ফটাঢোল

হাম ত’ মহব্বত কৰেগা- শঙ্কৰজ্যোতি বৰা 

সদাব্যস্ত নগাঁৱ কলেজ চাৰিআলি৷ ভীষণ জাম৷ চাৰিওফালে ৰাস্তাত গাড়ী জমা হৈ গৈছে৷ ষ্টেট বেংকৰ দিশৰ পৰা দ্ৰোণ কেমেৰাই জাম লাগি থকা গাড়ীবোৰৰ ওপৰেদি চাৰিআলিৰ দিশত মুভ কৰিব৷ লাহে লাহে কেমেৰাই চাৰিআলি পোৱাৰ লগে লগে দৰ্শকে দেখিব এজন যুৱকৰ লগত এজাক ল’ৰাৰ মাৰপিট৷ কেমেৰাই যুৱকজনক পিছফালৰ পৰাই ফল’ কৰিব৷ পোন্ধৰ বিছজনীয়া দলটোক যুৱক জনে অকলেই ইটোৰ পিছত সিটোক ওফৰাই ওফৰাই মাৰি থাকিব৷ হঠাৎ দুজনে যুৱকক পিছফালৰ পৰা গবা মাৰি ধৰিব৷ আগফালৰ পৰাও সেই সুযোগতে আন দুজনে তেওঁক গবা মাৰি কৰায়ত্ব কৰাৰ চেষ্টা কৰিব৷ ভয়ানক যেন লগা চেহেৰাৰ দুশ কেজিমান ওজনৰ গুণ্ডা এটাই হাতত লোহাৰ হাতুৰি এটা লৈ যুৱকক মাৰিবলৈ উদ্যত হ’ব৷ ধিছুম, ধাঁছ…..যুৱকক জপটিয়াই ধৰি থকা, মাৰিবলৈ উদ্যত হোৱা গোটেইকেইটা গুণ্ডা চক্ৰাকাৰে যুৱকৰ চাৰিওফালে মাটিৰ পৰা আঁঠফুটমান ওপৰত ওফৰি পৰোঁতেই কেমেৰা ফ্ৰিজ৷ কেমেৰাই লাহে লাহে পিছফালৰ পৰা চাইদেদি মুভ কৰি ফ্ৰণ্ট ভিউত যুৱকক হাইলাইট কৰিব৷ পৰ্দাত ভাঁহি আহিব পাৰ্থপ্ৰতিম শৰ্মা ইন “হ’ম ত’ মহব্বত কৰেগা”
মিউজিক-হেকা
বেবনি-চেকীয়া
প্ৰদিউচাৰ-ভাইজান

দিৰেকচন- ৱান এণ্ড অনলি“গুৰুজী”

চিন- ১

 আমিনপট্টিৰ কুসুমালয়৷ বিখ্যাত উদ্যোগপতি নাজিম হুছেইনৰ বিশাল বাংলো৷ দ্ৰোণভিউৰ কেমেৰাই মুভ কৰি প্ৰথম ৰুমত সোমাব৷ দ্ৰয়িঙৰুম৷ নাজিম কা বুলিয়ে সকলোৰে ওচৰত পৰিচিত নাজিম হুছেইনে, মেহগনি কাঠৰ সুদৃশ্য ফাৰ্নিচাৰত বহি মেনেজাৰ তাবিবৰ ৰহমানক কিবা বুজাই আছে৷ সম্ভ্ৰমেৰে কাষতে ৰৈ তাবিবৰেও মনোযোগেৰে চাই আছে৷ ক্ল’জ ভিউৰ পৰা কেমেৰা অলপ ব্ৰড ভিউলৈ আহিব৷ সুদৃশ্য দ্ৰয়িঙ ৰুমটো সকলোৰে দৃষ্টিগোচৰ হ’ব৷ নাজিম কা বহি থকা ছোফা খনৰ পিছফালে বেৰত তেখেতৰ পিতৃ বিশিষ্ট মুক্তিযোদ্ধা চৰিফুল ইছলামৰ এখন বিৰাট ডাঙৰ তৈলচিত্ৰ৷ হঠাৎ ৰুমলৈ ধুমুহাৰ গতিত সোমাই আহিব তেওঁৰ পুত্ৰ মিৰাজুল ৰছিদ৷ কেমেৰাই দুয়োকে হাইলাইট কৰিব৷

মিৰাজুল- বাবা, আপুনি থানালৈ গৈছিল৷

নাজিমকা- অঁ গৈছিলোঁ৷ তোৰ মুৰ্খামিৰ বাবেই যাব লগা হ’ল৷ মোক একো নোকোৱাকৈ তই কিয় এইবোৰ কৰিছ?

