ফটাঢোল

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১) জিতা ফুকন:- এইযে উৰাবাতৰিবোৰ, সিহতৰ পাখি দুখন কত থাকে বাৰু? পাখি নাই যদি কেনেকৈ উৰে?

উত্তৰঃ- পাখি কেলৈ লাগে, কৰোণাক দেখা নাই। পাখি নোহোৱাকৈয়ে দুনীয়াখন উৰি ফুৰিছে। উৰা-বাতৰিও
তেনে এক ভাইৰাছ।

২) ইভান জে. দাস:-  গাখীৰ পৰা দৈ কেনেকৈ হৈ আপোনালোকে নিশ্চয় জানে;
                     কিন্তু দৈৰ পৰা গাখীৰ কেনেকৈ বনাই আপোনালোকে কব পাৰিবনে?

উত্তৰঃ- পাৰিম বাৰু, অলপ গৱেষণা কৰিলেই হ’ল। কিন্তু প্ৰথমতে কওকচোন এই কামটো কৰিব লগা কিয় হ’ল? যদি ভীষণ প্ৰয়োজন তেনে মই আজি গধুলিৰ পৰা গৱেষণাত বহিম।

৩) শান্তনু বৰপূজাৰী:-  ৰামায়ণত দেখুওৱা বানৰ সেনা বালি, সুগ্ৰীৱ সকলোৰে নেগুৰ আছে কিন্তু তেওঁলোকৰ পত্নী বোৰৰ নেগুৰ কিয় নাই?

উত্তৰঃ- ষ্টাইল, অ’ বোপাই ষ্টাইল। এইযে চৰিহতীয়া গাটোত,  দহ হতীয়া শাৰীখন মেৰিয়াই মেৰিয়াই মেৰিয়া পিন্ধে, কেলৈ পিন্ধে বুলি ভাৱিছেনো? নেজডাল ওলাই থাকিলে কি যে বেহেনজী টাইপ লাগিব- সেয়ে লুকুৱাই পেলায়। পুৰুষসকল বিন্দাছ, ভগৱানে যি দিছে, তাতে সন্তুষ্ট।

৪) কমল তালুকদাৰ:-  “তুমি যিমান খোজ আগুৱাই যোৱা;

                            (____) তুমি সমানেই এৰি থৈ যোৱা!”
 কি এৰি থৈ যায়?

উত্তৰঃ- পদচিহ্ন।
৫) ৰূপা বনিয়া:  মহিলাসকলে ভালকৈ বনাই খুৱালেও নাম নাপাই, পুৰুষে এদিন এসাজ বনাই ভাল ৰান্ধনি নাম পাই কিয়?

উত্তৰঃ- আনৰ কথা কব নোৱাৰি। অমুকাৰ ল’ৰাহঁতৰ মাকে আজি দুকুৰি বছৰ সদায় ভাত ৰান্ধিছে, কিন্তু ৰান্ধনি নাম পোৱাৰ যোগ্য হৈ উঠা নাই। ৰান্ধনি বুলিলে ৰন্ধাত ৰস পম অলপ থাকিব লাগে নহয়।

৬) জীতা ফুকন:- মহিলাসকলে ঘৰটো মচি অহাৰ লগে লগে বাহিৰত থকা পুৰুষসকল লৰালৰিকৈ ভিতৰলৈ আহি ঘৰটো গচকেহি কিয় ?

উত্তৰঃ- দোষটো মহিলাৰ গাত। এক, হকে বিহকে ঘৰ মুচি থকাৰ স্বভাৱ, আৰু দ্বিতীয়তে পুৰুষসকল অত্যন্ত জৰুৰী কামৰ বাবে ভিতৰলৈ যাব লগা সময়খিনিৰ ঠিক আগে আগে উদ্দেশ্যপ্ৰণোদিত ভাৱে ঘৰ মোচাৰ কাম উলিয়াই লোৱা। এই দুইটা বুদ্ধিৰেই মহিলাসকলে যুগ যুগ ধৰি পুৰুষক কুকুৰে কাঁইট নোখোৱাকৈ গালি দিবলৈ সুযোগ উলিয়াই আহিছে।

৭) মামণি কলিতা:- চাউল, দাইল বা অন্যান্য সকলো সামগ্ৰী ভাল হোৱাৰ পিছতো মানুহে এইবোৰ বস্ত পোৱা দোকানক গেলামালৰ দোকান বুলি কিয় কয় বাৰু?

