ফটাঢোল

এলভিছ আলি হাজৰিকাৰ সৈতে অন্তৰংগ আলাপ

ফটাঢোল : নমস্কাৰ এলভিছ আলি হাজৰিকা ডাঙৰীয়া। ফেচবুকৰ অন্যতম জনপ্ৰিয় হাস্য-ব্যংগ গোট ফটাঢোল পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ, আপোনাৰ বহুমূলীয়া সময়ৰ পৰা কিছু সময় আমাৰ বাবে আছুতীয়াকৈ ৰখা বাবে। আপোনাৰ অনুমতি সাপেক্ষে আজিৰ সাক্ষাৎকাৰ অনুস্থানটো আৰম্ভ কৰিবলৈ ওলাইছোঁ।

এলভিছ : এই চেগতে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিলোঁ ফটাঢোলৰ দৰে হাস্যৰসেৰে ভৰপূৰ এটা অসমীয়া ফেচবুক গোটৰ লগত চিনাকি কৰি দিয়া বাবে।

ফটাঢোল : আমাৰ দৈনন্দিন জীৱনত হাস্য ব্যংগৰ প্ৰয়োজন কিমান বুলি ভাবে? অসমীয়া মানুহে হাঁহিব নাজানে বুলি পুৰণিকলীয়া বদনাম এটা আছে৷

এলভিছ : সুস্থ মানসিক স্বাস্থ্যৰ বাবে হাস্য-ব্যংগ অতিকৈ প্ৰয়োজনীয়। অসমীয়া মানুহে হাঁহিব নাজানে বুলি বদনাম আছে যদিও ব্যক্তিগত ভাবে মই সকলোবোৰ দুখ বেজাৰক একাষৰীয়া কৰি পাৰ্যমানে হাঁহিবলৈ যত্ন কৰোঁ। সৰুৰেপৰা মা দেউতাৰ পৰা শুনি আহিছোঁ যে যিজনে হাঁহি যায় সেইজনে জিকি যায়৷ ক্ৰীড়াবিদ হিচাপে হতাশাক প্ৰশ্ৰয় নিদিয়াকৈ হাঁহি হাঁহি আগবাঢ়ি যোৱাটো অতিকৈ জৰুৰী। বেছি হাঁহিবলৈ মন গ’লে কপিল শৰ্মা শ্ব’ৰ পুনৰ প্ৰচাৰে চাই দিওঁ৷ অৱশ্যে এতিয়াৰেপৰা ফটাঢোল গোটৰ লেখাসমূহত চকু ফুৰায়ো  হাঁহিৰ খোৰাক যোগাৰ কৰিব পাৰিম ।

ফটাঢোল : আপোনাৰ শৈশৱৰ বিষয়ে অকণমান জনাব নেকি? আপোনাৰ প্ৰাৰম্ভিক শিক্ষাৰ বিষয়ে, শিশু হিচাপে আপুনি শান্ত-শিষ্ট আছিল নে অঘাইটং ইত্যাদি?

এলভিছ : মোৰ জন্ম আৰু শিক্ষা-দীক্ষা গুৱাহাটীতে হৈছিল৷ দেউতা জন্মসূত্ৰে লক্ষীমপুৰৰ আছিল যদিও চাকৰিসূত্ৰে গুৱাহাটী মহানগৰীৰ স্থায়ী বাসিন্দা হৈ পৰিছিল। মোৰ প্ৰাৰম্ভিক শিক্ষা জীৱন ডনবস্ক স্কুলতে আৰম্ভ হয় আৰু খেল আৰু আনুষ্ঠানিক শিক্ষাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ Nation school of open learning ৰ পৰা পৰবৰ্তী শিক্ষা গ্ৰহণ কৰোঁ। শিশু হিচাপে মই নীৰ্জু প্ৰকৃতিৰে আছিলোঁ বুলি মা-দেউতাই কোৱা শুনো। অৱশ্যে অতি কম বয়সতে সাঁতোৰৰ লগত জড়িত হৈ পৰা বাবে হয়তো আন ল’ৰা ছোৱলীয়ে কৰা বদমাচিবোৰ কৰাৰ ভাগ্য নহ’ল।

ফটাঢোল : সাঁতোৰৰ প্ৰতি আপুনি প্ৰথমে কিদৰে আকৃষ্ট হ’ল?

