ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা-

আলোচনী এখন সম্পাদনা কৰা মোৰ দৰে এজনীৰ বাবে সহজ নহয়। তাতে এই ৰিণ্টুমণি দত্তও হ’ল নাচোৰ-বাণ্ডা। ক’লে, “পাৰিবাহে, একো ডাঙৰ কাম নহয়!” আগতে বহুতো অজুহাত দেখুৱাই এইবাৰ নোৱাৰিম নকৈ সাহস গোটাই মে’ মাহৰ সংখ্যাটোত পাৰিম বুলি ক’লোঁ। মন বান্ধি লৈছিলোঁ, অমুক কৰিম, তমুক কৰিম… মুঠতে বহুত পৰিকল্পনা! এনেয়ো আমুকি ৰাতি হ’লে সাত হাল বোৱা পুৱা হ’লে এহালো নোহোৱা। পিছে এইটো কথাও ভালকৈ জানো যে নাকত তেল দি শুই থাকিম বুলি ভাবিলেও মই শুই থাকিবলৈ নাপাওঁ। আগতে এই বিষয়ে এবাৰ অভিজ্ঞতা হৈছেই (সেইভাগি অভিজ্ঞতাৰ কথা কৈ আপোনালোকক এতিয়া আমনি নিদিওঁ বাৰু)। কি হ’ব! কথা এষাৰ আছে নহয় বোলে, “ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি”। এৰা, মোকো কণা বিধিয়ে পালে। সময়বোৰ ঠিক হৈ নাথাকিল! চাৰিওফালে লকডাউন হ’ল, অচলাৱস্থা পৰিস্থিতিৰ বাবে একো চিন্তাই সঠিককৈ কৰিব নোৱাৰা কৰিলে। তাৰোপৰি হঠাতে মাৰ দুৰাৰোগ্যৰ খবৰটো পোৱাৰ পাছত কোনো এটা সঠিক সিদ্ধান্ত ল’ব নোৱাৰা হৈ পৰিলোঁ। অসুস্থ মাৰ লগত দিনটোৰ অৰ্ধেক সময় ব্যস্ত হৈ পৰিলোঁ। ইফালে স্কুলসমূহ বন্ধ হৈ যোৱাৰ বাবে ছোৱালী দুজনীৰ অনলাইন ক্লাছ আৰম্ভ হৈ গ’ল। ফোনটো দিনৰ ভাগত কমেইহে চুবলৈ পোৱা হ’লোঁ। মোৰ আকৌ কিবা এটা লিখাৰ নিৰ্দিষ্ট সময় নাথাকে, যেতিয়াই সময় পাওঁ বা লিখিবলৈ মন যায় তেতিয়াই লিখোঁ। কিন্তু এইমাহত ফোনটো নিজৰ ভাগত ৰাতি ১০:৩০ বজাৰ পাছতহে পাওঁ। দিনৰ ভাগত তাৰ মাজতে সিহঁত দুজনীৰ পৰা ফোনটো অলপ সময়ৰ বাবে লওঁ। প্ৰথম চিন্তা হ’ল সাক্ষাৎকাৰটো লৈ। ইফালে সম্পাদিকাৰ দায়িত্ব দিয়াৰ পাছতে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী ছাৰৰ সাক্ষাৎকাৰ ল’ম বুলি ঠিক কৰিছিলোঁ। লক ডাউনৰ মাজত সাক্ষাৎকাৰ ল’বলৈ যোৱাটো সম্ভৱ নহয়। কোনফালে কি কৰিম ভাবি একেবাৰে দিশহাৰা হৈ পৰিলোঁ।

