ফটাঢোল

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১)চন্দনা শৰ্মা: ফটহুকাই ঔ, মহন্তৰ চিন মাহনিত যদি শইকীয়াৰ চিন শাকনিত নেকি?

উত্তৰঃ- খেনো খেনো শইকীয়াৰ চিন হেনো ফেচবুকৰ ইনবক্স বা হোৱাটচ এপতহে বুলি হিংসাকুৰীয়া বিলাকে কয়।

২) কমলা দাস: কঁপনি উঠা ঠাণ্ডাত জুইৰ ওচৰত হাত সেকিবলৈ বহিলে, মুখেৰে কিয় সাঁ সাঁ শব্দ ওলায়?

উত্তৰঃ- কাৰণ ‘কা’ ‘কা’ শব্দ ওলালে মানুহে আপোনাক কাউৰী বুলি ক’ব যে।

৩) পৰীস্মিতা বৰদলৈ: ফটহু কাই, কেতিয়াবা মাংসৰ তৰকাৰীত পানী বেছি হ’লে, নতুবা ভাত লেপলেপীয়া হৈ গ’লে তলৰ কোনটো সঁজুলিয়ে বেছি খৰতকীয়াকৈ পানী শুকুৱাব পাৰিব-

১. ইস্ত্ৰি!

২. হেয়াৰ ড্ৰায়াৰ!

৩. ভেকুৱাম ক্লিনাৰ?

উত্তৰঃ- নেলাগে, মোবাইলৰ টৰ্চটো জ্বলাই অলপ গৰম কৰি দিব, লেপলেপীয়া গুচি ক্ৰিকেটৰ পিটছ যেন টনটনীয়া হৈ যাব।

৪) ধূৰ্জতি কাকতি:- এই যে ছোৱালীবোৰে প্ৰপোজ কৰাৰ পাছত নো ক’লে লগালগ কয়, কিন্তু য়েচ ক’লে লগালগ নকৈ, দুদিন ভাবি লওঁ বুলি কৈ য়েচ কয়, এই দুদিনত ইমান কি ভাবে বাৰু?

উত্তৰঃ- ভবাতকৈয়ো বেছি কৰে। ল’ৰাজনৰ পুলিচ ভেৰিফিকেচন কৰোৱাই, পঢ়া শুনাৰ ৰিপৰ্ট কাৰ্ড চাই, চাকৰি, ব্যয়সায় আদি কৰিলে তিনি বছৰৰ বেংক ষ্টেটমেণ্ট পৰীক্ষা কৰে, কা বিৰো‌ধ কৰে নে সমৰ্থন কৰে, সেইবোৰ খবৰ লয়, মেডিকেল চাৰ্টিফিকেট বিচাৰি উলিয়ায়, ….

ইমানবোৰ কামৰ কাৰণে দুদিন কমেই হয়চোন।

৫)দুলাল শইকীয়া:- ক)কৰ্মই ধৰ্মঃ- চুৰ কৰাটো এটা কৰ্ম, গতিকে ই ধৰ্ম হ’ব পাৰেনে?

উত্তৰঃ- হয়, চোৰৰ ধৰ্মই চুৰ কৰা। যেনে পুলিচৰ ধৰ্মই হ’ল- চোৰক ধৰি, চাহ পানীৰ খৰছা টো লৈ ……………….।

খ) কামৰ সৰু বৰ নাই; কিন্তু সৰু সৰু চোৰবোৰক জেইললৈ পঠিওৱা হয়; কিন্তু ডাঙৰ ডাঙৰ চোৰবোৰক ৰাইজে গামোচাহে পিন্ধোৱা দেখা যায়; কিয়? কেৱল ডাঙৰ ডাঙৰ চোৰ (কেলেংকাৰী) কৰাবোৰহে ধৰ্ম নেকি?