এলভিছ : মোৰ পৰিয়াল কোনো সদস্য সাঁতোৰ বা আন কোনো ক্ৰীড়াৰ লগত জড়িত নাছিল৷ অবিশ্বাস্য যেন লাগিলেও এইটো সত্য যে পানীৰ প্ৰতি মোৰ আকৰ্ষণ জন্মগত যেন অনুভৱ হয়৷ তেতিয়া ভৰলু নদীখন আজিৰ দৰে কদৰ্যময় নাছিল, ফটফটিয়া পৰিষ্কাৰ পানী। মা দেউতা নিজৰ কৰ্মস্থলীলৈ যোৱাৰ পিছত মোৰ শৈশৱৰ সাৰথি ৰিনা বাইদেৱে মোক ভৰলুৰ পাৰে পাৰে ফুৰাবলৈ লৈ যায়৷ মই হেনো পানী দেখিলেই তৎ নোহোৱা  হৈ যাওঁ আৰু কোচৰ পৰা পানীত জপিয়াবলৈ চেষ্টা কৰোঁ। কেতিয়াবা আকৌ ঘৰৰ সদস্যসকল আন কামত ব্যস্ত থাকিলে মই স্নানাগাৰৰ পানী ওলাই যোৱা চিদ্ৰবোৰ চাবোনেৰে বন্ধ কৰি টেপ আৰু শ্বাৱাৰ খুলি  লৈ জমা হোৱা পানীতে  সাঁতুৰিবলৈ চেষ্টা কৰোঁ। পানীৰ প্ৰতি মোৰ আগ্ৰহ দেখি মাত্ৰ আঢ়ৈ বছৰ বয়সতে মা দেউতাই সেইসময়ৰ অভিজ্ঞ সাঁতোৰ প্ৰশিক্ষক আনোৱাৰ ৰছুল মানে ৰাণা মামাৰ ওচৰলৈ লৈ যায়৷ প্ৰশিক্ষণৰ দশম দিনাই মই দিঘলী পুখুৰী সাঁতুৰি পাৰ হওঁ। এই ঘটনাটোৱেই মোৰ জীৱন সলনি কৰি দিয়ে৷ ৰাণা মামাই হয়তো মোৰ মাজত ভবিষ্যতৰ এজন সফল সাঁতোৰবিদ দেখা পাইছিল। মা দেউতাৰ অনুমতিসাপেক্ষে ৰাণা মামাৰ তত্বাৱধানত মোৰ প্ৰশিক্ষণ আৰম্ভ হয়। পৰবৰ্তী সময়ত ১৯৮৬ চনত মাত্ৰ ৫ বছৰ বয়সত নেহৰু ষ্টেডিয়ামৰ বিমলা প্ৰসাদ চলিহা সাঁতোৰ কেন্দ্ৰত মোৰ পৰৱৰ্তী প্ৰশিক্ষণ আৰম্ভ হয়৷ যদিও সাতবছৰৰ তলৰ শিশুৰ বাবে এই সাঁতোৰ কেন্দ্ৰত প্ৰশিক্ষণ লোৱাটো নিষিদ্ধ আছিল কিন্তু তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত দেৱৰ  বিশেষ হস্তক্ষেপত মাত্ৰ ৫ বছৰ বয়সতে মোক ষ্টেডিয়ামত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ অনুমতি প্ৰদান কৰা হৈছিল।

ফটাঢোল : সাধাৰণতে এতিয়াও আমাৰ সমাজত অভিভাৱকে  খেল ধেমালিতকৈ শিক্ষাক অগ্ৰাধিকাৰ দি অহা দেখা যায়৷ এই ক্ষেত্ৰত আপোনাৰ পিতৃ মাতৃৰ ভূমিকা কেনেকুৱা আছিল?