উত্তৰঃ- আচলতে গেলা নহয়, মূল শব্দটো গোলা, (মাৰোৱাৰী) গোলাত পোৱা গৈছিল বাবে গোলামাল। কিন্তু আজিকালি গেলামালেই বেছি শুদ্ধযেন লাগে, যিসোপা প্ৰিজাৰভেটিভ ঢালি থোৱা হয়, নিদিলে সকলো গেলিলেইহেঁতেন।

৮) নয়নজ্যোতি বৰঠাকুৰ:- “আগ তপা লনী, মাজ তপা ধনী, পিছ তপা শণি ।” হয় জানো ? যদি হয়, তেনেহ’লে কাষ তপা আৰু পূৰা তপা কি বাৰু ?

উত্তৰঃ- কাষ তপা “সোণৰ খনি” আৰু পুৰা তপা এইসকলো গুণৰে সামাহাৰ।

৯) টিংকুমণি দাসঃ- চিনেমা বা কাহিনীত প্ৰেমত বাধা দিয়াজনক খলনায়ক (Villain) বুলি কোৱা হয়।‌ বাস্তৱত প্ৰেমত বাধা দিয়া জনক কি বুলি ক’ব?

উত্তৰঃ- প্যাৰ কা দুছমন।

১০) অভিজিত গোস্বামী:- ৰুটী বা লুচি গোল হবই লাগিব বুলি কোনে নিয়ম বনালে? বেলেগ যিকোনো আকাৰৰ হলে কি আপত্তি কৰিবলগীয়া আছিল বাৰু?

উত্তৰঃ- একো আপত্তি নাই। খাওতে তো এনেও চিঙি ভাঙিয়ে খোৱা হয়। আচলতে ৰুটী গোল হবই লাগিব বুলি কোৱাতো এক অপপ্ৰচাৰ, এক ষড়যন্ত্ৰ, বুৰ্জোৱা ৰান্ধনি সকলে নিজৰ গুৰুতব বঢ়াবলৈ কৰা এক প্ৰয়াস।

১১) কংকনা কলিতা:- ৰসগোল্লাত এসোপা ৰস থকা বাবে ৰসগোল্লা বুলি কয় নে তাৰ নামেই সেইটো? লালমোহনত ও দেখোন ৰস থাকে এইটো কিয় #ৰসলালমোহন বুলি নকয়???

উত্তৰঃ- ৰস= ৰস থকা। গোল্লা= গোলাকাৰ বস্তু। লালমোহনতো দুইটা গুণেই আছে। সেইবুলি লালমোহনক ৰসগোল্লা বুলিব নেকি? আপোনাৰ দৰে বৈদেহী বাইদেউৰ উপাধিও কলিতা, সেইবুলি আপুনি তেনে ধপ দিব নেকি? নামৰ কথা বাদ দিয়ক হে, সোৱাদৰ কথা ভাৱক। লকডাওনত নিউট্ৰিলা ভাজি খাই থাকোতে ৰসগোল্লা- লালমোহনৰ নাম ল’লে কিবা ভাল নেলাগে।

১২) ইলি তালুকদাৰ: – ৰাৱণৰ দহটা মূৰ থকা বাবে তেওঁৰ সুবিধা আৰু অসুবিধা কি আছিল বাৰু?

 ************এইটো উত্তৰ আগতে দিয়া হৈছে***************

১৩) জয়শ্ৰী শৰ্মা:- ৰাৱণৰ সোণৰ লংকাখনৰ সোণবোৰ কি হ’ল বাৰু?

উত্তৰঃ- গোটেইখনিৰ খবৰ পোৱা নাই, কিন্তু তাৰে আধামান বাপ্পী লাহিড়ীৰ কোনোবা পূৰ্ব পুৰুষে “মাৰি দিয়া”  বুলি অনুমান কৰা যায়।

১৪) জীতা ফুকন:- আমাৰ সমাজ ব্যৱস্হাত যিকোনো দোষ কৰিলেই টকাকেইটামান জৰিমনা ভৰিলেই সকলো মাফ হৈ যায়যে ,কিয় বাৰু ?

উত্তৰঃ- ইয়াৰ পৰাই প্ৰমাণ হয় যে টকাই সকলোৰে মূল, টকাত ফুলিছে শতদল, টকাত ঘুৰিছে ভূমণ্ডল। টকাই আদি টকাই অন্ত, টকাই জীৱনৰ মোল;  বাকী সকলো হাত মলি, একোতে নেয‍াবা ভোল।

১৫) মাধুৰ্য্য বৰা:- “চুলি আৰু নখৰ  দৰে মানুহৰ দাঁত বিলাকো দীঘল হৈ গৈ থাকিলে কি কি সুবিধা-অসুবিধা হ’লহেঁতেন!!??”

উত্তৰঃ- বিশেষ অসুবিধা নহয়, কেৱল চাইনীজ কেইটাই দাঁত কটা, ট্ৰিমিং কৰা যন্ত্ৰ আৱিষ্কাৰ কৰি আৰু অলপ টকা উপাৰ্জন কৰি ভাইৰাছ গৱেষণাত লগাব পাৰিলেহেঁতেন।

১৬) কিশোৰ কুমাৰ শইকীয়া : -মানুহৰো যদি এডাল নেগুৰ থকা হ’লে ছোৱালী বিলাকে কেনেদৰে নেগুৰ ডাল সজালে হেতেন ?

উত্তৰঃ- ক কব লাগিছেনে? কত যে কি ওলালেহেতেন, – নেগুৰকিয়ৰ, নেগুৰ পলিছ, নেগুৰ ট্ৰিমিং, নেগুৰ ৱেক্সিং, নেগুৰ চেটিং, নেগুৰ হাইলাইটিং, নেগুৰ কাৰ্লিং, নেগুৰ ষ্ট্ৰেইটেনিং, নেগুৰ খোপা, নেগুৰ ক্লিপ, নেগুৰ শ্বেম্পু, নেগুৰ কণ্ডিচনাৰ, নেগুৰ হেয়াৰফল ট্ৰীটমেণ্ট, …….. মুঠতে বিউটি পাৰ্লাৰ কেইখনৰ জয় জয় ময় ময় অৱস্থা হ’লহেতেন।

১৭) নয়নজ্যোতি বৰঠাকুৰ:- “নাই মোমাইতকৈ কণা মোমাইয়ে ভাল”- কণা মোমাইতো ভাগিনৰ হাৰমাল নহ’বনে বাৰু ? গতিকে ভাল কেনেকৈ হ’ব?

উত্তৰঃ- কিয় হাৰমাল হবহে? আজিকালি চৰকাৰী আঁচনিত চাকৰি লৈ ভাগিনিয়েকক বাইক কিনি দিয়া, মোবাই ৰিচাৰ্জ কৰি দিয়া আদি সকলো কৰিব পাৰিব। ধেমালিকৈ কৈছো যদিও, আজিকালি শাৰীৰিক বিকলাংগতাক উপহাস কৰা অনুচিত। নানান পদ্ধতি ওলাইছে যাৰ দ্ৱাৰা তেওলোকেও সাধাৰণ মানুহৰ দৰেই জীৱন নিৰ্বাহ কৰিব পাৰে, যি তেওলোকৰ অধিকাৰো।

১৮) অভিজিত অভি শইকীয়া:-  প্ৰেমত পৰি দুকুৰি ওচৰ চাপে অথচ বিয়া পাতিবলৈ ভয় কৰে। সেইসকল পুৰুষক এটা শব্দত কি বুলি প্ৰকাশ কৰে?

উত্তৰঃ- বুদ্ধিমান

১৯) নিৰ্মালী বৰমুদৈঃ- চিনেমাবোৰত হিৰ’ ৰোল বোৰ ধুনীয়া লৰাক কিয় দিয়ে?

উত্তৰঃ- যাতে আপোনাৰ দৰে মহিলাসকল দৌৰি দৌৰি চিনেমা চাবলৈ যায়। আজিকালি হিৰোতো বাদেই, ভিলেইনৰ ৰোলতো ধুনীয়া ধুনীয়া ল’ৰা লোৱা হৈছে। ই বলীউডী বণিকগোষ্ঠীৰ এক ষড়যন্ত্ৰ বুলিও কব পাৰি।

২০) বিপুল শৰ্মা:- (যোৱা কেইদিনমান মহিলাসকলৰ আপদেট পঢ়ি যি দেখিলো…)
মহিলাসকলৰ ক্ৰাছ একেজন হ’লে নলে গলে লাগি যায় আৰু বয়ফ্ৰেণ্ড একেজন হ’লে চুলিয়া-চুলি লাগি যায় কিয়?

উত্তৰঃ- ক্ৰাছ শব্দটো বহুবচন, কিন্তু বয়ফ্ৰেণ্ড বা স্বামী একবচন। একবচন কে’ছত আন কাৰো বচন সহ্য কৰা নেযায়।

২১) ৰাণু হাজৰিকা: – এই লক ডাউনৰ সময়ত যদি আমাৰ একোখনকৈ পুষ্পক ৰথ থাকিলে হেঁতেন কি কৰিলে হয়?

উত্তৰঃ- একো লাভ নহ’লহেতেন। লকডাউনত প্ৰথম প্ৰথম উৰণীয়া বাহনবোৰেই বন্ধ কৰিছে। আৰু একেবাৰে পিছেলৈকেও বন্ধ থাকিব।

২২) হৃষীকেশ ডেকা:- চিনেমাবোৰত ভিলেইনবোৰ শেষত মৰে কিয় ?

উত্তৰঃ- প্ৰশ্নটোৰ বহুত বিপৰীত উদাহৰণ আছে। গতিকে উত্তৰ দিয়াত অসুবিধা। কেতিয়াবা হিৰো মৰে, কেতিয়াবা হিৰো হিৰোইন একেলগে মৰে, কেতিয়াবা হিৰোৰ বন্ধুৱে চেক্ৰিফাইচ কৰি মৰে। কেতিয়াবা ভিলেইন নমৰে- কেৱল পুলিচে ধৰে। শ্বোলে ত যদি গব্বৰ সিং নমৰিল, তেনে ভিলেইন সদায় মৰি যায় বুলি ধৰি লোৱা কঠিন।

২৩)অঞ্জন সাধনিদাৰ:- “লকডাউন”ৰ বিপৰীত শব্দ কি?

উত্তৰঃ- আজিৰ দিনত লকডাওনৰ বিপৰীত স্থিতি লোৱা মানেই ‘লক আপ’। সদ্যহতে এইটো উত্তৰেই থাককচোন বাৰু।

২৪)পৰীস্মিতা বৰদলৈ:- হনুমানৰ যদি নেগুৰ ডাল নাথাকিলেহেঁতেন লংকাত কেনেকৈ/কিহেৰে জুই লগালেহেঁতেন  বাৰু?

উত্তৰঃ- গ্ৰেনেড লন্সাৰ বা বাঝুকা লৈ যাব লাগিলেহেতেন। অৱ‍শ্যে এচিটিলিন বা বিউটেল টৰ্চেৰেও পাৰিলেহেতেন।

২৫)কমলা দাস:- বৰদৈচিলাজনীয়ে মাকৰ ঘৰলৈ আহোঁতে খঙৰ কাৰণ টো অনুমান কৰিব পাৰি বাৰু!  হয়তো শাহু, শহুৰ নাইবা জোৱাইয়ে আহিবলৈ মানা কৰাৰ কাৰণে খঙতে প্ৰবাল গতিত ঢাহিমুহি আহে। পিছে ঘুৰি যাওঁতেও কিয় একেই প্ৰবাল গতিৰে  একেবাৰে যাজ্ঞসেনী জনী হৈ যায় বাৰু?

উত্তৰঃ- ঘৰত মাহীমাক আছে বুলি অনুমান হয়।

২৬)ভূপালী দেৱী:- মহিলা সকলৰ মহাদেৱৰ দৰে তিনিটা চকু আৰু দুৰ্গা মাৰ দৰে দহখন হাত থকা হ’লে কি কি সুবিধা আৰু কি কি অসুবিধা হ’ল হেতেন ?

