ফটাঢোল

সম্পাদকীয়- ধূৰ্জ্জটি কাকতি

কেইবছৰমান আগতে এটা শব্দ মাজতে খুব চৰ্চাত আহিছিল- ‘অসহিষ্ণুতা’ বা ‘Intolerance’৷ বহুতো লোকে নৰেন্দ্ৰ মোডীৰ চৰকাৰ অহাৰ পাছত দেশত অসহিষ্ণুতা বঢ়া বুলি  প্ৰতিবাদো কৰিছিলে৷ শাসকীয় দলৰ সমৰ্থকসকলে কৈছিল এয়া এক ৰাজনৈতিক গিমিক, তাৰ বাহিৰে একো নহয়৷ আচলতে দেশত সঁচাকৈ অসহিষ্ণুতা বাঢ়িছিল নে নাই, নে সেয়া বিৰোধীৰ নিৰ্বাচনকেন্দ্ৰিক এক ৰাজনৈতিক গিমিকহে মাত্ৰ, সেইটো কথা সেই সময়ত সিমান ভালকৈ ধৰিব নোৱাৰিলোঁ৷ কাৰণ দৈনন্দিন জীৱনত মানুহৰ মাজত ইমানো অসহিষ্ণুতা দেখা নাছিলোঁ, কিন্তু ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি এটা কথা ভালদৰে অনুভৱ কৰিছোঁ ছ’চিয়েল মিডিয়াত অসহিষ্ণুতা আৰু ঋণাত্মক ধাৰণা সাংঘাতিকভাৱে ভাবে বাঢ়িছে আৰু অসমৰো ছ’চিয়েল মিডিয়াত এই অসহিষ্ণুতাৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে৷

অৱশ্যে বৰ্তমান সময়খিনিয়েই সমগ্ৰ বিশ্বৰ বাবেই  বৰ নিৰাশাজনক৷ ক’ৰনা মহামাৰীৰ ফলত মানুহৰ সাধাৰণ জীৱন প্ৰায় বিধস্ত হৈ পৰিছে, ঘৰতে সোমাই সোমাই মানুহৰ মনত হতাশা বাঢ়িছে৷ এফালে মহামাৰীৰ ভয় আৰু আনফালে নিজৰ জীৱিকা, নিজৰ ভৱিষ্যত সম্পৰ্কে মানুহবোৰ সন্দিহান হৈছে, চাৰিওফালে এক নিৰাশাজনক পৰিস্থিতি৷ এনে পৰিস্থিতিত অলপ অসহিষ্ণু অলপ আক্ৰমণাত্মক হোৱাটো ডাঙৰ কথা নহয় বাৰু, কিন্তু ছ’চিয়েল মিডিয়াত দেখা দিয়া অসহিষ্ণুতা ইয়াৰ বহু আগৰে পৰা বিৰাজমান৷