এলভিছ : আগতে কৈ অহাৰ দৰে মোৰ মা দেউতা এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যতিক্ৰম আছিল। মোৰ আগ্ৰহৰ প্ৰতি লক্ষ ৰাখি সাঁতোৰৰ লগত প্ৰথম চিনাকি কৰি দিয়া মানুহ দুজেনেই আছিল মোৰ মা আৰু দেউতা। মোক খেলুৱৈ হিচাপে গঢ় দিবলৈ এই মানুহ হালে যিখিনি ত্যাগ কৰিলে তাৰ ঋণ এই জীৱনত পৰিশোধ কৰিব নোৱাৰিম। সীমিত উপাৰ্জনৰ চৰকাৰী চাকৰিয়াল মা দেউতাৰ বাবে সাঁতোৰৰ বাবে প্ৰয়োজনীয় অত্যাধুনিক সা-সঁজুলিৰ চাহিদা পূৰণ কৰাটো আছিল আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। নিজৰ সাধ্যনুযায়ী তেওঁলোকে মোৰ প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল৷

ফটাঢোল : আপুনি কিমান বছৰ বয়সত প্ৰথম দেশক প্ৰতিনিধিত্ব কৰিছিল? ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপোনাৰ সফলতাৰ মূল্যায়ন কিদৰে কৰিব পাৰি ?

এলভিছ : ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰা সৰ্ব কনিষ্ঠ সাঁতোৰবিদৰ অভিলেখ মোৰ নামতে আছে৷ ১৯৯১ চনৰ এচিয়া পেচিফিক সাঁতোৰ প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰাৰ সময়ত মোৰ বয়স আছিল চাৰে ন বছৰ। ১৯৯২ চনত চীনত অনুষ্ঠিত হোৱা একেখন প্ৰতিযোগিতাত স্বৰ্ণপদক প্ৰাপ্ত প্ৰথম ভাৰতীয় পুৰুষ সাঁতোৰবিদ হোৱাৰ কৃতিত্ব অৰ্জন কৰোঁ। সেই বছৰৰ প্ৰতিযোগিতাখনত এটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰোঁ। ১৯৯৪ চনৰ এচিয়া পেচিফিক প্ৰতিযোগিতাত তিনিটা সোণ, দুটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক লাভ কৰি গ্ৰুপ চেম্পিয়নৰ খিতাপ আজুৰি আনো। বৰ্তমান সময়লৈকে এই খিতাপ অৰ্জন কৰা ময়েই একমাত্ৰ ভাৰতীয়। ১৯৯৫ চনত প্ৰথম বাৰৰ বাবে SAAF GAMES ত দেশক প্ৰতিনিধিত্ব কৰোঁ আৰু ১৯৯৮ চনৰ বেংকক এচিয়ান গেমছত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাওঁ৷ ১৯৯৯ চনৰ কাঠমাণ্ডু SAAF Games ত দুটা সোণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰোঁ৷ আনহাতে ২০০৯ চনত কানাডাৰ ভেংকুভাৰত অনুষ্ঠিত হোৱা বিশ্ব পুলিচ গেমছত এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰাৰ সৌভাগ্য হয়৷ ২০০৮ চনত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ জলক্ৰীড়া প্ৰকল্পত বিৰামহীন ভাবে ২৬ ঘণ্টা সাঁতুৰি অভিলেখ সৃষ্টি কৰোঁ। ২০১৯ চনত আমেৰিকাৰ কেটেলিনা চেনেলৰ ৪০ কিলোমিটাৰ দৈৰ্ঘ্য ১০.৪৮ ঘণ্টাত সাঁতুৰি পাৰ হওঁ। এই কৃতিত্ব অৰ্জন কৰা মই উত্তৰ পূৱৰ প্ৰথমজন সাঁতোৰবিদ। গতিকে চাই থাকোঁতেই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৩০ বছৰ অতিক্ৰম কৰিলোঁ।

ফটাঢোল : আপুনি নিজৰ খেলুৱৈ জীৱনত অনেকবাৰ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছে। যিকোনো প্ৰতিযোগিতাতে নিজৰ দেশক প্ৰতিনিধিত্ব কৰাৰ অনুভৱ নিশ্চয় অনন্য। এই অনুভৱৰ বিষয়ে নিশ্চিতভাবে আমাৰ পাঠকসকলে জানিব বিচাৰিব৷

এলভিছ : যিকোনো প্ৰতিযোগিতাতে নিজৰ মাতৃ ভূমিক প্ৰতিনিধিত্ব কৰাৰ অনুভৱ একক আৰু অনন্য। পদক গ্ৰহণৰ সময়ত বাজি উঠা ৰাষ্ট্ৰীয় সংগীতৰ ধ্বনিৰ লগত জড়িত হৈ থকা অনুভৱৰ বিষয়ে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। It’s incredible.