মিৰাজুল- কিয় নকৰিম, গুৱাহাটীৰ পৰা আহি এটা হিন্দু ল’ৰাই মোৰ বাইটিৰ লগত লাইন দিব আৰু মই মনে মনে চাই থাকিম?

নাজিম কা- তোক কিমানবাৰ কৈছোঁ, প্ৰত্যেকটো কথা হিন্দু-মুছলিমলৈ নাটানিবি৷ মই ল’ৰাটোক থানাতে লগ পাইছোঁ৷ তাৰ কথা-বতৰাত আমাৰ মাইনালৈ তেনেকুৱা একো নেদখিলোঁ৷ এজন সহকৰ্মী ৰূপেই তাইৰ কেয়াৰ লয়৷ পৰিয়ালটোৰো খবৰ লৈছোঁ৷ আব্বাৰ লগৰ বিশিষ্ট মুক্তিযোদ্ধা বিজয় মহন্তৰ জী নাতি৷ বিশিষ্ট সাংবাদিক দেবজিৎ শৰ্মাৰ ভায়েক, যিজনে বিগত সময়ত বহুকেইটা কেলেংকাৰী খনন কৰি নিৰপেক্ষ সত্যতা ৰাইজৰ আগত দাঙি ধৰিছে৷ তেনেকুৱা এটা পৰিয়ালৰ ল’ৰা ভালেই হ’ব৷

মিৰাজুল- হ’লেও মানুহবোৰৰ মাজত বু-বু বা-বা বোৰ মোৰ সহ্য নহয়৷

নাজিমকা- মই মানুহ দেখিলেই চিনি পাওঁ৷ এইক্ষেত্ৰত তই আৰু একো নকৰিবি৷

চিন- ২

 মাৰাৰ উদ্যান, নগাঁও৷

জকমককৈ ফুলি থকা এডৰা ফুলৰ মাজত এখনি বেঞ্চত পাৰ্থ আৰু চাহিন৷ নাজিমকাৰ ছোৱালী চাহিন৷ কিছুদিন আগতে ডক্টৰেট ডিগ্ৰী লাভ কৰি পাৰ্থই অধ্যাপনা কৰি থকা শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়তে সহকাৰী অধ্যাপক ৰূপে যোগ দিয়া চাহিন৷ প্ৰায় সমবয়সীয়া দুয়োৰে মাজত এটা ভাল সম্বন্ধ গঢ় লৈ উঠিছে৷

কেমেৰাই জুম কৰি দুয়োকে ক্লজ কৰিব৷

পাৰ্থ- সিদিনা বৰদেউতাক পাই বৰ ভাল লাগিল৷ ইমান সহজকৈ গোটেই কথাবোৰ মেনেজ কৰিলে থানাত৷

চাহিন- আব্বা তেনেকুৱাই৷ প্ৰত্যেকটো কথাই ভিতৰলৈ গৈ আচল কথাটো বুজি লৈহে কাম কৰে৷

পাৰ্থ- তেওঁ প্ৰথমতে আমাৰ দুইটাৰ মাজত কিবা প্ৰেম জাতীয় কথা আছে বুলি ভাবিছিল৷

চাহিন- (গাল দুখন লাজত অলপ ৰঙা পৰিব)মোকো ঘৰত গৈ সুধিছিল৷ কিবা থাকিলে ক’বলৈ কৈছিল৷ তেওঁ বোলে সকলোবোৰ ঠিক কৰি দিব৷

পাৰ্থ- তুমি কি ক’লা?