প্ৰথমতে ছ’চিয়েল মিডিয়াত দেখা পোৱা অসহিষ্ণুতাৰ  মূলতঃ  দুটাই কাৰণ আছিলে- ৰাজনৈতিক আৰু ধৰ্মীয়৷ ৰাজনৈতিক দলৰ কিছু সমৰ্থক নিজৰ ৰাজনৈতিক আদৰ্শৰ বিৰোধীৰ লগত মত নিমিলিলে অতিপাত উগ্ৰ হৈ উঠে৷ ৰাজনৈতিক বিৰোধিতা কেতিয়া তৰ্কাতৰ্কিৰ পৰা গৈ ব্যক্তিগত আক্ৰমণৰ ৰূপ লয় ধৰিবই নোৱাৰি৷ কিছুমান মানুহে বয়স শিক্ষা দীক্ষা একো নোচোৱাকৈ বিপৰীত আদৰ্শৰজনক অশ্লীল গালি গালাজেৰে যিদৰে আক্ৰমণ কৰে তাক দেখিলে আচৰিত লাগে৷ তাৰ লগতে বিভিন্ন নাম দি কৰা ঠাট্ট- মস্কৰা, ইতিকিং এইবোৰটো আছেই৷ আপুনি যদি শাসকীয় দলক সমৰ্থন কৰে ভক্ত বুলি, জাতিদ্ৰোহী বুলি চাৰ্টিফিকেট দিবলৈ আৰু বিৰোধিতা কৰিলে দেশদ্ৰোহী বুলি চাৰ্টিফিকেট দিবলৈ এচাম অনবৰত সাজু হৈয়ে থাকে৷ যেন তেওঁলোক কোনো বিশ্ববিদ্যালয়ৰ উপাচাৰ্যহে৷ অনবৰত জেপত চাৰ্টিফিকেট এখন  লৈ ঘূৰি ফুৰে, ফেচবুকত কাৰোবাক দেখিলেই দি দিয়ে৷  মতবিৰোধিতা বুলি যে বস্তু এটা থাকিব পাৰে ছ’চিয়েল মিডিয়াত  বহুত ব্যক্তিয়ে বুজিয়েই নাপায়৷ ৰাজনৈতিক বিৰোধিতাত ব্যংগ, সমালোচনা আদি থাকিবই, গণতন্ত্ৰৰ বাবে ই প্ৰয়োজনীয় আৰু আদৰণীয়ও। কিন্তু ই এনে এটা পৰ্যায়ত যাব নালাগে যে বিৰোধীৰ ৰাজনৈতিক ভাৱধাৰাক মানুহে সহ্যই কৰিব নোৱাৰে৷ নিজৰ ৰাজনৈতিক আদৰ্শ এটা থকাটো ভাল কথা, কিন্তু ইয়াকেই পৰম শুদ্ধ বুলি ভাবি বাকীবোৰক মূৰ্খ বা শত্ৰু জ্ঞান কৰাটো  অপৰিপক্কতা আৰু গণতান্ত্ৰিক দেশ এখনৰ বাবে ই দুৰ্ভাগ্যজনক৷

ধৰ্মীয় অসহিষ্ণুতাৰ কথাটো  বাৰু ক’বই নেলাগে৷ একেবাৰে সৰু সৰু কথাতে আজিকালি স্বয়ম্ভূ ধৰ্মৰক্ষক কিছুমানৰ আৱেগ আঘাটপ্ৰাপ্ত হয় আৰু সৰু কথাতে মানুহক হত্যা আনকি মহিলাক ধৰ্ষণৰ দৰে ভাবুকি দিবলৈ কুণ্ঠাবোধ নকৰে৷ কিছুমান মানুহৰ মনত বেলেগ ধৰ্মী মানুহৰ প্ৰতি ইমান ঘৃণা থাকে দেখিলে আচৰিত লাগি যায়৷ বিশেষকৈ শিক্ষিত মানুহবোৰে যেতিয়া এনে ঘৃণা বিয়পোৱা দেখা যায় তেতিয়া আৰু দুখ  লাগে৷

কিন্তু বৰ্তমান চিন্তনীয় বিষয় হৈছে ছ’চিয়েল মিডিয়াৰ এই অসহিষ্ণুতা বৰ্ত্তমান কেৱল ৰাজনৈতিক বা ধৰ্মীয় ক্ষেত্ৰতে সীমাবদ্ধ নহয়, প্ৰায় সকলো ধৰণৰ কথাতেই শিপাবলৈ ধৰিছে৷ সামাজিক, বৌদ্ধিক কথাতো বিৰোধিতা হ’লে মানুহ তেনেকৈয়ে আক্ৰমনাত্মক হৈ পৰে৷ আনকি নিজে ভাল পোৱা চিনেমা এখন বেলেগে বেয়া পালে, নিজে ভাল পোৱা গান বা উপন্যাস এখন বেলেগে বেয়া পালে, নিজৰ প্ৰিয় অভিনেতা বা গায়কৰ কোনোবাই সমালোচনা কৰিলে মানুহবোৰ ভয়ংকৰ ভাবে আক্ৰমণাত্মক হৈ যায়৷ সুস্থ আলোচনাৰ সলনি কাজিয়া, ইতিকিং, ব্যক্তিগত আক্ৰমণৰ সৃষ্টি হয়৷ যদি আপুনি কয়, “মই অমুক চিনেমাখন চাই বেয়া পালোঁঁ”, চিনেমাখন চাই ভাল পোৱা কোনোবাই আপোনাৰ ৰুচিয়েই  নিম্নখাপৰ বুলি ক’ব৷ স্মাৰ্টফোন হাতত লৈয়ো বহুত  মানুহ  ইমান স্মাৰ্ট নহয় যে সকলো মানুহৰ ৰুচি যে বেলেগ বেলেগ সেই সাধাৰণ কথাটো বুজি পাব পাৰে৷ কিন্তু এনে মানসিকতাৰ ফলত ছ’চিয়েল মিডিয়াত আজিকালি এক ঋণাত্মক পৰিবেশে বিৰাজ কৰে, সৰু সৰু কথাতে মানুহ ক্ষুণ্ণ হয়৷ সৰু কথাতে ব্লক আনফ্ৰেইণ্ড কৰে৷ আনকি  ব্যক্তিগতভাৱে চিনি পোৱা মানুহকো, ভাল সম্বন্ধ থকা মানুহকো, ছ’চিয়েল মিডিয়াৰ সৰু কথাতেই ব্লক আনফ্ৰেইণ্ড কৰে৷ মানুহে নিজৰ মতৰ বিপৰীত মত এটা সহ্যই কৰিব নোৱাৰে৷ বিৰোধিতা দেখিলে  সুস্থ আলোচনাৰ সলনি তাক আক্ৰমণ কৰি নস্যাৎহে কৰিব খোজে৷ প্ৰকৃততে ফেঁচীবাদ এয়াই৷ কোনো ধৰণৰ বিৰোধ সহ্য কৰিব নোৱাৰাটো৷ নিজৰ বিৰোধীৰ মত জনাৰ সলনি তাক দমন নীতিৰে  নস্যাৎ কৰিব খোজা৷ চৰকাৰক ফেঁচীবাদী বুলি সমালোচনা কৰিলেও ছ’চিয়েল মিডিয়াত আমি সকলোৱে আচলতে কম বেছি পৰিমাণে ফেঁচীবাদী মানসিকতাৰ চিকাৰ৷ গণতান্ত্ৰিক দেশ এখনত সকলোৰে নিজৰ মত প্ৰকাশৰ অধিকাৰ আছে৷ যদি ভিন্নজনৰ ভিন্নমত দেখিলে তাৰ ওপৰত সুস্থ আলোচনা কৰাৰ সলনি তাক হজম কৰিব নোৱাৰি আক্ৰমণাত্মক হৈ যাওঁ তেন্তে আমি ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব পৰাকৈ পৰিপক্ক হৈ উঠা নাই৷ তাৰ লগতে ঋণাত্মক ধাৰণা বিয়পাবলৈ এচাম মৰেল পুলিচ আছেই৷ নাৰীয়ে কি কাপোৰ পিন্ধা উচিতৰ পৰা  সামাজিক নিয়মৰ ক্ষেত্ৰত কি কি কৰা উচিত অনুচিত জ্ঞান দিবলৈ এওঁলোক সদায় সাজু হৈ থাকে৷

