ফটাঢোল

সাহিত্য, ভাষা, ডিজিটেল মিডিয়া ইত্যাদি

“লিখিলেই সাহিত্য নহয়, ঠিক যিদৰে আঁকিলেই ছবি নহয়, গুণগুণালেই গান নহয়, অথবা কঁকালটো ভাঙিলেই নাচ নহয়।”(১) অথচ কোনবোৰ লেখা সাহিত্যত পৰিব বা কোনবোৰ লেখা সাহিত্যৰ পৰিসৰৰ বাহিৰত থাকিব সেই সম্পৰ্কে ধাৰণা কৰাটোও প্ৰকৃতাৰ্থত বৰ জটিল কাম। বহুতেই সাহিত্যক বিভিন্ন সংজ্ঞাৰে বান্ধিবলৈ যত্ন কৰিছে যদিও প্ৰায়বোৰ সংজ্ঞাই আমাক সাহিত্য সম্পৰ্কে ধূঁৱলি-কুঁৱলী ধাৰণা এটাহে দিয়ে। উদাহৰণস্বৰূপে,কোনোৱে কৈছে-“সাহিত্য হ’ল জীৱন বীক্ষা” অথবা “সাহিত্য জীৱনৰ অভিজ্ঞতাৰ বৰ্ণনা।” কিন্তু জীৱনৰ অভিব্যক্তি হ’লেই জানো সাহিত্য হয়! সাহিত্যৰ বাবে কেৱল জীৱনৰ অভিজ্ঞতাই একমাত্ৰ উপাদান বুলি ধৰিলে প্ৰত্যেকগৰাকী ব্যক্তিয়েই সাম্ভাৱ্য সাহিত্যিক হ’ব! বহুতেই সাহিত্যক জ্ঞানৰ উৎসৰ সংজ্ঞাৰেও বান্ধিব খোজে। কিন্তু জ্ঞান থাকিলেই সাহিত্য হ’ব বুলিও কোনো নিশ্চয়তা নাই। উদাহৰণস্বৰূপে, গণিতৰ পুথি এখনে আমাক জ্ঞান দিয়ে সঁচা, কিন্তু তেনে পুথি এখনক আমি জানো সাহিত্যৰ শ্ৰেণীত ধৰিম! গতিকে, সাহিত্য হ’বলৈ অভিজ্ঞতা, জ্ঞান আদিৰ লগতে নিশ্চয়কৈ আন আন কেতবোৰ গুণো লেখাৰ মাজত থাকিব লাগিব। এই ক্ষেত্ৰত আমি হাডচনে দিয়া সাহিত্যৰ সংজ্ঞাৰ সহায় ল’ব পাৰোঁ। হাডচনে কৈছে-“সাহিত্যৰ মূল লক্ষ্য, জ্ঞান প্ৰদান কৰিবলৈ সমৰ্থ হওক বা নহওক, বিষয়বস্তুৰ বিশিষ্ট পৰিৱেশন ৰীতিৰে পাঠক-মনত এক নান্দনিক পৰিতৃপ্তিৰ সঞ্চাৰ কৰা।”(২) গতিকে, সাহিত্যৰ সংজ্ঞাত পাঠক-মনৰ ওপৰত পৰা প্ৰভাৱো এটা বিশিষ্ট উপাদান। অৰ্থাৎ, লেখা এটা সাহিত্য হ’বলৈ হ’লে আন আন উপাদানৰ লগতে সি পাঠক মনৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হ’বই লাগিব। কবি ক’লৰিজে কবিতা সম্পৰ্কে কোৱা কথাষাৰ এইখিনিতেই আমি উদ্ধৃতি দিব পাৰোঁ-“তেওঁকেই আমি কবি বুলি কওঁ, যিজনে আমাকো কবি কৰি তোলে।” সাহিত্যিকসকলে নিজৰ কল্পনা-প্ৰতিভা আৰু প্ৰজ্ঞা-দৃষ্টিৰে নিজৰ জীৱনৰ অভিজ্ঞতাবোৰক এইভাৱে দাঙি ধৰে যে পাঠকমনে ‘এয়াচোন মোৰেই কথা’ বুলি ভাবিবলৈ বাধ্য হয়। অৱশ্যে ব্যক্তিভেদে প্ৰাধান্যসমূহ বেলেগ হোৱাৰ বাবে বহুতৰে মনত উৎকৃষ্ট বুলি বিবেচিত হোৱা সাহিত্যয়ো কাৰোবাৰ মন চুই যাব নোৱাৰিব পাৰে। গতিকে, সাধাৰণিকৰণ কৰি ক’বলৈ হ’লে বৌদ্ধিক, আনুভূতিক, কল্পনালৌকিক আৰু শিল্পবুদ্ধিসংক্ৰান্তীয় উপাদানসমূহৰ যথোপযুক্ত ব্যৱহাৰৰ ফলতেই সাহিত্যৰ সৃষ্টি হয়।