উত্তৰঃ- হৌৰি, পঢ়াত ‘ক’ শ্ৰেণীতে বাৰে বাৰে ফেইল কৰা ছাত্ৰক শিক্ষকে বেটাবই, যি ল’ৰাই পঢ়াত সোঁ-সোৱাই উন্নতি কৰি ডাঙৰ ডাঙৰ ডিগ্ৰী লয়গৈ, তেওঁ‌ক আকৌ কিয় বেটাব? কথাটো তেনেকুৱাই।

৬) পূৰ্ণময়ী মেধি:

“কান্দিলে যে চকুপানী সৰি পৰে;

হাঁহিলে কিয় দাঁতকেইটা ওলাই নপৰে?”

উত্তৰঃ- নকল দাঁত হ’লে ওলাই পৰে। ইয়াৰ পৰাই প্ৰমাণ হয় যে, চকুপানী বোলা বস্তুটোও নকল। বা ফে’ক। যেতিয়া হৃদয়ে কান্দে তেতিয়া চকু শুকাই থাকে।

৭)ৰঞ্জিত কুমাৰ শৰ্মা:- ঢোলটো বাৰু ফটা বুজিলোঁ৷ প্ৰশ্নবোৰ কেনেকৈ ফটাই লয় বাৰু?

উত্তৰঃ- মাহৰ মাৰ দেখি তিলে বেট মেলাৰ দৰে, ঢোলৰ ফটা ৰূপ দেখি প্ৰশ্নবোৰ নিজে নিজেই ফাঁটে। তাৰ মাজতে দুই এটা নেফাটিলে, গৰকিব লগা হয় বাৰু।

৮)সোমেশ্বৰ বৰা:- প্ৰৱচন মতে হাঁহৰ ওপৰত শিয়াল ৰজা। কিন্তু আমি জনাত হাঁহৰ ওপৰত বিজয়হে ৰজা। গতিকে কোন কাৰ ওপৰত ৰজা ফটহু কোৱাইটিয়ে ক’ব লাগে।

উত্তৰঃ- বিজয় জীয়া হাঁহৰ ৰজা নহয়, মাৰি-কাটি-বাচি কোমোৰাৰ সৈতে সিজোৱা হাঁহৰ হে ৰজা। শিয়ালতকৈ বহুত তলখাপৰ বিষয়া।

৯)দেবজিত শৰ্মা: ফটহু কাই, ফেচবুকৰ লাইক কমেণ্টৰ ওপৰত যদি চৰকাৰে কৰ আৰোপ কৰে, তেতিয়া কি হ’ব বুলি ভাবে?

উত্তৰঃ- একো নহয়। প্ৰথম দুদিনমান আন্দোলন হ’ব। তাৰপাছত লাহে লাহে মানুহে পইচা ভৰি হ’লেও লাইক কমেণ্ট কৰি থাকিব। কিছুদিনৰ পাছত আকৌ কোনোবাই লাইক কমেণ্ট ফ্ৰী কৰি দিম বুলি প্ৰতিশ্ৰুতি দি ইলেকচন জিকিব।

১০)শেৱালি শৰ্মা: সকলোৰে বয়স ধনাত্মক দিশত বাঢ়ে মানে ৪০ ৰ পাছত ৪১ , কেৱল হেকাদা কিয় বেলেগ?

উত্তৰঃ- তেৰাই যৌৱন কালত কঠোৰ তপস্যাৰে ৰম্ভা আৰু মেনকা নামৰ দুগৰাকী দেৱীক সন্তুষ্ট কৰি বৰদান লাভ কৰি থৈছে।

১১)ৰক্তাভ কুমাৰ:- ফটহুদা, ঈশ্বৰৰ মহিমা বুলি যে কয়, ঈশ্বৰৰ বিপাশা/ কেটৰিণা/প্ৰিয়ংকা/ কৰিণা/ মাধুৰী/ জুহি/ শ্ৰীদেৱী বুলি কিয় নকয় ?

উত্তৰঃ- এজনী মহিমাই ঈশ্বৰক আঁটিব বুলি ৰাইজে জানে, পিছত নাম কোৱা গোটেইকেইজনী ঈশ্বৰৰ পিছত লগাই দিলে, ঈশ্বৰে চাকৰি বাকৰি এৰি দিব লাগিব।

১২)অৰবিন্দ গোস্বামী:- মানুহে বৰ বেয়া অৱস্থাটোক ‘পানীত হাঁহ নচৰা অৱস্থা’ বুলি কয়। তেন্তে বৰ ভাল অৱস্থাক বুজাবলৈ কি ক’ব? তেতিয়া পানীত হাঁহ উৰি যাব নেকি?