২০১৮ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ছ’চিয়েল মিডিয়াৰ অসহিষ্ণুতাৰ ওপৰত লেখা এটা  জাৰ্নেল এখনত প্ৰকাশ হৈছিলে৷ য’ত কেম্ব্ৰিজৰ নৈতিক দৰ্শন বিভাগৰ অধ্যাপক জেফ মেকমাহানে লিখিছে মানুহক অসহিষ্ণু কৰাত ছ’চিয়েল মিডিয়াৰ যথেষ্ঠ অৰিহণা আছে৷ ছ’চিয়েল মিডিয়াত মানুহে নিজৰ দৃষ্টিভঙ্গীৰ বিপৰীত দৃষ্টিভঙ্গীক বেয়া আৰু অসাধু বুলি ভবা হৈছে৷ ফলত  নিজৰ দৃষ্টিভঙ্গীতকৈ বিপৰীত দৃষ্টিভঙ্গী পালে তাৰ ওপৰত আলোচনা কৰাৰ সলনি দাবি ধমকি দি তাক নস্যাৎহে কৰিবলৈ চেষ্টা কৰে৷ আনকি তেওঁৰ লগৰ বহু অধ্যাপকে হত্যাৰ ভাবুকি পৰ্যন্ত পাইছে৷

ছ’চিয়েল মিডিয়াত মানুহ নিজৰ সাধাৰণ জীৱনতকৈ বেছি অসহিষ্ণু হোৱাৰ এটা মূখ্য কাৰণ বাৰু ছ’চিয়েল মিডিয়া কোনো বন্ধ কোঠা নহয়, এক মুকলি মঞ্চৰ দৰে ৷ ইয়াত  কিবা বিবাদ হ’লে বহুত মানুহে চাই থাকে, বিবাদত জড়িত দুই পক্ষই এই কথাটো ভালকৈ জানে৷ ফলত প্ৰত্যেকেই নিজৰ মত এৰি দিবলৈ টান পায় বহু মানুহৰ  সন্মুখত ভুল প্ৰমাণিত হোৱাৰ আশংকাত  নিজৰ স্থিতি শুদ্ধ প্ৰমাণ কৰিবলৈ মানুহবোৰ বেছি উগ্ৰ হৈ যায়, বেছি আক্ৰমণাত্মক হৈ পৰে৷ সেইবাবে মানুহৰ ব্যক্তিগত জীৱনৰ ইগোতকৈ ছ’চিয়েল মিডিয়াৰ ইগো বহুত বেছি৷ ফলত যিবোৰ কথাই প্ৰকৃততে কোনো প্ৰভাৱে পেলাব নেলাগে তেনে  সৰু সৰু কথাতো মানুহ আক্ৰমণাত্মক হৈ যায়, কাজিয়া কৰে, ব্লক আনফ্ৰেণ্ড পৰ্যন্ত যায়৷

ছ’চিয়েল মিডিয়া প্ৰথমে মনোৰঞ্জন আৰু বন্ধুবোৰৰ লগত সম্পৰ্কত থাকিবলৈহে বনোৱা হৈছিলে, গতিকে প্ৰকৃততে  ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ তেনে ধৰণেৰেই হোৱা উচিত৷ মিছাতে নিজৰ ইগো, অহংকাৰ ছ’চিয়েল মিডিয়াৰ লগত যোগ দিবলৈ গ’লে নিজৰ কাৰণেহে  সমস্যাৰ সৃষ্টি হয়৷ মানুহৰ সকলো বিষয়তেই নিজৰ এটা ধাৰণা বা অপিনিয়ন থাকিব পাৰে৷ কোনো  ডাঙৰ কথা নহয়৷ কিন্তু অনবৰত নিজৰ অপিনিয়নবোৰ জহাই থাকি সেইটোকেই পৰম শুদ্ধ বুলি ভাবি, নিজৰ মতৰ বিৰোধী মানুহৰ লগত ছ’চিয়েল মিডিয়াত কাজিয়া কৰি থকাটো কেঁচুৱামী৷ ইয়াৰ  কোনো যুক্তি নাই। নিজ জাতি, নিজ ধৰ্ম, নিজ দেশ, নিজ ভাষাক ভাল পোৱাটো অতি সুন্দৰ কথা৷ কিন্তু অনবৰত তাৰ মাৰ্কেটিং কৰি থকাৰো কোনো  প্ৰয়োজন নাই৷