ফটাঢোল : প্ৰতিযোগিতামূলক সাঁতোৰৰ পৰা অব্যাহতি লোৱাৰ ভালেমান বছৰৰ পিছত আপুনি আমেৰিকাৰ ৪০কিলোমিটাৰ দৈৰ্ঘ্যৰ কেটেলিনা চেনেল সাঁতুৰি পাৰ হোৱাৰ দুঃসাহসিক সিদ্ধান্ত লৈছিল ইয়াৰ বাবে আপুনি শাৰীৰিক আৰু মানসিক ভাবে কিদৰে নিজকে প্ৰস্তুত কৰিছিল ?

এলভিছ : সমনীয়াসকলে মোক সাঁতোৰৰ লিয়েণ্ডাৰ পেজ আখ্যা দিয়ে। নিজকে সবল আৰু সুস্থ কৰি ৰাখিবলৈ নিয়মীয়াভাবে অনুশীলন আৰু শাৰীৰিক ব্যায়াম কৰি আহিছোঁ। সুদীৰ্ঘ ৩০ বছৰ নিজকে match ready কৰি ৰাখিবলৈ যথেষ্ট ত্যাগ স্বীকাৰ কৰিবই লাগিব। জীৱনৰ অধিকতম সময় পুল চুইমিঙৰ লগত জড়িত হৈ থকা মোৰ বাবে চেনেল চুইমিং আছিল এক নতুন প্ৰত্যাহ্বান৷ ২০১৫ চনত প্ৰথম বাৰলৈ চেনেল চুইমিঙৰ প্ৰতি আগ্ৰহ জন্মে আৰু ২০১৬ চনত ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱাৰ প্ৰথম প্ৰচেষ্টা কৰোঁ। ইংলিছ চেনেলৰ হিমশীতল পানীয়ে শৰীৰ জঠৰ কৰি তোলাৰ বাবে ৮.৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ থাকোঁতেই অভিযানৰ সামৰণি পেলাব লগা হয়। ইংলিছ চেনেলৰ অভিজ্ঞতাক সাৰথি কৰি লৈ ২০১৯ চনত কেটেলিনা চেনেল সাঁতুৰি পাৰ হোৱাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰোঁ, এইবাৰৰ সঙ্গী বংগৰ ৰিমো চাহা৷ ইংলিছ চেনেলৰ ব্যৰ্থতাৰ পৰা শিক্ষা লৈ এইবাৰ অৱশ্যে পূৰ্ণ প্ৰস্তুতিৰে আগ বাঢ়িছিলোঁ। প্ৰস্তুতি পৰ্বত মুম্বাইৰ আৰৱ সাগৰ আৰু গংগা নদীত অনুশীলনৰ উপৰিও ফুকেটৰ থেংগাপুৰা একাডেমিত চেনেল চুইমিঙৰ বিশেষ প্ৰশিক্ষণ লাভ কৰোঁ।

ফটাঢোল : ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কেটেলিনা চেনেল সাঁতুৰি পাৰ হোৱা আপুনি প্ৰথমজন অসমীয়া৷ ১০.৪৮ ঘণ্টাত এই বিপদসংকুল যাত্ৰা অতিক্ৰম কৰি যেতিয়া আপুনি ডিঙিত অসমীয়াৰ স্বাভিমান ফুলাম গামোচাখন লৈ উপস্থিত দৰ্শকসকলৰ পৰা অভিবাদন গ্ৰহণ কৰিছিল সেই দৃশ্য আমি সংবাদ মাধ্যমৰ জড়িয়তে দেখা পাইছিলোঁ৷ সেই সময়ৰ অনুভৱৰ বিষয়ে আমি জানিব পাৰিম নেকি?