উত্তৰঃ- ইমান ভাল অৱস্থাও নহয় হে মানুহৰ, পানীত হাঁহ চৰিলেই যথেষ্ট

১৩)ধূৰ্জতি কাকতি: -বিয়াবোৰত চকীবোৰক ট্ৰেফিক পুলিচৰ ড্ৰেছ কিয় পিন্ধাই দিয়ে? ভীৰ কন্ট্ৰোল কৰিবলৈ নেকি?
উত্তৰঃ- বিয়াৰ চকীৰ তলত পান খাই চূন মচা স্বভাৱটো আমাৰ নাতৰালৈকে ট্ৰেফিক পুলিচৰ প্ৰয়োজনীয়তা আছে বুলি ভাবোঁ৷

১৪)নীলাক্ষি কাকতি: -ফটহুকাই ধৰি লওঁক আপুনি যি গৰাকীক কলেজত দেখিলে আপোনাৰ হৃদয়ত ভায়োলিন বাজিছিল সেইগৰাকীয়ে আপোনাক বিয়াৰ পিছত ফেচবুকত ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠালে৷ আপুনি তেওঁৰ প্ৰফাইলত গৈ দেখিলে যে তেওঁৰ মিউচুৱেল ফ্ৰেইণ্ড লিষ্টত আপোনাৰ পত্নীও আছে৷ আপুনি তেতিয়া কি কৰিব? ৰিকুৱেষ্ট গ্ৰহণ কৰিবনে?

উত্তৰঃ- অমুকাৰ পিছে হৃদয়ত ভায়লিনতকৈ ডবা শংখহে বেছিকৈ বাজিছিল কিছুমানক দেখিলে, ভকতিত। বাৰু সেইবোৰ থাকক, কিন্তু মই নিশ্চয়কৈ সেইগৰাকীৰ ফ্ৰেণ্ড ৰিকুয়েষ্ট গ্ৰহণ কৰিম, আৰু মাজে মাজে ইনবক্সত পুৰণি দিনৰ স্মৃতি তাজা কৰিবলৈয়ো প্ৰচেষ্টা কৰিম। নিজকে বিৰাট সুখী দম্পতি বুলি ফটো দি দি তেওঁ‌ক জ্বলাম, চিধা কথা।

১৫)কমলা দাস:- মানুহবোৰে বাৰু কবিতাৰ ষ্টাইলত দিয়া কেপচনতে কেনেকৈ বুজি পায় যে আজি অমুকৰ জন্ম দিন, কালি তমুকৰ বাৰ্থডে, পৰহি এযোৰাৰ হেনো এনিভাৰ্চিৰি বুলি!

উত্তৰঃ- সেইবোৰ গুপুত বিদ্যা শিকিবলৈ হ’লে আৰু গভীৰ ভাৱে দিনত আঠৰ পৰা দহ ঘণ্টালৈ ফেচবুক অধ্যয়ন কৰিব লাগিব।

১৬)হিতেশ বি বৰুৱা: -পাৰ চৰাইৰ মতাটো যে মাইকী গৰাকীক ঘূৰি ঘূৰি বকে, আমাৰ মানুহৰ মতা মানুহজনে মাইকী গৰাকীক কিয় ঘূৰি ঘূৰি নবকে?

উত্তৰঃ- পত্নীক ঘূৰি ঘূৰি বকাটো পাশৱিক কাম।

১৭)দিপ্তী শৰ্মা: – নীলা খামৰ চিঠি বুলি যে কয় বেঙুনীয়া খামৰ চিঠি বুলি কিয় নকয়।

উত্তৰঃ- ক’লেতো ৰঙা খামৰ, ক’লা খামৰ যি টি ক’ব পাৰি, কিন্তু নীলা বুলি ক’লে পিক-আপটো ভাল হয়।