পৰিৱৰ্তনেই পৃথিৱীৰ একমাত্ৰ ধ্ৰুৱক। সময় যোৱাৰ লগে লগে সাহিত্যৰ ধৰণতো পৰিৱৰ্তন আহে। প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব পৰিৱৰ্তনৰ ফলত কাগজৰ লেখাসমূহ এতিয়া ‘অনলাইন প্লেটফৰ্ম’ পালেহি। ব্লগ, পেজ, ফেচবুক সকলোকে মানুহে লেখাৰ ‘প্লেটফৰ্ম’ পাতি ল’লে। ‘ডিজিটেল মিডিয়া’ত আৰম্ভ হোৱা সাহিত্য-চৰ্চাই ভাষা আৰু সাহিত্যত নিশ্চিতভাৱে প্ৰভাৱ পেলাইছে। সেই প্ৰভাৱ ধনাত্মকো হ’ব পাৰে, ঋণাত্মকো হ’ব পাৰে। উদাহৰণস্বৰূপে, ফেচবুক অথবা ব্লগবোৰৰ লেখা-মেলাৰ জৰিয়তেই এনে বহু পাঠকৰ সৃষ্টি হৈছে যিসকলে অন্যথা সাহিত্যৰ ক্ষেত্ৰখনৰ প্ৰতি বৰ বেছি আগ্ৰহী নহয়। ‘ডিজিটেল প্লেটফৰ্ম’বোৰত হোৱা লেখা-মেলাৰ জৰিয়তেই অসমীয়া ভাষাটোৰ সম্প্ৰসাৰণতো সহায় হৈছে। আজি কেইবছৰমান আগলৈ অসমীয়া ভাষালৈ অহা এটা ভাবুকি আছিল- মানুহে কথোপকথনৰ ক্ষেত্ৰত অত্যধিক মাত্ৰাত অনা-অসমীয়া(বিশেষকৈ ইংৰাজী  আৰু হিন্দী) শব্দৰ ব্যৱহাৰ। নতুনকৈ উঠি অহা চামে অসমীয়াত কথা ক’বলৈ অস্বস্তি পোৱা, ইংৰাজী মাধ্যমক বেছি আগ্ৰহেৰে লোৱা ইত্যাদি কথাই সচেতন মহলৰ মনবোৰ ভাৰাক্ৰান্ত কৰি তুলিছিল। কিন্তু ফেচবুক বা অইন ডিজিটেল প্লেটফৰ্মসমূহত বাঢ়ি অহা অসমীয়া লিপি আৰু অসমীয়া লেখাই আমালৈ আশাৰ বতৰা কঢ়িয়াইছে। যোৱা দুই-তিনিবছৰ ধৰি ডিজিটেল প্লেটফৰ্মসমূহ মন কৰিলেই দেখিব যে কিদৰে এইবোৰে অসমীয়া ভাষাটোৰ প্ৰসাৰ কৰিছে। কিন্তু সমস্যা হৈছে, সেই প্ৰসাৰ কিমান শুদ্ধ হৈছে? সহজকৈ ক’বলৈ হ’লে- লেখা এটা লিখাৰ পিছত সেই লেখাটো কিমান মানুহৰ ওচৰ চাপিছে, এই কথাৰ সমান্তৰালকৈ এই কথাও মন কৰিবলগীয়া যে সেই লেখাটোই শুদ্ধ বাৰ্তা, শুদ্ধ বানান আৰু শুদ্ধ বাক্য-গঠন লৈ আগবাঢ়ি গৈছেনে? পাৰম্পৰিক মাধ্যমত থকাৰ দৰে ফেচবুক বা ব্লগৰ ব্যক্তিগত লেখাত কোনো সম্পাদনাৰ সুযোগ নথকাৰ বাবে ভুলবোৰ বিয়পি যোৱাটো বৰ জটিল কথা নহয়। ঠিক সেইদৰে কাৰোবাৰ ফটো এখনত দিয়া মন্তব্য বা যিকোনো আলোচনাত ব্যৱহৃত শব্দ বা বাক্যৰ গঠন কিমান শুদ্ধ সেয়াও বিচাৰ্য বিষয় আৰু তাৰ পৰা হ’ব পৰা ক্ষতিসমূহৰ বিষয়ে আমি ভাবিবই লাগিব। এই ধৰক, ‘তোমাক’ শব্দটো বহুতেই ‘তুমাক’ বুলি লিখা দেখোঁ। সেই ভুলটো তেনেকৈয়ে থাকি গ’লে; আন দুজনেও যদি সেইটোৰ পৰাই বানানটো ভুলকৈ শিকে, সেই দুজনৰ পৰা হয়তো আন চাৰিজনে! এইদৰেই এটা ভুল বানানৰ শৃংখল হৈ নাযাবনে? কিন্তু ধনাত্মক কথাটো হ’ল- যদি ভুলৰ শৃংখল হ’ব পাৰে, তাৰমানে ভাল আৰু শুদ্ধৰো শৃংখল আগবঢ়াব পাৰি। গতিকে এই ভুলবোৰৰ পৰা হাত সৰাৰ সহজ উপায়, ইজনে-সিজনৰ ভুলবোৰ আঙুলিয়াই দিয়া আৰু নিজৰ ভুলবোৰক সহজে মানি লৈ শুদ্ধ কৰিবলৈ যত্ন কৰা। মোৰ বোধেৰে অসমীয়া ভাষাৰ বানান, ব্যাকৰণ আৰু গঠন অতিশয় জটিল আৰু সেয়েহে সাধাৰণ মানুহৰ সৰু-সুৰা ভুল হোৱাটো স্বাভাৱিক। কিন্তু তাৰ অৰ্থ এয়া নহয় যে আমি ভুল হোৱাৰ ভয়ত লিখাই বাদ দিম। অসমীয়া ভাষা আৰু সাহিত্যৰ সম্প্ৰসাৰণৰ বাবে সকলোৱে অসমীয়া ভাষাক যিমান পাৰি সিমান ব্যৱহাৰ কৰা উচিত, কিন্তু মনত এইভাৱ ৰাখি যে আমাৰো ভুল হ’ব পাৰে। গতিকে, কোনোবাই আমাৰ কিবা ভুল দেখি ভুলটোক শুধৰাই দিলে আমাৰ নিজৰ জ্ঞান বঢ়াৰ লগতেই ভাষাটোৰ শুদ্ধ প্ৰসাৰৰ বাট মুকলি হ’ব। ঠিক সেইদৰে, কাৰোবাৰ কিবা ভুল আমাৰ চকুত পৰিলে আমিও আঙুলিয়াই দিয়া উচিত। এই ক্ষেত্ৰত আমাৰ ব্যক্তিগত চিন্তাতকৈ সাৰ্বজনীন চিন্তাক অগ্ৰাধিকাৰ দিবই লাগিব।

