ফটাঢোল

কোভিড-19…….escape of the giants- ভাস্কৰজ্যোতি দাস

দৃশ্য এক

পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় ৬২৮.৩ মিলিয়ন কিলোমিটাৰৰ আঁতৰত থকা বৃহস্পতি গ্ৰহৰ এটা উপগ্ৰহ কেলিষ্ট’৷ এই কেলিষ্ট’ৰ এটা ৰঙা পাহাৰৰ এটা সুৰঙ্গৰ ভিতৰত থকা এটা লেবৰেটৰীৰ দৃশ্য৷ এটা দীঘল কৰিডৰ৷ কৰিডৰটোৰ সোঁৱে-বাঁৱে কিছুমান কক্ষত বিভিন্ন ডিজাইনৰ এলিয়েন কিছুমানে কিছুমান টেষ্ট কৰাত ব্যস্ত৷ এটা চালিয়া চেহেৰা আগবাঢ়িব৷ সেইটো ভাগৱত পৰশমণি শৰ্মা৷ নিজৰ মালিকৰ ওচৰলৈ গৈ আছে৷ বুকুৰ মধ্যভাগত থকা এটা বুটাম টিপি দিয়াৰ লগে লগে এটা যন্ত্ৰ সক্ৰিয় হ’ব৷ ফলত কৰিডৰটোৰ এখন এখনকৈ দৰজা অটোমেটিক খুলি যাব৷ শেষৰ দৰজাখন খুলি যোৱাত এখন ডাঙৰ টেবুলত গড়মাৰ্কা কিছুমান দেখা যাব৷ তাৰ সিপাৰে এখন প্ৰকাণ্ড চকীত বহি থাকিব শাস্ত্ৰ মহাজন বোলা বিস্বত্ৰাসী মিউটেণ্টটো৷ হাতত গ্লাছ৷ দুজনী এলিয়েনে ১১ ফুট দীঘল উইচিৰিঙা এটা আৰু ১৫ ফুট দীঘল বাদুলি একোটাৰ ড্ৰাই ফ্ৰাই দুখন প্লেটত আনি ডাঙৰ টেবুলখনত থৈ আঁতৰি যাব৷

পৰশ : শাস্ত্ৰ, বহুদিন আপুনি এই লেবটোতে সোমাই আছে৷ গাত চাঁহী ওকণিয়ে বাঁহ লৈছে৷ ক’তো ট্যুৰ এটাও লোৱা নাই৷ ভাবিলোঁ আপোনাৰ খবৰ এটা কৰি যাওঁ আৰু বাৰ্তা এটাও দি যাওঁ৷

মহাজন : ভাগৱত, কি বাৰ্তা?

পৰশ : বাৰ্তা মানে অতি দুখজনক বাৰ্তা!

মহাজন : চিধাচিধি ক কি হৈছে৷

পৰশ : মানে আমি আজিৰপৰা ৬২ হাজাৰ কোটি বছৰৰ পূৰ্বে থকা শিৱসাগৰখন যিটো গ্ৰহত আছে সেইটো গ্ৰহ বৰ্তমানে কোভিড-19 নামৰ এটা ভাইৰাচেৰে আক্ৰান্ত হৈছে৷ ই পৃথিবীত মহামাৰীৰ ৰূপ লৈছে৷

মহাজন : পৃথিবী! মানে সেই গ্ৰহটোৰ কথা কৈছা নেকি? হেকা, চংকৰ, ৰামানুজ, ৰিণ্টু, দেৱজিত, বিজয়, অসমী, জীমণিৰ দৰে পাৱাৰফুল মিউটেণ্ট আছিলযে একালত!

পৰশ : হয় শাস্ত্ৰ৷ পিচে এতিয়া তেওঁলোক বেলেগ বেলেগ কামত ব্যস্ত৷ মিউটেণ্টৰ পাৱাৰ প্ৰায় শেষ তেওঁলোকৰ৷ অলপ কিবাকিবি কৰি দেখুৱাই৷ বচ সিমানেই৷

মহাজন : এইটো ভাইৰাচ ক’ত জন্ম হোৱা?

পৰশ : শাস্ত্ৰ, শুনামতে এইটো সেই গ্ৰহৰ চীন নামৰ ঝেঙীয়া দেশ এখনত জন্ম হৈছে৷ তাৰ মানুহে কীট-পতঙ্গ, সাপ, নিগনীপোৱালি, বাদুলী পৰ্যন্ত কেঁচাই খাই বাবে এনে হৈছে৷ লাহে লাহে চীনৰ পৰা বেলেগ বেলেগ দেশলৈ সংক্ৰামিত হৈছে৷

মহাজন : তাত আমাৰ কি কৰিবলগীয়া আছে? আমাৰ গাত থকা ফ্লুইডত এই বিশ্বব্ৰহ্মাণ্ডৰ কোনো ভাইৰাচে আক্ৰমণ কৰিব নোৱাৰে৷ সোমালেই ধ্বংস হৈ যাব৷ আৰু তেনে তুচ্চ প্ৰাণীবোৰৰ চিন্তা মই কিয় কৰিম!

পৰশ : কিন্তু শাস্ত্ৰ, মোৰ গাত এইটোক প্ৰতিহত কৰিব পৰা কোনো শক্তি নাই৷ মই ভয় খাই আছোঁ৷ আপুনিতো জানেই যে মই বিশ্বব্ৰহ্মাণ্ডৰ বেলেগ বেলেগ গ্ৰহত বেলেগ বেলেগ ৰূপ লৈ লীলাখেলা কৰিবলৈ গৈ থাকোঁ৷ বিয়া নাপাতিলেও এতিয়ালৈকে মই বিভিন্ন প্ৰজাতিৰ বহুধৰণৰ জীৱ-জন্তু তথা কীট পটংগৰ বাপেক হৈছোঁ৷ ৰিচেণ্টলি চাইনীজ এজনীৰ প্ৰেমত পৰিছিলোঁ৷ সেয়ে এই মালটো মোৰ গাত লাগি আহিছে বুলি ভয় কৰিছোঁ৷ তাতে মোৰ ইমিউনিটি লেভেলটোও বহুত ল’৷ অলপমান গেছ হ’লেই চেৰেলিয়াই যাওঁ৷

মহাজনে পৰশক এটা লেবলৈ লৈ গ’ল৷ লেবটোত এজনী এলিয়েনৰ লগত তাক আধাঘণ্টা সোমোৱাই ৰাখি মহাজন আকৌ গড়মাৰ্কা খোৱাত লাগিল৷ ঠিক আধা ঘণ্টাৰ পাছতে এলিয়েনজনী আহি মূৰত থকা ৰঙা লাইটটো জ্বলাই দেখুৱালে৷ অৰ্থাৎ চিগনেল নিগেটিভ৷ তাই আঁতৰি যোৱাৰ পাছতে পৰশ আহি সোমাল৷ পৰশে কোৱামতে দুয়ো পৃথিবী ভ্ৰমণলৈ ওলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ ড্ৰেচিং কৰ্ণাৰৰ এক বিশেষ ঠাইত দুয়োটা থিয় হোৱাত দুয়োকে উলংগ কৰি দুযোৰ নতুন ড্ৰেছ অটোমেটিক দুয়োৰে গাত ফিটিং হ’ল৷ দুয়ো বুকুৰ ঠিক মাজভাগত থকা তামবৰণীয়া বুটামটো টিপিলে আৰু নিমিষতে গায়ব হৈ গ’ল৷

দৃশ্য দুই

ডংটিং হ্ৰদৰ কাষৰ এপাৰত স্থিত য়ুহান বজাৰ, হুবেই প্ৰভিন্স, চেণ্ট্ৰেল চীন৷

হঠাতে মহাজন আৰু পৰশ দৃশ্যমান হ’ল৷ নিয়মমতে বজাৰৰ হুলস্থূল চলি থাকিব লাগিছিল৷ কিন্তু নাই৷ চৌদিশ শ্মশানসদৃশ নিৰৱতা৷ দুৰৈৰ পৰা এটা মাত শুনা গ’ল৷ “অ’ বাই শুকান মাছ ল’বি শুকান মাছ, তিতাবৰৰ উইচিৰিঙা, নগা পাহাৰৰ হাইলাবেং ল’বি হাইলাবেং, বাঁহগাজ ল’বি”৷ মাতৰ উৎস বিচাৰি দুয়ো গৈ সেই গলিটো পালেগৈ য’ৰ পৰা মাতটো আহি আছে৷ টিনৰ ড্ৰাম দুটামান সমুখত লৈ এজনী মহিলাই চিঞৰি আছে৷ মহিলাজনীৰ পিন্ধনত বাংলাদেশী শাড়ী৷ ভৰি মলিয়ন৷ ড্ৰামকেইটাত উইচিৰিঙা, বেং আৰু শুকান কিন্তু পোকলগা মাছ৷ দুয়ো মহিলাজনীৰ সমুখত থিয় হ’ল আৰু থিয় হৈয়েই মানুহগৰাকীক স্কেন কৰিলে৷ এইগৰাকী মহিলা নহয় বুলি গম পালে দুয়ো৷

