ফটাঢোল

মুম্বাই ডায়েৰী – মাধুৰ্য্য গগৈ

(১)
এনেয়ে মই টিভি নাচাওঁ৷ অৱশ্যে চাবলৈ মন থাকিলেও উপায় নাই৷ ৰিম’ৰ্টটোৰ ওপৰত শ্ৰীমতীৰ অপ্ৰতিদ্বন্দী ৰাজত্ব চলে৷ এওঁৰ মতে, ”বেচি কথা নক’বা দেই৷ মই মাত্ৰ দিনত আৰু ৰাতিহে টিভি চাওঁ৷ বাকী সময়ত তুমি যি চোৱা চাই থাকিবা৷ মোৰ একো প্ৰব্লেম নাই৷ ” গতিকে মই হেন শান্তিপ্ৰিয় নিমাখিত জীৱ এটাই ”অ’কে ডাৰ্লিং” বুলি নকৈ আৰুনো কি ক’ম? অগত্যা লেপটপটোকে খুলি লৈ দেশৰ খবৰবোৰ লওঁ মাজে মাজে৷

মোৰ লেপটপ বুলি কৈছোহে৷ এইটোৰ ওপৰতো এওঁৰ শেনচকু৷ ইণ্টাৰনেট অন কৰাৰ লগেলগেই এওঁ আহি হাজিৰ৷ ৰ’ব, দৃশ্যটো ঠিক এনেধৰণৰ হৈ পৰে৷ এওঁ এটা ৰূমত টিভি চাইছে, মই বেলেগ এটা ৰূমত লেপটপ খুলিছো৷ লাহেকৈ মোৰ কাষত আহি বহিব, মই লেপটপত কি চাই আছো তাত চকু দিব৷ মই যদি ছিৰিয়েলৰ কথা মনত পেলাই দিওঁ, তেতিয়া উঠি গৈ টিভি অফ৷ এইবাৰ মোৰ কাষত এওঁৰ স্থান নিগাজী হয়৷ লাহে লাহে মোৰ লেপটপৰ জগতখনত এওঁৰ অনাধিকাৰ প্ৰৱেশ আৰম্ভ হয়৷ লেপটপটো অলপ অলপকৈ স্বাধীন হৈ এওঁৰ কোলাত আশ্ৰয় পায়গৈ৷ বৃটিছসকলক খেদাৰ দৰে মোকো এক অহিংস আন্দোলনৰ দ্বাৰা খেদি পঠিওৱা হয়৷ আৰম্ভ হয় বহুজাতিক কোম্পানীবোৰক ধনী কৰাৰ কুচ-কাৱাজ৷ আৰে বাবা, আমাজ’ন, ফ্লিপকাৰ্ট, স্নেপডীল এইবোৰৰ মাজত মনপুতি এওঁ সোমাই পৰে৷ এইটোৱেই মোৰ সময়৷ এতিয়া মই লাহেকৈ টিভি অন কৰি অসমীয়া নিউজ চেনেলকেইটাক গালি পাৰি থাকিব পাৰো৷ মনতে ভাৱো, ”হেৰা, তুমি যিমানেই যি নকৰা লাগিলে, জিকিম ময়েই৷ ”

মোৰ ম’বাইলটোৰ ওপৰতো এওঁৰ অধিকাৰ সাব্যস্ত কৰি থাকে মাজে মাজে৷ কেতিয়াবা মোৰ সঁচাকৈয়ে সন্দেহ হয়, এই ফোনটো মোৰেই নে? কিন্তু এওঁৰ ফোনটো চোৱাৰ অধিকাৰ মোৰ নাই৷ নাই মানে, যিডালহে পেটাৰ্ণ পাছৱৰ্ড লগাই থৈছে! এওঁ মোক দেখুৱাই দিলেও মই সঠিক পাছৱৰ্ডটো দিব নোৱাৰো।গতিকে এওঁৰ ফোনটো চাবলৈও মোৰ উপায় নাই৷

”তোমালোকৰ কাজিয়া লাগেনে কেতিয়াবা? ” বহুবাৰ এই প্ৰশ্নটোৰ সন্মুখীন হওঁ৷ মোৰ উত্তৰ এটাই৷ এনেকুৱা কাজিয়া কৰি কি লাভ, য’ত আপুনি জয়ী হোৱাৰ সম্ভাৱনা শূন্য৷ অগত্যা শান্তিপ্ৰস্তাৱনা পাঠ কৰি নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰো।