চাহিন- (লাজতে মাত নোলোৱাৰ দৰে হ’ব)একো নাই বুলি ক’লোঁ৷

পাৰ্থ- চাহিন…

চাহিন তলমূৰ কৰি থাকিব৷

পাৰ্থ- শুনাছোন৷

চাহিন- ওঁ…

পাৰ্থ- সঁচাকৈয়ে একো নাইনে?

চাহিন- যাঃ এইডাল৷ (এইবুলি কুচিমুচি পাৰ্থৰ বুকুত সোমাই পৰিব৷)

“ফুলে ফুলে উৰি ভোমোৰাজাকে….”

চুইজাৰলেন্দৰ টিউলিপ গাৰ্ডেনৰ মাজে মাজে দুয়োৰে এটা ৰোমাণ্টিক গান৷

চিন- ৩

 

ধৰ্ম সুৰক্ষা বাহিনীৰ কাৰ্য্যালয়৷ কঠীয়াতলি৷

প্ৰধানৰ কক্ষৰ মূল আসনত ধ্যানৰত বাবা সোণটো বিৰাজমান৷ সমুখৰ আসনত যুব বাহিনীৰ জিলাপ্ৰধান দিম্পল কলিতা৷ বাবাৰ ধ্যান খোলালৈ অপেক্ষা কৰি আছে৷ লাহে লাহে বাবাই চকু মেলিলে৷

বাবা- কোৱা বৎস৷

দিম্পল- বাবা সহ্য হোৱা নাই৷ বাহিৰৰ জিলাৰ পৰা আহি আমাৰ হিন্দু ল’ৰা এটাই এজনী মুছলমান ছোৱালীৰ লগত মুকলিকৈ প্ৰেমৰ খেল খেলিব, আৰু আমি হাতত হাত ধৰি বহি থাকিম৷ উপায় দিয়ক বাবা৷

বাবা- ধৈৰ্য্য ধৰ বৎস৷ মই সকলোবোৰ গম পাই আছোঁ৷ কিবা এটা উপায় কৰিবই লাগিব৷ হুলেৰেই হুল কাঢ়িব লাগিব৷ মই নোকোৱালৈকে একো নকৰিবি৷ কি কৰিব লাগে সময়ত মই জনাম৷

দিম্পলে সেৱা জনাই ওলাই যায়৷

দিম্পল ওলাই যোৱা চাই বাবাই এটা ক্ৰুৰ হাঁহি মাৰিব৷

বাবা- তহঁতৰ নিছিনা ধৰ্মান্ধ থকালৈকে মোৰ ব্যৱসায় সদায় ৰমৰমীয়া হৈ চলি থাকিব৷

বাবাই ফোনটো উলিয়াই ফোন লগাব৷ কেমেৰাই মোবাইলৰ ডিছপ্লেখন জুম কৰিব৷ ডিছপ্লেত এটা নাম জিলিকি থাকিব৷

“আল মহম্মদ ৰিণ্টি মনিউছ, কুৱেইট”

চিন- ৪

 

 নাজিমকাৰ বাংলোৰ বাৰাণ্ডা৷

বাৰাণ্ডাৰ চকীত নাজিম কা বহি থাকিব৷ কাষতে পুত্ৰ মিৰাজুল থিয় হৈ থাকিব সমুখৰ চোতালত অলপ উত্তেজিত এজাক মানুহ৷

মানুহ এক- আপোনাক সন্মান কৰোঁ মানে এইটো কথা নহয় যে আপোনাৰ জীয়েকে আমাৰ ধৰ্মক অপমান কৰা কাম কৰিব আৰু আমি মনে মনে বহি থাকিম৷

মানুহ দুই- মনে মনে বহি থাকিলে নহ’ব নাজিম কা৷ কিবা এটা চয়-নিশ্চয় আজি হ’বই লাগিব৷

মিৰাজুল- কিবা এটা কওক আব্বা৷ আপোনাৰ বাবেই আজি জীৱনত প্ৰথম বাৰ আমাৰ চৌহদত থিয় হৈ কোনোবাই উচ্চ স্বৰত কথা কবলৈ সাহ কৰা দেখিছোঁ৷

