ফটাঢোল

হিমাংশু প্ৰসাদ দাসৰ সৈতে সাক্ষাৎকাৰ

এই সংখ্যাৰ সাক্ষাৎকাৰ শিতানত যি গৰাকী ব্যক্তি আমাৰ মাজত আছে তেওঁক এটা বাক্যত পৰিচয় কৰি দিব পৰাটো দুৰূহ। একাধাৰে তেওঁৰ পৰিচয় কবি, অভিনেতা, নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ আৰু গায়ক। ‘জীৱন জিন্দাবাদ’ আদৰ্শক বুকুত বান্ধি নিজৰ অগতানুগতিক শৈলীৰে অসমৰ ইমুৰৰ পৰা সিমুৰলৈ পৰিচিতি আৰু জনপ্ৰিয়তা লাভ কৰা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক অসমৰ সন্তান হিমাংশু প্ৰসাদ  দাসক এই সাক্ষাৎকাৰৰ মাজেৰে আমি ফটাঢোলৰ মজিয়ালৈ আমন্ত্ৰণ জনাইছোঁ।

সম্প্ৰতি বিশ্বব্যাপী কোভিড 19 সৃষ্ট লকডাউনৰ প্ৰভাৱৰ বাবে আজিৰ অতিথি গৰাকীৰ সৈতে মুখামুখিকৈ সাক্ষাৎকাৰ গ্ৰহণ কৰিব পৰা নগ’ল, সেয়েহে আমাৰ ফটাঢোল আলোচনীৰ সম্পাদনা সমিতিৰ সদস্য, হিমাংশু প্ৰসাদ দাস ডাঙৰীয়াৰ ব্যক্তিগত বন্ধু হিমাংশু ৰাজখোৱাৰ সৈতে হোৱা এক অনানুষ্ঠানিক কথা বতৰাকে সাক্ষাৎকাৰৰ ৰূপত আপোনালোকলৈ আগবঢ়ালোঁ৷

ফটাঢোল : হিমাংশু, বেলেগ প্ৰশ্নলৈ যোৱাৰ আগতে সুধি লওঁ, আপুনি কি ভাবে এই পৃথিৱীত আপোনাৰ জন্ম কিহৰ বাবে হৈছে? কবি? অভিনেতা? চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ? গায়ক? গীতিকাৰ? সুপুত্ৰ? ভাল গৃহস্থ? কোনটো পৰিচয়েৰে আপোনাৰ জীৱনটোক জাষ্টিফাই কৰিব বিচাৰিব আপুনি?

হিমাংশু প্ৰসাদ দাস : আচল পৰিচয়টো হ’ল, মই এজন কথকী মানুহ। গান, নাটক, কবিতা বেলেগ একো নহয়, কথা কোৱাৰ মাধ্যম মাত্ৰ। সাংস্কৃতিক ক্ষেত্ৰতে হওক বা পাৰিবাৰিক জীৱনতে হওক, সফল বুলি স্বীকৃতি পাবলৈ সাধনাৰ প্ৰয়োজন হয়, মোৰ অস্থিৰ স্বভাৱে সেই সুখ পোৱাৰ পৰা সদায় বঞ্চিত কৰি আহিছে। জীৱনৰ ইনি‌ংচ গঢ়িবলৈ ৰাহুল দ্ৰাবিড়ৰ দৰে  ধৈৰ্যৰ প্ৰয়োজন হয়, আমাৰ STYLE টো বীৰেন্দ্ৰ চেহৱাগৰ দৰে, হয়তো কেতিয়াবা ধুমুহা আৰু কেতিয়াবা কেৱল শূন্য। কিন্তু এটা দলত সকলোৱে যদি ৰাহুল দ্ৰাবিড়ৰ দৰে বেটিং কৰে, তেতিয়াও জানো হ’ব?

ফটাঢোল : বেছিভাগ মানুহকেই আমি দেখোঁ যে, নিজৰ কৰ্মস্থলীত সুখী নহয়। খুব কম সংখ্যক মানুহহে নিজৰ কামকলৈ সুখী। নাটক হওক চিনেমা হওক বা থিয়েটাৰী চং হওক আপোনাক যেতিয়া আমি দেখোঁ, তেতিয়া আপোনাক সেই মুষ্টিমেয় সুখী মানুহখিনিৰ ব্ৰেণ্ড এম্বেচাদৰ যেন লাগে। সঁচাকৈ, আপুনি আপোনাৰ কামকলৈ সুখী নে?

