ফটাঢোল

ৰ্স্মাট মা- বৰ্ণালী মূদৈ

ৰুহিৰ মাকে এটি নতুন স্মার্টফোন কিনিছে।
এইটো যুগত অকমান স্মার্ট ন’হলে হয় নেকি? আৰু স্মার্টফোন থাকিব, অথচ তাত ফেচবুক, ইনষ্টা, হোৱাটচ্-এপৰ একাউণ্ট নাথাকিব! সেইটো কি হয় নেকি? হাইয়াৰ চেকেণ্ডৰী পঢি থকা ৰুহিৰ মা,
তেওঁ ফেচবুক আইডি খুলিছে আকৌ “অবুজন ছোৱালী” বুলি!
দিনে এক ঘণ্টা কৰি মুঠতে ২৪খন ফটো আপলোড কৰে ফেচবুকত৷ ফটোবোৰত কেপচন থাকে, ‘চুলিত ৰং লগালোঁ গাইজ’, ‘ডিম সিজাই আছো গাইজ’। গাইজ নামৰ এই কুল শব্দটো শিকিছে তেওঁৰ ছোৱালী ৰুহিৰ মুখৰ পৰা। সেই প্রতিটো বাক্যৰ শেষত গাইজ শব্দটো লগাই দিয়ে। এইটোৱে নহয়! তেওঁ এতিয়া ঘৰৰ কাৰো লগতে মুখেৰে কথা নকয়, কথা কয় হোৱাটচ্-এপৰ মেচেজেৰে। ৰুহিৰ দেউতাকে ভাত খাবলৈ বহি পত্নীক মেচেজ কৰি কয় , ‘এচামুচমান দালি দিয়াচোন’। তেওঁ লগে লগে স্বামীৰ প্লেটত এক চামুচ দালি দি আহে। ঘৰত আলু শেষ হৈ গ’লে ৰুহিৰ দেউতাকক সৰুকৈ মেছেজ দিয়ে, “There is no আলু in ঘৰ। please bring আলু।” অসমীয়া ইংৰাজী মিলাই লেখাটোতো কুলনেচ। এইটোও শিকিছে জীয়েকৰ পৰাই। মাকৰ যন্ত্রণাত ৰুহিয়ে এতিয়া আৰু ৰাতি চকিদাৰি কৰি ফেচবুকিং কৰিব নোৱাৰে। তাইৰ মাকে ইটো ৰূমৰ পৰা মেছেজ দিয়ে, “ইমান ৰাতি তোৰ সেউজীয়া বাতি জ্বলি আছে কিয়? শো শো।” ৰুহিয়ে বাপেকক মেছেজ কৰে, “দেউতা শুইছা?” বাপেকে ৰিপ্লাই কৰে, “না মা, তোৰ মাৰৰ লগত মেচেজত কথা পাতি আছো।” অথচ তাইৰ মাক বাপেক একেটা কোঠাতেই একেখন বিছনাতে শোৱে।
ৰুহি আৰু তাইৰ বাপেকক এতিয়া ৰাতিপুৱা শোৱাৰ পৰা জগাই দিব নালাগে। ৰাতিপুৱা শুই উঠি  ৭বজাৰ পৰা তেওঁলোক দুইজনৰে হোৱাটচ্-এপত ক্রমাগতভাৱে মেচেজ কৰিয়ে থাকে ৰুহিৰ মাকে। মেচেজৰ ৰিংটোনে যদিও দুইজনৰে টোপনি ভাঙে, কিন্তু তেতিয়ালৈ পলম হৈ যায়। ৰুহিৰ মাকে এতিয়া পুৱাৰ ব্ৰেকফাষ্ট নবনায়। ফুড চার্ভিচত ব্ৰেকফাষ্ট অর্ডাৰ কৰে৷ তেতিয়ালৈ ভোকত বাপেক জীয়েকৰ পেটত নিগনিয়ে চাৰি ছয় কুবাই থাকে।
ৰুহিৰ মাকে ইউটিউব চাই মাজে মাজে ৰন্ধাত নতুনত্ব আনিবলৈ চেষ্টা কৰে। কিছুদিন আগতে ইউটিউবত দেখিলে সাগৰ মাছ কেনেকৈ ৰান্ধি খায়। ঘৰত সাগৰ মাছ নাই কি হ’ল মাগুৰ মাছটো আছিল তাকে ট্ৰাই কৰিদিলে। সেই মাছৰ তৰকাৰী দ্বিতীয়বাৰ কোনোৱে আৰু খাবলৈ সাহস নকৰিলে৷ অৱশেষত নর্দমাৰ আৱৰ্জনা নর্দমাতে পেলাই দিয়া হ’ল প্লাষ্টিকৰ কেৰিবেগত ভৰায় ! তাৰোপৰি ৰুহিৰ মাকে ইউটিউবত মেক-আপ টিউটৰিয়েল চাই ঘৰতে দুঘণ্টা ধৰি সাজ সজ্জাত ব্যস্ত হৈ থাকে৷ ৰুহিৰ বাপেকক ঘৰলৈ আহিলে ১০-১৫ মিনিট বেল বজাই ৰৈ থাকিব লাগে৷ মাজে মাজে ভদ্রলোক চিন্তাত পৰি যায়! তেওঁ নিজৰ ঘৰৰ সন্মুখত ৰৈ আছে নে বেলেগৰ ঘৰত ভুলতে বেল বজালে ! অৱশেষত ৰুহিৰ মাকৰ সেই বিখ্যাত হাঁহি দেখি মনত পৰিল সেইগৰাকী তেওঁৰে পত্নী। কাৰণ তেওঁৰ পত্নীৰ দুটা দাঁতৰ মাজত বিৰাট এটা শূন্যস্থান আছে!