অলপ সময় নিস্তব্ধতা বিৰাজ কৰিব৷ নাজিম কা লাহে লাহে উঠিব৷

নাজিমকা- (এটা হুমুনিয়াহ কাঢ়ি) এই দুকুৰি দহ বছৰীয়া জীৱনত আজি প্ৰথম কোনোবাই মোৰ মুখৰ আগত উচ্চ স্বৰত কথা কোৱা শুনিব লগা হৈছে৷ মই গোটেই কথাবোৰ চিন্তা কৰি এটা সিদ্ধান্তত উপনীত হৈছোঁ৷ মোৰ ছোৱালীৰ ওপৰত মোৰ বিশ্বাস আছে৷ তাই ভুল সিদ্ধান্ত নলয়৷ ল’ৰাটোৰ ঘৰত আপত্তি নাথাকিলে মোৰো এই সম্বন্ধত আপত্তি নাই৷ বহু ভাবি-চিন্তি মই এই সিদ্ধান্ত লৈছোঁ৷ এজন হিন্দু বা মুছলমান হৈ থকাতকৈ এজন অসমীয়া হৈ থকাতোক মই সদায় প্ৰাধান্য দি আহিছোঁ৷

মানুহ তিনি- আপুনি মানিলেই নহ’ব নহয়, আমাৰ ধৰ্মৰ কথা আছে৷

নাজিম কা- ধৰ্মই মোক যি শাস্তি দিয়ে মই মানি ল’বলৈ মই সাজু আছোঁ৷

চিন- ৫

 

MLA গৌৰীশঙ্কৰ শৰ্মাৰ বাসগৃহৰ জিৰনি কোঠা৷ শাসকীয় দলৰ যুৱ বিধায়ক শৰ্মাৰ উচ্ছৃঙ্খল বুলি অলপ বদনাম আছে৷ নলগা জেঙত লাগি থকাৰ বাবে কেইবাবাৰো ওপৰমহলৰ পৰা সকিয়নি পাইছে যদিও স্বভাবৰ সলনি হোৱা নাই৷ জিৰণি কোঠাত তেওঁৰ লগত দিম্পল কাকতি আৰু মিৰাজুল৷

গৌৰী- চোৱা মিৰাজুল, নাজিম কাক আমি চবেই সন্মান কৰোঁ যদিও তেওঁৰ এই সিদ্ধান্ত মই মানি ল’ব নোৱাৰোঁ৷ এই সিদ্ধান্তই আমাৰ দুয়োপক্ষৰ মাজত এটা সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিছে, যিটোৱে পৰৱৰ্তী সময়ত হিংসাত্মক ৰুপো ল’ব পাৰে৷ যিটো কেতিয়াও মানি ল’ব নোৱাৰোঁ৷ তুমি দেউতাৰাক বুজোৱা, নহ’লে পিচত কিবা হ’লে মোক দোষ নিদিবা৷

মিৰাজুল- চাওক, মই কৈ কৈ ভাগৰি পৰিছোঁ৷ মোৰ একো কথাই নুশুনে৷

গৌৰী- ঠিক আছে, মই ব্যৱস্থা কৰি আছোঁ৷ তুমি মাত্ৰ মই কোৱামতে কাম কৰি যাবা৷ (দিম্পললৈ চাই)দিম্পল, তুমি কামত লাগি যোৱা৷

সাংবাদিক দেবজিৎ শৰ্মাই ষ্টুডিঅলৈ মাতি নি ৰাজহুৱাকৈ কৰা অপমানখিনিৰ কথা মনত পেলাই গৌৰীশংকৰ শৰ্মাৰ মুখখন খঙত কঠোৰ হৈ উঠিব৷

চিন- ৬

 

শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ কেইবা একৰ জোৰা ভোমোৰাগুৰি স্থিত বিশাল চৌহদ৷ মূল প্ৰবেশদ্বাৰত কেবাহাজাৰো যুৱকৰ উত্তাল প্ৰতিবাদ৷

“পাৰ্থপ্ৰতিম শৰ্মা গ’ বেক”

“ধৰ্মক লজ্জানত কৰা শৰ্মাক চাকৰিৰ পৰা অব্যাহতি দিয়ক”

গ্ৰোপৰ সকলোতকৈ আগত দিম্পল৷ কপালত দীঘলকৈ ৰঙা ফোট লোৱা দিম্পল প্ৰতিবাদকাৰী সকলৰ নেতৃত্বত৷