সিফালৰপৰা মহিলাজনীয়ে কি লাগে বুলি সোধাত এইটো বিজয় বুলি পৰশে চিঞৰি উঠিল আৰু ক’লে,

: শাস্ত্ৰ, এইটোৱেই সেইটো মিউটেণ্ট যি বিজয় মহন্ত নাম লৈ তিতাবৰত সোমাই আছে৷ যোৱাবাৰ কোষ্ঠকাঠিন্য হওঁতে পত্নীক পাণৰ ঠাৰি আৰু মিঠাতেল বিচাৰিছিল যে! এইটোৱেই সেইটো৷ পিচে এটা পাৱাৰ এতিয়াও তাৰ আছেগৈ৷ সি পোহৰতকৈও খৰকৈ পৃথিবীৰ ইমূৰৰ পৰা সিমূৰলৈ যাব পাৰে৷

এইবাৰ মহাজনে বিজয়ৰ হাতখন ঠাপমাৰি ধৰাত সি নিমিষতে অদৃশ্য হৈ কিছু দূৰৈত নিজৰ অস্তিত্ব দেখুৱাই কৈ গ’ল,

: মিউটেণ্ট ফলাই একো লাভ নাই৷ মই পাই থৈছোঁ৷ ঘৰ সংসাৰ কৰিলে গম পাবি ভোক কি বস্তু! ভোগেনে মোৰ উৎপাতত হাঁহ পুহিবলৈ এৰিলে৷ ল’ৰা স্কুললৈ পঠিয়াব লাগে৷ এতিয়া লকডাউনৰ সময়ত কোনেও বাৰ্জাৰ পেইণ্ট বাদেই চুণ কিনিবলৈও নাহে৷ ওলালেও পুলিচৰ পিতন৷ লাইফ কি বস্তু দেখা নাই৷ নৰক কি বস্তু তহঁতে দেখা নাই৷ ধদুৱা মাৰি ঘূৰি ফুৰিলে ঘৰ নচলে৷ অসমলৈ আহ৷ তেতিয়া গম পাবি৷

তাৰ মাতটো হঠাতে নাইকিয়া হ’ল৷ সি পলাল৷ মহাজন আৰু পৰশে আকৌ তামবৰণীয়া বুটাম টিপি অদৃশ্য হ’ল৷

দৃশ্য তিনি

গুৱাহাটী চহৰ৷ চিদানন্দৰ খোলা৷ দুয়ো উক্ত স্থানৰ কিছু দূৰত দৃশ্যমান হ’ল৷

এখন ঘূৰণীয়া টেবুল৷ কাষে-কাষে চাৰিখন চকী৷ ইয়াৰে তিনিখন চকীত কিছুমান মানুহৰ দৰে দুঠেঙীয়া জীৱ বহি আছে৷ সমুখত কিছুমান গ্লাছ আৰু বটল৷ হঠাতে ওখ-পাখ মানুহ এটা সোমাই আহি চিঞৰি উঠিল,

: আব্বে, আজিও পাঁচশ টকা পাই গ’লোঁ হেৰাই৷ আজি পাৰ্টী মোৰ ফালৰ পৰা৷

সেইজনৰ নাম অলকেশ৷ মিউটেণ্ট গ্ৰুপৰ নতুন সদস্য৷ পাৱাৰ তেনেকৈ নাই যদিও তেখেতৰ ফটো এখনে ইতিমধ্যে এই গ্ৰহৰ চচিয়েল মিডিয়া ফালি থৈছে৷ সিফালৰ পৰা ধুৰ্জুতি নামৰ এজনে মাত দিলে,

: কাইদৌ, আপুনি আগৰ ধাৰখিনি মৰা নাই৷ এতিয়ালৈকে মুঠ ১২৫৫ টকাৰ মাল ধাৰ হৈ আছে৷ আজি ইয়াৰে আধা মোৰ দেই৷

কথাটোত ওখ-পাখ মানুহজনে বৰ লাজ পালে আৰু এনেহেন দুৰ্যোগৰ সময়ত এইবোৰ কথা উলিয়াব নেপাই বুলি জনালে৷ অভিজিত গোস্বামী নামৰ এটা আহল বহল মানুহ এনেতে বেগ এটা লৈ সোমাই আহিল আৰু প্ৰায় চিঞৰি দিলে,

: ৰাইজ, খাজানা মিল গয়া৷ যোৰাবাটৰ অ’পেন শ্বপ এখনৰ মালিকে মোক খবৰ দি চাৰিটা যোগাৰ কৰি দিলে৷ এই চাৰিটাৰে এটা আজিলৈ বুলি আগবঢ়ালোঁ৷ শুনিছোঁ কাইলৈ ইয়াত লক ডাউন দিব৷ গতিকে, কাইলৈৰ পৰা এইকেইটা ষ্টকত৷

এনেতে এজন বৃদ্ধ লোক আহি সোমাই দৰজাখন বন্ধ কৰি দিলে আৰু ক’বলৈ ধৰিলে,

: আমাৰ আজাৰাৰ ফালে একো নাই৷ সকলো বন্ধ কৰাইছে৷ সোনকালে কিবা অকমান দিয়া৷ মই ঘৰত সোমাওঁগৈ৷

মানুহজন মহাজনৰ চিনাকি যেন লাগিল যদিও পাহৰিলে৷ অলপ পাছতে পৰশে মনত পেলাই দিলে এনেকৈ,

: শাস্ত্ৰ, এইজনেই সেই হেকা লিম্বু৷ একালত হাল্কৰ দৰে পাৱাৰ আছিল৷ এতিয়া একো নাই৷ গধূলি হ’লেই চেঙেলীয়া ল’ৰা কিছুমানৰ সৈতে এনেকৈ খোলাত বহি ঘৰলৈ যায়গৈ৷

কথাটোত মহাজনৰ বৰ দুখ লাগিল৷ কি আছিল কি হৈ গ’ল৷ এই গ্ৰহটোৱে মিউটেণ্টৰ একো পাৱাৰ ৰাখিব নোৱাৰিলে৷ ৰৌতা-চিপাঝাৰ-কলগাছিয়াৰ ফালৰ ভেজাল চবজি খাই এইমখাৰ গাত এতিয়া ইউৰিয়াৰ বাদে একো নাই৷ একালত মিউটেণ্টৰ সাম্ৰাজ্য হ’ব বুলি ভাবি থকা গ্ৰহত মিউটেণ্টৰ কোনো অস্তিত্বই নোহোৱাৰ দৰে হ’ল৷ মহাজনৰ ভীষণ খং উঠিল৷ এনেতে জনসংযোগ বিভাগৰ ফিক্সড লাউড স্পিকাৰত বাজি উঠিল,

: এটি বিশেষ ঘোষণা৷ সম্প্ৰতি সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছে মহামাৰীৰ ৰূপ লোৱাৰ লগতে ভাৰতত ই সংক্ৰমিত হোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে আজি নিশা বাৰ বজাৰ পৰা ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰিছে ভাৰতৰ মাননীয় মুখ্যমন্ত্ৰীয়ে……৷

এই কথা শুনামাত্ৰকে খোলাৰ মানুহকেইটাৰ মাজত হুৱাদুৱা লাগে৷ পলম নকৰি যিমান পাৰি গোগ্ৰাসে বাকীখিনি গিলি সকলো কোঠাটোৰ পৰা ওলাই যায়৷ এমূৰত পৰি ৰয় চিদানন্দ বোলা মানুহটো৷ দুয়ো ৰাতিৰ লান্সটে প্ৰক্সিমা চেণ্টাউৰিত কৰিবলৈ বুলি তামবৰণীয়া বুটামটো টিপিলে আৰু লান্স কৰি উঠি পুনৰ পৃথিবীলৈ ঘূৰি আহিল৷

