ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা

ফেচবুকৰ লগত জড়িত হোৱাৰ এটা দশকতকৈও বেছি হ’ল। প্ৰথম এবছৰ মান Feeling very hot বা Nice weather জাতীয় পোষ্ট দিয়েই পাৰ কৰিলোঁ৷ এজন দুজনে কমেণ্ট কৰে Yes, really ইত্যাদি লিখি৷ সেয়াই আৰম্ভণি৷ তাৰ পিছত কিবাকিবি ইংৰাজীত লিখা আৰম্ভ কৰিলোঁ৷ মাতৃ ভাষাত সাত-কুৰি গণ্ডা বানান ভুল হয় বাবে ২০১৮ চন মানলৈকে অসমীয়াত লিখাৰ সাহস গোটাব পৰা নাছিলোঁ। তাৰ পিছত লাহেলাহে অসমীয়া লিপিৰ লগত অভ্যস্ত হ’লোঁ যদিও বানানৰ বিসংগতি আঁতৰি নগ’ল। দুই এজন শুভকাংশীয়ে ইনবক্সত এইটো বানান ভুল হৈ আছে, সেইটো বানান ভুল হৈ আছে বুলি আঙুলিয়াই দিয়ে আৰু ময়ো তৎক্ষণাত শুধৰাই লওঁ৷ ২০১৯ চনৰ মাৰ্চ মাহত ভগ্নীসদৃশ মণিষা কাকতিৰ পৰা ফটাঢোল নামৰ গোট এটাত যোগদান কৰাৰ আহ্বান আহিল। সেয়াই আৰম্ভণি, প্ৰথমতে আনৰ হাস্যমধুৰ লেখাবোৰ পঢ়ি পঢ়ি এটা সময়ত মোৰো  কিবাকিবি লিখাৰ আগ্ৰহ জন্মিল আৰু লিখিবলৈ আৰম্ভ কৰিলোঁ৷ কিন্তু কেতিয়াও ভবা নাছিলোঁ যে স্কুলৰ প্ৰাচীৰ পত্ৰিকা এখনৰো সম্পাদনা কৰি নোপোৱা এই অধমে এদিন ফটাঢোলৰ দৰে সন্মানীয় মাহেকীয়া আলোচনী এখনৰ সম্পাদকৰ দৰে গুৰু দায়িত্ব ল’ব লগা হ’ব৷ এই অসাধ্য সাধন হ’ল একমাত্ৰ ৰিণ্টুমণি দত্ত দাই মোৰ ওপৰত দেখুওৱা বিশ্বাসৰ বাবে৷ আচলতে ৰিণ্টু দা যিমান ভাল অভিযন্তা তাতকৈ ভাল চেলচ মেনেজাৰ হ’ব পাৰিলেহেঁতেন বুলি মোৰ পূৰ্ণ বিশ্বাস আছে৷ মোক সম্পাদক হ’বলৈ পতিয়ন নিয়াই নোহোৱা-নোপোজা  কাম এটা কৰাই দিলে অ’ এই মানুহজনে৷ জানুৱাৰী মাহৰ কোনোবা এটা দেওবাৰে “ভাইটি ফ্ৰী আছা যদি ফোন এটা কৰোঁ” বুলি দিয়া হোৱাটচআপ মেচেজ এটাৰে আৰম্ভ হোৱা কথোকথনে যে শেষত গৈ মোক সম্পাদক বনাই দিব সপোনতো ভবা নাছিলোঁ। মানুহজনে কি নো মোহিনী বান মাৰিলে বুজিয়েই নাপালোঁ৷ মোৰ দ্বাৰা নহ’ব, পাৰিম জানো, কোনোবা বেলেগক কওক ইত্যাদি বিভিন্ন ৰেডিমেড উত্তৰ আছিল যদিও দাদাক না ক’ব নোৱাৰিলোঁ। ফোনটোৰ সংযোগ বিচ্ছিন্ন কৰি এইবাৰ ফোন লগালোঁ হেমন্ত কাকতি দাক৷ ভাবিলোঁ তেখেতকে মোৰ সীমাবদ্ধতাৰ বিষয়ে বুজাই দিওঁ৷ পিচে ফোনটো উঠাই দেখোন সেইজনে চিধাই অভিনন্দনহে দিলে৷ বুজিলোঁ গোটেইবোৰ এই ষড়যন্ত্ৰৰ অংশীদাৰ৷ আমি আছোঁ নহয়, কিহৰ টেনচন! সম্পাদকীয় লিখিবা, সাক্ষাৎকাৰ সাজু কৰিবা আৰু আমাৰ কথা ভাল ভালকৈ লিখি সংখ্যাটোৰ আঁৰৰ কথা লিখিবা, সেইখিনিয়েই কাম। দুজন জ্যেষ্ঠ সদস্যৰ মোৰ প্ৰতি থকা বিশ্বাসক উলাই কৰাৰ সাহস নহ’ল আৰু নিজকে মানসিকভাবে প্ৰস্তুত কৰিলোঁ৷ জুন মাহৰ আৰম্ভণিতে সম্পাদনা সমিতিৰ হোৱাটচআপ গ্ৰুপত মোক অন্তৰ্ভুক্ত কৰা হ’ল আৰু প্ৰথম দিনাৰ পৰাই দেখিলোঁ প্ৰতিজন সদস্যৰ নিস্বাৰ্থ সহযোগিতাৰ মনোভাৱ৷ এই গোটটোৰ প্ৰতি কিমান সদ্ভাৱ থাকিলে নিজৰ কৰ্মব্যস্ত জীৱনৰ পৰা সময় উলিয়াই ইমান সহায় সহযোগ কৰিব পাৰে সেইটোৰ অনুভৱ প্ৰথম দুদিনতে হ’ল। প্ৰথম কাম হ’ল লেখা বিচাৰি সদস্যসকলক সম্বোধন কৰি লিখিব লগা অনুৰোধ পত্ৰ। এইক্ষেত্ৰত মোতকৈ বেছি আগভাগ ল’লে হিমাংশু ৰাজখোৱা আৰু চন্দন বড়ীয়ে৷ দাদা, এইবাৰ ফাটাফাটি প্ৰচাৰ কৰিব লাগিব বুলি হিমাংশুৰ ফোন আহিলেই। কথা মতে কাম হিমাংশুৰ পৰিকল্পনাৰে মাহৰ প্ৰথম সপ্তাহৰ পৰাই আলোচনীখনৰ প্ৰচাৰে পূৰ্ণ গতি লাভ কৰিলে আৰু শেষলৈকে তুফানি গতিত চলি থাকিল। এই চেগতে প্ৰচাৰ বিভাগৰ দায়িত্বত থকা হিমাংশু আৰু চন্দনক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷

ইতিমধ্যে এটা দুটাকৈ লেখাবোৰ আহিবলৈ আৰম্ভ হৈছিল। লেখাবোৰ নিজে পঢ়ি চাই যদিহে যাৱতীয় সম্পাদনাৰ প্ৰয়োজন সেইখিনি কৰি চিধাই চবিনা, ঋতুপৰ্ণা আৰু প্ৰণীতা বাৰ হোৱাটচআপত খুণ্ডা মাৰে বৰ্ণাশুদ্ধিৰ বাবে৷ আৰু মই ভবাতকৈ বহু সোনকালে বৰ্ণাশুদ্ধি হৈ লেখাবোৰ মোৰ ওচৰলৈ ঘূৰি আহে৷ চবিনাৰ শাৰীৰিক অসুস্থতা আৰু ঋতুপৰ্ণাৰ পৰীক্ষা,পৰিস্মিতা গগৈ আৰু প্ৰণীতা বাইদেউৱে ব্যস্ততাৰ মাজতো যিদৰে সহযোগিতা আগবঢ়ালে তাৰ বাবে ফটাঢোলৰ এই চাৰিও উজ্জ্বল নক্ষত্ৰৰ প্ৰতি চিৰকৃতজ্ঞ হৈ থাকিম। এই সুযোগতে  কিয় চবিনাক ফটাঢোলৰ বানান বাইদেউ বুলি কোৱা হয় সেইটোও বুজি পোৱাৰ সুবিধা হ’ল৷

