ফটাঢোল

সংখ্যাটোৰ আঁ‌ৰৰ কথা

ফটাঢোল গোটটোৰ জন্ম হৈছিল ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত৷ ময়ো গোটটোৰ  লগত প্ৰায় জন্মলগ্নৰে পৰা জড়িত৷ গোটটো গঠন হোৱাৰ দ্বিতীয় সপ্তাহতে আহিছিলোঁ‌৷ প্ৰথমে কেইজনমান বন্ধুৰ মাজত আড্ডা মাৰিবলৈ খোলা গ্ৰুপ এটা ইমান যে জনপ্ৰিয় হ’ব আৰম্ভণীত ভবাই নাছিলো৷ সকলোৰে সন্মিলিত  প্ৰচেষ্টাৰ ফলতেই বাৰু আজি গ্ৰুপটোৱে আহি এই অৱস্থা পালেহি৷ ইয়াৰ পাছত লাহেকৈ ফটাঢোল ই-  মেগাজিনখন প্ৰকাশ হ’ল আৰু প্ৰথম খণ্ডৰ পৰাই প্ৰত্যেক মাহে মেগাজিনখন প্ৰকাশ হৈ  আছে৷ যদিও মই লেখা মেলাৰ লগত জড়িত ব্যক্তি নহয় তথাপিও ফটাঢোল আলোচনীখনতে সাহস কৰি দুই এটা লেখা কেতিয়াবা দি থাকোঁ‌; তথাপি সম্পাদক হ’ব পৰাকৈ যোগ্য বুলি নিজকে কেতিয়াও ভবা নাই৷ প্ৰথম যেতিয়া ৰিণ্টুমণিদায়ে ফোন কৰিছিল বাইক চলাই আছিলোঁ‌৷ ফোনটো উঠাই যেতিয়া  সম্পাদক হ’বলৈ প্ৰস্তাৱ পালোঁ,‌  ভয়েই খালোঁ‌৷ মোৰ দৰে অনভিজ্ঞ মানুহ এজনে মাহে প্ৰায় দহ হেজাৰ মানুহে পঢ়া আলোচনী এখনৰ সম্পাদকৰ দায়িত্ব  কেনেকৈ ল’ম৷ তথাপি ৰিণ্টুদাই সাহস দিলে যে যিহেতু সম্পাদনা সমিতি থাকিব, চিন্তা কৰিব নেলাগে৷ তেওঁলোকে সম্পূৰ্ণৰূপে সহায় কৰিব৷ যদিও সম্পাদনা সমিতিৰ লগত কেতিয়াও  জড়িত নহয় তথাপিও গোটেইকেইজন ব্যক্তিকে ব্যক্তিগতভাবে চিনি পাওঁ৷ গতিকে জানো প্ৰত্যেকজন ব্যক্তিয়ে নিজ নিজ ক্ষেত্ৰৰ এজন এজন পাৰ্গত ব্যক্তি আৰু যথেষ্ঠ সহায় সহযোগিতা কৰে৷ গতিকে তেওঁলোকৰ সাহসতে  সম্পাদকৰ  দায়িত্বটো ল’লোঁ‌৷

জুলাই মাহৰ প্ৰথমতে সম্পাদনা সমিতিৰ হোৱাটতচএপ গ্ৰুপ এটা খোলা হ’ল আৰু মোক তাত যোগ কৰি দিয়া হ’ল। মোৰ আকৌ ফেচবুকত ব্লক খোৱাৰ বহুত অভিজ্ঞতা আছে, তাকে ভিত্তি কৰি হিমাংশু ৰাজখোৱা আৰু চন্দন বৰীয়ে মোৰ তৰোৱাল লোৱা ফটো সম্বলিত এখন আমোদজনক গোহাৰী পত্ৰ বনালে৷ সেইখন দেখি বহুতে চাগৈ ভাবিছে এইজন আকৌ কি সম্পাদক আহিলে তৰোৱাল লৈ লেখা খোজা৷ অনুৰোধ কম, দাবী বেছি যেন লাগে৷ বহুতৰ ইনবক্সত লেখা খুজি অনুৰোধ জনালোঁ৷ কিছুমানে অভিনন্দন দিলে, কিছুমানে চেষ্টা কৰিম বুলি ক’লে, কিছুমানে লেখা দিম বুলি ক’লে আৰু কিছুলোকে ‘চিন’ ‘নো’ ৰিপ্লাই কৰিলে৷ যি নহওক গোহাৰি পোৱাৰ পাছত লাহে লাহে লেখাবোৰ অহা আৰম্ভ কৰিলে৷ টেকনিকেল কথাবোৰ দেৱজিত শৰ্মাৰ পৰা অলপ শিকিলোঁ‌; কোনেকৈ কপি কৰি কি ফৰমেটত চেভ কৰিব লাগে৷ বৰ্ণশুদ্ধিৰ বাবে চবিনা য়াচমিন, প্ৰণীতা গোস্বামী বৰঠাকুৰ, ঋতুপৰ্ণা মহন্ত আৰু পৰীস্মিতা গগৈলৈ পঠিয়ালোঁ‌৷ নিজৰ শাৰীৰিক অসুস্থতাৰ মাজতো চবিনাবাই আৰু ঘৰুৱা অসুবিধাৰ মাজতো প্ৰণীতাবা, ঋতুপৰ্ণা আৰু পৰীস্মিতাই বৰ্ণশুদ্ধি কৰি দিলে৷ শেষৰ পালে ৰিমিঝিম বৰঠাকুৰকো বৰ্ণশুদ্ধিৰ বাবে দিলোঁ‌৷ সুন্দৰকৈ বানানবোৰ চাই দিয়া  বাবে তেওঁলোকক ধন্যবাদ জনালোঁ৷

