ফটাঢোল

সাক্ষাৎকাৰ : বগীৰ পৰা বিৰুবালা ৰাভালৈ: সাহস আৰু মানৱ প্ৰেমৰ এক গাঁঠা

“কাইলৈ পুৱা ৭ টাত যাত্ৰা আৰম্ভ কৰিম৷ ” গুৱাহাটীত গৈ পোৱাৰ সময়তে ফোনটো আহিল৷ কাইলৈ অৰ্থাৎ ১২ ফেব্ৰুৱাৰীত আমি যাত্ৰা কৰিম অসম মেঘালয় সীমান্তৱৰ্তী গোৱালপাৰা জিলাৰ ঠাকুৰভিলা গাঁৱলৈ৷  উদ্দেশ্য বিৰুবালা ৰাভা বাইদেউক লগ কৰি তেখেতৰ এটা সাক্ষাৎকাৰ গ্ৰহণ কৰা আমাৰ ই আলোচনীখনৰ বাবে৷

বিৰুবালা ৰাভাৰ নাম নুশুনা মানুহ হয়তো খুব কমেইহে আছে৷ অনগ্ৰসৰ এখন ঠাইৰ পৰা দুৰ্গম যাতায়াত ব্যৱস্থা, শিক্ষাৰ প্ৰসাৰ একেবাৰে কম হৈ থকা সময়তে আৰম্ভ কৰিছিল অন্ধবিশ্বাস তথা ডাইনী হত্যাৰ বিৰোদ্ধে এক আন্দোলন৷ সমাজৰ বাধা নেওচি এই আন্দোলনে এনে এক ব্যাপক ৰূপ ল’লে যে এতিয়া কৰবাত এনেকুৱা ঘটনাৰ উকমুকনি পালেই হাজিৰ হৈ মানুহক শুদ্ধ পথৰ সন্ধান দিয়া কাণ্ডাৰীগৰাকীৰ নামেই হ’ল বিৰুবালা ৰাভা৷

কোমল ৰ’দ জাকৰ মাজে মাজে আমি পুৱা ৭টা বজাত যাত্ৰা আৰম্ভ কৰিলোঁ শালগছৰ দেশলৈ বুলি৷ দিনৰ প্ৰায় ১১ বজাত উপস্থিত হ’লোঁ বিৰুবালা ৰাভাৰ ঘৰত৷ তেখেতক পূৰ্বেই যোগাযোগ কৰা আছিল, গতিকে আমাৰ দেখা পায় সৰল হাঁহি এটাৰে সম্ভাষণ জনাই আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালে৷ সামান্য সৌজন্যমূলক কথা বতৰাৰ পাছত আৰম্ভ কৰিলোঁ সাক্ষাৎকাৰ

ফটাঢোল: বাইদেউ নমস্কাৰ৷ আমি ইণ্টাৰনেটৰ মাধ্যমত প্ৰচলিত হাস্য-ব্যংগৰ আলোচনী ফটাঢোলৰ তৰফৰ পৰা আহিছোঁ৷ আমাক এই সুযোগটো দিয়াৰ বাবে অশেষ ধন্যবাদ৷

বিৰুবালা ৰাভা: নমস্কাৰ৷ আপোনালোকৰ জৰিয়তে আলোচনী তথা সমগ্ৰ পৰিয়াললৈ মোৰ মৰম আৰু শ্ৰদ্ধা জনাইছোঁ৷

আমি: আপোনাৰ শৈশৱ কালৰ বিষয়ে আমাক জনাব নেকি?

বিৰুবালা ৰাভা: বৰভূইকঁপৰ আগৰ বছৰত মোৰ জন্ম৷ ঠাকুৰভিলাৰ টিল্লা পাৰাত মোৰ জন্ম৷ মায়ে ধাইৰ কাম কৰিছিল৷ দেউতাৰ মোৰ বয়স ৬ বছৰ হওঁতেই দেহাৱসান হৈছিল৷

ফটাঢোল: আপোনাৰ শিক্ষা জীৱন!