দৃশ্য চাৰি

নলবাৰী মেইন ৰ’ড, উপায়ুক্ত কাৰ্যালয়ৰ সমুখভাগ, নলবাৰী৷

হঠাতে দৃশ্যমান হ’ল শাস্ত্ৰ আৰু ভাগৱত নামৰ দুয়োটা মিউটেণ্টু৷ এখন স্কুটী ৰাস্তাতে এৰি থৈ দুটা ল’ৰা দৌৰিছে৷ এটা ভাস্কৰ বৰডেকা আৰু আনটো হিচি৷ এইবোৰৰ একালত মিউটেণ্ট পাৱাৰ আছিল যদিও এতিয়ালৈ ধদুৱা হ’ল৷ এনেই ঘূৰি ফুৰা স্বভাৱটো এৰিব নোৱাৰি টহল দিবলৈ ওলাই আহিছিল দুয়ো৷ এনেই পুলিচৰ পৰা দুয়োটা চলি পলাই ফুৰে৷ আজি লকডাউনত ওলাই আহি টিকা ফলোৱাৰ আশংকা৷ এনেইতো বাচি যায়৷ আজি দৌৰিবলগীয়া অৱস্থা৷ যেনেতেনে পলাই গৈ নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত থকা মহাত্মা গান্ধীৰ মূৰ্তিটোৰ আগত দুয়ো পৰি দিলে য’ত লিখা আছিল “অহিংসাই পৰম ধৰ্ম৷” পুলিচকেইজনে আহি দুয়োজনকে এনেকৈ পৰি থকা দেখি গান্ধীজীৰ বাণী মানি পিটন নিদিয়াকৈ এৰি দিলে৷ শাস্ত্ৰ আৰু ভাগৱতে ওপৰে ওপৰে নলবাৰী চহৰখন চাই৷ এফালে নেহাংগনাক লৈ কবিতা লিখি আছে এজনে৷ আনফালে আগ আৰু মধ্যতপা এজনে মাধে চোৰক মাধুৰীক বিচাৰি আছে৷ এইমখাৰ একো নহ’ব বুলি দুয়ো তামবৰণীয়া বুটাম টিপি বেলেগ এখন ঠাইলৈ বুলি ৰাওনা হ’ল৷

দৃশ্য পাঁচ

কপিলী ধাবা, কপিলী উন্নসণ খণ্ড, মৰিগাঁও৷

দুয়োটা মিউটেণ্ট হাজিৰ হ’ল৷ নিয়মমতে বন্ধ হ’ব লাগিছিল৷ কিন্তু বেকড’ৰ চাৰ্ভিছ চলি আছে৷ হিমাংশু ৰাজখোৱা নামৰ এটা কম পাৱাৰ থকা মিউটেণ্টে পেপাৰত নুৰিয়াই কিবাকিবি বস্তু কিছুমান গাড়ী এখনত সুমুৱাইছে৷ গাড়ীত দেৱজিত শৰ্মা নামৰ এটা জীৱ৷ চানা চোবাই থকাৰ সমান্তৰালকে প্ৰেমৰ কবিতা গাই আছে৷ মৰিগাঁও পুলিচৰ লাঠি শেষ হ’ল হ’বলা৷ দূৰৈত মৰিগাঁও পুলিচ শুই আছে৷ টাউনখন আগৰ দৰে একেই হৈ আছে৷ মানে মিউনিচিপেলটিৰ ৱৰ্কাৰ ইউনিয়নৰ ষ্ট্ৰাইক৷ ডাষ্টবিনত কৰ’না ভাইৰাচ ঘূৰি আছে৷ মানুহবোৰ ঘৰত সোমাই আছে যদিও সেই ডাষ্টবিনবোৰ কিছুমান পোৱালিয়ে খুছৰি আছে৷ সংক্ৰামিত হৈছে বহুতো পোৱালি৷ এইবোৰ দৃশ্য হতাশজনক৷ এইবোৰ চাবলৈ দুয়োৰে সাহস নহ’ল৷ অৱশেষত দুয়ো সিদ্ধান্ত ল’লে আগৰ মিউটেণ্ট ট্ৰেইনিং চেণ্টাৰত কি হৈছে তাকে চাবলৈ৷ দুয়ো বুটাম টিপি তাৰপৰা আঁতৰি গ’ল৷