চিন- ৭

 

নগাঁৱৰ এছ.পিৰ ৰুম৷ নিজৰ আসনত বহি আছে এছ.পি হেমন্ত কাকতি৷ কাষত সদৰথানাৰ অ’.ছি বিজয় মহান্তি৷ সমুখৰ আসনত দেবজিৎ শৰ্মা, নাজিম কা, দিম্পল, পাৰ্থপ্ৰতিম শৰ্মা আৰু মিৰাজুল৷

কাকতি- চাওক নাজিমকা, আপোনাৰ সদিচ্ছাক মই সন্মান জনাইছোঁ৷ দেবজিৎ শৰ্মাৰ সন্মতিও প্ৰশংসাৰ যোগ্য৷ কিন্তু অকল দুটা পৰিয়ালৰ বা দুজন মানুহৰ সন্মতিয়ে যদি সমাজৰ প্ৰচলিত কথাবোৰৰ বিপৰীত দিশত যায়, তেতিয়া সমাজখনত কিছু খেলিমেলিৰ সৃষ্টি হয়৷ এচাম দুস্কৃতিকাৰী সদায় এনে পৰিস্থিতিৰ সুবিধা লৈ অশান্তি সৃষ্টি কৰিবলৈ সাজু হৈ থাকে৷ আমাৰ চোৰাংচোৱাৰ ৰিপৰ্ট মতে ধৰ্ম সুৰক্ষা বাহিনীৰ প্ৰধান বাবা সোণটো আৰু কুখ্যাত কুৱেইটী ধৰ্মগুৰু “আল মহম্মদ ৰিণ্টি মনিউছ” মিলি এই পৰিস্থিতিৰ গইনা লৈ ধৰ্মীয় সংঘৰ্ষ লগাব বিছাৰিছে, যাতে তেওঁলোকৰ ধৰ্মৰ ব্যৱসায় ৰমৰমীয়াকৈ চলাই থাকিব পাৰে৷

দিম্পল- আপুনি বাবা সোণটোক এনেকৈ বদনাম কৰিব নোৱাৰিব৷

এছপি কাকতি- ধৈৰ্য্য ধৰা৷ (কাকতিৰ ইংগিতত বিজয়ে বাবা আৰু ৰিণ্টি মনিউছৰ টেলিফোনিক বাৰ্তালাপৰ ৰেকৰ্ডিং শুনাব৷ য’ত স্পষ্টকৈ দিম্পলক ব্যৱহাৰ কৰি কেনেকৈ ধৰ্মীয় উন্মাদনাৰ জৰিয়তে নিজৰ মুনাফা লৈ আছে সেয়া উলাই পৰিব৷)

দিম্পল- বাবা, আজিৰ পৰা আপোনাৰ বিপক্ষে থিয় দিয়াবোৰৰ চবতকৈ আগত মোক পাব৷

এছপি কাকতি- ধৈৰ্য্য ধৰা৷ সেইবোৰ আমাৰ ওপৰত এৰা৷ বাবাৰ লগত বিধায়ক শৰ্মাৰো এই অশান্তি সৃষ্টি কৰাত বহুতো হাত আছে৷ তেওঁৰ বহুকেইটা পুৰণি কেলেংকাৰী খনন কৰি দেবজিৎ শৰ্মাই ৰাইজৰ আগত দাঙি ধৰাটোৰ প্ৰতিশোধ ল’বলৈয়ে তেওঁঁ এই ঘটনাৰ সুবিধা লৈছে৷ গতিকে সকলোৱে সাবধানেৰে আগবাঢ়ি এই কথাবোৰ কেনেকৈ সমাধা কৰিব পাৰোঁ সেইয়া চাব লাগিব৷

এনেতে এজন কনিষ্টবল খৰ খোজেৰে আহি বিজয় মহন্তৰ কাণে কাণে কিবা ক’ব৷ বিজয়ে এছপি কাকতিৰ কাণে কাণে কিবা ক’ব৷

এছপি কাকতি কিছু চিন্তান্বিত হৈ..

