ফটাঢোল

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১) চাও খুন শিবা : এজন মানুহৰ দুটা চকু, ৰাৱণৰ বিশটা চকু৷ এজোপা গছত  সাধাৰণ মানুহ এজনৰ দৃষ্টিত ১০ টা চৰাই আছিল, এতিয়া ৰাৱণে গাছজোপাত কেইটা চৰাই দেখিব?
উত্তৰ : কথাটো নিৰ্ভৰ কৰিব ৰাৱণৰ মানসিক অৱস্থাৰ ওপৰত। কেনেবাকে মহাদেৱৰ প্ৰসাদকণ কৰি থাকিলে, কিমান চৰাই দেখিব তাৰ হিচাপ নাই।
২) অনুৰূপ মহন্ত : জীৱ জন্তুবিলাকৰো যদি মানুহৰ দৰে নাম আৰু উপাধি থাকিলহেঁতেন, তেতিয়া ভাল হ’লহেঁতেন নে বেয়া?
উত্তৰ : বেয়া। তেতিয়া কি ঠিক, জন্তুবিলাকৰ মাজতো উপাধি ভিত্তিক স্বায়ত্ব শাসনৰ দাবী উঠিলহেঁতেন, তাৰ মাজৰে দুই এটা জন্তু আৰৱপতি হ’লহেঁতেন, আৰু বাকী থকাকেইটা আয়কৰ দাতা।
৩) ৰীতা লীনা সোণোৱাল : ৰজা মিডাছে পোৱা বৰটো ফটহুকায়ে পোৱা হ’লে কি কৰিলেহেঁতেন?
উত্তৰ : বৰ ভাল হ’লহেঁতেন, ফুটুকীয়ে কেইবাবছৰো ধৰি কাণফুলি এজোৰ লেগ বুলি ৰোহ পাতি আছে।
৪) দেবজিত শৰ্মা : মহে যদি কাণৰ কাষত কুলিৰ নিচিনাকৈ মাতে, মানুহে মহটো মাৰিবনে গান শুনিব?
উত্তৰ : মাৰিবই মাৰিব। গান শুনি তেজ খুওৱাবলৈ মানুহ ইমান বুৰ্বক নহয়৷
৫) কমলা দাস : ইঞ্জিনীয়াৰ পাছ কৰাৰ পাছত পুতেকে কোম্পানীৰ চাকৰি পালে৷ দোকানৰ গাদীত বহি থকা মাৰোৱাৰী বাপেকে সুধিলে,
দৰমহা কিমান দিব ?
পুতেক : মাহত বিশ হেজাৰ।
বাপেক : তাতকৈ বেছিটো মই মোৰ কৰ্মচাৰীকেই দিওঁ! তাতকৈ নিজৰ দোকানত বহ৷ মাহত দুই লাখ পাবি৷ ফটহুকাই অ’ আমাৰ বাপেকবোৰে পুতেকহঁতক এনেদৰে ক’ব পৰা দিন কেতিয়াবা আহিব বুলি আপুনি ভাবেনে ?
উত্তৰ : আহিব, কিন্তু ঠিক এনেকৈ নকয়, ক’ব দেশসেৱাত লাগ, দেশ প্ৰেমিক হ’লে এদিনতে বিশ হেজাৰ উপাৰ্জন কৰিব পাৰিবি।
৬)চন্দনা শৰ্মা : বিশ্বাসে মিলায় হৰি। বাকী যদু, মধু, ৰঘু এইবোৰক পাবলৈ হোম যজ্ঞ কৰিব লাগে নেকি?
উত্তৰ : নেলাগে। ইনবক্সত সেউজীয়া লাইট জ্বলাই দুদিনমান খেপ দিলেই হ’ল।
৭) ৰেখা ডেকা : এই যে গছত  এগাল ফল(পাচলি) লাগিলে গৰু লগা দিছে বুলি কয়৷ গৰু কেনেকৈ লাগে বাৰু?
উত্তৰ : হোলোঙাৰে কাণ খজুৱাৰ দৰেই গছত গৰু লাগে।