আগতে ৰুহিৰ লগত তাইৰ মাকে লুডুৰ কর্ট নি লুডু খেলিছিল। এতিয়া মোবাইলতে খেলে। আগতে ৰুহিৰ টিউচনৰ চাৰক ফীজ হাতত দিছিল। এতিয়া বিকাশে কৰিদিয়ে! এবাৰ ভুল নম্বৰতেই পাঠিয়াই দিলে টিউচন চাৰৰ বেতন। সেই বেতন পুনৰাই পাবলৈ চাৰৰ ভাল নাকনি-কাননি খাব লগা হ’ল। ইয়াৰ পাছত সেই চাৰ আৰু পঢ়াবলৈ অহা নাই।
ৰুহিয়ে যেতিয়া পঢিবলৈ বহে মাকে ইটো ৰূমৰ পৰা মেচেজ দিয়ে, “মোবাইল নধৰি মনযোগ দি পঢ় ঐ।” ৰুহিয়ে তেতিয়া পঢা এৰি মোবাইল ধৰিব লগা হয় মেচেজ চেক কৰাৰ বাবে। ৰুহিৰ কালিলৈ পৰীক্ষা, সেয়ে ৰিপ্লাই দিয়ে, “মা ৰূমলৈ আহি মোক ‘বিশ্বায়ণ’ কি বুজাই দিয়া হি ?” তাইৰ মাকে তেতিয়া ভিডিঅ’ কল কৰে। এতিয়া মোবাইলৰ যুগ, ঘৰত বহি হাতধৰি পঢ়াৰ দিন নেকি? ৰুহিৰ মাকে সেইফালৰ পৰাই ভিডিঅ’ কলত ৰুহিক বিশ্বায়ণ কি বুজাই দিয়ে।
ৰুহিৰ ৰিজাল্ট দিলে। পৰিৱেশ বিজ্ঞানত তাই ‘মাত্র’ ৯ নম্বৰৰ বাবে ফেল কৰিলে। ৰুহিৰ ক্লাচৰ মেমে ফোন কৰিলে ৰুহিৰ মাকলৈ।
ৰুহিৰ মাকে হাঁহি ক’লে , “মেম এতিয়া কি আৰু ফোনত কথা কোৱাৰ যুগ আছে নি? আহক ভিডিঅ’ কলত কথা পাতো।”
ৰুহিৰ ক্লাচৰ মেমে ভিডিঅ’ কলত জনালে ৰুহিৰ সেই দুর্দান্ত ৰিজাল্টৰ কথা। সকলো শুনি ৰুহিৰ মাকে মনটো বেয়া কৰি মুখৰ দুই তিনিটা ভাঁজ দি, “আচ্ছা ৰুহি কলেজৰ পৰা ঘৰলৈ আহিলে তাইৰ লগত কথা পাতিম মই বুলি ক’লে।”
ৰুহি ক্লাচৰ শেষত ভয়ে ভয়ে ঘৰলৈ আহিল। ৰিজাল্টৰ কথাটো যে ইতিমধ্যে তাইৰ মাকে জানি গৈছে এইটো নিশ্চিত ! কিন্তু ঘৰৰ পৰিৱেশ ইমান শান্ত কিয়? তেন্তে কি এইটো ধুমুহাৰ পূর্বাভাষ? ৰুহিয়ে গোটেই দিন মাকৰ পিছে পিছে ঘূৰিল। মনে মনে সকলো কামো কৰিলে। তথাপি মাক নীৰৱ! তাই ভয়ে ভয়ে সুধিলে, “মা ৰিজাল্ট দিছে। তুমি একো গম পোৱা নাই নেকি?”
– নাজানিম কিয়? সকলো জানো।
– একো কোৱা নাই কিয় তেন্তে?
– কোনে কৈছে অ’ একো কোৱা নাই? তোৰ হোৱাটচ্-এপৰ মেচেজ চেক কৰ।
ৰুহিয়ে হোৱাটচ আপৰ মেচেজ অন কৰিলে। তাইৰ মাকে বিশাল মেচেজ এটা পঠিয়াইছে, “ইমান ভালকৈ পঢ়ালোঁ তথাপি তই ফেইল কৰিলি? নীলাৰ মাকে ষ্টেটাচ দিছে, নীলা ফাৰ্ষ্ট হৈছে। আৰু তই? নীলাৰ পৰীক্ষাৰ বহি ধুই সেই পানীৰে চৰবত বনাই খা গাধ। ব্লা ব্লা ব্লা। ৰুহি মেচেজ পঢ়ি ৰিলেক্স হ’ল যাই হওক, অন্তত মাকে মেচেজতেই তাইক শাসন কৰিছে!।
তৎক্ষণাৎ তাইৰ মনত চিন্তাই ঢৌ খেলিবলৈ ধৰিলে৷ লগে লগে ফেচবুক লগ ইন কৰিলে। যি ভয় আছিল সেই সত্য হৈ গ’ল । তাইৰ মাকে পাবলিক ষ্টেটাচ দিয়ে, “আমাৰ ৰুহিয়ে ফেইল কৰিছে গাইজ। সকলোৱে তাইক আৰ্শীবাদ কৰিব গাইজ।” লগতে ৰুহিৰ মৰমলগা ফটো এখন।
নাই! ৰুহিৰ আৰু কোনো উপায়েই মুখ দেখুওৱাৰ উপায় নাথাকিল!
☆ ★ ☆ ★ ☆

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *