ফটাঢোল

ডিজিটেল ইণ্ডিয়া – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

(১)

–কওকচোন বাৰু আপোনাৰ ই-মেইল আইডি টো, মই এবাৰ চেক কৰি কৰি চাঁও বিলখন কিয় নাপায় আপুনি৷
কেচ কাউণ্টাৰত বহি থকা ছোৱালীজনীয়ে কলে মানুহজনক৷
–আমাৰ ফালৰ পৰা ৰেগুলাৰ পঠিয়াই আছো আপোনাৰ বিল, মেইলবক্স ভৰ্তি নাথাকিলে সেইখন নোপোৱাৰ কথাই নাই৷
–মই সিগলা নাজনো, মই বিল প নাই আৰু বিল নেদাকে আপনালোকে মোৰ ফোনোৰ আউটগয়িং কাটছি৷
খঙত অতিষ্ঠ হৈ থকা মানুহজনে ক’লে৷
–মেইল আইডিটো এবাৰ কওকচোন কিবা ভুল হৈ থাকিব পাৰে, ছোৱালীজনীৰ কথাত মানুহজন অলপ ক্ষান্ত হোৱা যেন লাগিল৷
–লেখোক মোৰ মেল আইডি৷
–ৰাতুল.বৰ্মন
–হয়, কৈ যাওক….
–ইংৰেজী সৰুফলাৰ a টো লেখোক আৰু পেটতোৰ মাজোত ধৰি পাইকে দ’ক (@), তাৰপিচোত জিমেল.কম
ছোৱালীজনীয়ে এক অবুজ চাৱনিৰে মোৰ ফালে চালে৷
–ৰাতুল.বৰ্মন@জিমেইল.কম
“ঠিক আছে নে নাই চেক কৰি চোৱা“ মই ছোৱালীজনীক কৈ তাৰ পৰা আঁতৰি আহিলো৷

(২)

টেলিকম কোম্পানীত চাকৰি কৰা সূত্ৰে বিভিন্ন মানুহৰ লগত যোগাযোগ ৰক্ষা কৰি চলিব লাগে৷ মানুহ মানে গ্ৰাহক হে দেই৷ চহৰৰ গ্ৰাহক গাঁৱৰ গ্ৰাহক, দেশী বিদেশী গ্ৰাহক৷ বিভিন্ন অভিযোগ, সমস্যাৰ সন্তোষমূলক সমাধান দিব লাগে৷
এবাৰ এজন গ্ৰাহকৰ ফোন মোৰ তাত৷ বৰ্মন উপাধিৰ গ্ৰাহকজন অসম পুলিচৰ চাকৰিয়াল, কিছুদিন আগতে গোৱালপাৰা ৰ পৰা ট্ৰেন্সফাৰ হৈছে বঙাইগাঁৱত৷
মোবাইলৰ বিলখন পোৱা নাই৷ মই ক’লো যে বিলখন গোৱালপাৰাত ডাকযোগে দি থকা হৈছে আপোনাৰ নতুন ঠিকনাটো আমাৰ ওচৰত নাই৷ আপুনি নতুন ঠিকনাটো দিয়ক বিলখন পঠিয়াই দিম নহলে আপোনাৰ সঘনাই ট্ৰেন্সফাৰ হৈ থকা চাকৰি বিলখন ই-মেইলত লওক, সোনকালেও পাব আৰু অন্য কিছু অতিৰিক্ত সুবিধাও দিয়া হব৷
লগে লগে সন্মত হ’ল তেখেত৷ কিন্তু সমস্যা আহিল ই-মেইল টো লৈহে৷
সেইটো বোলে গোৱালপাৰাতে এৰি থৈ আহিল ট্ৰেন্সফাৰৰ সময়ত, নতুনকৈ বঙাইগাৱত এটা খুলি কেইদিনমানৰ ভিতৰতে দিব মোক৷
হায় হায় ডিজিটেল ইণ্ডিয়া৷ ৷ ■■

7 Comments

Leave a Reply to Pranita Goswami Barthakur Cancel reply

Your email address will not be published. Required fields are marked *