১৮)জয়ন্ত শৰ্মা: – বিহু অসমৰ বাপতি সাহোন। এই বাপতি সাহোন শব্দটো বেলেগ ক্ষেত্ৰত কিয় ব্যৱহাৰ হোৱা দেখা নাপাওঁ।

উত্তৰঃ- ব্যাকৰণত সাহোন মানে সম্পত্তি! গতিকে আন ক্ষেত্ৰটো পৈতৃক সম্পতি বুজাবলৈ বাপতি সাহোন (বা সাহন) শব্দটো ব্যৱহাৰ কৰিব পাৰি নিশ্চয়। কিন্তু কিছুমান শব্দ অৰ্থ একে হ’লেও পৰম্পৰাগতভাৱে কিছুমান বিশেষ শব্দৰ সৈতেহে মিলে। আৰু সাহোন শব্দটোৱে সম্পতিৰ অৰ্থকৰী দিশটো নুবুজাই আত্মিক সম্পৰ্কটোতহে গুৰুত্ব দিয়ে। এই মাটিটুকুৰা মোৰ বাপতি সাহোন বুলি ক’ব পাৰি, কিন্তু বৰ আঁখজা লাগিব।

১৯)ৰীতা শইকীয়া: -এজনী মাতৃয়ে সন্তানক ন মাহ দহ দিন গৰ্ভত কঢ়িয়াই পৃথিৱীৰ মুখ দেখুৱায়। তাৰ পিছত লালন পালন কৰি ডাঙৰ কৰে, সভ্যতা সংস্কৃতি সকলোখিনিতে মাতৃগৰাকীয়ে আগভাগ লয়। কিন্তু সন্তানৰ সফলতাত কিয় অমুকৰ ল’ৰা বা ছোৱালী বুলি কয়। মাকগৰাকীৰ নাম কিয় নকয়?

উত্তৰঃ- সন্তানৰ সকলো ভাল বেয়া আচলতে ৯০% মাতৃৰ দান, সি এক বৈজ্ঞানিক সত্য। বাকী দেউতাকৰ নাম যোগ কৰাতো একধৰণৰ পৰম্পৰা, আৰু তেনে পৰম্পৰা আজিকালি লাহে লাহে নোহোৱা হৈ আহিছে।

২০)তাবিবৰ ৰহমান:- ফটহু কাই, মহিলাসকলে যে বিয়া সবাহে, পিকনিকে পাৰ্টিয়ে নতুন নতুন কাপোৰ, আ অলংকাৰ পিন্ধি, সাজ সজ্জা কৰি যায় ঘৰত কিয় তেনেকৈ নাথাকে?

উত্তৰঃ- মাহিলাই পিন্ধা এটা সাজ, যিমানেই দামী নহওক কিয়, এবাৰ পিন্ধাৰ পাছত ৰাইজে দেখিলে পেলনীয়া হৈ যায়। তেওঁ‌লোকৰ কাপোৰবোৰ ৱান টাইম ডিচপ’জেবল বুলিয়ে ধৰিব পাৰি। ইফালে আকৌ এযোৰ পাটৰ কাপোৰৰ দাম বিছ হেজাৰ, পঞ্চাশ হেজাৰ। এতিয়া কওকচোন দিনে বিশ-পঞ্চাছ হেজাৰ টকা কোনে খৰছ কৰিব? কেনেকৈ কৰিব? অম্বানীৰ পত্নীয়েও নোৱাৰে। গতিকে মহিলাসকলে ঘৰত সাজি কাচি নেথাকে, থাকিবই নোৱাৰে।

২১)ৰীতা লীনা সোণোৱাল:- আমি মানুহৰ ক্ষেত্ৰত বুজাবলৈ হাত-দীঘল, হাত-লৰ ব্যৱহাৰ কৰো কিন্তু ভৰি-লৰ, ভৰি-দীঘল কিয় ব্যৱহাৰ কৰিব নোৱাৰো?