এনেকুৱা পৰিস্থিতিত সাহস হৈ মোৰ কাষত ঠিয় হৈ থাকিল অভিজিতদা,  ৰিণ্টুমণি, চবিনা, হেমন্ত কাকতিদা, ৰাজশ্ৰী, দেৱজিৎ (শৰ্মা আৰু শইকীয়া)   আৰাধনা, গুৰুজী (জ্যোতি ৰূপম দত্ত), দিম্পল, পৰীস্মিতা, ঋতুপৰ্ণা, ৰিমঝিম, প্ৰণীতাবাকে আদি কৰি ফটাঢোলৰ টিম। ইয়ে আমাৰ বিজয় মহন্তৰ নাম নল’লে একেবাৰে না ইনচাফী হ’ব। প্ৰথম দিনাই দম দি কৈছে বোলে ,” সৰু সুৰা কথাত মোক বিচাৰি আমনি নকৰিব দেই। সমস্যা গুৰুতৰ হ’লেহে মোক বিচাৰিব”। ভাগ্য ভাল আছিল মানে ডাঙৰ সমস্যা নহ’ল।  তাৰপিছত…! এৰা তাৰপিছত আৰু কি .. লাহে লাহে কামবোৰ আগবাঢ়ি গ’ল। যেন ক’লা ডাৱৰ ফালি এচেৰেঙা ৰ’দৰ জিলমিল। দুৰাৰোগ্যত ভোগা মাৰ ট্ৰিটমেণ্ট আৰম্ভ হ’ল আৰু সুফলো দেখুৱাবলৈ আৰম্ভ কৰিলে। সাক্ষাৎকাৰৰ সমাধান দেৱ চৌধুৰী ছাৰে নিজেই কৰি দিলে। ছাৰলৈ এই আপাহতে মোৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালোঁ। কিন্তু…

কিন্তু আচল সমস্যাৰ সমাধান নোপোৱা হ’লোঁ। ইতিমধ্যে মাহটোৰ ২০ দিন পাৰ হ’ল, লেখা নাই যি নায়েই। মনতে ভাবিছোঁ, “শেষ এইবাৰ, ক’ত মৰ মৰ বেটি!” কান্দিমেই নে হাঁহিমেই লাগিবলৈ ধৰিলে। ভাবিছোঁ, ফটাঢোলত দেখোন মোক বেছিভাগেই চিনিকে নাপায়। আচলতে মনত ৰাখিব পৰাকৈ ফটাঢোলত মোৰ তেনেকুৱা কোনো অৰিহণাই নাই। গতিকে কোনে মোৰ দৰে সম্পাদিকা এগৰাকীলৈ লেখা পঠিয়াব! ব্যংগ লিখা মোৰ বাবে বৰ জটিল কাম। সঁচা কথা ক’বলৈ গ’লে মোৰ সেইভাগি নহয় হে নহয়, মানে ব্যংগাত্মক লেখাৰ ৰূপ নলয়গৈহে নলয়গৈ। মোৰ অস্থিৰতা দেখি সম্পাদনা সমিতিৰ ফালৰ পৰা কোনো কোনোৱে সাহস দিলে, “লেখা আহিব চিন্তা নকৰিবা/ নকৰিব, লেখাবোৰ ২০ তাৰিখৰ পাছতহে আহে।” আৰে ১ তাৰিখে আলোচনী ওলায় কিন্তু লেখা ইমান পাছত আহেনে? মিছাকৈয়ে কৈছে কিজানি! সাঁতুৰিব নজনা মানুহে পানীত পৰিলে খেৰ-কূটা এডালত ধৰিব পাৰিলেও সাহস পায়। ময়ো পানীত পৰি খেৰ-কূটাত ধৰি ৰৈ থাকিলোঁ। পিছে কি আচৰিত, মোৰ বেছি সময় পানীত ককবকাই থাকিব লগা নহ’ল। মানে ২০ তাৰিখৰ পাছত লেখাবোৰ আহিবলৈ ল’লে। মনত সাহস বাঢ়িল। ২০ তাৰিখৰ পাছত ফটাঢোলৰ ই-আলোচনীখনৰ শিতানবোৰ লাহে লাহে পূৰ হ’বলৈ ধৰিলে। কথা এষাৰ অকপটে স্বীকাৰ কৰিছোঁ যে এইমাহত ফটাঢোলৰ ই-আলোচনীৰ যদিও মই সম্পাদিকাৰ দায়িত্বত আছিলোঁ, কিন্তু পৰ্দাৰ আঁৰৰ মানুহখিনিহে আচল আছিল। এখেতসকলৰ সহায় সহযোগিতাৰ অবিহনে মোৰ বাবে এইখন আগবঢ়াই দিয়াটো সম্ভৱ নাছিল। এই আপাহতে মই টিম ফটাঢোলৰ সম্পাদনা সমিতিৰ সকলোলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। চন্দন, হিমাংশু, খনিন্দ্ৰ- ইহঁত তিনিওৰে কথা নক’লে নহ’ব,তিনিওৱে বহুতো সহায় কৰিলে। মোৰ মৰম আটাইকেইটালৈ। অ’ আৰু দিগন্ত আৰু চন্দন ইহঁতে আলোচনীখন সৰ্বাংগসুন্দৰ কৰিবৰ বাবে  দেখা নিদি আঁৰে আঁৰে কাম কৰে। মোৰ মনলৈ অহা সকলৰ নাম ল’লোঁ, কিন্তু অজানিতে হয়তো কাৰোবাৰ নাম পাহৰি গৈছোঁ তাৰবাবে মোক ক্ষমা কৰিব। মোক সহায় সহযোগিতা কৰা সকলোলৈ মোৰ আন্তৰিক শ্ৰদ্ধাৰে ধন্যবাদ জনালোঁ।