পতি-পত্নীৰ এই ”কাজিয়া”টোক কেতিয়াবা ৰুছ-বিপ্লৱৰ লগত তুলনা কৰিবলৈ মন যায়৷ বিপ্লৱৰ পাৰ্শ্বীয় ফলস্বৰূপে যেনেকৈ ৰাছিয়া অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হৈছিল, ঠিক তেনেকৈয়ে এই পতি-পত্নীৰ ”কাজিয়া”ৰ পিছত পতিজন এক ভয়ংকৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হয়৷ নতুন সাজ-পাৰ, চিনেমা চোৱা, বাহিৰত ডিনাৰ৷ মুঠতে এক ভাৱিব নোৱাৰা অৰ্থনৈতিক সংকট৷ গতিকে ইমানবোৰ কৰাতকৈ ”অ’কে ডাৰ্লিং”টোক মই অগ্ৰাধিকাৰ দিওঁ৷

আনৰ ক্ষেত্ৰত হয়নে নহয় নাজানো, কিন্তু মোৰ ক্ষেত্ৰত টকা-পইচাৰ অভাৱ প্ৰায়েই আহে৷ এই বিষয়টো এওঁৰ লগত প্ৰথমতে আলোচনা কৰি প্লেনিং কৰিছিলো, এতিয়া অকলেই কৰো৷ মানে প্ৰত্যেকবাৰ প্লেনিঙত এওঁৰ শ্বপিং অন্তৰ্ভূক্ত কৰিব নোৱাৰিতো৷ এওঁৰ আকৌ এটা ভাল গুণ আছে৷ এই ”ফাইনেন্সিয়েল প্লেনিং” জাতীয় ট’পিকবোৰত বেছি মূৰ নঘমায়৷ এওঁৰ ভাষ্য, ”তুমি আছাই দেখোন৷ ” মই ভাৱো, ৱাহ্ মোৰ পত্নী, তুমি অনন্যা৷ তোমাক শতকৌটি প্ৰণাম৷ পৃথিৱীৰ সকলো ট’পিকতেই তুমি মোৰ লগত তৰ্ক কৰোঁতে এনে লাগে যেন তোমাতকৈ বিদগ্ধ পণ্ডিত আৰু হয়তো নোলাব, কিন্তু এনেকুৱা ট’পিকবোৰত ”তুমি আছাই দেখোন?

এটা কথা মনে মনে কৈ থওঁ৷ ৰাতিপুৱাৰ পৰা মোক আমনি কৰি আছিল৷ হ’ৰৰ চিনেমা চাব হেনো৷ গতিকে কেইখনমান হ’ৰৰ চিনেমাৰ নাম লাগে৷ কিন্তু এটা চৰ্ত আছে, ভয় লগা হ’ব নালাগিব৷ মই এটা মস্ত ডাঙৰ প্ৰণাম জনাই অফিছলৈ আহিলো৷ এওঁ এতিয়া মোৰ লেপটপ লৈ ব্যস্ত, ভয় নলগা হ’ৰৰ চিনেমা বিচৰাত৷

(২)

”মানুহে মানুহৰ বাবে, যদিহে অকনো নেভাৱে” গীতটো গুণগুণাই থকাৰ পৰাই মোলৈ টোৱাঁই এওঁৰ অব্যৰ্থ প্ৰশ্নবান, ”তুমি মোৰ কথা কিমান ভাৱা? ” মই থতমত খালো, ভাৱিলো এইবাৰ আকৌ হ’ল কি?

আচলতে শ্ৰীমতীৰ এনেকুৱা প্ৰশ্নৰ উত্তৰ দিবলৈ দেখাত সহজ যেন লাগিলেও বহুত কঠিন হয়৷ কাৰণ, উত্তৰটো এওঁৰ পছন্দমতে নহ’লে নচলিব৷ আকৌ একেটা প্ৰশ্নকে পুনৰ সুধিব আৰু এইবাৰো যদি উত্তৰটো পছন্দ নহয়, তেনেহ’লে এই সমস্ত প্ৰক্ৰিয়াটোৰ পুনৰাবৃত্তি ঘটি থাকিব৷ গতিকে মই এনেকুৱা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰতিক্ষণ সাজু থাকো৷ মানে প্ৰশ্নৰ উত্তৰ দিবলৈ নহয়, পলাবলৈহে৷