এইবাৰ আহিল সাক্ষাৎকাৰ গ্ৰহণৰ সময়৷ এজন ক্ৰীড়াবিদক এই মাহৰ অতিথিৰ আসনত বহুৱাম বুলি আগতেই সিদ্ধান্ত লৈ থৈছিলোঁ। যথা সময়ত দেবজিত শৰ্মা আৰু মনিষা কাকতিক সঙ্গী কৰি লৈ আংশিক লকডাউনৰ মাজতে এলভিছ আলি হাজৰিকাৰ সাক্ষাৎ গ্ৰহণ কৰা হ’ল৷ সাক্ষাৎকাৰটো সুচাৰুৰূপে চলাই নিয়াত সহায় কৰাৰ বাবে দেবজিত শৰ্মা আৰু মণিষালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ ৰাইজৰ পৰা ফটাপ্ৰশ্নসমূহ সংগ্ৰহ কৰাত আগভাগ লোৱাৰ বাবে ৰাজশ্ৰী শৰ্মাৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লোঁ।

আলোচনীখনৰ সবাতোকৈ জৰুৰী  কাৰিকৰী দিশসমূহত চকু ৰাখি আপলোডিং কৰা, লিংক কৰা ইত্যাদি বিভিন্ন কামত দিন-ৰাতি একাকাৰ কৰি সহায়ৰ হাত আগবঢ়োৱাৰ বাবে দেবজিত শৰ্মা, ঋতুপৰ্ণ, সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য, হেমন্ত কাকতি দা, ৰিমঝিম বৰঠাকুৰ আৰু ৰিণ্টুমণি দত্ত দালৈ অশেষ ধন্যবাদ থাকিল। PDF বা আন ভিন্ন ফৰ্মেটত অহা লেখাবিলাক ইউনিকডলৈ পৰিবৰ্তন কৰি দি দিম্পল কলিতাই যথেষ্ট সহায় কৰিলে। দিম্পলক ধন্যবাদ যাচিলোঁ

সম্পাদনাৰ ক্ষেত্ৰত সন্মুখীন হোৱা যিকোনো সমস্যাৰ বিষয়ে বিনা দ্বিধাই আলোচনা কৰিব পৰা ব্যক্তিজন হ’ল অভিজিত কলিতা দা। শলঠেকত পৰাৰ সময়ত তেখেতে দিয়া বহুমূলীয়া পৰামৰ্শসমূহৰ বাবে চিৰকৃতজ্ঞ হৈ ৰ’লোঁ। ফটাঢোলৰ প্ৰতিষ্ঠাপক বিজয় মহন্তৰ নাম নোলোৱাকৈনো কেনেকৈ থাকোঁ! মানুহজন নৈতিক মনোবল দিয়াত বিৰাট ভাল। বাকী তেওঁৰ পৰা লেখা বিচাৰি লাভ নাই৷

আলোচনীখনৰ অলংকৰণৰ ক্ষেত্ৰত নীৰৱে কাম কৰি যোৱা আৰাধনা বৰুৱা আৰু তেখেতৰ লগত সমানে বেনাৰ, কাৰ্টুন আদি প্ৰস্ততকৰণত হাত উজান দিয়া  দিগন্ত কুমাৰ ভট্টাচাৰ্যলৈও ধন্যবাদ জ্ঞাপন কৰিলোঁ।চিনেমাৰ বেনাৰখন কম সময়তে কৰি দিয়া বাবে ভাস্কৰজ্যোতি দাসলৈ অশেষ ধন্যবাদ৷

এই সুযোগতে সম্পাদনা সমিতিৰ প্ৰত্যেকজন সদস্যৰ লগতে এই সংখ্যাত নিজৰ লেখা দি এখন সৰ্বাঙ্গ সুন্দৰ আলোচনী প্ৰকাশত অৰিহণা যোগোৱা সমূহ লেখক-লেখিকাৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লোঁঁ৷ সাধাৰণ এজন পঢ়ুৱৈৰ পৰা সম্পাদকৰ আসন শুৱনি কৰিব পৰাটো মোৰ জীৱনৰ এক উল্লেখযোগ্য সফলতা বুলিয়েই গণ্য কৰিম আৰু ইয়াৰ সমগ্ৰ কৃতিত্ব ফটাঢোল পৰিয়ালৰ।

হাঁহি থাকক, হঁ‌হুৱাই থাকক৷

জয়তু ফটাঢোল
সুকুমাৰ গোস্বামী
সম্পাদক, ফটাঢোল
☆ ★ ☆ ★ ☆

20 Comments

  • হেমন্ত কাকতি

    তোমাৰ লগত কাম কৰিও মজা লাগিল সুকুমাৰ৷ সময়খিনি স্মৰনীয় হৈ ৰব৷

    Reply
    • সুকুমাৰ গোস্বামী

      ধন্যবাদ ??

      Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    আলোচনীখনৰ ভিতৰৰ এই খবৰবোৰ বৰ মৰম লগা।

    Reply
    • সুকুমাৰ গোস্বামী

      নিশ্চয় লিখিব পাৰিব ??

      Reply
  • Sadananda Bhuyan

    আপোনাৰ সফলতাই মোক যথেষ্ট আনন্দ দিলে ।

    Reply
  • চন্দন বৰি

    অভিনন্দন সুকুমাৰ দা৷

    Reply
  • Abhijit Goswami

    অভিনন্দন জ্ঞাপন কৰিলো দাদা

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    অভিনন্দন৷

    Reply
  • সঞ্জীৱ।

    আকৌ এবাৰ অভিনন্দন।

    Reply
  • আপোনাৰ সুন্দৰ হাতৰ সম্পাদনাত এখন সৰ্বাংগসুন্দৰ আলোচনী পঢ়িবলৈ পালোঁ। অশেষ ধন্যবাদ আপোনাক। আপোনাৰ লগত কাম কৰি যথেষ্ঠ ভাল লাগিল। এইদৰেই সহযোগিতা ৰাখিব।

    Reply
    • DHIREN SAIKIA

      ভাল লাগিল আলোচনীখন,কি ঠিকনাত ফটাঢোললৈ লেখা পঠিয়াব লাগে জনাবচোন

      Reply
  • পূৰ্ণময়ী

    অভিনন্দন জনালোঁ।পঢ়িবলৈ সাজু

    Reply
  • সুকুমাৰ দা আপোনাৰ লগত পাৰ কৰা সময়বোৰ সদায় মনত থাকিব৷ কাম কৰি ভাল লাগিল৷

    Reply
  • অভিজিত কলিতা

    বৰ ধুনীয়াকৈ লিখিলা। আলোচনী খুব সুন্দৰ হৈছে

    Reply
  • মৃদুল নাথ

    অতি সুন্দৰ আলোচনী এখন উপহাৰ দিছে

    Reply
  • Sankar Jyoti Bora

    অভিনন্দন জনালো।

    Reply
  • গীতালি বৰা

    ফেৱবুক ডিএক্টিভেট কৰিলোঁ বাবে ৰিন্টুমণি দত্তক PDF version হোৱাটছ্টোঅাপত দিবলৈ অনুৰোধ কৰিছিলোঁ। তেখেতক ধন্যবাদ। অাপোনাৰ লেখাখিনি পঢ়ি ভাল লাগিল। কিমান মানুহৰ নি:স্বাৰ্থ ত্যাগে অালোচনীখনক এইটো পৰ্যায়লৈ উন্নীত কৰিছে বুজিব পাৰিছোঁ। গোটৰ সদস্য হোৱাৰ পিছৰ পৰা ছপা মাধ্যমৰ প্লেটফৰ্ম এখনত ফটাঢোল গ্ৰুপক লৈ কাম কৰাৰ ইচ্ছা অাছিলো। চেষ্টা কৰি অাছোঁ। সোনকালে অাপোনালোকে দেখিবলৈ পাব।

    Reply
  • Zakiya

    Lockdown ত অসমীয়া কিবা কিবি পঢ়িব বিচাৰি internet surfing কৰি থকোতেই ইয়াত উপস্থিত হলোহি যোৱা কালি পৰাই নিৰন্তৰ গতিত পঢ়ি আছো সকলো লেখা ইমান সুন্দৰ!!

    Reply
  • dhiren saikia

    ফটাঢোল পঢ়ি ভাল পালো,আমিও নিয়মীয়াকৈ লিখিব পাৰিম নে, পুথি আলোচনা,প্ৰবন্ধ আদি লিখিম ভাবিছো

    Reply
    • সুকুমাৰ গোস্বামী

      নিশ্চয় লিখিব পাৰিব ??

      Reply

Leave a Reply to মৃদুল নাথ Cancel reply

Your email address will not be published. Required fields are marked *