শেষত কওঁ, হাঁহকহে’! হাঁহিবলৈ পইছা নালাগে নহয়। নিজেও হাঁহক আৰু আনকো হঁহুৱাবলৈ চেষ্টা কৰক। হাঁহি হ’ল মহৌষধ। আৰু কি ক’মনো? শেষত ফটাঢোল ই আলোচনীৰ যাত্ৰা সুদূৰপ্ৰসাৰী হোৱাৰ লগতে এইখন ৰাইজৰো অধিক প্ৰিয় হৈ গৈ থাকক তাকেই আশা কৰিলোঁ।

ধন্যবাদ
অঞ্জলি গগৈ বৰগোহাঞি
সম্পাদিকা
‘ফটাঢোল’
মে’, ২০২০, বসন্ত সংখ্যা

(তৃতীয় বৰ্ষৰ দশম সংখ্যা)

☆ ★ ☆ ★ ☆

13 Comments

  • HEMANTA KAKATI

    বহুত নিয়াৰিকৈ কামখিনি সমাপন কৰিলা৷ বহুত ধন্যবাদ!

    Reply
    • অঞ্জলি

      ধন্যবাদ কোৱাইটি

      Reply
  • এখন সুন্দৰ আলোচনী আমাক উপহাৰ দিলে বা৷ অশেষ ধন্যবাদ৷

    Reply
    • অঞ্জলি

      ধন্যবাদ চবিনা

      Reply
  • এখন।সুন্দৰ ৰসাল আলোচনী সম্পাদনা কৰি আমাক উপহাৰ দিলা, অশেষ ধন্যবাদ তোমাক। ঘৰুৱা সমস্যাও হেঙাৰ নহ’ল তোমাৰ উদ্যমত।

    Reply
    • অঞ্জলি

      মনত থাকিব এইমাহৰ অভিজ্ঞতা । ধন্যবাদ বা

      Reply
  • rintumoni dutta

    খুব নিয়াৰিকৈ,কোনো বেমেজালি নোহোৱাকৈ কামবোৰ কৰিলা। আন্তৰিক ধন্যবাদ তোমালৈ

    Reply
    • অঞ্জলি

      খুবেই সুন্দৰ সময় উপভোগ কৰিলোঁ । ধন্যবাদ তোমাক ।

      Reply
  • Chandan Bori

    সুন্দৰ আলোচনী এখন আমাক উপহাৰ দিলে বা৷ অশেষ ধন্যবাদ৷

    Reply
  • অভিজিত কলিতা

    এইবাৰ আলোচনী অতি উচ্চ মানৰ লেখাৰে ভৰি আছে, খুব ভাল হৈছে। আৰু তোমাৰ মাৰ অসুখ, লগতে চাৰিওফালৰ এই হতাশাজনক পৰিস্থিতিত তুমি যিদৰে কাম কৰিলা, তৱধ মানিছো। সৰ্বাংগ সুন্দৰ আলোচনীখনৰ বাবে অভিনন্দন জনোৱাৰ লগতে তোমালৈ অযুত শুভেচ্ছা যাছিলোঁ।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    আপোনাৰ চেষ্টাক শলাগিছোঁ৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    এইবাৰ খণ্ডটি খুবেই ভাল হৈছে বা। আপোনালৈ অভিনন্দন । ইমান চিন্তাৰ মাজতো যে নিয়াৰিকৈ পৰিচালনা কৰিলে আটাইখিনি।

    Reply
  • লখিমী

    ইমানবোৰ অসুবিধাৰ মাজতো নিয়াৰিকৈ কৰিলে।অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো বা। অবশ্যে এটা কথা সঁচা, ফটোঢোল টিম থাকিলে লগত, আৰু কি লাগে ন

    Reply

Leave a Reply to ৰঞ্জিত কুমাৰ শৰ্মা Cancel reply

Your email address will not be published.

error: Content is protected !!