এছপি কাকতি- চাওক বাবা সোণটোৰ মানুহে আহি চাহিনক ঘৰৰ পৰাই অপহৰণ কৰি নিছে৷ ধৰ্মক অপমান কৰা কাকোৱে বোলে তেওঁলোকে সুদাই নেৰে৷ নাজিমকাৰ গাঁৱৰ কিছু মানুহে বাধা দিবলৈ চাইছিল, কিন্তু কিছু মানুহৰ সহযোগত তেওঁলোক সফল হ’ল৷ আমাৰ চোৰাংচোৱাৰ ৰিপৰ্ট মতে তেওঁলোকে তাইক কঠীয়াতলিৰ আশ্ৰমতে ৰাখিছে৷ তেওঁলোকৰ দাবী, পাৰ্থই বিধায়ক গৌৰীশঙ্কৰৰ ভনী চন্দনাক ৰাজহুৱাকৈ বিবাহ কৰক৷ তেতিয়াহে চাহিনক তেওঁলোকে সুকলমে এৰি দিব৷ নহ’লে তাইৰ মৃতদেহো সৎকাৰৰ বাবে কোনেও বিছাৰি নাপাব৷ এইক্ষেত্ৰত হোজাইৰ পৰা অহা এটা বিশাল মুছলমান যুৱকৰ দলে তেওঁলোকক সহায় কৰিছে৷ নেপথ্যত নিশ্চয়কৈ ৰিণ্টি মনিউছ৷ আমি সকলো সাবধানেৰে আগবাঢ়িব লাগিব৷

চিন- ৮

ব্ৰজেন ভাইজান, বহুতে ভাইকন বুলিয়ে জানে৷ হোজাইৰ বিখ্যাত আব্দুল চৌধুৰীৰ পুত্ৰ৷ মুছলমান সমাজত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস দূৰ কৰা, শিক্ষিত কৰি পিছপৰা সমাজখনক উন্নতিৰ দিশলৈ অনাৰ অহৰহ চেষ্টা কৰি থকা ভাইকন চৌধুৰী আধুনিক যুৱক সকলৰ মাজত অতিকে জনপ্ৰিয়৷ গোড়া সমাজৰ বাধা অতিক্ৰম কৰি এই দিশত কাম কৰি থকা ভাইকন চৌধুৰীৰ ঘৰৰ চোতালত এজাক যুৱকৰ ভিৰ৷

ভাইকন- আজি আমাৰ সমুখত এক ডাঙৰ প্ৰত্যাহ্বান৷ সাতামপুৰুষীয়া আমাৰ মিলাপ্ৰীতিক এচাম সুবিধাবাদীয়ে নিজৰ সুবিধাৰ বাবেই বিনষ্ট কৰিবলৈ চাইছে৷ এই ষড়যন্ত্ৰ ওফৰাই আমাৰ মিলাপ্ৰীতিক অটুত ৰাখিবলৈ আমি আগবাঢ়ি যাবই লাগিব৷ তোমালোক সাজুনে?

সকলো যুৱকে একেলগে চিঞৰি উঠে, সাজু৷

 চিন-৯

 

কঠীয়াতলি ধৰ্ম সুৰক্ষা বাহিনীৰ আশ্ৰম৷ আশ্ৰমৰ বৃহৎ চৌহদত হাতে হাতে লাঠী তৰোৱাল লৈ এগাল মানুহ৷ মানুহৰ জাকটো স্পষ্টকৈ দুভাগত বিভক্ত৷ সমুখৰ সৰু মণ্ডপত বিৰাজমান বাবা সোণটো৷ সমুখত এটা স্পীকাৰ৷

বাবা- যদিও আমি দুটা বেলেগ বেলেগ ধৰ্মৰ অনুৰাগী, সকলোৱে নিজৰ ধৰ্মটোক অন্তৰেৰে ভাল পাওঁ৷ কিন্তু আজি সম্প্ৰীতিৰ নামত কোনোবাই আমাৰ ধৰ্মীয় আচৰণক অপমান কৰিব বিছাৰিলে আমি মানি ল’ম জানো? নিশ্চয়কৈ নলওঁ৷ গতিকে আপোনালোক সকলোকে আজি ধৰ্ম ৰক্ষাৰ এই যুঁজত বিধৰ্মী সকলক উচিত প্ৰত্যুত্তৰ দিবলৈ অনুৰোধ জনালোঁ৷ দিবনে?