আজি কিন্তু তাৰো উপায় নাছিল৷ অফিছৰ পৰা আহি ফ্ৰেছ হৈ বহি মোবাইলটো খুলিছিলোহে৷ মুঠতে আজি যে মোৰ নিস্তাৰ নাই, সেয়া বুজিলো৷ অগত্যা অলপ চিঞৰিয়েই সুধিলো, ”কি কৈছা? ” এওঁৰ একেটা প্ৰশ্নই পুনৰ মোৰ কৰ্ণগহ্বৰত টুকুৰিয়ালেহি৷ এনেকুৱা সময়ত মই এওঁৰ ছিৰিয়েলকেইখন বৰ মিছ কৰো। আজিও কৰিলো৷ অন্তত: সেইকেইখন চলি থকা সময়ত এনে প্ৰশ্ন কেতিয়াও নাহে৷ এনেতে কোনোবা এখন চিনেমাৰ ডাইলগ এটা মনত পৰাত যি নাই নাই বুলি বহাই দিলো, ”তোমাৰ কথা মই অলপো নাভাৱোঁ, কিয়নো দূৰত থকা মানুহৰ কথাহে ভৱা যায়৷ তুমিতো মোৰ লগতেই আছা৷ ” এওঁ বুজি পালে নে নাপালে নাজানো৷ কিন্তু অলপ পিছত মোৰ ওচৰলৈ কফি একাপৰ আগমন হ’ল৷ মনতে ভাৱিলো, আজি বাৰু যেনেতেনে বাচিলো৷ পিছে কোনদিনা কি হয় একো ঠিক নাই৷ অদৃষ্টজনক মনতে প্ৰাৰ্থনা কৰিলোঁ, ”হে ত্ৰাণকৰ্তা, এনেকুৱা সময়ত কেতিয়াবা মোৰ লয়েল্টি টেষ্ট হৈ যায় আৰু এই সময়ত মই পলাব পৰা অৱস্থাতো নাই৷ ৰক্ষা কৰা প্ৰভু৷ ” দেৱালত আঁৰি থোৱা ঘড়ীটোলৈ চালো৷ ধুৰ চাল্লা এতিয়াও বিশমিনিট সময় আছেই, ছিৰিয়েল আৰম্ভ হ’বলৈ৷

মই যিটোলৈকে ভয় কৰি আছিলো, সেইটোৱেই হ’ল৷ পৃথিৱীৰ ভিতৰত আটাইতকৈ কঠিন প্ৰশ্নটোৰ সন্মুখীন হ’লো৷ ”মোক কিমান ভালপোৱা? ” এই প্ৰশ্নটো মোৰ ক’মন পৰিল৷ প্ৰায়ে এওঁৰ প্ৰশ্নকাকতত থাকে এই প্ৰশ্নটো আৰু প্ৰত্যেকবাৰেই উত্তৰটো এওঁৰ পছন্দ নহয়৷ মানে কাহিনীটো এনেকুৱা হয়৷ মই যদি কওঁ ”তোমাক বহুত ভাল পাওঁ”, তেনেহ’লে পুনৰ প্ৰশ্ন আহে ”কিমান?” এতিয়া কিমান মই কেনেকৈ জানিম? তথাপি হাতদুখন বহলকৈ মেলি উত্তৰ দিওঁ, ”ইমান৷ ” এওঁ ক’ব, ”এইটো পুৰণা হ’ল৷ নতুন কিবা কোৱা৷ ” মানে উত্তৰটো পছন্দ নহ’ল৷ এনেকুৱা সময়ত আত্মসমৰ্পনৰ বাহিৰে মই বেলেগ একো নাভাৱো। হে হৰি! এই প্ৰশ্নটোৰ উত্তৰ নতুনকৈ ক’ত বিচাৰি পায়হে? মই ভাৱো, ”আচ্ছা! বিষ্ণু আৰু মহাদেৱ এই দুজনাই কিয় সকলো সময় ধ্যানত মগ্ন থাকে এতিয়াহে বুজিলো৷” এই লয়েল্টি টেষ্টৰ পৰীক্ষা এওঁ ”তুমি মোক ভালেই নোপোৱা”ৰে শেষ কৰে৷ আত্মসমৰ্পনৰ ফলস্বৰূপে মই যুদ্ধবন্দী হওঁ আৰু ৰাতিৰ সাজ কেতিয়াবা জুতি লগাই ৰান্ধো।

