ফটাঢোল

সংখ্যাৰ আঁৰকথা

টুং….. 
 হোৱাটচএপত মেছেজ।
“তোমালৈ ফোন কৰিব পাৰিম নে?” ৰিন্টুদাৰ মেছেজ দেখি আচৰিত হ’লো। কি ইমান আৱশ্যকীয় কাম ওলালে যে ফোন কৰিহে ক’ব  পাৰে??
 “কৰক”  উৎকন্ঠাৰে ৰিপ্লাই দি মেছেজ পঠিয়াইছোহে, হেমন্তদাই ফোন কৰিলে।
” হেল্ল’, সোণটো, কি কৰিছা?”
“আছো আৰু, কওকচোন?”
“হেৰি মানে, আমি মানে তোমাক এইমাহৰ সম্পাদ……. “
“মানুহ মাৰিব বিচাৰিছে নেকি দাদা, মোৰ দৰে ‘ক’ৰ চুক কেইটা নজনাটোক ………” তাৰ পিছৰখিনি আপোনালোকে জানেই, কোনো বাহানা নচলিল।
‌  ফেব্ৰুৱাৰী মাহ এনেয়ে চুটি , তাতে ঘৰত ভণ্টিৰ বিয়া। গতিকে দায়িত্ব লোৱাৰ লগে-লগে নিজা তথা খনিন্দ্ৰভুষণ, চাহিন, নয়নমনি হালৈ,অবিনাশ , নিভা কাকতি, ৰক্তাভ,ভাস্কৰৰ সহযোগত আপোনালোকৰ ওচৰ চাপিলো । দায়িত্ব লৈয়ে থিৰাং কৰিছিলো, গোটত নিলিখা সদস্যসকলক মূল লক্ষ্য কৰি ল’ম । এইক্ষেত্ৰত হয়টো কিছু হ’লেও সফল হ’লো।
‌মূল সমস্যা, সাক্ষাৎকাৰ  কাৰ ল’ম ? কথা প্ৰসংগত পাৰ্থপ্ৰতিম শৰ্মা, চন্দনা শৰ্মাৰ লগত আলোচনা কৰোতে বিৰুৱালা ৰাভাৰ নাম থিৰাং কৰিলো। ইৰাণী শইকীয়া বায়ে দেৱজিত শৰ্মাক লগত লৈ যোগাযোগৰ পৰা সাক্ষ্য গ্ৰহণ কৰিবলৈ যোৱালৈকে সকলো দিশ সামৰি লোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ‌।
মাজতে নগাঁও মিট, সকলো তাত বিজি। ইফালে হাতত এটাও লেখা নাই।  কি দুঃচিন্তাৰে যে কেইৰাতিমান পাৰ কৰিলো। এইসময়খিনিত জ্যোতিদা,  হেমন্তদা তথা ৰিন্টুদাই দিয়া অভয়দান নাপাহৰো। শেষত যেনিবা বানপানীৰ দৰে লেখা আহিল। বৰ্ণাশুদ্ধিৰ সময়ত অবিনাশ, খনিন্দ্ৰভুষণ, ঋতুপর্ণা, বিজু, প্ৰণীতাবা, চবিনাবা, দিপাঞ্জলী, ৰিমঝিম , অনুৰূপ আৰু দুয়োগৰাকী পৰিস্মীতাই শেষৰ কেইদিন দিনে-ৰাতিয়ে  কষ্ট কৰি সময়মতে আপলোড কৰিব পৰা কৰি দিয়াৰ বাবে কৃতজ্ঞ হৈ ৰ’ম।
 আপোনালোকে জানেই মই নো কি সম্পাদকীয় লিখিব পাৰো।  দেৱজিৎ, দিগন্তদা, অভিজিৎ দা, জ্যোতিদাৰ সহযোগীতা নোপোৱা হ’লে মূৰত পানী ল’বলগীয়া হ’লহেঁ‌তেন।
ৰিণ্টুদা, অভিজিতদা, আৰু হেমন্ত কাকতিদা আপোনালোকক ধন্যবাদ নিদিওঁ৷ আপোনালোকৰপৰা পোৱা সহায় তথা উপদেশ ভাতৃ হিচাপে অধিকাৰ বুলিয়েই ধৰি লৈছোঁ৷ বহুতো কথা শিকাৰ সুযোগ পাইছো আপোনালোকৰপৰা, এই মৰম আৰু আশীষ যেন সদায়েই থাকে তাকেই বিচাৰিম৷ ৰাজশ্ৰী শৰ্মাই ফটাপ্ৰশ্নসমূহ সংগ্ৰহ কৰি দিলে, কৃতজ্ঞ হৈ ৰ’লো তোমাৰ ওচৰত৷ আলোচনীখনৰ অংগসজ্জা আৰু শিতানসমূহৰ বেনাৰসমূহ আকৰ্ষণীয়ভাবে সজাই দিয়াৰ বাবে অাৰাধনা বৰুৱা আৰু ভাস্কুদাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’ম।
 বিশেষ কৃতজ্ঞতা দেৱজিত শৰ্মালৈ,তুমি নোহোৱা হলে হয়তো চকুৰে সৰিয়হ ফুল দেখিলোহেঁ‌তেন।  সাক্ষাৎকাৰ লোৱাৰে পৰা আপলোড কৰালৈকে কি কি কৰা নাই… অশেষ ধন্যবাদ।
 সম্পাদনা সমিতিৰ প্ৰত্যেকজন সদস্যৰ লগতে এই সংখ্যাত নিজৰ লেখা দি আমাক বাধিত কৰা সকলো লেখক-লেখিকাৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লো৷ আপোনালোকৰপৰা পোৱা সঁ‌হাৰিয়ে মোৰ ফটাঢোলীয়া জীৱন জীপাল কৰি তুলিলে ৷  মোৰ দৰে এজন সাধাৰণ সদস্যই সম্পাদকৰ আসন শুৱনি কৰিব পৰাটো মোৰ জীৱনৰ এক উল্লেখযোগ্য সপোন হিচাপে গণ্য কৰিম আৰু ইয়াৰ সমগ্ৰ কৃতিত্ব ফটাঢোল পৰিয়ালৰ৷
 ভুলবশতঃ কোনো  শুভাকাঙ্ক্ষীৰ নাম ল’বলৈ ৰৈ গ’লে নিজৰ বুলি ক্ষমা কৰি দিব বুলি আশা কৰিলোঁ।
হাঁহি থাকক, হঁ‌হুৱাই থাকক৷ জয়তু ফটাঢোল৷
ৰঞ্জন বৰুৱা
সম্পাদক, ফটাঢোল
অষ্টম সংখ্যা, তৃতীয় বছৰ।
☆ ★ ☆ ★ ☆