সকলোৱে একেলগেে দিম বুলি চিঞৰি উঠিব৷

বাবা মণ্ডপৰ পৰা নামি সংলগ্ন ৰুমটোলৈ সোমাই যাবা৷ তাত আগৰে পৰা ৰৈ থকা বাবাৰ একান্ত শিষ্য যুগল জ্যোতি বৰা৷

কোনো যাতে বাছি নাযায় সেইটো খাটাং কৰি পেলোৱা৷ মই হেলিকপ্টাৰেৰে হোজাই গৈ আছোঁ৷ তাৰ পৰাই ৰিণ্টি মনিউছৰ চাৰ্টাৰদ ফ্লাইটত ডুবাইলৈ যামগৈ৷ তুমি এইবোৰ সামৰি মোক তাতে লগ পাবা৷ এইবুলি সংলগ্ন গোপন সুৰংগইদি বাবা ওলাই যায়৷ যুগলজ্যোতিৰ ইংগিতত গোপন কোঠাটোত ইতিমধ্যেই সাজু হৈ থকা কেবাশ গুণ্ডা বাহিৰৰ ভিৰটোত সোমাই পৰে৷

অন্তিম চিন

 

দ্ৰোণ ভিউত বাবাৰ আশ্ৰম দেখা যাব৷ কেবাহাজাৰো সশস্ত্ৰ লোকে তিনিও দিশৰ পৰাই আশ্ৰমখনক পহৰা দি আছে৷ পিছফালে বিশাল ৰেংবেঙ পাহাৰ৷ পাহাৰৰ দিশেদি থকা গোপন সুৰংগইদি গৈ বাবা সোণটো পাহাৰৰ সিপাৰত থকা হেলিপেড গৈ পালে৷ হেলিকপ্টাৰত উঠিবলৈ লওঁতেই হেলিকপ্টাৰখন চাৰিও দিশৰ পৰা বিজয় মহন্তৰ নেতৃত্বত অহা বিশাল পুলিচ বাহিনীয়ে আগুৰি ধৰিলে৷ লগত দিম্পলসহ এটা যুবকৰ দল৷ ইফালে আশ্ৰমত হোজাইৰ ফালৰ পৰা এটা বৃহৎ যুৱকৰ দল ভাইকনৰ নেতৃত্বত আৰু নগাঁৱৰ দিশৰ পৰা এটা বিশাল পুলিছ বাহিনীয়ে এছপি কাকতিৰ নেতৃত্বত আশ্ৰম আগুৰি ধৰিলে৷

মুখত মাইক লৈ কাকতি- এই আশ্ৰমৰ প্ৰধান বাবা সোণটোক আমি ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছোঁ৷ ধৰ্মৰ সুৰক্ষাৰ নামত তেওঁ দুয়োটা ধৰ্মৰ লোক সকলক সদায় উচটাইয়ে আহিছে৷ সকলোকে শান্তি বজাই ৰাখি আমাৰ কাম কৰিবলৈ দিবলৈ অনুৰোধ জনালোঁ৷ বাবাৰ ব্যক্তিগত বাহিনীয়ে কিছু চেষ্টা কৰিছিল যদিও পুলিছবাহিনী আৰু ভাইকনৰ দলৰ মানুহ খিনিৰ প্ৰচেষ্টাত পৰিস্থিতি অতি সহজতেই নিয়ন্ত্ৰণ কৰা হ’ল৷ কেবাজনো দুস্কৃতিকাৰীৰ লগতে যুগল জ্যোতিকো পুলিছে কৰায়ত্ত কৰিলে৷ পাৰ্থই আশ্ৰমৰ ভিতৰৰ এটা গোপন কোঠাৰ পৰা বান্ধি থোৱা চাহিনকো উদ্ধাৰ কৰিলে৷ নাজিম কা, এছপি কাকতি, দেবজিৎ শৰ্মা আদিৰ উপস্থিতিত পাৰ্থই চাহিনক আগুৱাই আনি নাজিমকাৰ হাতত গতাই দিলে৷