বিৰুবালা ৰাভা:  সৰুতে সমীপৱৰ্তী নিজৰাত মাছ ধৰি খুব ভাল পাইছিলোঁ৷ এইদৰে শৈশৱৰ ৬ বছৰ পাৰ হোৱাৰ পাছত মোৰ বয়স ৭ হওঁতে মাতৃয়ে এল পি স্কুলত নাম লগাই দিলে৷ তেতিয়াৰ দিনত নিম্ন প্ৰাথমিকত ৫টা শ্ৰেণী আছিল৷ ক-মান, খ-মান, প্ৰথম, দ্বিতীয় আৰু তৃতীয়৷ মই সুখ্যাতিৰ প্ৰতিটো শ্ৰেণীৰে দেওনা পাৰ কৰিছিলোঁ৷ সেইখিনি সময়ত আৰ্থিক অৱস্থা খুব বেয়া আছিল আমাৰ৷ পঢ়াৰ লগতে ঘৰৰ কামো সমানেই কৰিব লগা হৈছিল৷ নিম্ন শাখাৰ পাৰ হোৱাৰ পাছত বৰঝৰাত নতুনকৈ স্থাপিত মজলীয়া বিদ্যালয়ত মাতৃৰ বাধা স্বত্বেও নাম ভৰ্তি কৰালোঁ৷ কিন্তু তাত মাত্ৰ ৯ মাহ অতিক্ৰম কৰাৰ পাছতে মাতৃয়ে মোৰ বিয়া পাতি দিলে৷

ফটাঢোল: আপোনাৰ বৈবাহিক জীৱনৰ কথা উত্থাপন কৰিব লগা আছিলেই৷ অলপ বহলাই কওকচোন৷

বিৰুবালা ৰাভা: মোৰ বিয়া হৈছিল ১৫ বছৰ বয়সত৷ স্বামীৰ নাম প্ৰয়াত চণ্ডীচৰণ ৰাভা৷ তেখেতৰো পঢ়াৰ প্ৰতি যথেষ্ট  ধাউতি আছিল যদিও ঘৰৰ আৰ্থিক অৱস্থাই তাত বাধা স্বৰূপে দেখা দিছিল৷ বিয়াৰ ১ বছৰ পাছতেই আমাৰ কোলালৈ সন্তানৰ ৰূপত আহিল ধৰ্মেশ্বৰ ৰাভা৷ মই বোৱা-কটা আদি কামবোৰ খুব সুন্দৰকৈ কৰিব পাৰিছিলোঁ৷ ঘৰৰ আৰ্থিক উপাৰ্জনত এইবোৰেও সহায়ক হৈছিল৷

ফটাঢোল: আপোনাৰ মানুহক ডাইনী সজোৱা কু-প্ৰথাৰ বিৰূদ্ধে যুঁজখন কেতিয়া কেনেকৈ আৰম্ভ হ’ল?

বিৰুবালা ৰাভা: আমাৰ জনজাতীয় সমাজবোৰত এই কু-প্ৰথাবোৰৰ প্ৰভাৱ বহুতেই বেছি৷ মোৰ সন্তান ধৰ্মেশ্বৰ ৰাভা ৯ বছৰ বয়সত মানসিক ৰোগত ভুগিছিল৷ অনিদ্ৰা আৰু জুপোকা মাৰি থকা ধৰ্মেশ্বৰক মেডিকেলত দেখুৱাৰ পাছতো একো সুফল পোৱা নগৈছিল৷ এনে সময়তে কোনোবাই মোৰ স্বামীক উপদেশ দিলে জৰা-ফুকা কৰা দেউধনীৰ ওচৰলৈ যাবলৈ৷ দেউধনীয়ে ঘোষণা কৰিলে ল’ৰাটোৰ গাত পৰী লাগিছে অৰ্থাৎ সি পৰীৰ প্ৰেমত পৰিছে৷ পৰীৰ সন্তান জন্মৰ পাছতেই তাৰ মৃত্যু হ’ব৷ কিন্তু এই ভবিষ্যতবাণীক ভুল প্ৰমাণিত কৰি সি জীয়াই থাকিল৷ এই কথাটোৱে মোক নতুন চিন্তাৰ সম্ভেদ দিলে৷ মোৰ ল’ৰাটো ঘৰৰ পৰা পলাই গ’ল৷ ইয়াৰ পাছত নতুন এটা দুৰ্যোগ নামি আহিল৷ মোৰ স্বামী অসুস্থ হ’ল৷ মই সমাজৰ কামত অলপ আগৰণুৱা তথা দেউধনীক বিশ্বাস নকৰাৰ বাবে মোৰ স্বামীৰ এই অৱস্থাৰ বাবে মোকেই ডাইনী সজোৱাৰ চেষ্টা কৰা হ’ল৷ এইটো এটা হিংসাৰ প্ৰভাৱ৷  ইমানদিনে মানুহক আভুৱা ভাৰি থকা প্ৰথা এটাৰ অন্ত পেলাবলৈ যেন মোৰ অন্তৰাত্মাই কৈ উঠিল৷ সেই বছৰতে, ১৯৮৫ চনত, আমি ঠাকুৰভিলা মহিলা সমিতি আৰম্ভ কৰোঁ৷ মদ, জুৱা, নাৰী নিৰ্যাতন আদি বিভিন্ন বিষয়ত এই সমিতিয়ে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে৷ ডাইনীৰ বিৰূদ্ধে গাঁৱে-গাঁৱে ঘৰে-ঘৰে সজাগতাৰ যাত্ৰা আৰম্ভ কৰিলোঁ৷