এলভিছ : আপুনি কোৱাৰ দৰে ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কেটেলিনা চেনেল সাঁতুৰি পাৰ হোৱাটো সঁচাকৈয়ে প্ৰত্যাহ্বানমূলক। সাধাৰণতে নিশা নামি অহাৰ লগে লগে সাগৰৰ ঢৌবোৰ মন্থৰ হয় বাবে নিশাৰ সময়খিনি চেনেল চুইমিঙৰ বাবে আটাইতকৈ সুবিধাজনক। এই  জলপথটো অসংখ্য হিংস্ৰ সাগৰীয় প্ৰাণীৰে ভৰি আছে। নিশাৰ আন্ধাৰত ছাৰ্ক, হোৱেল, চাণ ফিচ আৰু ডলফিনৰ ৰম্যভূমি এই জলভাগৰ মাজেৰে সাঁতোৰাটো কিমান ভয়াবহ এবাৰ কল্পনা কৰকচোন। ডলফিন সাধাৰণতে নিমাখিত প্ৰাণী যদিও এক, ডেৰ লাখ ডলফিনৰ সন্মিলিত জলকেলীৰ মাজত ফচি গ’লে সিহঁতৰ খুন্দাতে হাত ভৰি ভঙাৰ সম্ভাৱনা থাকে৷ ছাৰ্ক, হোৱেলৰ কথা বাৰু নকলোৱেই। আচলতে কেটেলিনা চেনেল অভিযানৰ বিভিন্ন পৰ্যায়ত মোৰ দেহত অসমীয়াৰ হিয়াৰ আমঠু গামোচাখন আছিলেই৷ বিভিন্ন অভিযাত্ৰী আৰু দৰ্শকে মোক প্ৰায়েই সোধে এই কাপোৰখনৰ মহত্ব৷ মোৰ এটাই উত্তৰ এইখন আমাৰ আবেগ। সফলতাৰে অভিযান সমাপ্ত হোৱাৰ পিছত স্বতঃস্ফূৰ্ত ভাবে গামোচাখন মূৰত মেৰিয়াই লৈছিলোঁ, এজন স্বাভিমানী অসমীয়া হিচাপে। অসমীয়াত্ব মোৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিদ্যমান৷ হাতৰ টেটুলৈকে লক্ষ্য কৰক, ইয়াতো লিখা আছে জয় আই অসম৷

ফটাঢোল : সংবাদ মাধ্যমত প্ৰচাৰ হোৱা বিভিন্ন সাক্ষাৎকাৰত আমি প্ৰায়েই পঢ়িবলৈ পাওঁ সুদৰ্শন ক্ৰীড়াবিদ আৰু মহিলা অনুৰাগীৰ মাজত আমোদজনক ঘটনা। কোনোবাই যদি নিজৰ প্ৰিয় খেলুৱৈজনৰ ঠিকনাত প্ৰেমপত্ৰ লিখে আন কোনবাই আকৌ আপোনাৰ পুত্ৰৰ বোৱাৰী হিচাপে মোক আদৰি লওক বুলি চিধাই অভিভাৱকৰ ওচৰত আঁঠু লৈ আশীৰ্বাদ বিচাৰি আহে। আপোনাৰ ক্ষেত্ৰত তেনেকুৱা কিবা অভিজ্ঞতা হৈছিল নেকি?

এলভিছ : তেনেকুৱা ঘটনা এটা দুটা নঘটা নহয়৷ পুণাত ৰাষ্ট্ৰীয় চিনিয়ৰ খেলিবলৈ যাওঁতে এবাৰ এজনী সুন্দৰীয়ে আই লাভ ইউ এলভিছ লিখা বেনাৰ এখন দেখুৱাই ভালকৈয়ে এসেকা দিছিল৷ লকাৰ ৰূমত সহ খেলুৱৈসকলে এইটোক লৈ ভাল ফূৰ্তি কৰিছিল।

ফটাঢোল : আপোনাৰ খেলুৱৈ জীৱনৰ স্মৰণীয় হাস্যৰস মিশ্ৰিত ঘটনা বুলি ক’লে মনলৈ কোনটো ঘটনা আহে ?

এলভিছ : মই আছিলোঁ সঞ্জয় দত্তৰ জাবৰা ফেন৷ সৰু থাকোঁতে সঞ্জয় দত্ত, বম্বে বুলি ঠিকনা লিখি মেঘদুত ভৱনৰ পোষ্ট বক্সত ভৰাই থৈ অহাৰো নজিৰ আছে৷ মহাৰাষ্ট্ৰৰ এজন কোটিপতি ব্যৱসায়ী মিষ্টাৰ থক্কৰৰ ছোৱালীজনী আছিল আমাৰ সহ খেলুৱৈ। তেখেতে মোৰ দৰে সৰু চহৰৰ ল’ৰা এজনে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠা বাবে সদায় মোক অনুপ্ৰাণিত কৰিছিল। সঞ্জয় দত্ত ভক্ত বুলি গম পাই এদিন তেখেতৰ ফাৰ্ম হাউছলৈ লৈ গৈ সঞ্জয় দত্ত নহ’লেও জেকি শ্ৰোফ, আদিত্য পাঞ্চলী আৰু চাংকি পাণ্ডে, আৰু আৰমান কোহলীৰ লগতে চিনাকি কৰাই  দিয়ে৷ সঞ্জয়ক লগ নাপালেও সঞ্জয়ৰ বন্ধুসকলক লগ পোৱাৰ সৌভাগ্য হ’ল।