 ‘ডিজিটেল প্লেটফৰ্ম’ৰ লেখা-মেলাই ভাষাৰ ওপৰত পেলোৱাৰ দৰেই সাহিত্যৰ ওপৰতো প্ৰভাৱ পেলাইছে। পূৰ্বতে কৈ অহাৰ দৰে বৌদ্ধিক, আনুভূতিক, কল্পনালৌকিক আৰু শিল্পবুদ্ধিসংক্ৰান্তীয় উপাদানসমূহৰ যথোপযুক্ত ব্যৱহাৰৰে জীৱনৰ অভিজ্ঞতাক ভাষাৰ ৰূপ দিয়াই সাহিত্য। এইখিনিতেই আন এটা মন কৰিবলগীয়া কথা, উপৰিউক্ত সংজ্ঞাত ‘যথোপযুক্ত’ বুলি শব্দটো ব্যৱহৃত হৈছে। গতিকে, শুদ্ধ ভাষাৰে গোটেইবোৰ উপাদানেৰে লিখা লেখা এটাও যথোপযুক্ত মাত্ৰাৰ অভাৱত উৎকৃষ্ট লেখা হৈ নুঠিবও পাৰে।  উদাহৰণস্বৰূপে, আমি সততে ‘ডিজিটেল মাধ্যম’সমূহত চুটি গল্প নাম দি বিভিন্ন লেখা প্ৰকাশ কৰা দেখা পাওঁ। হয়তো বহুতৰে ধাৰণাত গল্পটো কেৱল চুটি হ’লেই  চুটি গল্প হ’ব। মহেন্দ্ৰ বৰাদেৱে কোৱাৰ দৰেই “চুটি আৰু গল্প হ’লেই চুটিগল্প হ’ব, তাৰ কোনো নিশ্চয়তা নাই।” চুটি গল্পৰ নানান বৈশিষ্ট্য আছে। আনকি আয়তনৰ ক্ষুদ্ৰতা চুটিগল্পৰ অনিবাৰ্য লক্ষণ নহয়েই। চুটিগল্পক যদিও নিৰ্দিষ্ট সংজ্ঞাৰে বান্ধিব নোৱাৰি তথাপিও চুটিগল্পৰ মূল শিল্পাদৰ্শ দুটা হ’লঃ লক্ষ্যৰ একমুখিতা আৰু ফলশ্ৰুতিৰ একময়তা। তেনেকুৱা কথাবোৰ নুবুজি যিহকে মন যায় তাকেই চুটি গল্প আখ্যা দি লিখি যোৱাটোৱে আমাৰ সাহিত্যক শ’লঠেক পেলাব। সততে চকুত পৰা তেনেকুৱা আন এটা বিষয় হ’ল- হাস্য আৰু ব্যংগ। হাস্য আৰু ব্যংগক প্ৰায়েই একেলগেই ব্যৱহাৰ কৰা যায় যদিও দুয়োবিধৰে মাজত কিন্তু পাৰ্থক্য আছে। হাস্য আৰু ব্যংগ দুয়োবিধ লেখাতেই হাস্যৰসৰ পয়োভৰ। পিচে, হাস্যই আপোনাক কেৱল হঁহুৱাব, কিন্তু ব্যংগই আপোনাক হঁহুওৱাৰ ওপৰিও এটা বাৰ্তা দি যাব। যিকোনো বিষয়তে, হাস্য কেৱল সেই বিষয়ৰ ওপৰত ৰসস্বাদনৰ বাবে, কিন্তু ব্যংগই সেই বিষয়টোত থকা আঁসোৱাহবোৰক হাঁহিব। দেশৰ ৰাজনৈতিক অৱস্থা হওক, সামাজিক ব্যৱস্থা হওক বা প্রচলিত নিয়ম; ব্যংগই তাৰ ভুলবোৰক হাঁহি আৰু কটাক্ষৰ মাজেৰে আঙুলিয়াই দিব। সহজ ভাষাত, ব্যংগ; কেৱল হাস্যতকৈ বেছি বুদ্ধিমত্তাৰ কাম। এই কথাসমূহ নুবুজি যিকোনো এটা লঘু ৰচনাক হাস্য, ব্যংগ যি মন সেই নাম দিলে ভুল কৰা হ’ব। সেয়ে, বিষয় এটাত হাত দিয়াৰ আগতে আমি সেইবিষয়ে খৰচি মাৰি পঢ়ি ল’ব লাগিব। আমি নিশ্চয় লিখিব লাগিব, কিন্তু লিখাৰ আগতে লেখাৰ গঠন,বিষয় ইত্যাদি কি কি গুণ তাৰ মাজত থাকিব লাগিব সেয়াও জানিব লাগিব।  তদুপৰি ‘ডিজিটেল লেখা’বোৰত পাঠকৰ মতামত দিয়াটো সহজ হোৱাৰ বাবে পাঠকে লেখা এটা পঢ়িয়েই তুৰন্তে নিজৰ মনৰ ভাৱ লিখি তাত প্ৰকাশ কৰিব পাৰে। যদিও এজন লেখকৰ বাবে পাঠকৰ মতামত অতিকৈ প্ৰয়োজনীয়, পিচে বিভিন্ন ক্ষেত্ৰত সেই মতামতসমূহ গঠনমূলক নহৈ আক্ৰোশমূলক হোৱাও দেখা যায়, যাৰ ফলত হিতে বিপৰীতহে হয়। গতিকে এইক্ষেত্ৰতো আমি সাৱধান হোৱাৰ প্ৰয়োজন আছে। যিকোনো ক্ষেত্ৰতেই সমালোচনা সদায়েই গঠনমূলক হোৱা উচিত।