উত্তৰঃ- তিনিনম্বৰ চকুটো মেলিলে যদি মহাদেৱ এফেক্টটোৱেই হ’লহেতেন, তেনে- স্বামীসকল দিনে কমেও তিনিবাৰকৈ কামদেৱ বা ফিনিক্স প‍ক্ষীৰ দৰে ছাঁইৰ পৰা আকৌ যি উঠাৰ কৌশল আয়ত্ব কৰিব লাগিলেহেতেন। সুবিধা হিচাপে ঘৰত এল পি জিৰ ঘৰছ কমিলেহেতেন বুলি অনুমান কৰিব পাৰি।

আনহাতে মহিলাক দহখন হাত নিদিয়াতো আচলতে ভগৱানৰ ভুলেই হৈছে। স্কুটী চলাই যাওতে হেণ্ডেল পোনাই, মাজে মাজে ব্ৰেক আদি ব্যৱহাৰ কৰি, মোবাইলত কথা পাতি পাতি ছাতি মেলি যোৱাৰ সময়ত বতাহত উৰি যোৱা উৰ্ণাখন ঠিক কৰিবলৈ লাগেই আৰু হাত কেইখনমান; হ’লে বৰ সুবিধা হ’লহেতেন। অসুবিধা বুলিবলে ব্লাউজ চিলোৱা দৰ্জীসকলৰ কষ্ট অলপ বেছি হ’লহেতেন আৰু।

২৭)দীপাংকৰ চৌধুৰী:-
চ’তৰ বিহুত        বৰদৈচিলা
      মাকৰ ঘৰলৈ যায়,
গছ-গছনি         ঘৰ-দুৱাৰ
        নিয়ে উৰুৱাই।
   হিল- দল            ভাঙি
         মেলিছে ঢাপলি,
    লগত নিছে        লগৰীয়া
          যত বা-মাৰলি।
  আউল বাউল        চুলি মেলি
           মাৰিছা কিয় লৰ ?
  লাহে ধীৰে          গলেও দেখোন
           পাবা মাৰাৰ ঘৰ ।
এতিয়া মোৰ প্ৰশ্নটো হ’ল-আচলতে এই বৰদৈচিলা জনীৰ ঘৰ ক’ত?

উত্তৰঃ- প্ৰশান্ত আৰু ভাৰত মহাসাগৰৰ মাজামাজি ঠাইবোৰৰ ফালৰ পৰাই অহা দেখোঁ, পিছে নিজে গৈ দেখা নাই। কথাতে কৈছে- দেখাৰো লবা তিনি প্ৰমাণ। এবাৰ গৈ চাই আহিব লাগিব বুলি আশা পালি আছো বাৰু।

☆ ★ ☆ ★ ☆

7 Comments

  • ধন্যবাদ ফতহু কাই । বৰ ধুনীয়াকৈ উত্তৰ পাই মই নিৰুত্তৰ, বাকৰুদ্ধ হৈ পৰিলোঁ। কিন্তু মগজুটোত আৰু ফটাপ্ৰশ্ন কিছুমানে বিৰবিৰাই ফুৰিছে ।

    Reply
  • কমল

    ? থেংক ইউ ফটহুুকাই , ভাল লাগিল উত্তৰ বোৰ পঢ়ি ৷

    Reply
  • জিতা ফুকন

    ধন্যবাদ ফটহুকাই উত্তৰ পোৱা বাবে | পিছে মোৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰেহে মনত অলপ আঘাট দিলে | যুগে যুগে পুৰুষৰ অত্যাচাৰে সীমা চেৰাই গৈছে |

    Reply
  • Sadananda Bhuyan

    অতি সুন্দৰ ফটহু কাইৰ ফটা প্ৰশ্নৰ উত্তৰ ।

    Reply
  • Nirmali

    থেংকিউ ফটহু কাই

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ধন্যবাদ ফটহুকাই।

    Reply

Leave a Reply to জিতা ফুকন Cancel reply

Your email address will not be published. Required fields are marked *