প্ৰথমতে  সকলোৱেই মনোৰঞ্জনৰ বাবেই ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিছিলে, কিন্তু বৰ্তমান বহুত মানুহে বিতৰ্ক আৰু কাজিয়া কৰিবলৈহে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে৷ যি ছ’চিয়েল মিডিয়াত এক  ঋণাত্মক পৰিবেশৰ সৃষ্টি কৰিছে৷ এই ঋণাত্মক পৰিবেশ  কমাবলৈ আমি সকলোৱে নিজৰ  নিজৰ সহিষ্ণুতা অলপ হ’লেও বঢ়াব লাগিব৷ নিজৰ ধ্যান ধাৰণাৰ বিৰোধী কিবা কথা দেখিলে আক্ৰমণাত্মক হোৱাৰ সলনি হয় তাক সুস্থভাবে আলোচনা কৰা উচিত৷ অৱশ্যে ঋণাত্মক ধাৰণাৰ মানুহক যিমান পাৰি পৰিহাৰেই কৰা উচিত৷ এগালমান বন্ধু যোগ কৰি নিজৰ ফ্ৰেইণ্ড লিষ্ট ডাঙৰ কৰাৰ সলনি, ধনাত্মক কথা, খুঁহুটীয়া কথা কোৱা মানুহখিনিকহে লিষ্টত ৰখা উচিত৷ কাৰণ ঋণাত্মক আৰু অসহিষ্ণু মানুহবোৰ লিষ্টত থাকিলে ই মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায়৷ গতিকে যিকোনো কথাতে সঘনাই উত্তেজিত হৈ পোষ্ট দি থকা মানুহবোৰক পৰাপক্ষত এৰাই চলাই ভাল৷ নিজকে সৰ্বজ্ঞানী বুলি সকলো কথাত বিতৰ্ক কৰিব খোজাবোৰক ফ্ৰেইণ্ড লিষ্টৰ পৰা বৰ্জন কৰাই নিজৰ কাৰণে মংগল৷  ৰাজনৈতিক আলোচনা হোৱা গ্ৰুপবোৰৰ পৰাও পৰাপক্ষত আঁতৰি থকাই  ভাল৷ কাৰণ তেনে গ্ৰুপত নিজৰ মত দিলে হঠাতে কোনে আহি গালি পাৰি দিয়ে একো ঠিক নাই৷ তাতকৈ ‘ফটাঢোল’ৰ দৰে হাস্য ব্যংগ গ্ৰুপবোৰৰ সদস্য হোৱাই  ভাল৷ অন্ততঃ কঠিন পৰিস্থিতিতো ঘৰতে বহি হাঁহি থাকিব পাৰিব৷

অসহিষ্ণু মানুহেই হওক বা গ্ৰুপেই হওক, তেনে লোকক বৰ্জন কৰিব পাৰিলে ছ’চিয়েল মিডিয়া মনোৰঞ্জনৰ এক আহিলা হিচাপেই থাকিব৷ বন্ধুবৰ্গৰ লগত আড্ডা দিয়াৰ লগতে জ্ঞানী মানুহৰ পৰা দুই-এটা কথা শিকিব পাৰিলে জীৱনৰ নানা সমস্যাৰ মাজত ছ’চিয়েল মিডিয়া মানসিক অৱসাদ দূৰ কৰাৰ এক মাধ্যম হ’ব৷ গতিকে  আমি নিজৰ মানসিক স্বাস্থ্যৰ বাবে সদায় ছ’চিয়েল মিডিয়াত ঋণাত্নক আৰু অসহিষ্ণু মানুহৰ পৰা যিমান পাৰোঁ দূৰত থকাই উচিত। তাৰ সলনি লিষ্টত ধনাত্মক  কথা কোৱা মানুহ ৰাখি ধনাত্মক পৰিবেশ এটা সৃষ্টি কৰি মানসিক শান্তিত থকা উচিত৷ যিহেতু নিজৰ সময়, নিজৰ  পইচা খৰছ কৰি ছ’চিয়েল মিডিয়া কৰোঁ, তাৰ পৰা অশান্তি লোৱাৰ কোনো যুক্তি নাই৷