মোৰ বোধেৰে এই গোটেই সমস্যাবোৰৰ মূলতে আছে লেখা-মেলা কৰা সকলৰ সাহিত্যৰ উদ্দেশ্য সম্পৰ্কে ধাৰণা। শিৱনাথ বৰ্মন ডাঙৰীয়াই লিখি যোৱাৰ দৰেই “একালত সাহিত্যিকে সমাজত এক মহৎ ভূমিকা পালন কৰিছিল। লেখক আছিল পুৰোহিত-সদৃশ; মানুহৰ, সমাজৰ হিত চিন্তাই আছিল তেওঁলোকৰ ধ্যান। পুৰণি সংস্কৃত ভাষাত ‘কবি’ শব্দই বহন কৰিছিল প্ৰবুদ্ধিৰ দ্যোতনা। লেখক আছিল সমাজৰ চিন্তক আৰু চেতক। সাহিত্য আছিল সৌভাত্ৰৰ প্ৰতীক।”(৩) গতিকে সাহিত্যৰ উদ্দেশ্য কেৱল পাঠক সৃষ্টিয়েই নহয়, বৰং সাহিত্যৰ সৃষ্টি হ’ব লাগিব সমাজৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত। কিন্তু ডিজিটেল মাধ্যমৰ বহু লেখা কেৱল জনপ্ৰিয়তাৰ বাবেই লিখা যেন অনুভূত হয়। সম্ভৱতঃ সাহিত্যৰ উদ্দেশ্যৰ এনে বিকৃতিয়েই সাম্প্ৰতিক সময়ৰ বহু সৃষ্টিক শুদ্ধ আৰু সমাজহিতৈষী হোৱাত বাধা দিয়ে যিয়ে আমাক আগলৈ জটিল সময়ৰ মাজলৈ ঠেলি দিব। আমি এই কথা সদায়েই মনত ৰাখি চলিব লাগিব যে সাহিত্য-কৃতি কেতিয়াও পণ্য হিচাপে চিহ্নিত হ’ব নালাগিব। সাহিত্যত নিহিত আদৰ্শ; লেখকৰ সমাজৰ প্ৰতি এক প্ৰকাৰৰ দায়বদ্ধতা আৰু এই দায়বদ্ধতা আগত ৰাখি অতিশয় সচেতন হৈ আমি ভাষা আৰু সাহিত্যৰ উত্থানত হাত উজান দিব লাগিব।