দৃশ্য ছয়

মিউটেণ্ট ট্ৰেইনিং বেছ, নাজিৰা৷

ট্ৰেইনিং চেণ্টাৰটোৰ অধ্যক্ষৰ কোঠাটোত বহী আছে অসমী নামৰ পাৱাৰফুল মিউটেণ্ট ট্ৰেইনাৰ কাম প্ৰিন্সিপাল গৰাকী৷ ক্লাছৰূমবোৰ খালী৷ বাহিৰৰ প্ৰক্টিকেল গ্ৰাউণ্ডত দিম্পল, পাৰ্থ, কাজল, বিকাশ, চন্দনাৰ দৰে ষ্টুডেণ্টবোৰে নিজৰ কাম কিছুমান লৈ ব্যস্ত৷ দিম্পলে এযোৰ চেণ্ডেলৰ ওপৰত ঠিয় হৈ বেলে নৃত্যৰ ভংগীমাত আকাশলৈ উৰি গৈছে৷ পাৰ্থই গান এটা গাই আছে৷ চন্দনাই শুনি আছে৷ কাজলৰ চুলি ফণিয়াই আছে বিকাশে৷ কাৰো মিউটেণ্ট পাৱাৰ গঢ়াৰ চেষ্টা নাই৷ মাজে মাজে আৰ্মীৰ ড্ৰেছত আহি এজনে সকলোকে কোবাই থৈ যায় আৰু ওচৰতে থকা বগৰীজোপাৰ তলত গৈ শুই থাকে৷ ৰামানুজ গোস্বামী সেইজন৷ আগতে বহুত মিউটেণ্টৰ পাৱাৰ থকা এইজনে এতিয়া খাবলৈ নেপাই ট্ৰেইনিং বেছটোৰ প্ৰশিক্ষকৰ চাকৰিটো কৰি আছে৷ ইয়াতো হতাশ হ’ল দুয়ো৷ অতি দুখী মন এটা লৈ মহাজনে তামবৰণীয়া বুটামটো টিপিবলৈ লৈছিলেই৷ এনেতে পৰশে শিৱসাগৰৰ লগতে আন ঠাইবোৰত কি ঘটি আছে তাকে জানিবলৈ এপাক আকাশে আকাশে ঘূৰিবলৈ মহাজনক খাতিৰ কৰিলে৷ মহাজনৰ ইচ্ছা নাছিল যদিও পৰশৰ অনুৰোধ ৰাখি এবাৰ চাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷

দৃশ্য সাত

অসমৰ বিভিন্ন স্থান৷ ভুপৃষ্ঠৰ পৰা এক নিৰ্দিষ্ট দুৰত্বত দুয়ো উজনিৰ পৰা নামনিলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে৷

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় :

জিলা উন্নসণ আয়ুক্ত পাইথন হুছেইনৰ কাৰ্যালয়৷ N-95 মাস্ক কিনিব লাগে৷ চৰকাৰৰ নিৰ্দেশ৷

এটা মাৰোৱাৰীৰ লগত বহি আছে প্ৰাণীটো৷ মাৰোৱাৰীক কৈছে, “আমি বাল্কত কিনিম৷ ৰেটটো ৬২ টকা পাৰ ইউনিট কিয় দিছে৷ মিনিমাম ৰেট ৭৫ টকা কৰি দিয়ক৷ আমালৈও দুপইচা থাকিব লাগিব৷” মহাজনৰ খং উঠাত এই কাৰ্যালয়টো হাতেৰে নিলা ৰঙৰ কস্মিক ৰে’ কিছুমান উলিয়াই ধ্বংস কৰি দিলে আৰু দুয়ো আগবাঢ়িল৷

টুৰিষ্ট লজ, শিৱসাগৰ :

একালৰ মিউটেণ্ট আৰু এতিয়াৰ বিষয়াজনে ভিডিঅ’ কল কৰি কোনোবা ছোৱালী এজনীক কাহিনী শুনাই আছে৷ সমুখত এক প্লেট ম’ম’ লৈ বহি আছে হাছনাহানা নামৰ মিউটেণ্ট পাৱাৰ হেৰুওৱা জনসংযোগ বিষয়াগৰাকী৷

টীয়ক চহৰ, যোৰহাট :