ধন্যবাদেৰে,

ধূৰ্জ্জটি কাকতি

আগষ্ট ২০২০ সংখ্যা

☆ ★ ☆ ★ ☆

109 Comments

  • rintumoni dutta

    অগতানুগতিক সম্পাদকীয়। ভাল লাগিল ধুৰ্জটি

    Reply
  • Abhijit Goswami

    ভাল লাগিল ধূৰ্জটি… সময়োপযোগী

    Reply
  • SHRUTIMALA MISRA

    সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে ৰিজনি খোৱা এক বিশ্লেষণাত্মক সম্পাদকীয় ধূৰ্জ্জটি দা । ভাল লাগিল পঢ়ি ।

    Reply
    • Bijoy Mahanta

      এইটোৰ বাবে আৰু ব্লক খাব কাকতিয়ে।

      Reply
      • ধূৰ্জ্জটি

        হা হা বিজয়, ব্লক উপায় নাই

        Reply
    • ধুৰ্জ্জটি

      ধন্যৱাদ

      Reply
  • পূৰৱী

    বঢ়িয়া কাকতি। ভাল লাগিল

    Reply
    • ধূৰ্জ্জটি

      ধন্যৱাদ পূৰৱী

      Reply
  • ডলী তালুকদাৰ

    ভাল লাগিল ধূৰ্জ্জটি। সময়োপযোগী।

    Reply
  • Bhaskar Jyoti Sarma

    সৰল আৰু সময়োপযোগী বিশ্লেষণ। ভাল লাগিল।
    জয়তু ফটাঢোল

    Reply
  • Anonymous

    সাম্প্ৰতিক সময়ত তিক্ত বাস্তৱ.. অভিনন্দন সুন্দৰ হৈছে কথাবোৰ

    Reply
  • Rimjhim Borthakur

    সুন্দৰ সম্পাদকীয়। ভাল লাগিল

    Reply
  • আদিত্য

    সময়োপযোগী সম্পাদকীয়……ভাল লাগিল ।

    Reply
  • Anonymous

    ফালি দিছে কাকতি
    । এইজন নতুন কাকতি, আগতে নেদেখা

    Reply
  • Sushmita Das

    ফালি দিছে কাকতি
    । এইজন নতুন কাকতি, আগতে নেদেখা

    Reply
  • ৰাজশ্ৰী শৰ্মা

    সুন্দৰ সম্পাদকীয় দাদা। ভাল লাগিল।

    Reply
  • সুকুমাৰ গোস্বামী

    অপ্ৰিয় সত্য উপস্থাপন কৰিলে । সুন্দৰ।

    Reply
  • সুকুমাৰ গোস্বামী

    অপ্ৰিয় সত্য উপস্থাপন কৰিলে । সুন্দৰ।

    Reply
  • সুকুমাৰ গোস্বামী

    অপ্ৰিয় সত্য উপস্থাপন কৰিলে ।

    Reply
  • পাৰ্থ প্ৰতিম বুজৰবৰুৱা

    সুন্দৰ আৰু অতি প্ৰয়োজনীয় বিষয়বস্তু। বঢ়িয়া লাগিল ধূৰ্জ্জটি দা।

    Reply
  • বাগ্মিতা

    সম্পাদকীয় খুব সুন্দৰ হৈছে।

    Reply
  • Sankar Jyoti Bora

    বৰ সহিষ্ণু হৈ অসহিষ্ণুতাক বজাই দিলাহে৷সময়োপযোগী৷ভাল লাগিল৷

    Reply
  • গীতিমল্লিকা গগৈ

    ভাল লাগিল কথাখিনি।