আজি ওপৰৱালাজন মোৰ প্ৰতি সুপ্ৰসন্ন আছিল যেন পালো৷ এওঁৰ ফোনটো বাজিল৷ উস!ৰক্ষা বুলি সুখৰ হুমুনিয়াহ এটা কাঢ়িলো। অন্তৰাত্মাই চিঞৰি সকিয়াই দিলে, এয়াই সুৱৰ্ণ সুযোগ, পলা পলা৷ মই এওঁক ক’লো, ”অলপ তলৰ পৰা আহো।” এওঁ ফোনত কথা পাতি থকাৰ পৰাই হাতহে জোকাৰিলে৷ ইয়েছ ক’লে নে ন’ ক’লে নুবুজিলো।কিন্তু ইতিমধ্যে মই বাহিৰ পালোহি৷ প্ৰায় এঘণ্টামানৰ মূৰত হাতত গাখীৰৰ পেকেট এটা আৰু এটা কেকৰ পেকেট লৈ ঘৰ সোমালোহি৷

আত্মসমৰ্পনৰ চৰ্ত হিচাপে মই চিধাই কিচ্চেনলৈ আহিলো৷ শ্ৰীমতী এতিয়াও ব্যস্ত ফোনত৷ মই ভাৱিলো, বান্ধৱীৰ ফোন চাগৈ৷ মাজতে এওঁ বেছি উৎসাহিত হৈ কোৱা শুনিলো, ”উৱাও, বহুত ধুনীয়া৷ ” এইবাৰ মোৰ বুকুখনে আকৌ এবাৰ মস্ত ডাঙৰ ছিগনেল দিলে৷ ভাৱিলো, এইবাৰ বা আকৌ কি নতুন ওলাব? মহাদেৱৰ ফটোখনলৈ চকু গ’ল৷ দেখিলো, মোলৈ চাই ভেলেঙা হাঁহি এটা মাৰি আছে৷

কেইবাবাৰো বাই বাই, টেক কেয়াৰ, হ’ব, ঠিক আছে কথাবোৰ কাণত পৰিলহি৷ বুজিলো ফোন থোৱাৰ লক্ষণ৷ অগত্যা কামত মনোনিৱেশ কৰিলো।এওঁ হাঁহিমুখেৰে আহি মোক ক’লে, ”হ’ব, এইবোৰ মোক দিয়া৷ তুমি টিভি চোৱাগৈ৷ ” মই বুজিলো, এইবাৰ শ্ৰীমতীয়ে কিবা এটা খুজিবই খুজিব৷ কি হ’ব পাৰে বুলি ভাৱি আধা চেলোৱা আলুকেইটা এৰি টিভিৰ সন্মুখত বহিলোহি৷

”অ’ শুনানা৷ পৰীস্মিতাহঁত আজি লং ড্ৰাইভত গৈছিলে৷ মোক ফটো পঠাইছে৷ ইম্মান ধুনীয়া হৈছে ফটোবোৰ৷ ” দাইনিং টেবুলত বহি এওঁৰ ভাষ্য৷ অ’, এইটোহে মানে মোৰ প্ৰতি এওঁ আজি ইমান দৰদ দেখুওৱাৰ ৰহস্য? এইবাৰ মোৰ সেই পৰীস্মিতা নে কি, সেইজনীলৈহে খং উঠিল৷ ভাৱিলো, তাৰমানে এইবাৰো এখন নতুন গৃহ-বাজেট উত্থাপন হ’ব৷ আৰে বাবা, লং ড্ৰাইভতো আমাৰ এওঁ শ্ব’পিং নকৰে জানো? এওঁৰ এইবাৰ উপৰ্যুপৰি বাক-আক্ৰমণ অব্যাহত ৰাখিলে৷ আকৌ ভাৱিলো, ছেহ্ কিমাননো সহি থাকিম আৰু? বেছি হৈছেগৈ৷ এইবুলি এই শান্তিপ্ৰিয় নিমাখিত প্ৰাণীটোৱে ৰাতিয়েই দেউতালৈ ফোন লগালো৷ বুলো বোৱাৰীয়েকৰ কথা কৈ দিওঁ, ইমান অশান্তি দি থাকে মাজে মাজে৷ অলপ লাজ পায়েই বা৷ দেউতাই ক’লে, ”মই মাৰক লৈ অলপ ওলাই আহিছো অ’৷ ড্ৰাইভিং কৰি আছো, পিছত কথা পাতিম৷ ” মই মনতে ভাৱিলো, ”এৰা, দেউতাইও চাগৈ আজি ভাত ৰান্ধিব লগীয়া নহ’ল৷ ”