গৌৰীশংকৰ নামৰ একালৰ মিউটেণ্টটোৱে থানাৰ সমুখত এক মিটাৰৰ আঁতৰে আঁতৰে চকৰী আঁকি আছে৷ বৰলাৰ দিন নাযায় নোপোৱাই হোৱাৰ দৰে হৈছে৷ ওচৰৰ আউনীআটি সত্ৰৰ কেম্পাচত আন এটা বৰলা চুণ্টু ৰঞ্জনে গছপুলি ৰুই আছে৷ এইটো দৃশ্য দেখি মনটো ভাল লাগিল দুয়োৰে৷

যোৰহাট টাউন :

ক্ষীণ-মীন মানুহ এটাই হস্পিতাল এখনৰ বেলকনিত বহি বিড়ী টানি আছে৷ আগৰ মিউটেণ্ট৷ এতিয়া ইণ্টাৰনেচনেল তেলচোৰ৷ কিবা ঘৰুৱা সমস্যা হৈছে৷ সঞ্জীৱ নামৰ এজনে আহি গাড়ীখন পাৰ্ক কৰি কেৰিবেগ এটা লৈ সোমাই আহিছে হস্পিটেলত৷ মানুহৰ জীৱনত এইবোৰ থাকেই৷ দুয়ো আগবাঢ়িল৷

ডেৰগাঁও :

একালৰ মিউটেণ্ট ট্ৰেইনিং বেছৰ ভাল ছাত্ৰ অনুৰূপ৷ পিচে এতিয়া ঘৰৰ পিছফালৰ পুখুৰীটোত গ্ৰাছ কাৰ্প ধৰি আছে৷ কাৰো মিউটেণ্ট পাৱাৰ গ্ৰহণ কৰাৰ ইচ্ছা নাই৷ দুয়ো পুনৰ হতাশ হ’ল আৰু আগবাঢ়িল৷

বোকাখাট টাউন :

ব’টানী মিউটেণ্ট দেৱজিত শইকীয়াৰ ভাড়াঘৰ৷ কোঠাটো সৰু৷ ভিতৰত ঢোল এটা লৈ শইকীয়া৷ এক মিটাৰ দুৰত্ব বজাই কলেজৰ ছোৱালী কিছুমানে ছাৰৰ পৰা বিহুনাচ শিকি আছে৷ ছাৰে “সাজৰ বাতি লৈ, কেঠা কম্বল” বিহু গাই আছে৷ মহাজনৰ মাথা ঘোলা হৈ আহিল৷ বিহু! এনে সময়ত!

নগাঁও :

পুৰণিগোদাম হৰিমন্দিৰ আৰু ইচলামপট্টি মছজিদৰ সমুখভাগ৷ মানুহে লকডাউন মনা নাই৷ নাম-প্ৰসঙ্গ কৰিবলৈ, নামাজ পঢ়িবলৈ ওলাই আহি এতিয়া পুলিচৰ লাঠীৰ কোব খাইছে৷ মানুহবোৰে বুজি পোৱা নাই যে এই সময় বৰ কঠিন৷ এই সময়খিনিত ডাক্তৰেই ভগৱান৷ দুয়ো কিছুদূৰ আগুৱাই ৰাস্তাত এজন লোকে ভূপেনদাৰ “মই যেতিয়া এই জীৱনৰ মায়া এৰি গুছি যাম” গানটো চিঞৰি চিঞৰি গাই যোৱা শুনি সেইফালে চাই আচৰিত হয়৷ একালৰ চংকৰ মিউটেণ্টে বৰ দুখত গাই আছে৷ বেচেৰাৰ বিয়াখন হোৱাগৈ নাই! জীৱনটো লকডাউন হোৱাৰদৰে হৈছে৷ সময়খিনি আৱেগৰ যদিও তাত বেছি সময় নিদি দুয়ো আগবাঢ়িল৷ কিছুদূৰ আগবঢ়াৰ পাছত হঠাতে এজনী মিউটেণ্টৰ গাত চকু পৰিল দুয়োৰে৷ দুয়ো ওচৰত থিয় হৈ আকৌ হতাশ হ’ল৷ সেইগৰাকী একো মিউটেণ্ট নহয়৷ বাৰ্বী পুন্নাগ৷ জভিজ কোম্পানীৰ ফেচপেক লগাই থৌপঢ়াটো মিউটেণ্টৰ নিচিনা কৰি থৈছে৷ দুয়ো সেই ঠাই এৰি মকামাখ্যা মণ্ডিৰৰ ফালে গতি কৰিলে৷

