ফটাঢোল

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১) জোনমণি বৰুৱা : মিঠাতেল কিয় মিঠা নহয় আৰু গৰম মছলা কিয় গৰম নহয়?

উত্তৰ : আচলতে হ’ব লাগিছিল, কিন্তু আজিকালি সকলো ভেজাল হ’ল নহয়। আপুনি মিঠাতেলত অলপ চেনী মিহলাই বা গৰম মছলা তেৱাত ভাজি খাই চাবচোন, নামে বস্তুৱে মিলি পৰিব।

২) নিৰ্মালী বৰমুদৈ : “প্ৰথম মৰমে যদি সঁহাৰি নাপায়, ভালপোৱা কিয় জানো মৰহি যায়”..

এতিয়া কথাটো হ’ল প্ৰথম মৰমে সঁহাৰি নিদিলে ভালপোৱা মৰহি যায় নে দ্বিতীয় আৰু তৃতীয় প্ৰেমৰ কাৰণে হাবাথুৰি খায়?

উত্তৰ : প্ৰেম আচলতে চকৰিৰ দৰে বৃত্তাকাৰ, কোনটো আগ কোনটো পিছ ধৰাই টান। সেয়ে প্ৰতিটো প্ৰেমেই প্ৰথম প্ৰেম যেন লাগে। ২য়, ৩য় প্ৰেম বুলি কথা নাই।

৩) জিতা ফুকন : বাচি খাবা, জাগি শুবা। বাচি খালে ভাল বাৰু পিছে জাগি শুলে টোপনি পূৰ হ’ব জানো? সেই টোপনি কোনদিনা পূৰ হ’ব?

উত্তৰ : দিনত চোৰ তোৰ নহা সময়ত দবাই শুই দিলেই হ’ল, দুপৰীয়া ভাত কেইটা খাই উঠি।

৪) কমলা দাস : যি কোনো চিৰিয়াচ কথা এটা ক’লে, শুনোতাই প্ৰথমে সোধে- ক’ত শুনিছা? মই যদি কওঁ ফেচবুকত পাইছোঁ বুলি তেন্তে সিজনৰ ব্যঙ্গাত্মক উত্তৰ- ফেচবুকৰ কথাহে! তাৰ মানে কি? ফেচবুকৰ কথা বিশ্বাস যোগ্য নহয় নেকি?

উত্তৰ : সকলো কথা নহয়, ফেচবুক আৰু ইণ্টাৰনেটত প্ৰপাগাণ্ডামূলক কথা ভৰি আছে, সেয়ে পুৰণা প্ৰবচনটো এনেকৈ ক’ব পাৰি, হোৱাটচএপত পোৱা কথাত নিদিবা কাণ, ফেচবুকত পোৱাৰো ল’বা তিনি প্ৰমাণ।

৫) নাংচেং বিজু বুঢ়াগোহাঁই : আগৰ দিনৰ ৰজা-মহাৰজাবোৰৰ চুলিবোৰ দীঘল দীঘল যে দেখুৱাই, এজনো তপা নাছিল নেকি?

উত্তৰ : ৰজাৰ আৰু ৱিগ এটা কিনিবলৈ টকাৰ নাটনি হ’ব নে?

৬) দিলীপ আৰ কাকতি : কৰ’না মহামাৰীৰ বাবে মুখা পিন্ধা ভদ্ৰলোকসকলে বেলেগকৈ মুখা মানে মাস্ক পিন্ধিব লাগিবনে?