হিমাংশু প্ৰসাদ দাস : আচলতে গান, নাটক কৰিবলৈ কোনোৱে মোক মূৰত পিষ্টল লগাই বাধ্য কৰোৱা নাছিল। এয়া মোৰ CHOICE. মোৰ হৃদয় আৰু বিবেকে দিয়া নিৰ্দেশ। তাৰোপৰি গান, নাটক, চিনেমাও মোৰ পচন্দৰখিনিহে বাচি বাচি কৰোঁ। তাৰ বাবে অৰ্থনৈতিক সমস্যা কিছু হয়, কিন্তু আপোনালোকৰ চকুত পৰা সেই সুখখিনি বস্তা ভৰাই পাওঁ।

ফটাঢোল : কলেজীয়া শিক্ষা আপোনাৰ কটনত। আপোনাৰ বিষয়ে আমি যিমান গম পাওঁ, আজিৰ হিমাংশু প্ৰসাদ দাস হোৱাত কটনৰ সেই সময়খিনিৰ যথেষ্ট অৰিহণা আছে। কওকচোন সেই সময়ৰ কথা।
সমসাময়িকসকল কোন কোন আছিল? শুনামতে আপুনি জীৱনৰ বেছিভাগ কবিতা কটনৰ লাষ্ট বেঞ্চত লিখিছিল আৰু এবাৰ আপোনাৰ মাক মিছাকৈ মাৰি পেলাইছিলা। ক’ব নেকি এই কাহিনীবোৰ।

হিমাংশু প্ৰসাদ দাস : কটন কলেজৰ গল্পময় জীৱনে যুঁজিবলৈ শিকালে, ৰাতিৰ ভিতৰতে নায়ক হোৱা আৰু ৰাতিৰ ভিতৰতে খলনায়ক হোৱাৰ নিৰ্মম অভিজ্ঞতাই  জীৱনক আৰু ৰোমাঞ্চকৰ কৰি তুলিলে।

কবিতা লিখিবলৈ এটা সুন্দৰ প্ৰেৰণাদায়ক  পৰিবেশ আছিল। লগ পাইছিলোঁ প্ৰাণজিত বৰা, কুশল দত্ত, সত্যকাম বৰঠাকুৰ, প্ৰণৱ কুমাৰ বৰ্মন, কমল কুমাৰ মেধি, নৱজ্যোতি পাঠক, লাচিত বৰ্মন আদি সেই সময়ত অসমৰ কাব্য জগতত আলোড়ন সৃষ্টি কৰা কবিসকলক। পৰীক্ষা বহিত পৰীক্ষা ব্যৱস্থাটোৰ সমালোচনা কৰি স্নাতক প্ৰথম বৰ্ষত অনুতীৰ্ণ হৈছিলোঁ।তেতিয়া স্নাতক প্ৰথম বৰ্ষৰ পৰীক্ষা কলেজৰ পৰা পৰিচালনা কৰা হৈছিল। পিছত ‘মা’ মৰাৰ দুখত পঢ়া শুনা নহ’ল বুলি ফাঁকি দি, পাছ কৰাই দিবলৈ examination boardক চিঠি লিখিলোঁ। মিছা কথাই কাম দিলে। কিন্তু মিছা কথাৰ ঠেং চুটি কাৰণে ধৰাও পৰিলোঁ। যি নহওক, আজি হাঁহিছোঁ যদিও, সেই দিনকেইটা কিন্তু মোৰ কাৰণে ভয়ংকৰ আছিল

ফটাঢোল : আপোনাৰ ঘৰত মতা নামটো কি, আমাৰ ৰাইজক জনাবলৈ বেয়া পাবা নেকি? কি খাই ভাল পায় আপুনি? ভেন্দি বেয়া পোৱা বুলি জানো। খাদ্য ৰসিক নে আপুনি?