ফটাঢোল: অসমৰ প্ৰেক্ষাপটত আপুনি ক্ৰীড়াৰ ভবিষ্যত কি বুলি ভাবে? ক্ৰীড়াক কেৰিয়াৰ হিচাপে ল’ব পৰা পৰিবেশ এটাৰ সৃষ্টি হৈছে নে ?

এলভিছ : ৰাজনীতিৰ উৰ্ধত থাকি এটা কথা ক’ব পাৰোঁ যে বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনে ক্ৰীড়াক যথেষ্ট অগ্ৰাধিকাৰ দিছে, যিটোৰ অভাৱ আমাৰ সময়ত বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ৷ যোৱা বছৰ অনুষ্ঠিত হৈ যোৱা খেলো ইণ্ডিয়া মহোৎসৱত প্ৰত্যক্ষ ভাবে জড়িত হৈ অনুভৱ কৰিছিলোঁ যে বৰ্তমানৰ প্ৰজন্মই ক্ৰিকেটৰ বাহিৰে আন খেলত মনোনিবেশ কৰিও কেৰিয়াৰ বনাব পৰা পৰিবেশ এটাৰ সৃষ্টি হৈছে।

ফটাঢোল : ব্যক্তিগত ভাবে সাঁতোৰৰ ক্ষেত্ৰখনত আপোনাৰ ভবিষ্যত পৰিকল্পনা কি ?

এলভিছ : এইবাৰ নতুন প্ৰত্যাহ্বান নৰ্থ চেনেল সাঁতুৰি পাৰ হোৱা৷ ২০২০ চনৰ জুলাই মাহৰ ৯ তাৰিখে গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ কথা আছিল যদিও বিশ্বজুৰি বলবৎ থকা লকডাউনৰ বাবে এই অভিযান অহা বছৰলৈ স্থগিত ৰখা হৈছে। আশা কৰোঁ কেটেলিনা চেনলৰ দৰে এই নতুন প্ৰত্যাহ্বানো সফলতাৰে অতিক্ৰম কৰিম৷

ফটাঢোল : এতিয়া ক্ৰীড়াৰ পৰা আঁতৰি আহি আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে অলপ জানিব বিচাৰিম৷ আপোনাৰ প্ৰেম, বিবাহ আৰু সংসাৰৰ বিষয়ে নিশ্চয় আমাৰ পাঠকসকলে জানিব বিচাৰিব।

এলভিছ : মোৰ প্ৰথম আৰু শেষ প্ৰেম মোৰ পত্নী প্ৰণামী। এজন উমৈহতীয়া বন্ধুৰ জড়িয়তে আমি প্ৰথম ইজনে সিজনক লগ পাওঁ ২০০৯ চনৰ এপ্ৰিল মাহৰ কোনোবা এটা আবেলি। স্থান, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ। তাৰ পিছত ফোন নম্বৰ আদান প্ৰদান আৰু একে বছৰৰে নৱেম্বৰ মাহত গন্ধৰ্ব বিবাহ, মানে মানুহজনীক পলুৱাই লৈ চিধাই কলিকতা। প্ৰথমতে শহুৰ দেউতাই ওমৰেশ পুৰীৰ ভুমিকাত দেখা দিছিল যদিও জী-জোঁৱাইৰ মৰমত এমাহৰ ভিতৰতে আলোক নাথলৈ পৰিবৰ্তন হ’ল৷ এতিয়া আমাৰ সুখৰ সংসাৰ , প্ৰণামী মই আৰু আমাৰ আলাসাৰ লাড়ু একমাত্ৰ পুত্ৰ প্ৰেচলি।

ফটাঢোল : আপুনি আজৰি সময় কিদৰে পাৰ কৰে ?