উত্তৰ : বৰ্তমান সময়ৰ সকলোতকৈ জটিল প্ৰশ্ন। কিন্তু ফটহুৱে মন কৰিছে, সেই মুখা পিন্ধা ভদ্ৰলোকসকলেও কিন্তু আনক দেখুৱাই মুখা পিন্ধি আছে, মানে তেওঁলোকে দেখুৱাব খুজিছে যে তেওঁলোক মুখা পিন্ধা ভদ্ৰলোক নহয়। ফটহুৰ মতে এইসকল লোকক মাস্ক পিন্ধাৰ পৰা ৰেহাই দিব লাগে, কৰ’না লাগিলেও লাগক এওঁলোকৰ গাত।

৭) হেমন্ত কুমাৰ চক্ৰৱৰ্তী : ৰামায়ণত(TV serial), সুগ্ৰিৱ, বালি কেছৰী বান্দৰ প্ৰজাতিৰ আছিল কিন্তু ঘৈণীয়েকবোৰ মানুহ কেনেকৈ আছিল? জাম্বুৱণ্ট ভালুক আছিল, শ্ৰীকৃষ্ণই বিয়া কৰোৱা জাম্বুৱণ্টৰ পুত্ৰী মানুহ কেনেকৈ হৈছিল?

উত্তৰ : আগতে উত্তৰ দিয়া হৈছে৷

৮) ৰাজু কুমাৰ নাথ : কৰ’না হেনো কল্কি অৱতাৰৰ কঠীয়াহে! এতিয়া ৰাইজৰ সাৰ পানী পাই, পুৰঠ হৈ গুটি পকিবলৈ গ’লে আমাৰ কি হ’ব ঔ ফটহুকাই ?

উত্তৰ : ভয় নুুখুৱাবহে। পিচে কল্কি অৱতাৰে বেয়া মানুহ আৰু পাপীবোৰকহে মৰাৰ কথা আছিল, গোটেই পাপীবোৰ চোন মুখত মাস্ক পিন্ধি দপদপাই ফুৰিছে। কৰ’নাৰ সৈতে কল্কিৰ লিংক নাইহে হ’বপায়।

৯) কংকনা কলিতা : এই যে ঘৰৰ ডাঙৰ ছোৱালীজনী লখিমী, বা অমুক তমুক। কিন্তু যাৰ ঘৰত ল’ৰাজন ডাঙৰ হয় আৰু এজনী ছোৱালী থাকে মানে ছোৱালী এজনীয়ে আৰু সেই ছোৱালীজনী ডাঙৰ নে সৰু আজিলৈ কনফিউজ হৈ আছোঁ। এনেইতো ক’বই যে ছোৱালীজনী পিছত হোৱা সেয়ে সৰু হ’ব। কিন্তু একক ভাৱে যদি ক’বলৈ যাওঁ তেতিয়া?

উত্তৰ : ছোৱালী লখিমী হয় নে নাই সেইটো তাই ডাঙৰ নে সৰু সেইটো কথাৰ ওপৰত নিৰ্ভৰ নকৰে। ছোৱালী সদায় লখিমীয়েই হয়, ঘৰখন ঘৰ কৰি ৰাখে। কেইবাজনীও ছোৱালী থাকিলেও গোটেই কেইজনীয়েই লখিমী।

১০) অণিমা দাস : ভোজনৰ আগত ৰণৰ পাছত যাব লাগে বুলি কথাষাৰ কোনে প্ৰথমে কৈছিল? ভোজনৰ পাছত ৰণৰ আগত গ’লে কি কি সুবিধা আৰু অসুবিধা হ’লহেঁতেন?

উত্তৰ : ৰণৰ আগত গ’লে কটা যোৱাৰ ভয়, ভোজৰ শেষত গ’লে মাংস শেষ হোৱাৰ ভয়। ডিঙি কটা নোযোৱাকৈ আজীৱন মাছে মাংসই দবাই থকাৰ মন থাকিলে এই প্ৰবচনবোৰক সন্দেহৰ দৃষ্টিৰে নেচাই, পোনে পোনে মানি চলাই ভাল।

১১) জুৰি বৰা :’সু-তিৰী ফেদেলী’ কিয় কোৱা হয় আৰু কথষাৰ কিমান গ্ৰহণযোগ্য?