নাজিম কা- (দেবজিৎ শৰ্মাক উদেশ্যি)যদি আপোনাৰ আপত্তি নাথাকে, মোৰ জীয়ৰীৰ লগত আপোনাৰ ভায়েকৰ বিয়াখন হৈ যোৱাটোৱেই নিশ্চয়কৈ ভাল হ’ব৷

দেবজিৎ শৰ্মা-মোৰ পৰা কোনো আপত্তিৰ কথাই নাহে৷

চাহিন-মোৰ কিন্তু আপত্তি আছে৷ মই বুজি উঠিছোঁ, বিয়াতকৈ সমাজত মোৰ কৰিবলগা কাম বহুত আছে৷ বিশেষকৈ আমাৰ সমাজত থকা ধৰ্মীয় গোড়ামী, নিৰক্ষৰতা, অন্ধবিশ্বাস আদিৰ বিপক্ষে ৰাইজক সজাগ কৰাটোৱেই আজিৰ পৰা মোৰ লক্ষ্য৷ পাৰ্থ, আমাৰ সমাজখন হিন্দু-মুছলমান, ধনী-দুখীয়া, উচ্চনীচ আদি ভেদভাৱৰ পৰা আঁতৰাবলৈ কৰিব বিছৰা মোৰ প্ৰচেষ্টাত মোক সহায় কৰিবানে ?

পাৰ্থ আগবাঢ়ি আহি চাহিনৰ হাত দুুুুখ নিজৰ হাতৰ মাজত ল’ব৷

পাৰ্থ- মই সদায় তোমাৰ লগত আছোঁ৷

কেমেৰাই দুয়োজনৰ হাতদুখনক ক্লজ কৰি হাই লাইট কৰোঁতেই ফ্ৰিজ হৈ যাব৷

 পৰ্দাত ভাঁহি আহিব…
“হাম ত’ মহব্বত কৰেগা“
☆ ★ ☆ ★ ☆

16 Comments

  • Abinash Sarma

    কি ৰোমাণ্টিক চিন দিলে! কল্পনা কৰিয়ে হাঁহিত বাগৰিছোঁ৷ ধুনীয়া শঙ্কৰ দা৷

    Reply
  • ইন্দ্ৰ মোহন বৰা

    শংকৰ, হিটাই দিছা।

    Reply
  • rintumoni dutta

    টেৰিফিক

    Reply
  • Barbie Punnag

    চুপাৰ্ব শংকৰদা

    Reply
  • মজ্জা চিনেমা ৷

    Reply
  • Anonymous

    শব্দ নাইকিয়া হৈ গৈছে মোৰ..!! তামাম হিতাইছে দেই???

    Reply
  • সুকুমাৰ গোস্বামী

    একদম ফাটাফাটি

    Reply
  • মিৰাজ

    ফালি দিছে…

    Reply
  • Anonymous

    কি লিখিছে শংকৰ দা।। ফালি দিছে

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া চিনেমা৷

    Reply
  • Ronjon Baruoh

    কৃষ্ণ

    Reply
  • অভিজিত কলিতা

    ফাটাফাটি চিনেমা

    Reply
  • ৰামানুজ

    ফটাঢোলত এখন মেছেজ থকা চিনেমা….
    ভাল লাগিল ছাৰ…

    Reply
  • HEMANTA KAKATI

    ঝাকাছ চিনেমা বনাইছা গুৰুজী! পিচে বিশিষ্ট মুক্তিযোদ্ধা বিজয় মহন্ত বুলি কওতেহে হাজমোলা খাব লগা হ’ল৷
    কেলেপ কেলেপ কেলেপ!

    Reply
  • লখিমী

    আইটজৌ কি ফিল্ম চালো অ’। একদম পপকৰ্ণ খাবও পাহৰি গ’লো।

    শঙ্কৰদা, ভাল মেছেজ এটা দিছে।ভাল লাগিল

    Reply
  • Anonymous

    বহুত ভাল লাগিল নিজকে হিৰইন ৰুলত দেখি..???

    Reply

Leave a Reply to মিৰাজ Cancel reply

Your email address will not be published. Required fields are marked *