৮)বিজয় মহন্ত : আপোনালোকে সকলোৱে জানে আজিকালি অভিজ্ঞতাৰ খুবেই প্ৰয়োজন। চৰকাৰী চাকৰিত অভিজ্ঞতা লাগে কম্পেনীৰ চাকৰীত অভিজ্ঞতা লাগে। সংসাৰ এখন চলাবলৈও অভিজ্ঞতাৰ খুবেই প্ৰয়োজন। তেন্তে কোনো ছোৱালীৰ মাক দেউতাকে কিয় অভিজ্ঞ বুলি আগত বিয়া পতা মানুহক ছোৱালী দিব নিবিচাৰি অনভিজ্ঞ ল’ৰাক বিচাৰি থাকে? কিয় ? কিয়?
উত্তৰ : অভিজ্ঞ লোকক চাকৰি দিলে দৰমহা দিব লাগে। ওৰে জীৱন নিকিনা গোলাম খটুৱাবলে অনভিজ্ঞ, ফ্ৰেছ প্ৰাৰ্থীহে উত্তম।
৯) সোমেশ্বৰ বৰা : হয়,লাও যিমানেই ডাঙৰ নহওক সদায় পাতৰ তল। কোমোৰাবোৰ পাতৰ ওপৰত নেকি বাৰু?
উত্তৰ : কোমোৰা পকালৈকে কোমোৰা গছৰ পাত এখিলাও বাকী থাকে জানো। লাওপাতৰ সমান দম কোমোৰা পাতৰ নাই।
১০) অঞ্জন সাধনিদাৰ :  সাধাৰণতে চেঙেলী মাছ পুখুৰী বা বিলত পোৱা যায়৷ কিন্তু বেছি টেঙৰ বুজাবলৈ সাত ঘাটৰ চেঙেলী বুলি কিয় কোৱা হয়?
উত্তৰ : পুখুৰী বা বিলৰ পৰা ওলাই, নৈত সাঁতুৰি সাত ঘাট বগাই ফুৰা চেঙেলী, সাধাৰণ চেঙেলীতকৈ সাত শিয়ান হয় যে, সেই বাবে।
১১) ভূপালী দেৱী : মানুহ মৰণশীল বুলি জানিও আমি বেমাৰলৈ ইমান ভয় কৰোঁ কিয় ?
উত্তৰ : যি কাৰণত প্ৰায়বিলাক মানুহেই জীৱনত বিয়া পাতে, দেখি বুজি জানিও, এনে এটা আশা জাগে, মই কিজানি বাচিয়ে যাওঁ।
১২) বৰ্ণালী মুদৈ : কিমান ধৰণৰ জ্বালা যে জীৱনলৈ আহে! তাৰ ভিতৰত এটা হ’ল- ”আপুনি খালি নিজেই লাইক বিচাৰে, এখন হাতেৰে কি তালি বাজে?”
এই প্রশ্নৰ উত্তৰ কি কি হ’ব পাৰে?
উত্তৰ : আকাশী গংগা বিচৰা নাই, নাই বিচৰা লাভ ৰিয়েকচন! নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰোঁ মৰমৰ লাইক এটি৷
১৩) পৰীস্মিতা বৰদলৈ : চিনেমা বা চিৰিয়েলবোৰত লীড ৰ’লটো সদায় হিৰো মাফিক অভিনেতাজনেহে কিয় লয়?
উত্তৰ : মহাভাৰত আৰু ৰামায়ণৰ দোষ এইবোৰ সকলো৷
১৪)পল্লৱী কলিতা : এটাই সন্মুখত হামিয়ালে আনটোৰ কি গৰজত এনেই এনেই হামি আহে ?
উত্তৰ : ইয়াক সহমৰ্মীতা বা মানৱীয়তা বুলি কোৱা হয়। সকলোৱে নুবুজে।
১৫) নয়নজ্যোতি বৰঠাকুৰ :
“প্ৰেম এক স্বৰ্গীয় অনুভূতি”
এতিয়া কথা হ’ল কোনটো প্ৰেম “স্বৰ্গীয় অনুভূতি” ? বিয়াৰ আগৰ নে পাছৰ প্ৰেম বাৰু ?
উত্তৰ : বিয়াৰ পাছৰবিধ, কেৱল পত্নীয়ে গম নেপালেই হ’ল।
১৬)বিপুল শৰ্মা : অতিথিক আমন্ত্ৰণ কৰা ভাল নে নিমন্ত্ৰণ কৰা?