হিমাংশু প্ৰসাদ দাস : মোৰ ঘৰত মতা নাম মইনা।

নোখোৱা বস্তুবোৰ যিমান ভালকৈ ৰান্ধি দিলেও মুখলৈ নিব নোৱাৰোঁ আৰু খোৱা বস্তুবোৰত নিমখ ঠিকে থাকিলেই মোৰ কাৰণে চলি যায়। খাই ভাল পাওঁ, কিন্তু খোৱাৰ ITEM বোৰ কেনেকুৱা হ’ব, বেছি ভাবি নাথাকোঁ। গতিকে ঠিক খাদ্য ৰসিক বুলি ক’ব নোৱাৰি মোক।

ফটাঢোল : NSD ৰ কথালৈ আহোঁ। NSD ত আপোনাৰ সমসাময়িক কোন আছিল? মুম্বাইৰ কথা কেতিয়াও ভবা নহ’ল নেকি? আপোনাৰতো প্ৰতিভাও আছিল!

হিমাংশু প্ৰসাদ দাস : ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত একে সময়ত শিক্ষা লোৱা বহু বন্ধু বান্ধৱীয়ে নাটক আৰু চিনেমা জগতত নিজৰ সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। কোনোবাই যদি দিল্লীত, কোনোবাই মুম্বাইত আৰু হয়তো আন কোনোবাই নিজ ৰাজ্যত। মুম্বাইলৈ যোৱাৰ হেঁপাহ কিয় জানো এদিনৰ বাবেও মনলৈ নাহিল। নিজৰ স্বাধীনতা বিচাৰিছিলোঁ, যিটো হয়তো মুম্বাইত সোনকালে পোৱা সম্ভৱ নহয় বা কেতিয়াও নহয়। চাহৰুখ খান, ছলমান খান জানো স্বাধীন? হয়তো তেওঁলোকেও বজাৰত তিষ্টি থকাৰ স্বাৰ্থত বহুতো কাম নিজৰ ইচ্ছাৰ বিৰুদ্ধে কৰিব লগা হয়। মই ঘৰগোনা নহয়, কিন্তু অসমপ্ৰেমী।

ফটাঢোল : আপোনাৰ মতে জীৱনত মিছাৰ প্ৰয়োজন কিমান? হাঁহিৰ?

হিমাংশু প্ৰসাদ দাস : জীৱনত সঁচাৰ যিমান প্ৰয়োজন আছে, মিছাৰো সিমানেই প্ৰয়োজন আছে বুলি ভাবোঁ, যদিহে সেই মিছা সত্য প্ৰতিষ্ঠাৰ স্বাৰ্থত হয়।

হাঁহিবনো কোনে নিবিচাৰে। কোনোবাই কৈছিল, এটা হাঁহিৰ সোন্দৰ্য্য হেনো হেজাৰ ফুলতকৈয়ো ধুনীয়া।

ফটাঢোল : ফটাঢোলত আপুনিতো আছেে মেম্বাৰ হিচাপে, নহয় জানো?

হিমাংশু প্ৰসাদ দাস : হয়, আছোঁ। বেছিদিন হোৱা নাই যুক্ত হোৱা৷ হাঁহি ভালপোৱা এমুঠি মানুহ একেলগে আছে।

ফটাঢোল : এটা চিৰিয়াছ প্ৰশ্ন৷ ফটাঢোলৰ প্ৰথম সাক্ষাৎকাৰটোৰ বাবে আপুনি যে ইমান বছৰ অপেক্ষা কৰিব লাগিব সেইটো ভাবিছিল নে?

হিমাংশু প্ৰসাদ দাস : অৱশেষত সেই দিনটো আহিল।
এতিয়া আৰু মৰিলেও আফচোচ নাথাকিব।

ফটাঢোল : আমি সকলোৱে জানো আপোনাৰ পত্নী প্ৰণামী (প্ৰণামী বৰা) এগৰাকী সুদক্ষ আৰু জনপ্রিয় অভিনেত্ৰী। এনেয়েই প্ৰণামীৰ লগততো প্ৰেম বিবাহেই? সুধিবতো নালাগেই চাগে? (হাঁহি) তথাপি প্ৰণামী মানে আপোনাৰ তালিকাত কেই নম্বৰত আছিল?

হিমাংশু প্ৰসাদ দাস : প্ৰণামীক N.S.D.ত লগ পাইছিলোঁ। তেনেকৈয়ে সম্পৰ্ক থাকি গ’ল।

ক’ব পৰা অতীতখিনি ইতিমধ্যে নিজে কৈছোঁ, কিছু তাই নিজেই জানে, বাকী ৰোৱাখিনি কবৰৰ পৰা খান্দি উলিয়াই এতিয়ানো কাৰ কি লাভ! (হাঁহি)

ফটাঢোল : আপোনালোকৰ বিয়াখনেও এটা সময়ত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ৰবীন্দ্ৰ ভৱনত বিয়া পতাৰ সিদ্ধান্তটো কেনেকৈ আহিল মনলৈ? কিয়?