12 Comments

  • Anonymous

    প্ৰথমে এইটোৱেই পঢ়িলোঁ চোনটো দা। তামাম হৈছে।মোৰ নামটো এনেয়ে লিখিলে।

    Reply
  • অনুৰূপ

    ভাল হৈছে আলোচনী। অভিনন্দন আপোনালৈ।

    Reply
  • অলকেশ ভাগৱতী

    আলোচনীখন সুন্দৰ হৈছে৷ সকলোলৈ আন্তৰিক অভিনন্দন ৷

    Reply
  • সুন্দৰ হৈছে৷ আন্তৰিক অভিনন্দন ৷

    Reply
  • Nilakshi Devi Deka

    আলোচনী ভাল হৈছে। অভিনন্দন

    Reply
  • মুনমুন

    আলোচনীখন ভাল হৈছে । আপোনালৈ অভিনন্দন। স‍ঁচাকৈয়ে সহায়ৰ হাত বোৰ নাথাকিলে অকলে এনে দায়িত্ব লোৱা সম্ভৱ নহয়। সকলোলৈ আন্তৰিক অভিনন্দন । এনেদৰেই যৌথ প্ৰচেষ্টাৰে সদায় যেন‌ ভাল কামবোৰ হৈ থাকে তাৰেই কামনা কৰিলোঁ।

    Reply
  • অৰুন্ধতী

    গোটেইবোৰ পঢ়ি শেষ হোৱা নাই কিন্তু যিখিনি পঢ়িছো সুন্দৰ হৈছে

    Reply
  • ববিতা শৰ্মা

    অলপ পঢ়িছো বাকী লাহে লাহে পঢ়ি থাকিম। আলোচনী সুন্দৰ হৈছে।

    Reply
  • কাবেৰী মহন্ত

    সুন্দৰ হৈছে তোমাৰ সম্পাদনা৷ নতুন লেখকক উলিয়াই অনাটো ডাঙৰ সফলতা৷

    Reply
  • HEMANTA KAKATI

    বহুত নিয়াৰিকৈ কৰিলা সোনটো৷

    Reply

Leave a Reply to Ronjon Baruoh Cancel reply

Your email address will not be published. Required fields are marked *