ফটঢোল: এইবোৰ কৰিব যাওঁতে বাধাৰ সন্মুখীন হোৱা নাচিল নে?

বিৰুবালা ৰাভা: হৈছিল৷ গাঁৱৰ পৰাই যথেষ্ট বাধাৰ সন্মুখীন হৈছিলোঁ৷ ৰাইজে প্ৰায় এঘৰীয়া হোৱাৰ দৰেই কৰিছিল৷ সমগ্ৰ এখন সমাজৰ বিৰূদ্ধে অটল হৈ থাকিলোঁ৷ লাহে লাহে বহু বাধা আঁতৰি গ’ল৷ চৰকাৰ বা প্ৰশাসনৰ তৰফৰ পৰাও সহায় পোৱা গ’ল৷

ফটাঢোল:  আপুনি সজাগতা শিবিৰবোৰত কি কথাৰ ওপৰত গুৰুত্ব দিয়ে? লগতে আমি জানিবলৈ আগ্ৰহী এই কু-সংস্কাৰবোৰ জীয়াই ৰখাত কাৰ ভূমিকা বেছি?

বিৰুবালা ৰাভা: মূলত শিক্ষা, স্বাস্থ্যৰ ওপৰতে অধিক গুৰুত্ব দিয়া যায়৷ জনজাতীয় তথা আদিবাসী সমাজত এই কু-সংস্কাৰৰ প্ৰাদুৰ্ভাৱ অধিক আৰু মহিলা সকলে এই কু-সংস্কাৰ জীয়াই ৰখাত আগভাগ লয়৷

ফটাঢোল: মিচন বিৰুবালা কি আৰু আপোনালোকে কি কি বিষয় ইয়াত সামৰি লৈছে?

বিৰুবালা ৰাভা: মিচন বিৰুবালাৰ উদ্দেশ্য হ’ল মানুহক সকলো ফালৰ পৰা নিৰাপত্তা প্ৰদান কৰা৷ ডাইনী কু-সংস্কাৰৰ কবলত পৰি নিথৰুৱা সকলক আশ্ৰয় তথা সংস্থাপন প্ৰদান কৰা৷ ভবিষ্যতে গাহৰী ফাৰ্ম, মূৰ্গী ফাৰ্ম, বোৱা-কটা আদিৰ যোগেদি সংস্থাপনৰ বাট মুকলি কৰাৰ দিহা কৰা হ’ব৷

ফটাঢোল: আপোনাৰ কামৰ স্বীকৃতিয়ে আপোনাক উৎসাহিক কৰে নে?

বিৰুবালা ৰাভা: কৰে, লগতে এই দিশত কৰিব লগীয়া কৰ্মৰাজিৰ বাবে আৰু অধিক দায়িত্ব বাঢ়িল বুলি অনুভৱ কৰোঁ৷

ফটাঢোল: ২০০৫ চনত বিশ্বৰ ১৫০খন দেশৰ ১০০০ গৰাকী মহিলাৰ মাজত সাহসী মহিলা, যি সমাজৰ অন্যায় অনিয়মৰ বিৰূদ্ধে মাত মাতি আহিছে, আপোনাৰ নামো আছিল৷ সেই অনুভৱৰ বিষয়ে জনাব নেকি?