উত্তৰ : ফটহুৱে মন কৰিছে, যিকেইজনী তিৰীয়ে সৰুৰে পৰা নিজকে ধুনীয়া বুলি ভাৱে, আনৰ পৰা পাত্তা পাই, তেওঁলোক ৰূপৰ গৰ্বতে মৰেগৈ, মানে ৰূপৰ বলতে জীৱনটো চলাই নিব পাৰিব বুলি ভাৱে। আনহাতে নিজৰ ৰূপ সম্পৰ্কে সন্দিহান কেইগৰাকীয়ে আন আন গুণবোৰ উৎকৰ্ষ কৰিবলৈ চেষ্টা কৰে, নিজৰ ব্যৱহাৰ পাতি ভাল কৰে, কাম বন শিকে, পঢ়াৰ মনোযোগ দিয়ে। সেই দিশৰ পৰা চাবলৈ গ’লে সুতিৰী ফেদেলী কথাষাৰ গ্ৰহণযোগ্য।

১২) ৰেখা ডেকা : গণেশৰ মূৰটো লগাবলৈ হাতীটো কিয় মাৰিব লাগে?

উত্তৰ : নাই মৰা ঔ, হাতীটো আগতেই মৰা আছিল। PETA ই গম পালে গণ্ডগোল লগাই দিব এতিয়া।

১৩) বৰ্ণালী এছ মুদৈ : কাম বন নাই বেকাৰ হৈ আছোঁ বুলি যে ল’ৰাবোৰে কয়, ছোৱালীবোৰে মই বেকাৰী হৈ আছোঁ বুলি কিয় নকয়?

উত্তৰ : বেকাৰীত অলপসোপা কামনে, আটা মৰা, অভেনত বে’ক কৰা, ভজা, পোৰা। বেকাৰী বুলি ক’লে কাম বন নোহোৱা বুলি ক’ব নোৱাৰিব নহয়।

১৪) দ্বিজেন তামূলী : মানুহে কয় ধৈৰ্য্যৰ ফল মিঠা বুলি, কিন্তু সময় এটা নিৰ্ধাৰিত কৰা হোৱা নাই কিয়? ইফালে কয় ধৈৰ্য্যৰো এটা সীমা থাকে

উত্তৰ : মিঠাৰো এটা সীমা থাকে আচলতে, গতিকে নিজ সময় সুবিধা বুজি ধৈৰ্যৰ বান্ধোন খুলি দিয়াই ভাল।

১৫) যোগেশ ভট্টাচাৰ্য্য : অমৃত আৰু বিষ একেলগে গুলি খাই দিলে মানুহ মৰিব নে অমৰ হ’ব?

উত্তৰ : বিষ উচে না জীনে দেগা, ঔৰ অমৃত উচে মৰণে নেহী দেগী। তেনেই লিকুইড অক্সিজেনত ডুবাই দিয়াৰ দৰে হ’ব কথা।

১৬) তাবিবৰ ৰহমান : সেই সুত্ৰে চাকৰি বা ব্যৱসায় নকৰা মহিলাসকলক housewife বুলি কোৱা হয়। তেনে চাকৰি নকৰা পুৰুষক House husband বুলি কিয় নকয়?

উত্তৰ : হাউচ মানে ঘৰ, মানে হাউচ ৱাইফ বা হাচবেণ্ড হ’বলৈ সেইজন বা গৰাকী ঘৰত থাকিব লাগিব। কিন্তু কাম বন নোহোৱা পুৰুষসকল ঘৰত বহি থাকে জানো? পদুলি শুঙাত তেওঁলোকক কোনেও বলে নোৱাৰে। চাকৰি কাম কৰি ঘৰ চলোৱা মহিলাগৰাকীক ঘৰৰ কামবনতো সহায় কৰি দিয়ে বুলি ভাৱিছে নেকি? গতিকে হাউচ হাজবেণ্ড শব্দটো নচলিব যেন লাগে।