    ময়ো চ’ছিয়েল মিডিয়া অৱসাদ দূৰ কৰিবলৈহে ব্যৱহাৰ কৰো।

    Reply
  • পৰীস্মিতা

    সুন্দৰ সম্পাদকীয়। ভাল লাগিল।

    Reply
  • Mukut bhattacharjya

    ঠিকেই কৈছে , চছিয়েল মেডিয়া মনোৰঞ্জনৰ আহিলা বুলিয়েই ভাবো।
    ভাল লাগিল সম্পাদকীয়টো।

    Reply
  • Anonymous

    সম্পাদকীয় পঢ়ি এনে লাগিল যেন নিজৰ মনত থুপ খাই থকা ভাৱ বোৰ সম্পাদকে এফালৰ পৰা লিখি গৈছে। অতি প্ৰাঞ্জল ভাষাৰে লিখা সম্পাদকীয়টোত নিজৰে ছবি এখন দেখা পোৱা যেন লাগিল।

    Reply
  • ধূৰ্জ্জটি

    সকলোকে ধন্যবাদ জনালোঁ৷ লগতে মোক এই দায়িত্ব দিয়া বাবে প্ৰশাসক মণ্ডলীৰ ওচৰতো কৃতজ্ঞ হলো

    Reply
  • Anonymous

    ভাল লিখিলা ধূৰ্জ্জটি। এই সময়ৰ বাবে প্ৰয়োজনীয় লেখা এইটো।

    Reply
  • নাজিম

    ভাল লাগিল।

    Reply
  • HEMANTA KAKATI

    সুন্দৰ টপিক ধূৰ্জ্জটি৷ আৰু তাতোকৈ সুন্দৰ তোমাৰ বিশ্লেষণ৷ ভাল লাগিল৷

    Reply
  • বহুত কেইটা মনৰ কথা সোমাল
    সুন্দৰ সম্পাদকীয়

    Reply
  • Jyotirupam Dutta

    চিন্তা উদ্ৰেককাৰী, প্ৰাসংগিক আৰু মনোগ্ৰাহী সম্পাদকীয়৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বৰ ভাল পালোঁ সম্পাদকীয়টো৷ মোৰ মনৰ কথাবোৰেই লিখা যেন লাগিল৷

    Reply
  • Krishna Kanta Das

    সম্পাদকীয় পঢ়ি ভাল লাগিল ধূৰ্জ্জটি

    Reply
  • অগতানুগতিক সম্পাদকীয় ৷ ভাল লাগিল ৷

    Reply
  • Lakhya Borthakur

    সময় উপযোগী আৰু চিত্তাকৰ্ষক। ভাল লাগিল।

    Reply
  • Diganta K Bhattacharya

    পটকৈ আহি সম্পাদকীয়টো পঢ়ি গ’লোঁ। খুব ভাল লাগিল।

    Reply
  • ভাৰ্গৱ কাকতি

    এটা অত্যন্ত সাময়িক বিষয়ৰ ওপৰত যঠেষ্ট পৰিপক্কতাৰ লিখা এক অগতানুগতিক সম্পাদকীয়। পঢ়ি বেছ ভাল লাগিল। লিখকৰ প্ৰতি শুভেচ্ছা থাকিল।

    Reply
  • দীক্ষিতা

    অগতানুগতিক আৰু চিন্তনীয় এক সময়োপযোগী বিষয় উপস্থাপন কৰিলে। ভাল লাগিল।

    Reply
  • Bijoy Mahanta

    এইটোৰ বাবে আৰু ব্লক খাব কাকতিয়ে।

    Reply
  • বন্দিতা জৈন ।

    সুন্দৰ বিশ্লেষণ, ভাল লাগিল ।

    Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল৷ অপ্ৰিয় সত্য কিছু কথা সুন্দৰকৈ প্ৰকাশ কৰিলে৷