হিমাংশু প্ৰসাদ দাস : সেই সময়ত যৌতুক বিৰোধী এটা অভিযানত ব্যস্ত আছিলোঁ আৰু বিয়াৰ নামত হৈ অহা ব্যয় বহুল আয়োজনৰ ক্ষতিকাৰক দিশবোৰৰ বিষয়ে চিন্তা চৰ্চা কৰি আছিলোঁ। ৰবীন্দ্ৰ ভৱনত বিয়া পতাৰ উদ্দেশ্য আছিল, যাতে আমি চিন্তা কৰা কথাবোৰ আৰু বেছি মানুহৰ ওচৰলৈ লৈ যাব পাৰোঁ। অ, আৰু এটা কথা, বিয়াখন যদি মই ডাঙৰকৈ পাতিলোঁহেঁতেন, তেতিয়াহ’লে “Shakira আহিব বকুলতলৰ বিহুলৈ” চিনেমাখন বনাব নোৱাৰিলোঁহেঁতেন।

ফটাঢোল : আমি জানো ‘সৃষ্টি’ এনে এটা বস্তু নহয় যে, সময় পাইছোঁ ‘সৃষ্টি’ এটা কৰি দিওঁ। তথাপি যোৱা মাৰ্চৰ পৰা সময়তো যথেষ্ট ওলাইছে চাগে। কি কৰিলে বা কৰি আছে এই সময়খিনিত?

হিমাংশু প্ৰসাদ দাস : আৰম্ভণিৰ সময়খিনিত কিতাপ পঢ়িলোঁ, চিনেমা চালোঁ, গান শুনিলোঁ আৰু ব্যায়াম কৰিলোঁ। তাৰপিছত অসহ্য লাগিবলৈ আৰম্ভ হ’ল। তাৰ পিছত আড্ডা দিলোঁ, খানা খালোঁ আৰু ঢেৰ টোপনি মাৰিলোঁ। অ, এইখিনি সময়ৰ মাজতে আমাৰ স্থানীয় সংগঠন “সচেতন নাগৰিক সমাজ, আমৰঙা(বৰিহাট)”ৰ উদ্যোগত অঞ্চল ভিত্তিক ৰক্তদাতাৰ এটা গোট খোলা হ’ল, লগতে লক ডাউনৰ বাবে অভাৱত পৰা কিছু পৰিয়ালক সাহায্য দিবলৈ চেষ্টা কৰি আছোঁ।

ফটাঢোল : আপোনাৰতো অসংখ্য ফেন আছে, কেতিয়াবা কোনোবা ‘জবৰা ফেন’ৰ লগত স্মৰণীয় ঘটনা আছে নে?

হিমাংশু প্ৰসাদ দাস : ‘ফেন’ বোলা শব্দটো কিয় জানো ভাল নালাগে। আমাক জীৱনত সহযোদ্ধা লাগে, সহযাত্ৰী লাগে, ‘ফেন’ মানেই যেন মোহবিষ্ট বা অন্ধ।

অৱশ্যে, এজন দাদা লগ পাইছিলোঁ, মোৰ ৫০টা কবিতা তেখেতৰ মুখস্থ আছিল, আচৰিত হৈছিলোঁ।

ফটাঢোল : “ঐ ছোৱালী এবাৰ ভাল পায় চাবি নেকি?”
আপোনাৰ এটা জনপ্ৰিয় আৰু বহুপঠিত কবিতা।

ভাল পালে নে হিমাংশু প্ৰসাদ দাসক সেই ছোৱালীজনীয়ে? লগ পালেনে হিমাংশুৱে সেই ছোৱালীজনীক?

হিমাংশু প্ৰসাদ দাস : হাঃ হাঃ হাঃ! ২০০৪ চনত কবিতাটো লিখিছিলোঁ, এতিয়াও প্ৰায়ে মাতি থাকিব লগা হয়। কেতিয়াবা কামত দিছে, কেতিয়াবা নাই।

ফটাঢোল : খুব ভাল লাগিল কথা পাতি আপোনাৰ লগত। সময়খিনি দিয়াৰ বাবে অশেষ ধন্যবাদ। শেষত ফটাঢোলক কি ক’ব?