উত্তৰঃ- চুৰি হাতেৰেহে কৰে, ভৰিৰে নকৰে নহয়। আকৌ হাই ফাই লিংকত থকা মানুহবোৰক হাতেৰেহে নমষ্কাৰ দিয়ে, সেৱা কৰে বা হেণ্ডশ্বেক কৰে, ভৰিৰে কেনেকৈ কৰিব? এই বিলাক কামত ভৰি ব্যৱহাৰ কৰিব নোৱাৰি।

২২)ঋতুপৰ্ণ শৰ্মা:- ফটহু কাই, এই যে কোৱা হয় ”যত দোষ, নন্দ ঘোষ” ইয়াত আনে কৰা দোষবোৰৰ গালি নন্দ ঘোষে কিয় খাব লগা হয় বাৰু?

উত্তৰঃ- কাৰণ নন্দ ঘোষে ফুটা কপাল লৈ জন্মিছে।

২৩)সমুজ্জ্বল কাশ্যপ:- আমাৰ কেলেণ্ডাৰ মতে কিছুমান মাহ ৩১ দিনীয়া, কিছুমান মাহ ৩০ দিনীয়া হয়। বছৰত ২৮ দিনীয়া মাহ কেইটা?

উত্তৰঃ- আমাৰ ভাৰতীয় বা অসমীয়া হিচাপ মতে মাহবোৰৰ দিনৰ সংখ্যা সদায় একে নেথাকে, বছৰি বছৰি সলনি হয়।

২৪)ভূপালী দেৱীঃ- ল’ৰা ছোৱালী বেয়াৰ পিনে ঢাল খালে বা বেয়া সংগত পৰিলে সকলোৱে মাকক দোষাৰূপ কৰে কিয়?
উত্তৰঃ- সকলোৱে নহয় দেই৷ আমাৰ এও আকৌ লৰা ছোৱালীৰ ভাল গুণবোৰৰ ক্ৰেডিটটো নিজে লৈ থৈ দিয়ে আৰু বেয়াবোৰ মোৰ ওপৰত জাঁপে৷ গতিকে বুজিছেই নহয়৷ আপুনিও তেখেতৰ মূৰৰ ওপৰতে কঠালটো ভাঙক!

২৫)মৌচুমী গগৈঃ- মানুহে ক্ষীণাবলৈ সেউজীয়া শাক পাচলি খাব লাগে বুলি কয় কিন্তু হাতীয়ে দিনে -ৰাতিয়ে সেউজীয়া পাচলি খাই যদিও ক্ষীণোৱা দেখা নাই। এই বিষয়ে ফটহু কাইৰ মতামত কি ?

উত্তৰঃ- আচলতে আমি দেখা সকলো হাতীয়েই ক্ষীণ-মীন হাতী। আমি নিজৰ আকাৰৰ সৈতে তুলনা কৰিহে হাতীক শকত দেখোঁ‌। ক’ৰবাত পেটুৱা হাতী দেখিলে তুলনা কৰি চাবচোন, এই কলগছ খাই জীয়াই থকা হাতীবোৰ আচলতে কিমান ক্ষীণ।

২৬)ৰাজু কুমাৰ নাথঃ- ফটহুকাই, চোৰে নেৰে চোৰ প্ৰবৃত্তি, শহাই নেৰে লৰ। সঁচাকৈ ক’ব দেই, পুৰুষে ধৰেনে মহিলাই ধৰে ঘৰ?

উত্তৰঃ- পুৰুষ মহিলা দুয়োৱে ধৰিলেহে, ঘৰখন হয় ঘৰ।এজনে ধৰি এজনে এৰিলে, সংসাৰৰ উঠে জ্বৰ।

২৭)সমুজ্জ্বল কাশ্যপঃ- আমাৰ ‘হেডমিন’ ডাঙৰীয়া বৰষুণত ভিজি ভিজি আন্দোলন কৰিবলৈ গৈছিল, হাতত ছাটিটোও নিব পাহৰিলে। ঘৰলৈ আহি দেখিলে এডালো চুলি ভিজা নাই, কেনেকৈ?

উত্তৰঃ- চুলি নায়েই তেৰাৰ। ক’ৰপৰা ভিজিব।

২৮)অনুৰূপ মহন্তঃ- কোনো মানুহৰেই যদি নাম নাথাকিলহেঁতেন তেতিয়া কি কি সুবিধা আৰু অসুবিধা হ’লহেঁতেন?

