম্ৰতাৰে
আৰাধনা বৰুৱা
সম্পাদক,ফেব্ৰুৱাৰী সংখ্যা

☆ ★ ☆ ★ ☆

9 Comments

  • ডলী

    সুন্দৰ

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    আপোনাৰ নিষ্ঠা আৰু আগ্ৰহ অতুলনীয়। হাতত লোৱা কামটোত নিজৰ ১০০ শতাংশ দিবলৈ চেষ্টা কৰে যেন লাগে। ধন্যবাদ এখন ধুনীয়া আলোচনী উপহাৰ দিয়া বাবে।

    Reply
  • Tishna good Bora

    অভিনন্দন ।আমি অন্তত পঢ়ি সহযোগ কৰিব পাৰিম

    Reply
  • আকৌ এবাৰ আপোনাক অভিনন্দন জনালো ।

    Reply
  • Anonymous

    অভিনন্দন আৰাধনা৷এখন সুন্দৰ আলোছনী আমালৈ আগবঢ়োৱা বাবে৷ব্যক্তিগত ভাবে ক্ষমাপ্ৰাৰ্থী৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বহুত ধন্যবাদ জনালো আপোনাক অনিন্দ্যসুন্দৰ আলোচনী আমাক উপহাৰ দিয়া বাবে।

    Reply
  • HEMANTA KAKATI

    বৰ ধুনীয়াকৈ কৰিলা৷ তোমাৰ লগত কাম কৰি আমিও সুখী হলো৷

    Reply
  • পূৰ্ণানন্দ শৰ্মা

    তেজপুৰলৈ আহি আছো বিয়া খাবলৈ ৷ আজি বাছৰ পিছফালে দৌৰা কোনো দৃশ্য চোৱা নহ’ল ৷ মৰমৰ ‘ফটাঢোল’ খন পঢ়ি শেষ কৰিলোঁ ৷ সুন্দৰ সংখ্যা এটা উপহাৰ দিয়া বাবে আপোনালৈ থাকিল হাৰ্ডিক অভিনন্দন ৷

    Reply

Leave a Reply to Tishna good Bora Cancel reply

Your email address will not be published. Required fields are marked *