অন্তিম দৃশ্য

বগলা মন্দিৰৰ সমুখভাগ৷ দুয়ো দৃশ্যমান হ’ল৷

শাস্ত্ৰ : তই এইবোৰ দেখুৱাবলৈয়ে মোক আনিছিলি! দেখিলি নহয়! মিউটেণ্ট পাৱাৰ গোটোৱাতো বাদেই; মানুহ হৈয়ো চলিব জনা নাই ইহঁত৷ এনে এক মহামাৰীৰ সময়তো কথাবোৰ মনা নাই৷ এইবোৰ এতিয়া মানুহৰ পৰা জীৱজন্তুৰ শ্ৰেণীলৈ গ’ল৷ জীৱনত এই গ্ৰহলৈ আৰু নাহোঁ৷

ভাগৱত : মহাজন, মানুহে ভুলৰ পৰাই শিকে৷ এইবাৰলৈ মাফ কৰি দিয়ক৷ এই গ্ৰহৰ কোনো জীৱৰে মই বাপেক হোৱা নাই৷ সেয়ে এইবাৰলৈ মাফ কৰি দিয়ক৷ মই কৰ’নাৰ ভেকচিনটো লেবৰ পৰা লৈ আহিছিলোঁ৷

মহাজনে কোনো দৰকাৰ নাই বুলি কৈ ভেকচিনৰ বটলটো পকাত থেকেছি ভাঙি দিলে৷ অলপ পাছতে কুকুৰ এটা আহি সেখিনি চেলেকিবলৈ ধৰিলে৷ বুকুত থকা তামবৰণীয়া বুটাম টিপি দুয়ো নিজ বাসস্থান কেলিষ্ট’ৰ ফালে আগবাঢ়িল৷

ড্যা এণ্ড৷
☆ ★ ☆ ★ ☆

16 Comments

  • abhijit goswami

    ৱাহ মহাজন দাদা টামাম চিনেমা চালো দেই এইখন.. চুই বুকু ভেদি গল।

    Reply
    • ভাস্কৰজ্যোতি দাস

      ধন্যবাদ৷

      Reply
  • ৰিণ্টু

    টুপী খুলি চালাম মহাজন।

    চুপাৰ-ডুপাৰ হিট মুভি.

    তিতাবৰৰ মিউটেণ্টটোৱে পাক্কা অস্কাৰ পাব

    Reply
    • ভাস্কৰজ্যোতি দাস

      ধন্যবাদ৷ তিতাবৰৰ মিউটেন্টটোৱে অস্কাৰ আনিবলৈ পাণৰ ঠাৰি লৈ যাব লাগিব৷

      Reply
  • পৰশ

    এইখন মুভি নহয়, মহা মুভি।

    Reply
    • ভাস্কৰজ্যোতি দাস

      ধন্যবাদ৷

      Reply
  • ডলী

    বঢ়িয়া ??

    Reply
    • ভাস্কৰজ্যোতি দাস

      ধন্যবাদ৷

      Reply
  • chandana sharma

    কাৰো মিউটেন্ট হোৱাৰ ইচ্ছা নাই, দুখ পালো।
    মজা মুভী গুৰুদেৱ??

    Reply
    • ভাস্কৰজ্যোতি দাস

      ধন্যবাদ৷

      Reply
  • Anonymous

    চুপাৰ দুপাৰ হিট

    Reply
    • ভাস্কৰজ্যোতি দাস

      ধন্যবাদ৷

      Reply
  • জ্যোতিৰ্ময়

    মুভী হিট কাইদেউ ?

    Reply
    • ভাস্কৰজ্যোতি দাস

      ধন্যবাদ৷

      Reply
  • ৰসমানুজ জি

    বৰ ভাল মুভি চালো হৌ !
    আজি বগৰী তলৰ পৰা ওলাম…

    ভাস্কৰ নামৰ মিউটেণ্ট এটা বিচাৰিম…

    Reply
    • ভাস্কৰজ্যোতি দাস

      প্ৰভূ, ধন্যবাদ৷ মিউটেন্টটো কেলিষ্ট’ পালেগৈ হেনো৷

      Reply

Leave a Reply to ডলী Cancel reply

Your email address will not be published. Required fields are marked *