এওঁক ক’লো, ”ৰেডী হোৱা৷ ”

(৩)

বন্ধৰ দিনত কি কি কৰিব, সাধাৰণতে সকলোৱে প্লেনিং কৰে৷ ময়ো কৰিছিলো, বিয়াৰ আগতে৷ মোৰ প্লেনিংবোৰ সাধাৰণতে এনেকুৱা হয়৷ আগৰাতিয়েই সকলো দৈনন্দিন কাম-কাজ কৰি শেষ ক�ৰো যাতে বন্ধৰ দিনটো মই একো কৰিবলগীয়া নহয়৷ অফিছৰ পৰা আহিয়েই মোৰ আটাইতকৈ ডাঙৰ প্ৰেচাৰ কুকাৰটোক আৱিষ্কাৰ কৰো আৰু ই তাৰ সম্পূৰ্ণ কেপাচিটিৰ চাউলেৰে ভৰ্তি হৈ পৰে৷ অ’, মই এইটোও নজৰ দিবলগীয়া হয় যে কুকাৰটোৰ হুইছেলৰ বাহিৰে বাকী চব বাজে৷ আটাইতকৈ ডাঙৰ কেৰাহীখনকো এনেকুৱা দিনত কামত লগোৱা হয়৷ মুঠতে তিনি-চাৰিসাজৰ জোখেৰে খাদ্য তৈয়াৰ হয়৷ এই কেৰাহীখনে, মোৰ বন্ধৰ আগৰাতিৰ খাদ্যযুদ্ধত জখম হৈ কান এখন হেৰুওৱা ভালেমান দিনেই হ’ল৷ তৰকাৰীৰে ভৰ্ত্তি এক কৰ্ণবিহীন এই কেৰাহীখন গৰম অৱস্থাত গেছৰ চৌকাৰ পৰা নমোৱাৰ সাধ্য কাৰো নাই৷ বন্ধৰ আগৰ এই নিৰ্দিষ্ট ৰাতিটোক মই সাপ্তাহিক কাপোৰ ধোৱা ৰাতি হিচাপেও ব্যৱহাৰ কৰিছিলো৷ মোৰ দুকুঠলীয়া ঘৰ পৰিষ্কাৰ কৰিবলৈ সহায়কাৰী হিচাপে নাল লগোৱা ৰচীযুক্ত ঝাৰু ও পৌছাডালকে সৰ্বত্ৰে ব্যৱহাৰ কৰিছিলো৷ মুঠতে এই সকলোবোৰ আগৰাতিয়েই সম্পূৰ্ণ কৰা হৈছিল আৰু পুৰাপুৰি বন্ধ উৎযাপন কৰিবলৈ ৰেডী হৈছিলো৷
শ্ৰীমতী মাকৰ ঘৰলৈ যোৱাৰ পিছত এই কথাখিনিয়ে মোক আকৌ এবাৰ অকলশৰীয়া জীৱনৰ আভাস দিলেহি৷ মই আকৌ বন্ধ উৎযাপনৰ বাবে সাজু হ’লো৷