তথ্য-উৎসৰ তালিকাঃ

১.সাহিত্য উপক্ৰমনিকা-  মহেন্দ্ৰ বৰা
২. An Introduction to the Study of Literature

৩. ৰূপান্তৰৰ ৰেহৰূপ- শিৱনাথ বৰ্মন

পাৰ্থ প্ৰতীম শৰ্মা
সম্পাদক
ফটাঢোল ই-আলোচনী

জুন ২০২০

☆ ★ ☆ ★ ☆

101 Comments

  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য।

    তত্বগধুৰ সম্পাদকীয়।

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
      • মাধুৰ্য হাজৰিকা

        হাস্য আৰু ব্যংগ,ফঁহিয়াই দেখুওৱা ত ভাল লাগিল

        Reply
    • মাধুৰ্য হাজৰিকা

      হাস্য আৰু ব্যংগ,ফঁহিয়াই দেখুওৱা ত ভাল লাগিল

      Reply
  • HEMANTA KAKATI

    ভাল লাগিল সম্পাদকীয়

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • শৰৎ মহন্ত ।। নগাঁও ।।

    সম্পাদকীয় টো পঢ়িলো।ভাল লাগিল;
    সাহিত্যৰ ওপৰত তথ্য মূলক এক সুন্দৰ
    অৱলোকন।

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • Abinash Sarma

    সুন্দৰ সম্পাদকীয়

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • anjan sadhanidar

    আশা কৰা ধৰণেই সুন্দৰ আৰু তত্ত্ব গধুৰ সম্পাদকীয়৷ বহুত ভাল লাগিল৷

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • Nirmali

    ভাল লাগিল সম্পাদকীয়….