    Reply
  • জয়ন্ত দাস

    সুন্দৰ সম্পাদকীয়৷ ভাল লাগিল৷ বাকী শিতান বোৰো পঢ়ি আছো

    Reply
  • মানসী বৰা

    সম্পাদকীয়ৰে আৰম্ভ কৰিলো। সময়োপযোগী সুন্দৰ উপস্থাপন। বৰ ভাল পালোঁ।

    Reply
  • লেনিন কমান

    সম্পাদকীয় ভাল লাগিল ।

    Reply
  • সুন্দৰ সম্পাদকীয় কাকতি, ভাল লাগিল।

    Reply
  • Anjali Borgohain

    এইবাৰ সম্পাদকীয় খুবেই ভাল লাগিল । ব্যতিক্ৰমী সম্পাদকীয় । অভিনন্দন ধূৰ্জ্জতি ।

    Reply
  • প্ৰাসংগিক সম্পাদকীয়।

    Reply
  • নীলাঞ্জনা

    এটি সবল আৰু সাহসী লেখা৷ বৰ ভাল লাগিল৷

    Reply
  • SHARIFUL ISLAM

    মনৰ ভাব বিলাক কিপেডৰ জৰিয়তে প্ৰকাশ কৰিব নোৱাৰোঁ। কিন্তু আপোনাৰ সম্পাদকীয়ত নিজৰ ভাবখিনি প্ৰকাশ পোৱা দেখা পাই বৰ ভাল লাগিল অৰ্থাৎ আপোনাৰ লগত মোৰ মনৰ ভাবৰ মিল আছে । ইমান সাৱলীলভাৱে, উপযুক্ত শব্দৰে প্ৰকাশ কৰিলে যে সম্পাদকীয় পঢ়ি ধনাত্মক অনুভৱ কৰি আছোঁ।

    Reply
  • Dudu kumar Dadul

    সাম্প্ৰতিক সময়ৰ প্ৰাসংগিক বিষয় এটাৰ খুব সুন্দৰকৈ বিশ্লেষণ কৰিলে। সম্পাদকীয়টো পঢ়ি ভাল পালো।

    Reply
  • সঞ্জীৱ।

    উপযুক্ত সময়ত উপযুক্ত সম্পাদকীয়,ভাল লাগিল।

    Reply
  • Ranu hazarika

    বহুত ভাল লাগিল পঢ়ি। বৰ্তমান সময়ত বেছি ভাগ মানুহৰে মনলৈ অহা অদৰকাৰী পৰিস্থিতিক সমাধান কৰাৰ সুন্দৰ সমাধান ।

    Reply
  • Anonymous কৌৰ

    বিজয় মহন্তই যি কৈছে তাত সহমত প্ৰকাশ কৰিলোঁ। কথাখিনি সঁচা।

    Reply
  • হিমাংশু ভাগৱতী

    পঢ়ি ভাল পালোঁ। ভাল বিশ্লেষণ। ভাবিবলগীয়া।

    Reply
  • পল্লৱ

    লিখনিটো সুন্দৰ হৈছে, লগতে মেছেজটোৰ গভীৰতা বৰ সুন্দৰভাবে উপস্থাপন কৰিছে, কাকতি ।

    Reply
  • দিবাকৰ

    ভাল লাগিল

    Reply
  • Jayshree Sarmah

    ???

    Reply
  • Anonymous

    Porhi bhal lagile

    Reply
  • বৰ্ণালী

    সুন্দৰ সম্পাদকীয়

    Reply
  • অভিজিত কলিতা

    অগতানুগতিক আৰু শক্তিশালী সম্পাদকীয়। ভাল লাগিল

    Reply

Leave a Reply to Mridula Cancel reply

Your email address will not be published. Required fields are marked *