মোৰ মুম্বাইত কৰ্মৰত এই সময়ছোৱাত মোৰ হিয়াৰ আদান-প্ৰদান চলিছিল এগৰাকীৰ লগত৷ সেইগৰাকী এতিয়া অতীত হৈ মোৰ পত্নীৰূপে স্থায়ী হৈ ৰ’ল আৰু মুম্বাই আহি মোৰ সকলো বস্তুৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিলে৷ কিছুমান পুৰণি বস্তুৱে ডাষ্টবিনত স্থান পালে, কিছুমানৰ ম’ডিফিকেছন হ’ল৷ বেছিভাগ বস্তুৰেই ঠাই, নতুনেৰে সাল-সলনি কৰা হ’ল৷ কিন্তু মোৰ জীৱনযুদ্ধৰ আহিলা এই কুকাৰটো আৰু এক কৰ্ণবিহীন কেৰাহীখনে শ্ৰীমতীৰ এই ”বয়কট আন্দোলন”তো ছাৰ্ভাইভ কৰি কিচ্চেনৰ এচুকত পৰি ৰ’ল৷ আজি আকৌ ইহঁতৰ শক্তিপৰীক্ষা কৰো বুলি উলিয়াই আনিলো।কাৰণ মই জনামতে ইহঁতৰ সমান ডাঙৰ বাচন শ্ৰীমতীৰ কিচ্চেনত আৰু নাই৷

বন্ধৰ দিনা ৰাতিপুৱা দেৰিলৈকে শোৱাটোৱেই নিয়ম৷ কেতিয়াবা শুই উঠি মুখত পানীহে মৰা যায়৷ কেতিয়াবা আকৌ সেইটোও হৈ নুঠেগৈ৷ দাঁত ঘঁহাৰতো প্ৰশ্নই নুঠে, কিয়নো আগৰাতিয়েই সকলো কৰি থৈছো৷ এনেও টিভিত দিয়া এদভাৰটাইজবোৰৰ মতে ছৌবিছ ঘণ্টা ইফেক্টিভ থকা টুথপেষ্টহে মই আনো৷ বিশেষ প্ৰয়োজনতহে বাথৰুমলৈ যাওঁ৷ এনেও আগৰাতি ঘঁহি-পিহি চকচকীয়া কৰি থোৱা বাথৰুমটোক লেতেৰা কৰিবলৈ কাৰ মন যাব বাৰু? এইবোৰ কামক আকৌ এওঁৰ অভিধানমতে কাম বুলি কোৱা নহয়৷ এইবোৰ হেনো দৈনন্দিন প্ৰয়োজনহে৷ গতিকে এনে প্ৰয়োজনবোৰত তেওঁ মূৰ নঘমাই বুলি আগতেই কৈ থৈছে৷ অগত্যা এইবিধো শান্তিপ্ৰিয় নিমাখিত জীৱটোৰ ওপৰতেই জাঁপি দিয়া হয়৷ মোৰ নিজৰ অভিধানমতে মই কৰ্মী মানুহ৷ কিন্তু এওঁৰ মতে মই হেনো মস্ত এলেহুৱা৷ মোৰ ”আগৰাতিয়েই কাম কৰি থোৱা” পলিচিত এওঁ বিশ্বাস নাৰাখে৷ গতিকে এওঁ লগত থকা সময়ছোৱাত মোৰ এই পলিচি সলনি কৰি এওঁৰ ”দৈনিক” পলিচিৰ অগাধ প্ৰচলন হয়৷

কিন্তু এতিয়া শ্ৰীমতী নথকাত, তেওঁৰ ”দৈনিক” পলিচিৰ শাসন উফৰাই মোৰ নিজা পলিচিক আকৌ উদ্ধাৰ কৰিলো৷ কুকাৰটোৱে আৰু কেৰাহীখনে মোক নিৰাশ নকৰিলে৷ মনতে ভাৱিলো, চাৰিসাজলৈকে চিন্তা নাই৷ তিনিদিনৰ আগতে তিওৱা কাপোৰ দুবাল্টি ধুবলৈ লওঁতেহে অলপ অসুবিধা হ’ল৷ মোৰ নসিকাগ্ৰন্থিয়ে এই কাপোৰৰ পৰা ওলোৱা গোন্ধটোক ”দূৰ্গন্ধ” বুলিহে গ্ৰহণ কৰিলে৷ গতিকে নাকে-মুখে কাপোৰৰ পেকিং মাৰি কাপোৰখিনি ধুবলৈ অলপ সময় লাগিবই বুলি নিজকে সান্ত্বনা দিলো৷ মকৰা জাতিটোক, মোৰ ৰাজ্যত অনাধিকাৰ প্ৰৱেশৰ বাবে শাস্তি বিহা হ’ল৷ বহুদিনৰ পিছত বিছনাখনৰ আচল ৰূপটো ঘূৰাই আনিবলৈও চেষ্টা কৰিলো।শেষত টাইলছবোৰ মছিবলৈ ধৈৰ্য নথকাত, ইহঁতৰ ওপৰত কেৱল ঝাৰু এডালক নাইট ৱাক কৰাই দিলো৷ এইবাৰ গাটোও পিছদিনাৰ জোখেৰে ভালদৰে ধুই-পখালি ল’লো৷ এতিয়া এওঁ নথকাৰ বাবে মোৰ সেই বটলটো লুকুৱাবলগীয়া নহয়৷ ইয়াকো উলিয়ালো৷ ভাত খাই চিধাই বিছনালৈ বুলি চুচৰি গ’লো৷ ভাৱিলো, ”কাইলৈ দেৰিকৈ উঠিম৷ ”