হিমাংশু প্ৰসাদ দাস : মোৰো খুব ভাল লাগিল, আগতে ক’তো নোকোৱা কিছুমান কথা ক’লোঁ আজি। আকৌ লগ পাম। ফটাঢোলক কি কম!

‘জীৱন জিন্দাবাদ’

☆ ★ ☆ ★ ☆

20 Comments

  • rintumoni dutta

    খুব ভাল লাগিল প্ৰিয় মানুহ এজনৰ বিষয়ে বিশদকৈ জানিবলৈ পায়।

    তেখেতৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলো

    Reply
    • চন্দন গগৈ

      মোৰ এজন প্ৰিয় ব্যক্তি

      Reply
  • Abhijit Goswami

    ভাল লাগিল দাদা ? ? ?

    Reply
  • Anonymous

    প্ৰশ্নই চাবা নে উত্তৰেই শুনিবা…মজ্জা লাগিল.. বৰ সোনকালে শেষ হৈ গল হে

    Reply
  • যাযাবৰ

    প্রিয় শিল্পীৰ কথাবোৰ

    Reply
  • Rimjhim Borthakur

    ইমান ভাল লাগিল সাক্ষাৎকাৰটো। প্ৰশ্ন-উত্তৰ সমানেই হিট।

    Reply
  • সুকুমাৰ গোস্বামী

    ভাল লাগিল

    Reply
  • Mridul Nath

    বঢ়িয়া লাগিল । কথাবোৰ যেন সন্মুখত বহি কৈ আছে, তেনে লাগিল।

    Reply
  • Sankar Jyoti Bora

    জীৱন জিন্দাবাদ৷
    বঢ়িয়া লাগিল৷এবাৰ মুখামুখিকৈ লগ পোৱাৰআশা পুহি ৰাখিছো৷

    Reply
  • Anonymous

    Priya byekti jonor Interview, moja

    Reply
  • popi deka

    খুবে ভাল লাগিল প্ৰিয় কবিৰ মনৰ বতৰা জানিব পাৰি ।”ফেন ” নহয় সহযাত্ৰী লাগে কথাষাৰৰ দ্ধাৰা আপোনাৰ অন্যটি দিশ দেখিলোঁ।

    Reply
  • Anonymous

    জীৱন জিন্দাবাদ, এজন ব্যতিক্ৰমী মানুহ আৰু কামবোৰো ব্যতিক্ৰমী তাৰ বাবে সদায় প্ৰিয় , ভাল লাগিল

    Reply
  • Bikramaditya Baruah

    ভাল লাগিল ৷

    Reply
  • বন্দিতা জৈন

    বঢ়িয়া ।

    Reply
  • Dhurjjati

    Bar val lagile

    Reply
  • মনিকা শৰ্মা

    পৰিচয়টো জানি ভাল লাগিল!মানুহজন যে খুবেই স্পষ্টবাদী কথাবোৰত গম পায়!এনেকুৱা লাগিল সনমুখৰ পৰা শুনি থকা যেন লাগিল!

    Reply
  • মানসী বৰা

    বৰ ভাল লাগিল। একেধাৰে ইমানবোৰ গুণৰ অধিকাৰী মানুহজনৰ বিষয়ে নজনা বহুবোৰ কথা জানি সুখী হ’লো…

    Reply
  • হেমন্ত কাকতি৷

    তেখেতৰ বিষয়ে নজনা কথা বহুত জানিব পাৰি সুখী হলো৷ তেখেতৰ ংভবিষ্যৎ উজ্জ্বল হওক তাৰেই কামনা কৰিলো৷

    Reply
  • সঞ্জীৱ।

    জীৱন জিন্দাবাদ।তেখেতৰ বিষয়ে ভালদৰে জানিব পাৰি ভাল লাগিল।

    Reply
  • হিৰণ্য গগৈ

    বৰ ভাল লাগিল। হিমাংশু দাৰ উত্তৰবোৰ বৰ সৰল ভাবে দিলে ভাল লাগিল বহুত বেছি।

    Reply

Leave a Reply to চন্দন গগৈ Cancel reply

Your email address will not be published. Required fields are marked *