১৭) সদানন্দ ভূঞা : মধ্যবিত্তই হওক বা আধ্যৱন্তই হওক বা দৰিদ্ৰ পৰিয়ালৰেই হওক প্ৰায় সংখ্যক মানুহৰ ঘৰত আলহী অতিথি আহিলে বহিবৰ বাবে এটা কোঠালি সাজে৷ বহুতেই সেই কোঠালিটোক দ্ৰয়িং ৰূম বুলি কয়৷ সেই কোঠালিটোত ঘৰৰ মানুহেও ছবি অংকন নকৰে আৰু আলহী অতিথিকো ছবি অংকন কৰিবলৈ নিদিয়ে৷ তেনেহ’লে সেই কোঠালিটোক দ্ৰয়িংৰূম বুলি কিয় কয় বাৰু? নাজানিহে সুধিছোঁ দেই। কোনেও খং-ৰাগ নকৰিব পায়৷

উত্তৰ : Drawing room শব্দটো আচলতে Withdrawing শব্দটোৰ পৰা আহিছে, মানে জিৰণি কোঠা। পিচে আজিকালি ঘৰৰ নটখট শিশুকেইটাই ড্ৰৱিংৰূমৰ দেৱালত ৰঙীন পেন্সিলেৰে কাৰুকাৰ্য কৰি থোৱা দেখিলে, ড্ৰৱিংৰূম শব্দটোহে উপযুক্ত যেন লাগে।

১৮) উত্তম নেওগ : মানুহৰ শৰীৰৰ অঙ্গবোৰৰ স্থানবোৰ যদি অন্য ঠাইত হোৱা হ’লে? যেনে- চকু দুটা পেটত, নাকটো পিঠিত, কাণখন ভৰিত, মুখখন মূৰত, হাত দুটা তপিনাত ইত্যাদি ইত্যাদি৷

উত্তৰ : নেথাকে বুলি একে আষাৰে ক’ব নোৱাৰি। কন্ধ বুলি ভূত বিধৰ চকু পেটত থাকে। পিচে আপুনি কোৱাৰ দৰে নিয়ম হ’লেও মানুহে তাৰ লগতে মিলাই নানান ফেছন কৰিলেহেঁতেন, বিশ্বাস কৰক।

১৯) নয়নজ্যোতি বৰঠাকুৰ : “মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ পুৱা” বুলি জনাৰ পাছতো কিয় বাৰু ৰাতিপুৱা সোনকালে উঠাটো স্বাস্থ্যৰ পক্ষে ভাল বুলি কয়?

উত্তৰ : চিকুন আৰু স্বাস্থ্যৰ পক্ষে ভাল এই কথা দুটাই ওলোটা। যিকেইটা বস্তু খাবলৈ ভাল, সেইকেইটা আকৌ পেটলৈ বেয়া, আৰু মছন্দৰীৰ পিটিকা কোনেনো ভাল পাই? স্বাস্থ্য লাগেনে চিকুন টোপনি লাগে সেইটো সিদ্ধান্ত আপুনি নিজেই ল’ব লাগিব।

২০) ধূৰ্জতি কাকতি : গজল গায়কে গালে,

“ ইস্ক কিজিয়ে, ফিৰ সমঝিয়ে জিন্দেগী ক্যা ‘চীজ’ হে
এতিয়া কথা হ’ল ইস্ক কৰিলে যে আমি জিন্দেগী কি
চীজ যে গম পাম, জিন্দেগী কি বাটাৰ বা জিন্দেগী কি পনীৰ কিয় গম নেপাওঁ ?

উত্তৰ : সেইজনেও গম নেপায় নিশ্চয়। নহ’লেনো আৰু দুনীয়াত ইমানবোৰ কাম থাকোঁতে গজল গাই পেট মোকলোৱাৰ কথা ভাৱেনে?

২১) চন্দনা শৰ্মা : একেৰাহে ১১ ঘণ্টামান টোপনি গ’লে আমাৰ গা বোৰচোন বেমাৰী যেন লাগি থাকে কুম্ভকৰ্ণৰ ৬ মাহৰ পাছত উঠি বাৰু কেনেকুৱা লাগিছিল?