বিৰুবালা ৰাভা: অন্ধবিশ্বাসৰ বিৰূদ্ধে যুঁজ দিয়াৰ লগতে সমাজত শান্তি স্থাপনৰ বাবে কৰা কামৰ কাৰণেই সেই সন্মান পাইছিলোঁ৷ সেই সময়ত মঞ্চত মোৰ লগত আমিৰ খান ঠিয় হৈ থাকোঁতেও চিনি নাপালোঁ, কাৰণ মই চিনেমায়ে চাই পোৱা নাই৷

ফটাঢোল:  আপোনাক যদি প্ৰশ্ন কৰা যায় বিৰুবালা ৰাভাৰ দৃষ্টিত বিৰুবালা ৰাভা কি, উত্তৰটো কি হ’ব৷

বিৰুবালা ৰাভা: এজনী মানুহক ভাল পোৱা, মানুহৰ সুখ শান্তিৰ কাৰণে কাম কৰা মহিলা৷

ফটাঢোল: এইবাৰ এটা বেলেগ প্ৰশ্ন কৰোঁ৷ এতিয়া ফাগুণ মাহ, প্ৰেমৰ মাহ৷ প্ৰেম সম্পৰ্কে আপোনাৰ ধাৰণা কি?

বিৰুবালা ৰাভা: প্ৰেম মানে মানুহে মানুহক ভাল পাব লাগে৷ “মানুহ মানুহৰ বাবে৷ ” কাকো দুখ দিব নালাগে, ঠগিব নালাগে৷

ফটাঢোল: কোনোবাই প্ৰেম নিবেদন কৰিছিল নে?

বিৰুবালা ৰাভা: (অলপ হাঁহি লৈ) এবাৰ এজনে পঢ়ি থকা সময়তে প্ৰেম পত্ৰ দিছিল৷ মই নহ’ব বুলি ক’লোঁ৷ তাৰ পাছতো বিয়ায়েই হৈ গ’ল ঘৰৰ পৰা ঠিক কৰা জনৰ লগত৷

ফটাঢোল: আমাৰ পাঠক সমাজৰ বাবে কি বাৰ্তা দিব?

বিৰুবালা ৰাভা: সকলো কুশলে থাকক, সুখী হৈ থাকক৷ সমাজৰ ভাল কামত আগভাগ লওক৷

ফটাঢোল: আমাৰ সাক্ষাৎকাৰ ইমানতে শেষ কৰিছোঁ৷ আপোনাৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ ধন্যবাদ৷

সাক্ষাৎকাৰ গ্ৰহণ কৰিলে দেবজিত শৰ্মা আৰু ইৰাণী শইকীয়াই৷
☆ ★ ☆ ★ ☆

13 Comments

  • rintumoni dutta

    খুব ভাল লাগিল বাইদেউৰ বিষয়ে জানিবলৈ পাই

    Reply
  • ডলী তালুকদাৰ

    বৰ ভাল লাগিল।

    Reply
  • খুব ভাল লাগিল।

    Reply
  • Ronjon Baruoh

    আপোনাৰ লক্ষ্য আৰু উদ্দেশ্যত সফল হওক , তাৰেই কামনা কৰিছোঁ

    Reply
  • অভিজিত কলিতা

    মই আটাইতকৈ বেছি সন্মান কৰা ব্যক্তোসকলৰ এগৰাকী হ’ল বীৰুবালা ৰাভা। মানুহগৰাকীক ওচৰৰ পৰ জানিবলৈ সুবিধা দিয়াৰ বাবে ফটাঢোলক ধন্যবাদ।

    Reply
  • Abhijit goswami

    ভাল লাগিল।

    Reply
  • ঈশান

    সম্পাদকলৈ ধন্যবাদ । সাক্ষাৎকাৰটোৰ বাবে ।
    সৰল ভাষাতেই বহুকেইটা ডাঙৰ কথা কৈ গ’ল বাইদেৱে ।
    আপুনি কুশলে থাকক বাইদেউ

    Reply
  • মানসী বৰা

    বাইদেউৰ সহজ -সৰল কথা-বাৰ্তা বৰ ভাল লাগিল ।

    Reply
  • HEMANTA KAKATI

    চেলিউট টু ডা লেডী৷ বহুত ভাল লাগিল৷

    Reply
  • Prakash lahakar

    ভাল লাগিল বাইদেউৰ আত্মজীৱনী শুনি।।

    Reply
  • Anonymous

    তেখেতলৈ সেৱা। খুব ভাল লাগিল সাক্ষাৎকাৰ টো।

    Reply
  • Monima kalita.

    তেখেতৰ সাহসক প্ৰণিপাত।

    Reply
  • অনুপ্ৰিয়া শইকীয়া

    পঢ়ি ভাল পালো

    Reply

Leave a Reply to Monima kalita. Cancel reply

Your email address will not be published. Required fields are marked *