উত্তৰ : ভাল লগা অতিথিক আমন্ত্ৰণ, আৰু সোনকালে গ’লেই  বা নাহিলেই ভাল লগাসকলক নিমন্ত্ৰণ জনাব লাগে বুলি শাস্ত্ৰত কৈছে।
১৭) জিতু শৰ্মা : পাপৰ মচমচীয়া হ’লেহে খাই ভাল লাগে। কিন্তু নৰম হৈ থাকিলে কিয় ভাল নেলাগে? সোৱাদটোতো একেই থাকে।
উত্তৰ : নহয়, কাৰণ চেঁচা হ’লে পাপৰখনে বায়ুমণ্ডলৰ পৰা পানী গ্ৰহণ কৰি পাণি গ্ৰহণ কৰাসকলৰ দৰে সেমেকি যায়, সোৱাদ ক’ৰ পৰা একে হ’ব?
১৮) নাং বিজু বুঢ়াগোহাঁই : প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ আগতে বা সম্পৰ্ক এটা আৰম্ভ কৰাৰ আগতে ল’ৰাবিলাকে ‘মই দুখীয়া ঘৰৰ ল’ৰা’, ‘মই মিডল ক্লাছ ফেমিলি বিলংগ কৰোঁ’ বুলি কোৱাটো বাধ্যতামূলক নেকি?
উত্তৰ : প্ৰেম যদি পইচাৰে জোখা হয়, তেনে এইটো বাধ্যতামূলক বুলিয়ে ক’ব পাৰি। তাতে আকৌ এনে এষাৰ কৈয়ো হৃদয় ল’ব পাৰিলে, পিছলৈয়ো খৰছপাতি কম হোৱাৰ সম্ভাৱনা থাকে।
১৯) পূৰ্ণময়ী মেধি : গাই গৰুৱে  আমাক গাখীৰ দিয়া বুলি কিয় কওঁ? বেচেৰীজনীৰ পৰা আমি  জোৰ কৰিহে উলিয়াওঁ। ক’ত নো নিজে নিজে দিয়ে!
উত্তৰ : আচলতে আমি গাখীৰ লওঁ, গাইজনীয়ে নিজৰ পোৱালীটোৰ বাবে তৈয়াৰ কৰা গাখীৰকণ আমি কাঢ়ি লওঁ, সেয়ে কবিসকলে গাখীৰতকৈ আন স্বাস্থ্যবৰ্ধক পানীয় বেছিকৈ খায়।
২০) দিলীপ আৰ কাকতি : মানুহ এজনৰ হাত দুখন জোখতকৈ কিমান বেছি দীঘল হ’লে সমাজত ‘হাত দীঘল মানুহ’ বুলি স্বীকৃতি পায়?
উত্তৰ : লোকেল এমেলেক ঢুকি পোৱাকৈ দীঘল হ’লেই ‘হাত দীঘল’ বুলিব পাৰি।
২১) ববিতা বৰুৱা : ফটহুকাই, পুৰুষবোৰে নিজৰ মানুহজনীক কিয় ইমান ভয় কৰে?
উত্তৰ : স্বয়ং ভোলানাথ শিৱয়ো কালীৰূপ দেখি ভয় খাইছিল, তেনে নিমাখিত পুৰুষে দিনে ৰাতিয়ে কালীৰ লোকেল ৰূপ দেখি থাকিলে ভয় নেখাব কিয়।
☆ ★ ☆ ★ ☆

4 Comments

  • anjan sadhanidar

    উত্তৰ পালো৷ মজা দিছে ফটহু কাই

    Reply
  • Anonymous

    উত্তৰ মজা

    Reply
  • মানসী বৰা

    মজা..ৰস পালো দেই ।

    Reply
  • Nilakshi Devi Deka

    বৰ বুদ্ধিদীপ্ত উত্তৰ। ভাল লাগিল।

    Reply

Leave a Reply to Nilakshi Devi Deka Cancel reply

Your email address will not be published. Required fields are marked *