উত্তৰ : কুম্ভকৰ্ণক সোধা নহ’ল কথাটো, কিন্তু অমুকা হ’লে ৬ মাহৰ পিছত উঠি, এঙামুৰি দি আকৌ এঘণ্টা শোৱাৰ ভাগৰটো মাৰি ল’লোঁহেঁতেন সেইটো ঠিক।

২২) উৎপলা শইকীয়া : মাটিদালি কিয় মাটিদালি নাম দিলে? পানীদালি, জুইদালি, বায়ুদালিওতো দিব পাৰিলে হয়?

উত্তৰ : সেইবোৰ নাম আন দালিবিলাকলৈ থ’লে। অমুকাই সেইবোৰ এলা পেচা দালিৰ কথা ভৱাত নাই এতিয়া, ভাৱিছোঁ চালভাডোৰ দালিৰ সৈতে কি সম্বৰ মাৰিলে ভাল হব!

২৩) ভূপালী দেৱী : ছোৱালীবোৰ যদি কুৰিতে বুঢ়ী হয়, ল’ৰাবোৰ কেতিয়া বুঢ়া হয়?

উত্তৰ : কুৰিতে হয়, কিন্তু লগত ৫০ বছৰ মানৰ মাৰ্জিন এটা ৰখা হয়, কেতিয়াবা কামত আহিব বুলি।

২৪) মাধুৰ্য্য হাজৰিকা : স্বৰ্গতনো কেনেধৰণৰ সুখ পোৱা যায়, স্বৰ্গসুখ বুলি যে কয়?

উত্তৰ : আনবোৰ নেজানো, কিন্তু এটা কথা ঠিক যে স্বৰ্গত ঘৈণীৰ গালি বোলা বস্তুটো নাই। আনকি স্বৰ্গবাসীসকলে আন কোনোবা ৰম্ভা, মেনকাৰ ওপৰত চকু ফুৰালেও ঘৈণীয়ে হাঁহিমুখে সমৰ্থন জনায়।

২৫) পৰীস্মিতা গগৈ : হে’ডফোনবোৰত গাঁ‌ঠিবোৰ কোনে দিয়ে?

উত্তৰ : প্ৰেমে। কথাপতাজন প্ৰেম ভাৱত মগ্ন হৈ থাকিলে নিজেই কোন পাকত গাঁঠি লগাই গমেই নেপায়।

২৭) উত্তম নেওগ : বিহু নামত গাই ‘কল্পনাৰ কাৰেংঘৰ ধুমুহাই ভাঙিলে’ কি চিমেণ্ট ব্যৱহাৰ কৰিছিল বাৰু? ইমান থুনুকা?

উত্তৰ : কল্পনাৰ কাৰেং সাজোঁতে ক’ৰ চিমেণ্ট দিয়া দেখিলেৰে, শুদ্ধ বালিৰেই সাজে। কৰ পৰা টিকিব?

২৮) মাধুৰ্য্য বৰা : স্বৰ্গৰ দেৱতাসকল বাৰু অমৃত খাই অমৰ হ’ল। পৰিয়ালৰ বাকীবিলাক অপেস্বৰীবিলাকৰ কি হ’ল? (টি ভিত অকল পুৰুষ কেইজনেহে খোৱা দেখিছিলোঁ)

উত্তৰ : ঘৰমুৰীয়া ভাগটো পিছলৈ দিছিল হয়তো, পলিথিন পেকেটত বান্ধি। সকলোৱে ভাগ পাইছিল, চিন্তা নকৰিব।

২৯) দিলীপ আৰ কাকতি : কৰ’না সংক্ৰমণৰ পৰা বাছিবলৈ B Positive হ’লে ভাল নে O Positive হ’লে ভাল?

উত্তৰ : Be Positive.

☆ ★ ☆ ★ ☆

7 Comments

Leave a Reply to HRISHIKESH DEKA Cancel reply

Your email address will not be published. Required fields are marked *