এলভিছ : সংগীত আৰু চিনেমা। হিন্দী আৰু পাশ্চাত্য দুয়োবিধ সংগীতৰে মই অনুগামী৷ এইটো গুণ বংশানুক্ৰমিক ভাবে পাইছোঁ কিজানি! দেউতাৰ পাশ্চাত্য সংগীত প্ৰীতিৰ বাবেই মোৰ নামাকৰণ কৰিছিল এলভিছ আৰু সেই পৰম্পৰা অটুট ৰাখি মোৰ সন্তানৰ নাম ৰাখিলোঁ প্ৰেচলি। পিতা-পুত্ৰ মিলি হৈ গ’ল এলভিছ প্ৰেচলি। দ্বিতীয় অনুৰাগ চিনেমা। চলমান খান আৰু সঞ্জয় দত্ত মোৰ প্ৰিয় অভিনেতা৷ অসমতে থাকোঁ বা বাহিৰতে থাকোঁ এই দুজন তাৰকাৰ  কথাছবিৰ প্ৰথম দিনাৰ প্ৰথম দৰ্শনীৰ মই নিয়মীয়া দৰ্শক।

ফটাঢোল : আপুনি সাঁতোৰবিদ নহ’লে অন্য কি ক্ৰীড়াৰ লগত নিজকে জড়িত কৰিব পাৰিলে সুখী হ’লহেঁতেন?

এলভিছ : সঁচা কথা ক’বলৈ গ’লে খেলুৱৈ হিচাপে নিজকে আন কোনো ক্ৰীড়াৰ লগত জড়িত কৰি সুখী হ’ম বুলি ভাবিবই নোৱাৰোঁ। দৰ্শক হিচাপে ক্ৰিকেট, বাস্কেটবল আৰু ল’ন টেনিছৰ প্ৰতি সৰুৰে পৰা ভীষণ আকৰ্ষণ আছিল যদিও খেলুৱৈ হিচাপে কেৱল আৰু কেৱল সাঁতোৰ।

ফটাঢোল : ধন্যবাদ এলভিছ আলি হাজৰিকা ডাঙৰীয়া। এই লক ডাউনৰ মাজতে আপোনাৰ বহুমূলীয়া সময়ৰ পৰা কিছু সময় আমাক দিয়াৰ বাবে। ফটাঢোল পৰিয়ালৰ ফালৰ আপোনাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ৷

এলভিছ : এই চেগতে ফটাঢোল গোটৰ সমূহ সদস্যলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ, ধন্যবাদ। সাবধানে থাকক, সুস্থ থাকক।

☆ ★ ☆ ★ ☆

9 Comments

  • Amitabh Mahanta

    শৈশৱৰ হিৰ’৷ বৰ ভাল পালোঁ পঢ়ি৷

    Reply
  • গৌৰীশংকৰ শৰ্মা

    সৰুতে বাতৰি কাকতত পঢ়িবলৈ পাওঁ এলভিছ আলি হাজৰিকাৰ কৃতিত্ব। আমাৰ চামৰ শৈশৱৰ হিৰো আছিল এলভিছ ডাঙৰীয়া। পঢ়ি বৰ ভাল লাগিল তেওঁৰ বিষয়ে। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ।

    Reply
  • ৰিণ্টু

    মৌচাকত এলভিচদাৰ বিষয়ে বহুত পঢ়িছিলো, অমিতাভে কোৱাৰ দৰে আমাৰ শৈশৱৰ হিৰো।

    শিকাৰ দহ দিনৰ পিছতে দীঘলীপুখুৰী সাঁ‌তুৰি পাৰ হোৱা – বাপ ৰে।

    খুব ভাল লাগিল কথাখিনি পঢ়ি

    Reply
  • সঞ্জীৱ।

    মোৰ শৈশৱৰ হিৰো আছিল এখেত।অসমৰ গৌৰৱ।ধন্যবাদ এখেতক ৰাইজৰ মাজলৈ উলিয়াই অনাৰ বাবে।

    Reply
  • Abhijit Goswami

    ভাল লাগিল দাদা ? ? ? ?

    Reply
  • Trivarg Arandhara

    Mur Dada! ?

    Reply
  • মানসী বৰা

    নজনা বহু কথা জানিব পাৰিলো..অতি সুন্দৰ হৈছে সাক্ষাৎকাৰটি ..আপ্লুত হ’লো..

    Reply
  • Bikramjit Goswami

    Khub bhal lagil porhi. Elvis amar babe preronar utsa.

    Reply
  • text

    Reply

Leave a Reply to মানসী বৰা Cancel reply

Your email address will not be published. Required fields are marked *