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • rintumoni dutta

    তথ্যসমৃদ্ধ সম্পাদকীয়, খুব ভাল লাগিল পঢ়ি

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • Anonymous

    ভাল লাগিল সখা

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • Dipankar Dutta

    সম্পাদকীয় টো পঢ়ি ভাল পালো।

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • পৰী নেওগ

    সম্পাদকীয়টো পঢ়িভাল লাগিল।

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • পূৰৱী কাকতী

    সম্পাদকীয়ৰ ৰূপত এক মননশীল লেখা। সুন্দৰ।

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • Anonymous

    খুব সুন্দৰ সম্পাদকীয়।

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • চন্দন

    সম্পাদকীয়টো পঢ়ি বহুত ভাল পালো৷ অনাগত দিনত আৰু ভাল ভাল লেখা পঢ়িবলৈ পাম বুলি আশা কৰিলো৷

    Reply
    • Partha Pratim Sarmah

      নিশ্চয়। অশেষ ধন্যবাদ।।

      Reply
  • Gitarthi Goswami

    ভাল লাগিল

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • Nabajit Baishya

    বক্তব্যৰ স্পষ্টতাই আপ্লুত কৰিলে৷

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • Anonymous

    বহুত ভাল হৈছে।

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • Sadananda Bhuyan

    তথ্যসম্বল সম্পাদকীয় পঢ়ি আপ্লুত হ’লোঁ ।

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • অমূল্য কুমাৰ কলিতা ।

    সুন্দৰ শব্দ বিন্যাসৰ প্ৰয়োগেৰে অপ্ৰতীম সম্পাদকীয় ।

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • Prasanta Borah

    ভাল লাগিল পঢ়ি।

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • সম্পূৰ্ণা

    সম্পাদকীয়টো বৰ ভাল লাগিল..?

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • Deepjyoti Handique

    খুব ভাল লাগিল।

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • গায়ত্ৰী গোস্বামী অধ্যাপক

    সময়োপযোগী সুন্দৰ তথ্যপূৰ্ণ সম্পাদকীয়টো পঢি বৰ ভাল লাগিল

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • নীলাক্ষি দেৱী ডেকা

    সম্পাদকীয় পঢ়ি ভাল পালোঁ পাৰ্থ।

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • Anonymous

    পঢ়ি ভাল পালোঁ পাৰ্থু

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ভাল লাগিল সম্পাদকীয়টো৷ হয়, ডিজিটেল মাধ্যমে সাহিত্যচৰ্চাক সুকীয়া মাত্ৰা দিছে৷ এফালে যেনেকৈ ভাল ভাল লেখাৰ সৃষ্টি হৈছে তেনেকৈ একে সময়তে অখাদ্যও তৈয়াৰ হৈছে৷ সময় আগবঢ়াৰ লগে লগে ভুলবোৰৰ শুধৰণি হ’ব বুলি আশা কৰিছোঁ৷

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • Sankar Jyoti Bora

    মননশীল সম্পাদকীয়৷ভাত পালো পঢ়ি৷

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • বৰ্ণালী

    ইমান ধুনীয়া লিখিছা ।বৰ ভাল লাগিল

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • নীতাশ্ৰী নেওগ

    ভাল লাগিল।তথ্যসমৃদ্ধ সম্পাদকীয়।

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • BARMAN PAPARI

    ভাল হৈছে পাৰ্থ ৷ সুন্দৰ

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • chandana sharma

    এটা তথ্যসমৃদ্ধ তথা সময়োপযোগী সম্পাদকীয় আমাক উপহাৰ দিয়া বাবে তোমাক ধন্যবাদ জনালোঁ।

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • ৰীতা শইকীয়া।

    সঠিক বিষয় এটিৰে সুন্দৰ সম্পাদকীয় । ভাল লাগিল । বিজ্ঞজনৰ উক্তি সমুহৰে সাহিত্যৰ বিষয়ে কিছু আভাস দিলা। শব্দৰ এটি এটি মুকুতাৰে এধাৰি সুন্দৰ মালা তোমাৰ এই সম্পাদকীয়।