ৰাতিপুৱাই ফোনটো বাজিল৷ এটা চকু মেলি দেখিলো, এওঁৰ ফোন৷ অগত্যা ৰিচিভ কৰিলো। নহ’লে আকৌ পিছত চাৰি-পাঁচঘণ্টা এওঁক মই যে গুৰুত্ব দিওঁ, সেয়া প্ৰমাণ কৰি মোৰ বন্ধৰ দিনটো নষ্ট কৰিবলৈ অলপো মন নাই৷ প্ৰায় পাঁচমিনিটমানৰ পিছত মোৰ টোপনি ভাগিল আৰু শ্ৰীমতীয়েও ফোন ৰাখিলে৷ শ্ৰীমতীৰ নাম শুনিলে গালিবোৰো তাপ মৰা হৈছেগৈ আজিকালি৷ গতিকে মুখৰ ভিতৰতে মা-বেহেন কি গালি কেইটামান ভোৰভোৰালো৷ এওঁৰ লগত হোৱা কথাখিনিৰ সাৰমৰ্ম হ’ল, শ্ৰীমতীয়ে আজি দিনটো শুব৷ গতিকে ৰাতিপুৱাই মোক ফোন কৰি জনাই থৈছে৷ মই যাতে ফোন কৰি দিষ্টাৰ্ব নিদিওঁ৷

শ্ৰীমতী আজি শুব৷ মনে মনে অদৃষ্টজনলৈ সেৱা এভাগিও যাচিলো৷ তেওঁ শুই থকা বিছনাখনলৈ ক’ব নোৱাৰাকৈয়ে এক সমবেদনাৰ হুমুনিয়াহ ওলাই আহিল৷ শ্ৰীমতীৰ মতে শোৱাৰ কোনো নিৰ্দিষ্ট সময় নাই৷ যেতিয়াই মন যায় শুব পাৰি৷ মই এবাৰ সুধিছিলোঁ, ”টোপনি আহে জানো? ” এওঁৰ উত্তৰ, ”মই নোশুও নহয়, এনেইহে বিছনাত পৰো। ” মানে এওঁৰ মতে শুৱন কাৰ্য তিনিপ্ৰকাৰৰ৷ বিছনাত পৰা, এনেই বিছনাত পৰা আৰু শুৱা৷ বিছনাত পৰা মানে চিলমিলকৈ টোপনি গৈ ভাগৰ মৰা, এনেই বিছনাত আকৌ যেতিয়াই তেতিয়াই পৰিব পাৰি৷ মানে টোপনি নহাকৈও এনেই বিছনাত এওঁ কেতিয়াবা পৰি থাকে আৰু শুৱা মানে সঁচাকৈ শুবলৈ বিছনালৈ যোৱা৷ এই গোটেইকেইটা শ্ৰীমতীয়ে কেতিয়াবা একেদিনাই কৰে৷ মই ডিষ্টাৰ্ব কৰাৰ ধৃষ্টতা নকৰো।আজি এওঁ শুব৷ মানে সঁচাকৈ শুব৷ মনটো কিবা-কিবি লাগি গ’ল৷ মোৰ টোপনিটো ভাঙিলেই৷ ভাৱিলো, এনেই বিছনাত পৰি চাওঁচোন কেনেকুৱা লাগে? পিছে সেয়াযে এক কষ্টকৰ কাম, আজিহে মই বুজিলো।
এওঁলৈ এক শ্ৰদ্ধাৰ ভাৱ ক’ব নোৱাৰাকৈয়ে আহি গ’ল৷

*****

Leave a Reply

Your email address will not be published. Required fields are marked *