সাক্ষাৎকাৰ লৈ অলপ সমস্যাৰ সৃষ্টি হৈছিলে বাৰু৷ কিছু সমস্যাৰ বাবে প্ৰথম যিগৰাকী ব্যক্তিৰ সাক্ষাৎকাৰ ল’ম বুলি ভাবিছিলোঁ‌ তেওঁৰ অসুস্থতাৰ বাবে সাক্ষাৎকাৰ ল’ব নোৱাৰিলোঁ৷ মাধুৰীমা ঘৰফলীয়াক ধন্যবাদ জনালোঁ ব্যক্তিজনৰ লগত সাক্ষাৎকাৰৰ বাবে যোগাযোগ কৰি দিয়াৰ বাবে৷ গতিকে পৰৱৰ্তী মাহৰ বাবে অতিথি হিচাপে ভাবি থোৱা হিমাংশু প্ৰসাদ দাসৰে সাক্ষাৎকাৰ এই মাহত লোৱা হ’ল৷ কৰ’ণাৰ কাৰণে সাক্ষাৎকাৰ বাৰু ব্যক্তিগতভাবে ল’ব পৰা নগ’ল৷ হিমাংশু ৰাজখোৱাদাই হোৱাটচএপৰ যোগেদি সাক্ষাৎকাৰটো লৈ ল’লে ৷

আলোচনীখনৰ বাবে চন্দন বৰী আৰু হিমাংশু ৰাজখোৱাই সুন্দৰ প্ৰমো কেইটামান বনালে৷ মনীষা দাস, শিল্পাশ্ৰী দাস  আৰু মন্দিৰা গগৈক ধন্যবাদ জনালোঁ প্ৰমোৰ বাবে তেওঁলোকৰ ফটো ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰ বাবে৷ আলোচনীৰ বাবে সুন্দৰ বেনাৰখন নিৰ্মাণ কৰা  বাবে আৰাধনা বৰুৱাৰ লগতে দিগন্ত কুমাৰ ভট্টাচাৰ্য্য ডাঙৰীয়াক ধন্যবাদ জনালোঁ৷ লগতে বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সঞ্জীৱ ভট্টাচাৰ্য্য, ৰাজশ্ৰী শৰ্মা, হেমন্ত কাকতিদা, অভিজিত কলিতাদা, দেবজিত শইকীয়াদা, দিম্পলক বিজয়ক ধন্যবাদ জনালোঁ৷ ৰিণ্টুমণিদা বাৰু মেগাজিনখনৰ মূল চালিকা শক্তি৷ তেওঁক বেলগেকৈনো কি ধন্যবাদ দিম৷

আলোচনীৰ মূল সম্বল দুটাই  হ’ল- লেখক আৰু পাঠক। গতিকে এই সংখ্যাত নিজৰ লেখা দিয়া সকলো লেখক-লেখিকাৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লোঁ‌৷ এনে গুৰুদায়িত্ব এটা মই পালন কৰিবলৈ সমৰ্থ হ’ম বুলি ভবা কাৰণে সম্পাদনা সমিতিৰ ওচৰতো কৃতজ্ঞ থাকিলোঁ‌৷ গতিকে, অনুৰোধ থাকিল সকলোৱে আলোচনীখন পঢ়ক, লগতে বেলেগকো পঢ়োৱাওক৷

হাঁহি থাকক, হঁ‌হুৱাই থাকক৷ জয়তু ফটাঢোল৷

ধূৰ্জ্জটি  কাকতি

সম্পাদক, ফটাঢোল।

10 Comments

  • Abhijit Goswami

    ভাল লাগিল….

    Reply
  • ৰাজশ্ৰী শৰ্মা

    আপোনাৰ লগতো ভাল লাগিল দাদা কাম কৰি। অভিনন্দন আটাইকে।

    Reply
  • হিমাংশু ৰাজখোৱা

    ভাল লাগিল কাকতি

    Reply
  • চন্দন

    আপোনাৰ লগত কাম কৰি বেয়া নালাগিল৷ ভৱিষ্যতে আকৌ কৰাৰ সুযোগ পাম বুলি আশা কৰিলোঁ৷

    Reply
  • দেবজিত শৰ্মা

    কাম কৰি ভাল লাগিল ধূৰ্জ্জতি

    Reply
  • মানসী বৰা

    কথাখিনি জানি ভাল লাগিল। জয়তু ফটাঢোল।

    Reply
  • আদিত্য

    ভাল লাগিল ।

    Reply
  • কাবেৰী মহন্ত

    আজিহে পঢ়িলোঁ৷ ভাল হৈছে আলোচনী সাংঘাতিক

    Reply
  • সুন্দৰ আলোচনী এখনৰ বাবে সকলোকে অশেষ ধন্যবাদ আৰু তোমাক অভিন্দন ধুৰৰৰ

    Reply
  • তোমাকো আন্তৰিক অভিনন্দন জনালোঁ। সুন্দৰকৈ আলোচনীখন সম্পাদনা কৰি পাঠকৰ মন জয় কৰা বাবে।

    Reply

Leave a Reply to আদিত্য Cancel reply

Your email address will not be published. Required fields are marked *