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • mridula gogoi

    সম্পাদকীয় পঢ়ি ভাল পালো

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • Diganta Kumar Bhattacharya

    সুন্দৰ সম্পাদকীয়। ভাল লিখিছা

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • Bornali S Mudoi

    ভাল লাগিল…. তথ্য সমৃদ্ধ সুন্দৰ সম্পাদকীয়…

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • গৌৰীশংকৰ শৰ্মা

    সম্পাদকীয়টো পঢ়িলোঁ। সংজ্ঞাবোৰ ব্যাখ্যাবোৰ বৰ সুন্দৰকৈ উপস্থাপন কৰিছ। সাহিত্য যি কোনো ৰূপতেই নহওঁক কিয় যদিহে পাঠকক আকৃষ্ট কৰিব পাৰিছে তেনেহ’লে লেখকৰ সাৰ্থকতা সেইখিনিতেই, সাহিত্য সৃষ্টিৰ পূৰ্ণতাও তাতেই। সকলোখিনিয়েই প্ৰয়োজনীয়, সামাজিক দায়বদ্ধতা কিম্বা মনৰ খোৰাক। পৰিবৰ্তনেই একমাত্ৰ ধ্ৰুৱক। মুল কথা এইটোৱেই।

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • Manashi Borah

    সম্পাদকীয়টি পঢ়ি আপ্লুত হ’লো ।সময়োপযোগী সঠিক বিষয়টিৰ সাবলীল উপস্থাপন । ব্যাখ্যাই সাহিত্য সম্পৰ্কীয় বহুখিনি আভাস দিলে। বহুত ভাল লিখিছা।

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • Amee Borah

    সম্পাদকীয় লেখাটোৱে সাহিত্য সৃষ্টিৰ বহুকেইটা কথা উপস্থাপন কৰিলে।পঢ়ি ভাল লাগিল। এনেদৰে আগবাঢ়ি যাওক বহুতো শুভেচ্ছা জনাইছোঁ।

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • উৎকৃষ্ট মানদণ্ডৰ সম্পাদকীয়

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • পাপৰি ভাগৱতী নাথ

    সম্পাদকীয়টোৰ পৰা বহুতো নজনা কথা শিকিলোঁ । তথ্য উৎসহৰ তালিকাৰ বাবে ধন্যবাদ।

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • Partha Pratim Sarmah

    অশেষ ধন্যবাদ।

    Reply
  • Partha Pratim Sarmah

    বহুত বহুত ধন্যবাদ।

    Reply
  • অনুৰূপ

    সুন্দৰ হৈছে সম্পাদকীয়টো। অভিনন্দন জনালোঁ পাৰ্থ।

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ দাদা।

      Reply
  • কমল তালুকদাৰ

    কথাবোৰ চিন্তনীয় , ভাল লাগিল সম্পাদকীয় টি পঢ়ি ৷

    সুন্দৰ আলোচনী খনৰ বাবে অভিনন্দন ৷

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • পৰীস্মিতা গগৈ

    সময়োপযোগী, তত্বগধুৰ সম্পাদকীয়। পঢ়ি বৰ ভাল পালোঁ‌ পাৰ্থ।

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • ভাস্কৰজ্যোতি দাস

    তথ্যসন্তুলিত সম্পাদকীয়৷ উপস্থাপন শৈলীও অগতানুগতিক৷ অতি সুন্দৰ লাগিল পঢ়ি৷

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ গুৰুজী।

      Reply
  • কামাখ্যা শৰ্মা

    এনেকৈয়ে লিখি যাবি।

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • Deep Borah

    সম্পাদকীয় জুই

    Reply
    • Partha Pratim Sarmah

      ধন্যবাদ দেই।

      Reply
  • কমলা দাস

    খুব সুন্দৰ সম্পাদকীয়।

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • চেমিন

    তথ‍্য ভিত্তিক আৰু জ্ঞান সমৃদ্ধ বৰ সুন্দৰ সম্পাদকীয়। পঢ়ি ভাল পালোঁ। সময়োপযোগী হৈছে। অভিনন্দন জ্ঞাপন কৰিলোঁ।??

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • Rashmi Kalita

    বৰ ভাল লাগিল পঢ়ি ।

    Reply

Leave a Reply to বৰ্ণালী Cancel reply

Your email address will not be published. Required fields are marked *