উত্তৰঃ- নিউমাৰোলজি কৰি পইচা ঘটা কেইটাৰ সান্দহ খোৱা বালি তল গ’লহেতেন।

২৯)বৰ্ণালী মুদৈঃ- ফোন হেং মাৰিলে ৰিষ্টার্ট দিলেই ঠিক হয়…! মাথাডাল হেং মাৰিলে ৰিষ্টার্ট দিয়াৰ কিবা চিষ্টেম আছে নেকি…?

উত্তৰঃ- ফটহুৱে সন্ধিয়া যে কাৰাকৈ এঘোট খাই, চিঞৰ বাখৰ কৰি ফুৰে, কিয় কৰে বুলি ভাৱিছেনো?

৩০)দিলীপ কাকতিঃ- মানুহে বিয়াতবোৰত কিয় ইমান ধুনপেছ মাৰি ধুনীয়া, দেখনীয়াৰ হৈ যায় ? বৰলা/বৰলীৰ কথা বেলেগ, বিবাহিত/বিবাহিতাবোৰৰ কাম কি ?

উত্তৰঃ- বৰলা বৰলী বোৰক মিছা প্ৰলোভন দিবলৈ, – বোলে চা, বিয়া পাতিলে এনেকে সাজি কাঁচি পেখম ধৰি থাকিব পাৰি। মূল উদ্দেশ্যটো হ’ল, আমি ইমান জীয়াতু ভূগী আছোঁ‌, তহঁত কিয় সুখত থাকিবি। পাত বিয়া পাত।

৩১)খনীন্দ্ৰ ডেকাবৰুৱা: য’তে ত’তে দেখোঁ বন্ধোৱা ঢোল বালেহে ৰাইজমখাই নাচে। আমাৰ ইয়াত আকৌ ফটাঢোল বালেহে ৰাইজে কঁকাল ঘূৰাই নাচে কেছটোনো কি?

উত্তৰঃ- ফটাঢোলৰ শব্দত আপোন ভাৱ বেছি, নফটা ঢোলৰ অহংকাৰ বা ঔদ্ধত্য নাই, সেয়ে।

৩২)নিৰ্মালী বৰমুদৈ: -সকলো বস্তু পৰাৰ মূলতে মধ্যাকৰ্ষন শক্তি থাকে। পিছে প্ৰেমত পৰাৰ মূলতে কি শক্তি থাকেনো?

উত্তৰঃ- শক্তি নেথাকে বাবেহে প্ৰেমত পৰে। শক্তিবান মানুহে শক্তিমান চায়ে সুখী জীৱন পাৰ কৰে।

৩৩)নয়নজ্যোতি বৰঠাকুৰঃ- “প্ৰেম মানেই বিবাহ নহয়।” তেনেহ’লে হয় কি?

উত্তৰঃ- বিবাহ প্ৰেমৰ অকাল মৃত্যুৰ মূল কাৰণ। বিয়া হোৱাৰ লগে লগে প্ৰেম পলাই ফাট মাৰে। সেইবাবে কবিসকলে আগতীয়াকৈয়ে এইষাৰি সাৱধানবাণী শুনাই থৈছে।

৩৪) ৰিতন বৰুৱা:- বিশ্বৰ সকলো মানুহৰ ভাষা বেলেগ বেলেগ কিন্তু দুটা অনুভূতি একে, সেই দুটা হ’ল হাঁহি আৰু কান্দোন। কিন্তু কিয় একে হ’ল ?

উত্তৰঃ- হৌৰি ইমানসোপা ভাষাত সকলোৱে কথা পাতিলে কোনেও কৰো কথা বুজি নেপাব দেখোন। গতিকে ওপৰৱালাই এই দুটা ভাষা দিছে হাঁহি আৰু কান্দোন, যাতে ভিন্ন ভাষী মানুহেও কমচে কম দুই এটা কথা বুজি পায়।

☆ ★ ☆ ★ ☆

6 Comments

Leave a Reply to সমুজ্জ্বল কাশ্যপ Cancel reply

Your email address will not be published. Required fields are marked *