ফটাঢোল

টীপু পুৰাণ – নীলাক্ষী দেৱী ডেকা

আমাৰ টীপুৱে কিয় গাৰ্লফ্ৰেণ্ড নবনাই সেইটো আপোনালোকৰ জ্ঞানাৰ্থে জনাব বিচাৰোঁ যে তাৰ মাকৰ ৰাতিপুৱা দুটা ল’ৰাক স্কুললৈ সাজু কৰোতে হোৱা কষ্টখিনি টীপুৱে বুজে৷ তাৰে লগতে যদি টীপুৰ গাৰ্লফ্ৰেণ্ডকো স্কুলৰ বাবে পিন্ধাই উৰাই সাজু কৰিব লগা হয় মাকৰ কিমান বেছি কষ্ট হব তাকেই ভাবক৷ গতিকে টীপুৱে গাৰ্লফ্ৰেণ্ড নবনায়৷ কোনো ল’ৰা ফ্ৰেণ্ডো নবনাই কাৰণ সিহঁতে ধোখা দি দিব৷

এইখিনিলৈকে কথাবোৰ ঠিকেই আছিল৷ কিন্তু ময়ো টীপুৰ মাকহে৷ সকলো কথা হজম হলেও এই ধোখা দিয়াৰ কথাটো মোৰ মুঠেও হজম হোৱা নাই৷ গাৰ্লফ্ৰেণ্ড নবনাই বাৰু নাই কিন্তু তাৰ লগত এই বিশ্বাসঘাটকতাৰ প্ৰসংগ আহিল কৰ পৰা!!

কেইদিনমানৰ আগতে গা বেয়া বুলি বিছনাত বাগৰি আছোঁ লগতে ইতিমধ্যে স্কুলৰ পৰা আহি পোৱা টীপুৰ লগত অগ্ৰং বগ্ৰং কথা৷ মাক পুতেকৰ আড্ডা জমিছে ভাল৷ কথাৰ মাজতে গাৰ্লফ্ৰেণ্ডৰ প্ৰসংগও ওলাল৷ তাৰ লগৰ কৌস্তভৰ দুজনীকৈ গাৰ্লফ্ৰেণ্ড থকাৰ কথাও৷ মই ক’লো তাক-

— তুমি স্কুলত চাগে পেঁ পেঁ কৰি থাকা সেয়ে তোমাক কোনেও পাত্তা নিদিয়ে চাগে!

টীপু: — মই পেঁ পেঁ বিলকুল নকৰো তো!

মই: –কৰা কাৰণেই চাগে তোমাক কোনো ছোৱালীয়ে পাত্তা নিদিয়ে৷ আৰু সেইকাৰণেই তোমাৰ আজিলৈকে গাৰ্লফ্ৰেণ্ড নাই৷

টীপু: — নহয় মাম্মা! ! মোৰ গাৰ্লফ্ৰেণ্ড আছিল তো! কিন্তু মোক ধোখা দি দিলে!

নাৰ্চাৰী শ্ৰেণীত পঢ়া, নিজে নিজৰ কাপোৰসাজো পিন্ধিব নজনা মোৰ হিয়াৰ আমঠুকণক গাৰ্লফ্ৰেণ্ডে ধোখা দিলে মাকৰ মনত কেনেকুৱা লাগিব পাৰে ভাবক আৰু! তথাপিও বিচলিত নহৈ মই সুধিলো তাক:

— কোনেনো ধোখা দিলে তোমাক কোৱাচোন!

টীপু: –জাগৃতি আৰু সুপ্ৰিতী৷

জাগৃতি আৰু সুপ্ৰিতী দুয়োজনীকেই চিনি পাওঁ মই৷ প্ৰিপাৰেটৰীত পঢ়াৰ সময়ৰ পৰাই৷ দুয়োজনীয়েই শ্ৰেণীৰ সকলোতকৈ মৰমলগা আৰু স্মাৰ্ট৷ যিয়েই নহওক এইটোৱেই জানি ভাল লাগিল যে মোৰ লৰাৰ পচন্দ ইমান বেয়া নহয়৷ তাক পুনৰ সুধিলো মই৷

— তোমাক সিহঁতে ধোখা দিয়া বুলিনো ভাবিলা কিয়?

টীপু: –সিহঁতে মোৰ লগত কথা নাপাতে আজিকালি!

মই: –তুমি সুপ্ৰীতিহঁতৰ লগত কাজিয়া কৰিছিলা চাগে!

টীপু: –মই কাজিয়া নাই কৰা তো! মই সিহঁতৰ আচল নাম সুধিছিলো তাৰপাছতেই কথা নপতা হল মোৰ লগত৷

কৃষ্ণ!!কথাৰ গুৰি কৰবাত! কেচটো আচলতে ভুল বুজাবুজি আই মিন মিচআণ্ডাৰষ্টেণ্ডিঙৰ!! টীপুৰ স্কুলৰ নাম দিব্যাংশু৷ ঘৰত সকলোৱে টীপু বুলি মাতে কাৰণেই তাৰ আচল নাম সি টীপু বুলিয়েই ভাবে৷ গতিকে তাৰ লগৰ ছোৱালী দুজনীৰ আচল নাম জানিবলৈ বিচৰাটো তাৰ দোষ নহয়৷ তাহাঁতি নুবুজিলে উপায় নাই!! তদুপৰি একেলগে দুজনী গাৰ্লফ্ৰেণ্ড বনোৱাটোও আন এটা দোষ৷ দুয়োজনীৰ লগত সমানে সমানে চলাবলৈ গলে মূৰকত দুয়ো এৰা দিয়াটো সম্পূৰ্ণ স্বাভাৱিক কথা৷ টীপুৰ যি হল হল বাৰু আপোনালোকে তেনে নকৰিব দেই৷ নহলে টীপুৰ গতিয়েই গতি আৰু!! ■■

 

2 Comments

  • chaitali

    Mahi u rockscongratulations .keep rocking always

    Reply
  • Rita khanikar

    এই টিপুতো এটা বনিব আৰু

    Reply

Leave a Reply to Rita khanikar Cancel reply

Your email address will not be published. Required fields are marked *